Written by 4:28 am Poems

সপোনৰ সোণালী বাহ

 ৰমেশ চন্দ্ৰ গোস্বামী

হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয়

সপোনটোৱে৷

ময়ূৰপংখীৰ টিঙত বহি

নৈৰ বুকুৰে উজাই কেনি উটি যায়

(লংকাৰ বণিজ বিচাৰি!)

উদ্দাম বতাহৰ আঁচোৰত

ছিৰাছিৰ হয় তাৰ মসৃণ কলিজা

মুনিচুনি পৰতো সি

ঈপ্সিতৰ নাপালে সন্ধান৷

হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয়

সপোনটোৱে৷

বাটকুৰি বোৱাৰ পাছতো

সীমনা নমনা বাট-

সুবিস্তীৰ্ণ উপত্যকাৰ কেতকুৰি পথত

ঘনকৈ কুঁৱলীৰ আস্তৰণ ঠেলি

বাৰে বাৰে সিচোন উজুটিকে খায়!

হ’লেও

দিগবলয়ৰ গোপন এচুকত

সপোনটোৰ আছে

সোণালী এটি বাহ

জানোচা এদিন তাত উঠেই ফুলি

হেঁপাহৰ গোলাপ এপাহ!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close