Written by 10:16 am Poems

সিজুফুলৰ ৰাতি

দীপজ্যোতি বৰা

গুলঞ্চৰ ভগা ডালটোত বহি
ওৰে ৰাতি কেতেকীয়ে কান্দে
আনে নুশুনিলেও
থাপনাৰ শিলবোৰে শুনে

শিলবোৰ পমি যায়
পমি পমি ভাপ হয়
অশ্ৰুগংগাৰ বীজ হয়

বীজবোৰ বুটলি
কেতেকীৰ এন্ধাৰ বাট এটাৰে
মই ওলাই যাওঁ

কেতেকীৰ ফুল বুলি
সৰ্প আনি ঘৰ সুমুৱাওঁ
জিক্‌মিকিয়া ক’লা

কেতেকীৰ ঘ্ৰাণ লগা সাপটো
মোৰ ভিতৰলৈ সোমায়
মই আপত্তি নকৰোঁ

কেতেকীৰ গোন্ধত মই আমোলমোলাও
মোৰ ভাল লাগে

মোৰ অন্তৰকোহৰত
সি বেছি পৰ থাকিব নোৱাৰে

সিজুফুল হৈ
সি মোৰ বুকুৰ দুয়োপাৰে গজি উঠে

গোলাপী ৰঙৰ আলসুৱা সিজুফুল

(গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৬০০২১-০৬৮৯৫)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close