Written by 3:20 am Poems

সাগৰৰ গোলাপ

মূল : জোৱান ৰেমন জিমিনেজ (Juan Ramon Jimenez, স্পেইন)

১৯৫৬ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী স্পেনিশ্ব কবি

অনুবাদ : ড° ৰঞ্জিত দত্ত

বগা জোনটোৱে

সাগৰৰ পৰা লৈ গ’ল সাগৰ

আৰু  আকৌ  

ওভতাই  দি গ’ল সাগৰক।

ধুনীয়া,

শান্ত-সৌম্য আৰু পৱিত্ৰতাৰে

সকলোকে জয় কৰি

জোনটোৱে বাধ্য কৰিছে

সত্যক বিভ্ৰান্ত কৰিবলৈ যে

একমাত্ৰ সত্যই সৰ্বেসৰ্বা,

যুগমীয়া আৰু নিঃসঙ্গ

যদিও ই  তেনে নহয়।

হয়।

ঐশ্বৰিক সৰলতাৰে

তুমি ভেদ কৰিছা 

তোমাৰ চিনাকি পৰিচয়,

প্ৰতিষ্ঠিত কৰিছা 

এক নতুন আত্মাক 

যি মাথোঁ বাস্তৱ।

অপ্ৰত্যাশিত গোলাপ!

তুমি আঁতৰাই লৈ গ’লা

গোলাপক গোলাপৰ পৰা,

আৰু ওভতাই দি যাব পাৰাঁ

গোলাপক গোলাপলৈ।

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close