Written by 12:05 pm Articles

সম্পদ সংৰক্ষণ আৰু উন্নয়ন (ৰূপক)

 ৰমেশ গোস্বামী 

(চৰিত্ৰসমূহ: দীপু – নৱম শ্ৰেণীৰ ছাত্ৰ; ৰূপু – সপ্তম শ্ৰেণীৰ ছাত্ৰী; মাক – স্কুলৰ শিক্ষয়িত্ৰী; মামা – দীপু-ৰূপুৰ মোমায়েক, কলেজৰ অধ্যাপক)

ৰূপু – মা, অ’ মা।

মাক – মই পাকঘৰত, কচোন৷

ৰূপু – বংশীয়ে কিমান পানী নষ্ট কৰিছে চোৱাঁগৈচোন৷

দীপু – দেউতাৰ বাইকখন ধুই আছে, ধুয়েই আছে৷ তুমি তেওঁক বন্ধ কৰাগৈ৷

মাক – হয়নে? সি পানীৰ মূল্য বুজা নাই৷ ৰচোন; হে-হেৰৌ বংশী, ইমান পানী নষ্ট কৰিছ যে?

দীপু – পৰহি মা, নগৰৰ পৰা অহা এগৰাকী অধ্যাপকে আমাক এনেবোৰ কথাকে কৈছিল৷ তেওঁ মাটি আৰু পানীৰ ব্যৱহাৰ         কেনে হোৱা উচিত সুন্দৰকৈ কৈছিল৷

ৰূপু – ময়ো শুনিছিলোঁ মা৷ অ’ হেৰি নহয়, দেউতা যে গাড়ী ধুৱাই অহাই নাই, আমাক নিব কেতিয়া?

মাক – ক’লৈ?

ৰূপু, দীপু – বক্তৃতাটোৰ পাছতে ছাৰে আমাক এটা প্ৰজেক্ট দিছে৷ দুয়ো মিলি কৰিম৷

মাক – তাত দেউতাৰৰ কাম কি?

দীপু – আৰম্ভণিৰ কামখিনিত দেউতাই সহায় কৰিব লাগিব৷ আমাক হাবি-জংগল, বিল-ডোং আদি দেখুৱাব লাগিব৷                 সেইবোৰ চাই-মেলি আমি কিবা-কিবি জৰীপ কৰিব লাগিব৷

ৰূপু – ফটোও ল’ব লাগিব৷

দীপু – ক’ত গছ-গছনি কাটি তহিলং কৰিছে, ক’ত কেনেকুৱা খহনীয়া হৈছে, ক’ত আৱৰ্জনা দম কৰি পেলাইছে –                 এনেবোৰ তথ্য গোটাব লাগিব৷ তাৰ পাছতহে –

(কলিং বেল বাজে)

মাক – যাচোন কোন আহিছে –

দুয়ো – অ’ বিজু মামা৷ আহাঁ আহাঁ৷ আমাৰ ভালেই হ’ল মা৷

মাক – আগতে বহিবলৈ দেচোন৷

মামা – আঁ, এয়া বহিলোঁ৷ এতিয়া কচোন৷

মাক – ঘৰত প্ৰীতি, ৰিম্পী, ৰুবু সকলোৰে ভালনে?

মামা – আছে আছে৷ সব ঠিক আছে৷ কচোন –

দীপু – ময়েই কওঁ : আমি দুয়ো পৰিৱেশৰ ওপৰত এটা প্ৰজেক্ট কৰিম৷ তুমি আমাক গাইড কৰিব লাগিব৷

মামা – হ’ব দে, চিন্তা কৰিব নালাগে৷ মইতো পৰিৱেশৰে অধ্যাপক৷ পিছে প্ৰজেক্টৰ নাম কি হ’ব ভাবিছনে?

দীপু – ভাবিছোঁ মামা – ‘সম্পদ সংৰক্ষণ আৰু উন্নয়ন’৷

ৰূপু – দেউতাই গাড়ী ধুৱাই আহি আমাক প্ৰজেক্টৰ কামত কিছুমান ঠাইলৈ লৈ যাব৷

মামা – বাঃ, জোৰদাৰ লাগি গৈছ দেখিছোঁ৷ বাইদেউ ব্ৰেকফাষ্ট ৰে’ডি কৰ৷ ৰে’ডি হয় মানে মই ইহঁতৰ লগত অলপ কথা             পাতি লওঁ৷

দীপু – মামা, এক মিনিট৷ বংশীয়ে বাইকখন ধুই আছে৷ পানীৰ টেপটো বন্ধ কৰিবই নোখোজে৷ মই বন্ধ কৰাই আহোঁ৷

মামা – এৰা, এয়াই সংৰক্ষণৰ আদি পাঠ৷

ৰূপু –  মানে মামা?

মামা – চাহঁক, আমাৰ জীৱনটো বচাই ৰাখিবলৈ হ’লে বহু কিবাকিবি লাগে৷ তাৰ ভিতৰত একেবাৰে অনিবাৰ্য কি কি ক’ব         পাৰিবিনে?

ৰূপু – বায়ু আৰু পানী৷

দীপু – মাটি নহ’লে ক’ত হ’ব?

মামা – ঠিক কথা৷ এই তিনিওটা উপাদানেই লাগিব৷

মাক – ভাইটি ব’ল৷ ডাইনিং টেবুললৈ আহ৷ অ’ তহঁত দুটাও আহ৷

            (যন্ত্ৰসংগীত – ব্ৰেকফাষ্ট খোৱাৰ পৰিৱেশ)

মামা – বাইদেউ তই আহি থাক৷ আমি ড্ৰয়িং ৰূমলৈ আহিলোঁ৷ (দীপু-ৰূপুলৈ) আমি কি কথা পাতি আছিলোঁ?

ৰূপু – মাটি, বায়ু আৰু পানীৰ সংৰক্ষণৰ কথা৷

মামা – বাৰু, ৰূপুৱে কচোন, মাটিতো খাব নোৱাৰি৷ তেন্তে মাটি লাগে কিয়?

ৰূপু – মাটি নহ’লে ক’ত ঘৰ সাজিব মানুহে? খোৱা বস্তুনো ক’ত পাম?

দীপু – খেতি কৰিবি ক’ত?

(মাক সোমাই আহে)

ৰূপু – মা আহাঁ। মোৰ ওচৰতে বহা৷

মামা – বাইদেৱে যে বনাই খুৱালে ৰুটি, ভাজি, ৰাজমাহৰ তৰ্কা – এইবোৰ ক’ৰ পৰা আহিল? ভাজিত থকা কাচকল, আলু,         বেঙেনা – এইবোৰ…?

ৰূপু – এইবোৰ পাবলৈ মাটিতো লাগিবই৷

মাক – মাটিয়ে শস্যবোৰক পুষ্টিৰ যোগান ধৰে৷ পানীও যোগায়৷

মামা – তেন্তে মাটি অত্যন্ত দৰকাৰী সম্পদ৷ সেই মাটি বা ভূমি সংৰক্ষন অতি প্ৰয়োজনীয় কথা৷ কিন্তু ভূমি সংৰক্ষণ                 বুলিলেনো কি বুজিব লাগিব? (অলপ ৰৈ) মাটি সংৰক্ষণ মানে পৃথিৱীৰ পিঠিৰ ওপৰ তৰপৰ মাটি ক্ষয় হোৱা বা          হেৰাই যোৱাৰ পৰা ৰক্ষা কৰা ৷ আৰু লগতে মাটিক খেতিৰ উদ্দেশ্যে উৰ্বৰা কৰি ৰখা৷ সংৰক্ষণৰ বাবে এই              দুয়োটাই আৱশ্যকীয়৷

দীপু – মানে মাটি ক্ষয় হৈ হেৰাই নোযোৱা আৰু…

ৰূপু – খেতিৰ বাবে সাৰুৱা কৰি ৰখা৷ নহয়নে মামা?

মামা – ঠিক কথা৷ পিছে মাটিনো কি কি কাৰণত ক্ষয় হ’ব পাৰে জাননে তহঁতে? অনুমান কৰচোন৷

ৰূপু – ঢিলা মাটি পালে পানীৰ সোঁতে খান্দি লৈ যায়৷

মাক – নদীয়ে বাৰিষা নদীৰ পাৰ খহাই নিয়াতো তহঁতে টিভিত দেখিয়ে থাক দেখোন৷

মামা – এৰা, গৰা খহনীয়া৷ গৰা খহনীয়াই আমাৰ অসমখনতে কিমান মাটি ধ্বংস কৰিছে ভাবিলেই ভয় লাগি যায়৷

দীপ – মাজুলীখন খহাই খহাই বহুত সৰু কৰি পেলালে৷

মাক – পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হৈয়েই নাথাকিব যেন লাগিছে অ’!

মামা – অন্য এটা কাৰণ কচোন দীপু –

দীপু – বতাহেও এঠাইৰ মাটি আন এঠাইলৈ উৰুৱাই নিব পাৰে৷ বিশেষকৈ, বালিয়া মাটি৷

মামা – মাটি বোলোঁতে, বুইছ, ঘৰ-বাৰী সজা মাটিৰ কথাও বুজিব লাগিব, ৰাষ্টা-ঘাট নতুবা অন্যান্য নিৰ্মাণ কাৰ্য চলোৱা             মাটিৰ কথাও বুজিব লাগিব৷

ৰূপু – পাহাৰৰ, মামা!

মামা – পাহাৰ-ভৈয়াম কথা নাই, সকলো মাটিৰ কথাই আহিব৷ কিছুমান মাটিৰ গুণাগুণৰ বৰ কথা নাই৷ কিন্তু খেতিৰ মাটি         উৰ্বৰা, মানে সাৰুৱা, হ’বই লাগিব৷ উৰ্বৰা মানে বুজিছনে ৰূপু?

ৰূপু – উদ্ভিদৰ বাবে দৰকাৰী সাৰ থকা মাটি৷

দীপু – মানে পুষ্টিদ্ৰব্য থকা মাটি৷

মামা – সুন্দৰ৷ বুজি পাইছ৷ নদীৰ পলস পৰা মাটি স্বাভাৱিকতেই উৰ্বৰা হয়৷

মাক – ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে প্ৰায়েই শস্যৰে নদন-বদন মাটি দেখা পোৱা যায়৷

দীপু – খৰালি কালত আনকি নদীৰ বুকুত পৰা বালিচৰতো ধুনীয়া খেতি দেখা পাওঁ৷

মামা – পলসুৱা মাটিৰ বাবেই তাতো ভাল খেতি হয়৷ পিছে এটা কথা নহয় দীপু –

দীপু – কোৱাঁ মামা –

মামা – খেতিৰ মাটি ছহাওঁতে বহুতে কৰে কি, মাটি পৰীক্ষা নকৰাকৈ নিজৰ ইচ্ছা মতে ৰাসায়নিক সাৰ দি দিয়ে৷ তেতিয়া         মাটিৰ প্ৰাকৃতিকভাৱে থকা উৰ্বৰতাখিনিও কমিহে যায়৷ খেতিৰ বাবে অনুপযোগী হৈ উঠে৷

মাক – তাৰ মানে মাটি থাকিও নথকাৰ নিচিনা হয়৷ আৰু এনেদৰে আওপকীয়া ৰাস্তাৰেও মাটি কমি যায়৷ নহয় বিজু?

মামা – ঠিকেই কৈছ বাইদেউ৷ বাৰু – আৰু এটা কথালৈ মন কৰহঁকচোন : অকল অসমতে কিয়, গোটেই পৃথিৱীতে দিনক        দিনে জনসংখ্যা বাঢ়ি গৈ আছে৷ গতিকে ঘৰ-বাৰী সজা, অফিচ আদি সজা কামতো বহু মাটি ব্যৱহাৰ হৈছে৷ তহঁত         থকা অঞ্চলটোতে মন কৰিবিচোন৷

দুয়ো – হয় মামা৷ তেনেকৈও মাটি কমি গৈ আছে৷

মামা – কিন্তু যিখিনি এতিয়াও আছে, বিশেষকৈ খেতিৰ কাৰণে, তাক যিকোনো উপায়েৰে সংৰক্ষণ কৰিব লাগিব৷ নহ’লে             খাদ্যৰ অভাৱতে বহু মানুহ মৰিব৷

মাক – মাটি সংৰক্ষণৰ বাবে চৰকাৰী ব্যৱস্থা নাই জানো?

মামা – আছে৷ কিন্তু আমাৰ মানুহ চৰকাৰী ব্যৱস্থাৰ প্ৰতি উদাসীন৷ গুৰুত্বই দিব নোখোজে৷

ৰূপু – মানে মামা?

মামা – চা, মাটিত ৰাসায়নিক সাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী কৃষি বিশেষজ্ঞসকলে বহুতো নীতি-নিৰ্দেশনা দিয়ে৷             যেনে, মাটি এডৰাক কেনে সাৰ লাগে, কোনটো খেতিৰ বাবে কি সাৰ কিমান উপযোগী হ’ব – এনেবোৰ কথাত          কৃষি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে৷ কিন্তু কৃষকসকলৰ কেইজনে তেনে কৰে? তেওঁলোকক ভুকুতে কল পকাই          ধনী হ’বলৈ লাগে৷ মাটিৰ ভৱিষ্যত জহন্নামে গ’লেও যাওক! (অলপ ৰৈ) সাৰ দিয়াৰ উপৰি কীটনাশক,                      অপতৃণনাশক আদিও দিয়ে নহয়৷ সেইবোৰো অনিষ্টকাৰী৷

দীপু – সেইবোৰেওতো মাটিৰ গুণাগুণত প্ৰভাৱ পেলাব কিজানি?

মামা – কিছু পৰিমাণে হ’লেও পেলাব৷ (প্ৰসংগ সলাই) অ’ ৰ’বি৷ কৃষিৰ মাটি সংৰক্ষণৰ কথাহে কৈ আছোঁ৷ এতিয়া অন্য             মাটিৰ কথালৈ আহোঁ৷

দীপু – মামা, বতাহে যে মাটি ক্ষয় কৰে –

ৰূপু – বতাহে উৰুৱাই নিনিবৰ বাবে মাটি কিহবাৰে ঢাকি ৰাখিব লাগিব, নহয়নে মামা?

মামা – হয়, ঠিকেই ভাবিছ৷ কিন্তু কিহেৰে ঢাকিবি?

দুয়ো – মাটিত গছ-গছনি ৰুব লাগিব৷

মাক – গছ-গছনি থাকিলে অকল বতাহৰ পৰাই নহয়, কিছুমান পানীৰ সোঁতৰ পৰাও মাটি বচাব পাৰি৷

মামা – হয়৷ উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰি থাকে৷ গতিকে মাটিখিনি ঢাকি থোৱাৰ নিচিনাই হয়৷ বতাহ বা পানীয়ে             খান্দি-কুৰি নিয়াত কিছু বাধা পৰে৷ তদুপৰি, উদ্ভিদৰ ডাল-পাত অংশই বতাহৰ সোঁতকো কিছু পৰিমাণে বাধা দিব          পাৰে৷

মাক – ডাঙৰ গছ-গছনি থাকিলে নদীৰ গৰাত থকা মাটিও কিছু নিৰাপদে থাকে৷

দীপু – এটা কথা নহয় মামা –

মামা – কচোন –

দীপু – গছ-গছনিৰে ভৰা মাটিত গছৰ পাত-চাত পৰি পঁচি যাব পাৰে৷

ৰূপু – পানী পালেহে পঁচিব৷

দীপু – অৱশ্যে৷ পঁচি গ’লে সেই পঁচা পাতবোৰে অলপ হ’লেও জৈৱ সাৰৰ কাম কৰিব!

মামা – সঁচা৷ তাৰ মানে তহঁতে বুজিলি, গছ ৰুলে মাটিখিনি দুই ধৰণে সংৰক্ষিত হয়৷ কি দুই ধৰণে বাৰু?

দীপু – গছ থাকিলে পানী আৰু বতাহে মাটি খান্দি নিয়াত বাধা পা্য৷

ৰূপু – আনটো হৈছে – গছৰ পাৰবোৰ সৰি পৰিলে যদিহে পঁচে তেন্তে সিও সাৰ হয়৷

মামা – বুইছ দীপু, ৰূপু, বহুতো খেতিয়কে এটা নকৰিবলগীয়া কাম কৰে৷ তেওঁলোকে ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ আদি             শস্য চপোৱাৰ পাছত গা-গছৰ যি অংশ মাটিত ৰৈ যায় তাত জুই লগাই দিয়ে৷ তেওঁলোকে ভাবে, পথাৰখন চাফা          হওক, নতুন খেতিৰ বাবে সাজু হৈ উঠক৷

ৰূপু – জুই লগোৱা দেখিয়ে থাকোঁ মামা৷

মামা – তেনে কৰাটোও অনুচিত৷ জুইৰ তাপত মাটিত থকা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ পোক-পতংগও নিঃশেষ হৈ নাযাবনে?                 এইদৰে মৰি যোৱা পোক-পতংগৰ ভিতৰত বহুতো উপকাৰী অনুজীৱও থাকে৷ সইবোৰে মাটি উৰ্বৰা কৰি ৰখাত           বাৰুকৈয়ে সহায় কৰে৷

দীপু – আমাৰ চৌহদত কিন্তু তেনে কাম কেতিয়াও কৰা হোৱা নাই৷

মামা – নৰা বা গুৰিভাগে আৰু শুকান ডাল-পাত আৰু ঘাঁহ-বনে মাটিত পানী ধৰি ৰখাত সহায় কৰে৷ উপকাৰী অনুজীৱৰ         বংশবৃদ্ধিতো আগভাগ লয়৷

দীপু – আমাৰ প্ৰজেক্টত এই কথাবোৰ বিশেষভাৱে পোহৰলৈ আনিম৷

মামা – আৰু জানি থ, সৰহভাগ শস্যৰ ঠাৰি অংশত ৭০ ৰ পৰা ৭৫ শতাংশ পটেছিয়াম থাকে৷

মাক – পুৰি পেলালে সেয়াওতে অবাবতে যায়!

ৰূপু – পচন সাৰ কৰিব নোৱাৰিনে মামা?

মামা – পাৰি৷ তেনে কৰিলে সাৰো হ’ল, ঠাইবোৰো চাফা হ’ল৷ আৰু চাহঁক, পচন সাৰত উদ্ভিদৰ প্ৰয়োজনীয় ১৫ / ১৬             বিধ পুষ্টিদ্ৰৱ্য থাকে৷

ৰূপু – ৰাসায়নিক সাৰত মাত্ৰ তিনিবিধহে মূল দ্ৰৱ্য থাকে৷

দীপু – সেইবোৰ হৈছে নাইট্ৰ’জেন, ফছফ’ৰাছ আৰু পটেছিয়াম৷

মামা – ঠিকেই এই তিনিবিধেই থাকে৷ বাৰু, আমি মাটি সংৰক্ষণৰ কথাকে পাতি আছোঁ নহয়?

দুয়ো – হয় মামা ৷

মামা – পিছে মোৰ নিজৰেচোন সংৰক্ষণ সন্দেহজনক হৈ উঠিছে অ’ –

মাক – বুজিছোঁ৷ তোক চাহ একাপ লাগিব৷ ৰ’বি৷

মামা – বৰ্তমান পানী এগিলাচকে দে৷

(যন্ত্ৰসংগীত)

মামা – এয়া পানী খাই ল’লোঁ৷ ফিল্টাৰৰ পানী৷ পিছে পানীয়েতো আমাক প্ৰতি বছৰে পানী খুৱাই আছে! বুজিছনে বাৰু?

ৰূপু – বানপানীৰ কথা কৈছা?

দীপু – বানপানীৰ কথা বাতৰি কাকতত পায়েই থাকোঁ, টিভিতো দেখি থাকোঁ মামা৷

মামা – আমাৰ অসমততো তলে পানী, ওপৰে পানী, সোঁৱে পানী, বাঁৱে পানী৷ কিন্তু পানীৰ অভাৱে অসমকো জুৰুলা কৰিব         পাৰে৷

দীপু – ব্ৰহ্মপুত্ৰৰ পানী হেনো বেগাই কমি গৈ আছে?

মাক – চীনে হেনো ব্ৰহ্মপুত্ৰত বান্ধ দি পানী অন্যফালে বোৱাই নিবলৈ লাগিছে?

মামা – বাতৰি তেনেদৰে ওলাই নথকা নহয়৷ সঁচা-মিছা বেলেগ কথা? কিন্তু ব্ৰহ্মপুত্ৰৰ বুকু যে কিছু পৰিমাণে শুকাই                 আহিছে তাত সন্দেহ নাই৷ পিছে গোটেই পৃথিৱীৰ কথা ভাবচোন৷ পৃথিৱীখনত আমি অনুমান কৰিব পৰাতকৈও             বহুগুণে বেছিহে পানী আছে৷

ৰূপু – পৃথিৱীততো সাগৰেই সাগৰ৷

মামা – কিন্তু পৃথিৱীখনত যিমান পানী আছে তাৰ মাত্ৰ ৫ শতাংশহে সাগৰত আছে৷

মাক – কি কৱ অ’! বাকীখিনি?

মামা – বাকী প্ৰায় ৯৫ অংশ পৃথিৱীৰ শিলাস্তৰৰ ভিতৰতে আৱদ্ধ হৈ আছে৷

দীপু – তাকতো ব্যৱহাৰ কৰিব নোৱাৰি!

ৰূপু – সাগৰৰ লুণীয়া পানীও ব্যৱহাৰ কৰা টান৷

মামা – গতিকে আমি ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ কম৷ যিখিনি আছে তাৰ ৯০ ভাগেই খেতিৰ কামত লগোৱা         হয়৷ বাকী ১০ ভাগহে আন কামৰ বাবে থাকে৷ কিন্তু তাৰো বহুখিনি অপচয় হয়৷ গাড়ী ধোৱা, বাথৰূমত ফ্লাছ কৰা          আদি কামত লগাতকৈ বেছি খৰছ নহয়নে?

মাক – আমাৰ বাইকখন ধোঁওতেও ইমান পানী লাগে!

মামা – অসমত পানীৰ অভাৱ নাই বুলি গৌৰৱ কৰিলে নহ’ব৷ অপচয় কমাবই লাগিব৷

দীপু – আমাৰ অসমত যে বানপানীয়ে বছৰি ইমান সা-সম্পত্তি ধ্বংস কৰে, তাতকৈ বানপানীৰ সহায়ত ভাল কাম কৰাব             নোৱাৰিনে?

মামা – মূল্যৱান প্ৰশ্ন সুধিছ দীপু৷ ভাল কাম কৰাব পৰা যাব৷ কিন্তু তাৰ বাবে উপযুক্ত পৰিকল্পনা লাগিব৷ খৰচো কৰিব             লাগিব৷

মাক – চৰকাৰীভাৱেহে পৰা যাব নেকি! কিন্তু কেনে কামৰ কথা ক’ব খুজিছ?

মামা – মই ভাবোঁ, ঠায়ে থায়ে মজলীয়া আকাৰৰ পকী পুখুৰী সাজি তেনে পানীৰ সামান্য অংশ হ’লেও সেইবোৰত জমা             কৰিব পাৰি৷ পাছত দৰকাৰ মতে তাক কিছুমান কামত ব্যৱহাৰ কৰিব পৰা যায়৷

দীপু – খুউব সম্ভৱ খেতি পথাৰত জলসিঞ্চনৰ কামত লগাব পৰা যাব৷

ৰূপু – তেনেহ’লে এনেকুৱা পুখুৰীৰ কথা নুশুনো কিয়?

মামা – তেনে পুখুৰী সাজিবলৈ মাটি আৰু ধন দুয়োটাৰে অভাৱ৷

মাক – অসমত বৰ প্ৰয়োজনো নাই নেকি বিজু৷ কাৰণ ইয়াত বহুতো পুখুৰীত পানী থাকেই৷

মামা – বানপানী সংৰক্ষণৰ কথা সুকীয়াকৈ এৰা হওক৷ পানী সংৰক্ষণৰ প্ৰচেষ্টা আজিৰ কথা নহয়৷ আজিৰ পৰা ৫০০০             মান বছৰ পূৰ্বেই মানুহে পানী সংৰক্ষণ আৰু পানীৰ সমুচিত ব্যৱহাৰৰ বিষয়ে চিন্তা কৰিছিল৷ সিন্ধু সভ্যতাৰ কথা          শুনিছনে?

দুয়ো – শুনিছোঁ৷ পাঠ্যপুথিতে পাইছোঁ৷

দীপু – হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাৰ কথা নহয়নে?

মামা – হয়৷ দুয়োখন চহৰতে সিন্ধু সভ্যতাৰ অৱশেষ পোৱা গৈছে৷

ৰূপু – কিতাপত মাটিৰ তলেদি বনোৱা নৰ্দমাৰ ছবি দেখা পাওঁ মামা৷

মামা – তাহানিৰ মানুহবোৰে শিল কাটিও বহুতো ডাঙৰ ডাঙৰ আৰু মজলীয়া আকাৰৰ চৌবাচ্চা বা খালৰ নিচিনা পাত্ৰ             নিৰ্মাণ কৰিছিল৷ আৰু সেইবোৰত বৰষুণৰ পানী জমা কৰি ৰাখিছিল৷ আৰু শুন – পুৰণিকালত ৰাজস্থানৰ মানুহে          এনে ধৰণে ঘৰ সাজিছিল, যাতে চাদৰ ওপৰত বৰষুণৰ পানী জমা কৰি ৰাখিব পৰা যায়৷ তদুপৰি মাটিৰ তলত           টেংকি সাজি চাদত জমা হোৱা পানী নলীৰে তালৈ বোৱাই নি জমা কৰিছিল৷

মাক – আজিওতো এনে ব্যৱস্থা থাকিব পাৰে ক’ৰবাত৷

মামা – আছে৷ অন্ততঃ মধ্যপ্ৰদেশ, কৰ্নাটক আৰু মহাৰাষ্ট্ৰত আছে৷ বৰং পানী বোৱাই নিয়া নলী আদিৰ ব্যৱস্থা বহু উন্নতহে৷

ৰূপু – সেই পানী পাছত কি কামত ব্যৱহাৰ কৰে মামা?

মামা – তাৰ পৰা নলীৰে উলিয়াই নি সেই পানী খেতি-বাতিত ব্যৱহাৰ কৰে, মানে জলসিঞ্চন আদি কামত৷ চাফা হ’লে             তাক কাপোৰ ধোৱা, গাড়ী-মটৰ ধোৱা, ঘৰ মচা আদি বিভিন্ন কামত লগায়৷

ৰূপু – মামা –

মামা – কচোন বাৰু –

ৰূপু – মায়ে পাচলি ধোৱা, চাউল ধোৱা, আধা খাই গিলাচত এৰা, এনেবোৰ পানী এটা বাল্টিত থৈ দিয়ে৷ ইমান কৃপণ!

মামা – কৃপণ? অতি সুন্দৰ কাম। এয়া সংৰক্ষণৰ জীয়া উদাহৰণ বুইছ?

মাক – সেই পানী শাকনি বাৰীত, ফুলৰ গুৰিত, ফুলৰ তাবত দিওঁ৷ নতুবা তেনেকুৱা অইন কামত লগাওঁ৷

দীপু – মাৰ এইটো বহুদিনীয়া অভ্যাস৷

মামা – হুঁ৷ এটা কথা নহয় – বহুতৰে ঘৰৰ পানীৰ টেপ, নলী, পানীৰ অ’ভাৰ টেংকি আদিত লিক্‌ থাকে৷ দেখিছনে তহঁতে?

দুয়ো – দেখিছোঁ মামা৷

ৰূপু – পায়খানাৰ ফ্লাছ কৰা চিষ্টাৰ্ণতো বহুতৰে লিক্‌ থাকে৷

মামা – প্ৰত্যেক মানুহে এনেবোৰ কথাও নজৰ দিব লাগে৷ নহ’লে পানীবোৰ একেবাৰে অবাবতে নষ্ট হৈ যায়৷

মামা – ঠিক লক্ষ্য কৰিছ৷ এনেকুৱা সকলো ধৰণৰ লিক্‌ সাৱধানে চাই মেলি পানীৰ অপচয় কমাবই লাগিব৷ তেতিয়াহে             পানী সংৰক্ষণ কৰাত সফলতা লাভ কৰিব পৰা যাব৷

মাক – কোনো কোনো ঠাইত দেখা পাওঁ, চৰকাৰীভাৱে পানী যোগান ধৰোঁতে ক’ৰবাত পাইপ ফাটি বা পাইপৰ সংযোগ             খুলি গৈ অতি দুখ লগাকৈ পানী গৈ থাকে!

মামা – বৰ উদ্বেগৰ বিষয়৷ তেনে দেখিলে তহঁতে ডাঙৰ কাৰোবাক কৈ দিবি৷ তেওঁলোকে কথাটো কৰ্তৃপক্ষৰ নজৰলৈ             আনিব৷ (প্ৰসংগ সলাই) পিছে সংৰক্ষণৰ অজুহাত দেখুৱাই পানী নাখালেতো বাচি থাকিব নোৱাৰিব!

দুয়ো – হয়, হয় মামা৷

মামা – তেন্তে যা মোৰ কাৰণে খোৱা পানী এগিলাচ আনগৈ৷ দীপু তয়ে যা৷

(যন্ত্ৰসংগীত)

মামা – ছিঃ কিহৰ এনে অসহ্য গোন্ধ অ’?

দীপু – নলাৰ গোন্ধ মামা৷ আমি অভ্যস্ত হৈ পৰিছোঁ৷

মাক – সৌ যে কেঁকুৰিটো দেখিছ, কেঁকুৰিটো ঘূৰিলেই এটা কিহবাৰ ফেক্টৰি আছে৷ তাৰ ওচৰেদি যাবই নোৱাৰি অ’!

মামা – সেয়া বায়ু প্ৰদূষণ ঘটোৱা ফেক্টৰি –৷ বাতৰি কাকততো তহঁতে নিয়মীয়াকৈ পঢ়?

দুয়ো – হয় মামা৷

মামা – বাতৰি ওলাই থাকে, দিল্লী হেনো প্ৰায় গেছ চেম্বাৰ হৈ পৰিছে৷

মাক – দিল্লীহে নে, দেশৰ কেবাখনো চহৰতে প্ৰায় একেই অৱস্থা৷ গুৱাহাটীৰ অৱস্থা অৱশ্যে সিমান বেয়া নহয়৷

মামা – যি নহওক, বায়ু প্ৰদূষণে আমাৰ ভয়ংকৰ ভৱিষ্যত ৰচনা কৰিছে৷ বাৰু কচোন দীপু আৰু ৰূপু, বায়ুমণ্ডলত কি গেছ         বেছিকৈ বাঢ়ি গৈ বিজ্ঞানী, সমাজবিজ্ঞানী সকলোকে চিন্তাত পেলাইছে?

ৰূপু – কাৰ্বন ডাই-অক্সাইড৷

মামা – এৰা, কাৰ্বন ডাই-অক্সাইড৷ পৃথিৱীৰ বায়ুমণ্ডলত বায়ুৰ এক নিযুতভাগৰ ৩০০ ভাগহে এইবিধ গেছ থাকিব লাগে৷         তাতকৈ বেছি হ’লে বিপদ হ’ব পাৰে৷

দীপু – সম্প্ৰতি কিমান আছে মামা?

মামা – এক নিযুত ভাগৰ ৪০০ ভাগ৷ হয়তো তাতোকৈ বেছিহে৷

মাক – তাৰ মানে বিপদ অনিবাৰ্য৷

দীপু – কাৰ্বন ডাই-অক্সাইড বাঢ়ি যোৱা বাবেইতো পৃথিৱীৰ সামগ্ৰিক উষ্ণতা বাঢ়ি গৈ আছে নহয়নে বাৰু?

মামা – সঁচা৷ আৰু সামগ্ৰিক উষ্ণতা বঢ়া কাৰণে পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিবৰ উপক্ৰম হৈছে৷ ইয়াৰ ফলত কি হৈছে         – নহ’ব লগা কালত প্ৰচুৰ বৰষুণ হৈছে, বানপানী হৈছে৷ একেদৰে অসময়ত অনাবৃষ্টিও হৈছে৷ নহ’ব লগা ঠাইত             মৰুভূমি হৈছে বা হ’বলৈ লৈছে৷

ৰূপু – জাৰৰ দিন, গৰমৰ দিনো আগৰ দৰে নাই বুলি মানুহে কোৱা শুনো দেখোন?

মাক – ঠিকেই, আজিকালি কেতিয়াবা ফাগুন-চ’ততো পুহৰ নিচিনা ঠাণ্ডা লাগিব পাৰে৷

ৰূপু – বিজ্ঞানীসকলে কিবা কৰিব নোৱাৰেনে?

দীপু – কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ কমাবৰ ব্যৱস্থা কৰিব পাৰে৷

মামা – পাৰে৷ সেয়া কিন্তু মুখৰ কথা নহয়৷ সকলোৰে সহযোগ লাগিব৷ বিজ্ঞানীসকলে, আচলতে অকল বিজ্ঞানীসকলেই           নহয়, তেওঁলোকৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক নেতাসকলো মিলি বুজা-পৰাৰ মাজেদি এটা কাম               কৰিবলৈ লৈছে: তেওঁলোকে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড কমাই আনিবলৈ চুক্তি কৰিছে৷ আন্তৰ্জাতিক চুক্তি৷

মাক – কেনেকৈ কমাব পাৰিব?

মামা – বাৰু, দীপু কচোন – কাৰ্বন ডাই-অক্সাইড গেছ বেছিকৈ ক’ৰপৰা ওলায়৷

দীপু – ঘাইকৈ বিভিন্ন কল-কাৰখানা আৰু যান-বাহনৰ পৰা মামা৷

মামা – সঁচা৷ বেছি উন্নত দেশবোৰে এই গেছ বেছিকৈ এৰে৷

ৰূপু – যেনে আমেৰিকা৷

দীপু – আৰু আছে – চীন, জাপান, ফ্ৰাঞ্চ ইত্যাদি৷

মামা – চুক্তিমতে কাম কৰিলে – মানে সকলো দেশে উদ্যোগ, কাৰখানা, যান-বাহন আদিৰ পৰা কাৰ্বন ডাই-অক্সাইড             কমকৈ এৰি দিলে সমস্যাটো কিছু পৰিমাণে কমিব৷

দীপু – একেকোবেই কমাব নোৱাৰিব নেকি!

মামা – নোৱাৰে৷ পৰ্যায়ক্ৰমেহে কৰিব লাগিব৷ তাৰ বাবে ২০ বছৰমান সময়ৰ দৰকাৰ হ’ব৷

মাক – তাৰ বাবে মানে?

মামা – পৃথিৱীৰ সামগ্ৰিক উষ্ণতা সামান্য হ’লেও কমাবৰ বাবে৷

দীপু – আমিওতো কিবা অলপ কৰিব পাৰোঁ!

ৰূপু – গছ ৰুব পাৰোঁ৷ কিতাপত পঢ়িছোঁ মামা, গছে খাদ্য তৈয়াৰ কৰোঁতে কাৰ্বন ডাই-অক্সাইড খৰচ কৰে৷ গতিকে গছ-            গছনি বেছি থাকিলে গেছটো বেছি পৰিমাণে খৰচ হ’ব৷

মামা – সুন্দৰ কথা কৈছ’ অ’৷ এনে প্ৰচেষ্টা পৃথিৱীৰ বহু ঠাইত বিভিন্ন ধৰণে চলি আছে৷ আজি যে তহঁতে এটা প্ৰজেক্ট             লৈছ, সিও আওপকীয়াকৈ এইক্ষেত্ৰত সহায় কৰিব৷

ৰূপু – তাৰ মানে আমাৰ প্ৰজেক্টটোৰ গুৰুত্ব আছে!

মামা – আছেতো!

(গাড়ীৰ হৰ্ন বাজে)

ৰূপু – এয়া, আমাৰ গাড়ী আহি গ’ল৷ ওলাওঁগৈ ব’ল দাদা৷

দীপু – বলিয়া নহ’বিচোন৷ দেউতাই ব্ৰেকফাষ্ট কৰি লওক৷ তাৰ পাছতহে৷ অ’ মামা, তুমিও আমাৰ লগত ওলাব লাগিব৷

মামা – হ’ব৷ যাম বাৰু৷ তাৰ আগতে –

দুয়ো – মা –

মাক – বুইছোঁ৷ কানীয়াটোক চাহ লাগে৷ দেউতাৰৰ লগতে একেলগে দিছোঁ ৰহ৷

(আকাশবাণী, গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত ৰূপকৰ (মোৰ) কিছু পৰিশোধিত ৰূপ)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close