No More Clichesমূল: অক্টাভিঅ’ পাজ
ভাবানুবাদ: যশোৱন্ত নিপুণ
ধুনীয়া মুখ
যি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়ে
ঠিক তেনেকৈয়ে
তুমি পৃষ্ঠাটো লুটিয়াওঁতে তোমাৰ মুখখন দেখুওৱাঁ৷
মোহনীয় হাঁহি
যিকোনো পুৰুষেই তোমাৰ সন্মোহনত বন্দী হ’ব,
আহ্, সৌন্দৰ্য এখন আলোচনীৰ৷
তোমাৰ কাৰণে কিমান কবিতা লিখা হ’ল?
কিমানজন ডাণ্টেই তোমালৈ লিখিলে, বিয়েট্ৰিচ?
তোমাৰ সেই যুক্তিহীন ভ্ৰমলৈ
তোমাৰ অবাস্তৱ আকাংক্ষা জগাবলৈ৷
কিন্তু আজি মই সেই সদায় কোৱা কথাবোৰ পুনৰাবৃত্তি নকৰোঁ,
আৰু মই এই কবিতাটো তোমাৰ কাৰণে নিলিখিম,
নাই, সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহ’ব৷
এই কবিতাটো সেই সকলো নাৰীৰ বাবে
যাৰ সৌন্দৰ্য তেওঁলোকৰ ব্যক্তিত্বত,
তেওঁলোকৰ বুদ্ধিমত্তাত,
তেওঁলোকৰ আচৰণত,
কিন্তু তেওঁলোকৰ কৃত্ৰিম ৰূপত নহয়৷
এই কবিতাটো তোমালোক এই নাৰীসকলৰ বাবে,
যিয়ে ছেহেৰাজাদৰ দৰে প্ৰতিদিন সাৰ পায়
এটি নতুন সাধু ক’বলৈ,
এটা সাধু যিয়ে পৰিৱৰ্তনৰ গান গায়,
যিয়ে সেই সংগ্ৰামৰ আশা জগায়:
ঐক্যবদ্ধ প্ৰাণৰ প্ৰতি ভালপোৱাৰ সংগ্ৰাম
এটা নতুন দিনে জাগৃত কৰা প্ৰাণচঞ্চলতাৰ বাবে সংগ্ৰাম
অৱহেলিত অধিকাৰৰ বাবে সংগ্ৰাম
নাইবা মাত্ৰ আৰু এটা নিশা জীয়াই থকাৰ সংগ্ৰাম৷
হয়, তোমালোক এখন দুখ-কষ্টৰ পৃথিৱীৰ নাৰীসকলৰ বাবে,
তোমালোকৰ বাবে, চিৰ কোলাহলৰ এই বিশ্বৰ উজ্জ্বল নক্ষত্ৰ
তোমালোকৰ বাবে, এহেজাৰ এনিশাৰ ক্লান্তিহীন যোদ্ধা
তোমালোকৰ বাবে, মোৰ হৃদয়ৰ বন্ধু৷
এতিয়াৰ পৰা, মোৰ মূৰটোৱে আলোচনীৰ পাতলৈ জুমি নাচাব,
কিন্তু বুজিবলৈ চেষ্টা কৰিব নিশাটিক
আৰু নিশাৰ উজ্জ্বল নক্ষত্ৰবোৰক,
আৰু সেয়েহে, সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহ’ব৷
———————-
ঠিকনা:
B-115,
Sanvi Sankalpam,
Nagondanahalli,
Whitefield,
Bangalore,
Karnataka 560067
Ph. No. 8762226348
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা