Written by 10:35 am Poems

সাগৰলৈ বহু দূৰ

 ছালমা জামান

মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁ

থৈ গলোঁ মোক

সমস্ত ক্লান্তি নামি গল

সাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁ

এডভেন্চেৰাচ মোৱানাই মোক নেদেখিলে

যাদুকৰী গ্ৰীণ ক্ৰীচটেলটোৱে লাহে লাহে সাগৰলৈ তললৈ টানিলে

দেখিলোঁ সাগৰৰ তলিত নখহা জোনটোৱে হাঁহিছে

পানী নীলা, ৰঙচঙীয়া

জেলী ফিশ্বে খামোচ মাৰি স্বাগতম জনালে

শ্বাৰ্ক নহয়, ডলফিনবোৰে জুম পাতি গৈ নেদেখা হল

ছি প্লাণ্ট খাই সম্বিত ঘূৰি আহিল

বহু সৌন্দৰ্য উপভোগ্য আছিল

সাগৰৰ পাৰত এটা মৃতদেহ পৰি ৰৈছে

আত্মাটোক ঈগল এটাই খুন্দিয়াই গ’ল

ময়ো ঈগল হলোঁ

সাগৰৰ পানীক ভয় কৰা নিমখীয়া মানুহবোৰো যদি

সাগৰেই হল হয়

সুৰাহি এটাত প্ৰেমক কয়েদ কৰি বিসৰ্জন দিলোঁ হয়

বিপন্ন সময়ত প্ৰগাঢ় প্ৰেমৰ কথা নাহে

বন্ধা সময়ৰ প্ৰেম মানেই শৃংখল নাথাকে

হয়, আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ মোৰ নিৰ্বাসন

সাগৰৰ ঢৌৰ সতে অহাবোৰে উমান দিয়ে

যোৱাবোৰে কৈ নাযায়

পৃথিৱী যদি মোৰ বাবে হয়

কোলাহল !

ৰৈ নাথাকিবা।

ঠিকনা : 

বিলাসীপাৰা

মোবাইল:৮৪০২৮২৮৬৬২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close