Written by 8:01 pm Poems

সুখী মানুহৰ কবিতা

 চেনীৰাম গগৈ

কথাটো সকলোৱেই জানে কিন্তু কোনেও নেজানে৷

জনাই জানি কৰিব কি

খোৱাই খাবই নাকৰ ঘিঁ !

মাহে মাহে পাই আছোঁ বিছ কিলো ফিৰি চাউল

সময় মতে একাউণ্টত সোমাই আছে টকা

ভঁৰাল নাই আকাল নাই চলি আছোঁ বিন্দাছ

তিনি বেলা তিনি সাঁজ ভৰি আছে পেট৷

(মিছা ক’লে কিডাল হ’ব আমি মানুহ দল-বাগৰা

এসময়ত আমিও আছিলোঁ গোবৰ খাই গাইক ঘিণোৱা৷)

নিবনুৱা হোৱা নাই আছে এখন জবকাৰ্ড

মানুহজনীয়ে দিনে-ৰাতিয়ে পাতি ফুৰে মেল-মিটিং

দল চলাই বতাহ বলায় মিলায় নিজৰ হিচাপ

জয় আই অসম বুলি তেওঁ চলাই আছে গোট এটা

পাই আছে লাখে লাখে বন্ধন বেংকৰ ঋণ৷

হক কথা আজিকালি ভাল হৈছে গণতন্ত্ৰ

হেনজানি শিকি আছোঁ অলপ অলপ গোপন মন্ত্ৰ!

Visited 7 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close