ধীমান বৰ্মন
পাৰি
গানৰ জখলাৰেও উঠি গৈ
চুব পাৰি মেঘৰ কপাহী অহংকাৰ
ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল
দিব পাৰি ৰণ জিনাৰ হুংকাৰ
পাৰি
ছবিৰ জখলাও বগাব পাৰি
ৰঙৰ ছিটিকণিৰে
জ্বলাই দিব পাৰি দৃশ্যৰ বুকু
যদিও পাৰি
সকলোৱে পৰা কাম সকলোৱে নোৱৰাৰ দৰে
কবিয়েও বগাব নোৱাৰিলে জখলাৰ বুকু
এচুকত বস্তা পাৰি লৈ
কবিয়ে জখলা বগাবৰ বাবে
সী দিলে জোতা
আৰু উভতি অহাবোৰৰ
বাবে নিজৰ কাষতে পাৰি থ’লে
আৰু একোখন নতুন বস্তা
সীবৰ বাবে নতুন আৰোহীৰ জোতা
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 5 times, 1 visit(s) today
Last modified: May 19, 2025