Written by 6:14 am Articles

সংযোগ

 যশোৱন্ত নিপুণ

চকীখনত আৰামকৈ বহি বিছনাত ভৰি দুখন তুলি দি ৰাতুলে খিৰিকিৰে দূৰৰ নীলা পাহাৰখনলৈ চাই পঠিয়ালে৷ আকাশখনো কেৱল নীলা, নীলা আৰু নীলা৷ বগলী এজাক এফালে উৰি গৈ আছে৷ নীলাৰ মাজত বগলী বগা ! আস্ কি সুন্দৰ দৃশ্য ! বগলীজাকৰ লগতে তাৰ মনটোও উৰি গৈ থাকিল দূৰলৈ, দূৰলৈ … 

তেনেতে ফোনটো বাজি উঠিল৷  সি মহা বিৰক্ত হ’ল৷ 

“ফোনটো দিয়াচোন মিনতি৷” ঘৈণীয়েকলৈ চাই সি ক’লে৷

“কিয়, নিজে ল’ব নোৱাৰা নেকি? দেখা নাই মই কি কৰি আছোঁ?” মিনতিয়ে ভেকাহি মাৰি উত্তৰ দিলে৷ তাই চাহ কৰি আছিল৷

“মই বহিছোঁ৷ অলপ বৌদ্ধিক চিন্তা কৰিম বুলি ভাবিছোঁ সোণজনী৷”

“হৈছে, বৰ ফালিব নালাগে৷ নিজে ল’ব পাৰিবা দিয়া৷ বিৰক্ত কৰি নাথাকিবা৷” একেই উষ্মাৰে তাই কৈছিল৷

ৰাতুলে মুখ বেকেটাই উঠি গৈ মেজৰ পৰা ফোনটো তুলি ল’লে৷ কিন্তু সেয়া দেখোন সুনীলৰ ফোন৷ তাৰ মনৰ বিৰক্তিখিনি ধোঁৱা হৈ উৰি গ’ল৷

“অ’ সুনীল, কি খবৰ ?” ৰাতুলে মহা উৎসাহেৰে আৰম্ভ কৰিলে৷

“ভালে দে৷ পাছে তহঁতৰ কেনে ? ভালে নে ?” ফোনত সুনীলৰ মাত ভাহি আহিল৷

“আছোঁ আৰু একৰকম৷ অফিচ-ঘৰ, ব্যস্ততা, এইবোৰেই৷”

“একে, একে৷ আমাৰো সেইটোৱে৷ নিস্তাৰ নাই৷ এটা কথাৰ কাৰণেহে ফোন কৰিলোঁ৷”

“ক’চোন৷”

“তোৰ গল্পটো ‘দুৰন্ত প্ৰহৰীত’ পঢ়িলোঁ৷ দুবাৰো পঢ়িলোঁ৷ বাৰে বাৰে পঢ়িব পৰা গল্প৷ বৰ ভাল লিখিছ বে তই৷”

“হেঃ হেঃ হেঃ৷ ধন্যবাদ, ধন্যবাদ ! লিখিছোঁ আৰু কিবাকিবি৷ জাবৰে হৈছে নে গল্পই হৈছে নাজানো ভাই৷” ৰাতুলে মনে মনে বৰ ভাল পালে৷ তাৰ গল্প পঢ়ি দুই-এজন পাঠকে মাজে মাজে ফোন কৰে, মেচেজ কৰে৷ তেতিয়া তাৰ বৰ ভাল লাগে৷ 

“আমাৰ বহুত কথাই লিখিছ দেখোন গল্পটোত৷ বঢ়িয়া দেই৷ বৰ সুন্দৰকৈ কথাবোৰ সুমুৱাই দিছ৷ তোৰ গল্পত তাৰ মানে বহুত সঁচা কথাও থাকে৷”

“সঁচা অভিজ্ঞতাও থাকে, কিছু কল্পনাও থাকে৷ তইতো গম পাইছই৷”

“অঁ, অঁ৷ পিছে মিনতিয়ে কেনে পাইছে গল্পটো ? দেখুৱাইছ  গল্পটো ?”

সুনীলে পঢ়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতেই মিনতিয়েও পঢ়িছিল৷ সুনীলতকৈ তাই দুই শ্ৰেণী তলত আছিল৷

“সিমান ভাল পোৱা নাই৷ মোৰ গল্প এওঁ কেতিয়াও ভাল নাপায়৷ কিন্তু মোৰ গল্পৰ প্ৰথম পাঠিকা শ্ৰীমতীয়েই সদায়৷”

“হাঃ হাঃ হাঃ ! বোলো কিবা খঙেই উঠিছে নেকি তাইৰ ? কেনে আছেনো তাই ?”

“ভালে আছে দে৷”

“আমাৰ এৱোঁ পঢ়িছে গল্পটো৷ ভালেই পোৱা বুলি কৈছে ৰহ৷”

তেনেতে মিনতি ৰাতুলৰ কাষত চাহ একাপ লৈ থিয় হ’ল৷ তাই ৰীমা মানে সুনীলৰ শ্ৰীমতীৰ লগত কথা পাতিব খুজিলে৷

“অই, শুনচোন৷ এওঁ বোলে ৰীমাৰ লগত কথা পাতে৷ ৰীমা আছে নে ?”

“আছে ৰহ৷ মই মাতি দিছোঁ৷  এক মিনিট ৰ’বি৷” সুনীলে ক’লে৷

অলপ পাছত আকৌ সুনীলৰ মাত৷ 

“এহ্, এওঁ গা ধুবলৈ গ’ল অ’৷ ৰীমাই পাছত ফোন কৰিব দে৷ হ’ব নে ?”

“হ’ব, হ’ব৷ কোনো কথা নাই৷ ফোন কৰি থাকিবি এনেকৈ মাজে মাজে৷”

“হ’ব দে৷ ঠিক আছে৷ বাকীতো ভালেই নহয় ?”

আগশাৰীৰ মাহেকীয়া আলোচনী “দুৰন্ত প্ৰহৰী”ত এলাপেচা লেখকৰ গল্প প্ৰকাশ নহয়৷ ৰাতুলৰ “অতীতৰ চিঞৰ” গল্পটো আলোচনীখনে প্ৰকাশ কৰা তাৰ প্ৰথম গল্প৷ গম পোৱাৰ দিনা পুৱাৰ পৰাই সি মনে মনে অলপ ফুলি আছিল৷ ডাঙৰ লেখকসকলৰ শ্ৰেণীত তাৰো নামটো লিখা হৈ গ’ল যেন লাগি আছিল তাৰ৷

চাৰি মাহমান আগতে ৰাতুলে থকা নগৰখনৰ পৰা কিছু দূৰৰ মন্দিৰ এটা দৰ্শন কৰিবলৈ সপৰিয়ালে যাওঁতে সিহঁতে সুনীল আৰু তাৰ পৰিয়ালটোক লগ পাইছিল৷ সুনীলহঁত যে তাৰ নগৰখনৰে হোটেল এখনত আছেহি ৰাতুলে তাতেই গম পালে৷ কলেজ এৰাৰ বিশ বছৰৰ পাছত সিহঁত সেইদিনা হঠাতে অপ্ৰত্যাশিতভাৱে লগালগি হৈছিল৷ মাজৰ দিনবোৰত সিহঁতৰ যোগাযোগ আছিল একেবাৰেই শূন্য৷ আজি-কালি ইমান সুবিধা থকাৰ পাছতো এই দীঘলীয়া সময়ছোৱাত সিহঁতৰ এবাৰো যোগাযোগ নহ’ল৷ কলেজৰ আবাসত কটোৱা বছৰবোৰত কিন্তু সিহঁতৰ বন্ধুত্ব ইমানেই গাঢ় হৈ পৰিছিল যে চতুৰ্থ বছৰৰ শেহলৈ সিহঁত সকলোকে দুখবোধ এটাই মেৰাই ধৰিছিল৷ চতুৰ্থ বছৰটো কলেজত সিহঁতৰ শেষ বছৰটো আছিল৷ ওচৰ চাপি অহা বিচ্ছেদৰ কথা ভাবি ভাবি সিহঁত কেতিয়াবা কেতিয়াবা বিমৰ্ষ হৈ পৰিছিল৷ কলেজ এৰি আহোঁতে ৰাতুলক বিদায় দিবলৈ সুনীল আৰু লগৰ কেইজনমান ষ্টেচনলৈ আহিছিল৷ ট্ৰেইনখন চলাৰ পাছতো সুনীল আৰু তাৰ লগৰ কেইজন নেদেখা হোৱালৈকে  সি খিৰিকিৰে হাত জোকাৰি আছিল৷ তাৰ চকু দুটা চলচলিয়া হৈ পৰিছিল৷ 

সিহঁতে যোগাযোগ ৰাখিব বুলি ঠিক কৰিছিল৷ ঘৰত ফোন নাছিল কাৰণে চিঠিয়েই লিখিব মাজে মাজে৷ আৰু পাৰিলে সিহঁতে কেতিয়াবা ক’ৰবাত লগালগি হ’ব৷ 

কিন্তু সেইবোৰৰ একোৱেই নহ’ল৷ কলেজৰ এৰি আহি প্ৰত্যেকেই নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল আৰু সিহঁতৰ কোনেও তাৰ পৰা পিছলৈ ঘূৰি চোৱাৰ অৱকাশো নাপালে বা পিছলৈ ঘূৰি চাবলৈ ইচ্ছাও নকৰিলে৷ জীৱিকাৰ তাড়নাই সিহঁতক ভিন ভিন পথেৰে দূৰলৈ আৰু দূৰলৈ টানি লৈ গ’ল৷ আৰু তেনেকৈয়ে সিহঁতৰ মাজৰ যোগসূত্ৰবোৰো ক্ৰমশঃ ক্ষীণ হৈ আহি আহি হেৰাই গৈছিল৷

কলেজৰ চাৰিটা বছৰ কম সময় নাছিল৷ আৰু সেই সময়ছোৱা আছিল জটিলতাশূন্য আশাভৰা সহজ সময়৷ কলেজ এৰি অহাৰ কিছু দিন পাছলৈ সিহঁতৰ মনবোৰ খালি খালি হৈ নথকা নহয়৷ যেন সকলোবোৰেই শূন্য হৈ পৰিছিল চাৰিওফালে৷ কিন্তু পৃথিৱীয়ে বোধহয় একোৱেই শূন্য হৈ থকাটো নিবিচাৰে কেতিয়াও৷ ক্ষণিকলৈ খালি হোৱা ঠাইবোৰ চিনিব নোৱৰাকৈ পৃথিৱীয়ে কোনেও গম নোপোৱাকৈয়ে আকৌ পূৰ কৰি আনে৷ আৰু দুদিনৰ হুমুনিয়াহেৰ ভৰা নীৰৱতাৰ কোলাহল বতাহ এছাটিৰে উৰুৱাই লৈ যাবলৈ পৃথিৱীৰ বহুত কিবাকিবিয়েই আছে৷ সিহঁত নতুন জীৱনবোৰত ব্যস্ত হৈ পৰিছিল৷ অতীতে মাত্ৰ ৰিঙিয়াই গৈছিল কেতিয়াবা কেতিয়াবা৷ সেয়েই৷ 

শিলাময় পাহাৰ এখনত মন্দিৰটো৷ মূৰ্তি, মন্দিৰ সকলোবোৰ শিলত কটা৷ সেইদিনা খটখটীৰে বগাবলৈ লৈয়ে সম্মুখত ওখ-পাখ, সামান্য শকত মানুহজনক দেখি ৰাতুল আচৰিতেই হৈছিল৷ ৰঙীন চশমাৰ তলৰ মুখখন তাৰ চিনো চিনো লাগিছিল৷ সি ভবা-গুণা কৰি থাকোঁতে মানুহজনেই প্ৰথমে মাতিলে৷ সেইজন আছিল তাৰ একালৰ পৰম বন্ধু সুনীল ! সাধাৰণতে হোৱাৰ দৰে তাৰো বহুত শাৰীৰিক পৰিৱৰ্তন হৈছিল৷ পেট, ডিঙি, থুঁতৰিত কিছু চৰ্বি জমা হৈছে৷ মূৰৰ বহু জেগাৰ পৰা চুলিও হেৰাই গৈছে৷ কিন্তু একেই আছিল তাৰ পুৰুষসুলভ ব্যক্তিত্ব, সৌন্দৰ্য আৰু ৰঙিয়াল স্বভাৱটো৷ 

আনন্দ, হাঁহি আৰু আশ্বৰ্যৰ ঢৌ এটা পাৰ হৈ গৈছিল৷ কলেজৰ দিনবোৰৰ সোঁৱৰণিৰ কিছু সময় দ্ৰুত ৰোমন্থন চলিছিল৷ সিহঁতে আচৰিতভাৱেই সেই দিনবোৰৰ বহুতো খুটি-নাতি ফটফটীয়াকৈ মনত পেলাব পাৰিছিল৷ তাৰ পাছত চা-চিনাকিৰ এটা চমু পৰ্ব চলিছিল৷ সুনীলে মিনতিক আগৰ পৰাই চিনি পায়৷ অৱশ্যে ৰাতুলহঁতে ৰীমা, মানে সুনীলৰ ঘৈণীয়েকক সেইদিনাহে প্ৰথম দেখিছিল৷ 

“আচলতে আমি সকলোৱে খুব দূৰলৈ আতৰি গ’লোঁ৷ কিয়বা এনে হ’ল ? তই ইয়াতে থকা বুলিও গমেই পোৱা নাছিলোঁ৷” সুনীলে কৈছিল৷

“আহিছই যেতিয়া, মোৰ ঘৰলৈকো এপাক মাৰিবি৷ কিমান দিনৰ মূৰত দেখিলোঁ তোক৷ আৰু কেতিয়াবা লগ পাম নে নাই তাৰোনো কি ঠিক ? কিজানি লগ নাপাওঁৱেই৷” ৰাতুলে কৈছিল৷

“হয় অ’৷ ইমান বছৰ দেখোন এনেকৈয়ে পাৰ হৈ গ’ল৷ পিছে চাওঁচোন৷ নাকী এডাল লাগিয়েই থাকে নহয়৷ আমিও দিন-বাৰ হিচাপ কৰি আহিছোঁ৷” সুনীলে আৰু ক’লৈ ক’লৈ যাব সেইবোৰৰ হিচাপ দিছিল৷ তথাপি মাজতে এটা বেলা সি উলিয়াব পাৰিব বুলি কৈছিল৷

ৰাতুলে ৰীমাক লক্ষ্য কৰিছিল৷ মানুহজনী সুনীলৰ লগত দেখাই-শুনাই মিলা, ওখ-পাখ আৰু ধুনীয়া৷ অৱশ্যে ৰাতুলৰ মনত মিনতিৰ দৰে ধুনীয়া নাৰী এই পৃথিৱীৰ ক’তোৱেই পাবলৈ নাই৷ ৰীমা তেনে কোনো সংকোচ নোহোৱা সপ্ৰতিভ ধৰণৰ মহিলা যেন লাগিছিল তাৰ৷ মিনতি অলপ সময় পিছ হুহকি আছিল যদিও ৰীমাই কথাবোৰ সহজ কৰি পেলাইছিল৷ দুয়োজনীয়ে সোনকালেই খোলাখুলিকৈ একাষৰীয়া হৈ পুৰণি বান্ধৱীৰ দৰে কথা পতাত লাগি গৈছিল৷ 

মিনতি যে সুনীলৰ লগত একেখন স্কুলতেই পঢ়িছিল, সেইষাৰ কথা সুনীলে উল্লেখ কৰিছিল৷ ৰাতুলে কথাটো আগতেই জানিছিল৷

মন্দিৰৰ পৰা ওলাই হোটেলত সিহঁতে একেলগে দুপৰীয়াৰ ভাত খালে৷

“মাজৰ বছৰবোৰ ক’ত কেনেকৈ হেৰাই থাকিল অ’ ৰাতুল ?” সুনীলে খোৱাৰ মাজতে সুধিছিল৷

“এয়েতো জীৱন ভাই৷ অথচ সৌ সিদিনাহে কলেজ এৰা যেন লাগে মোৰ৷”  ৰাতুলে অলপ গভীৰভাৱে কৈছিল৷ সি ক’ব নোৱৰাকৈয়ে কথাষাৰত বেদনাগধুৰ সুৰ এটা মিহলি হৈ আহিছিল৷

সুনীলে হাঁহিছিল৷ গম্ভীৰ হৈ কৈছিল, “কিমান বছৰ, কিমান বসন্ত পাৰ হৈ গ’ল৷ গছৰ কিমান সেউজীয়া পাত সৰি পৰিল, উৰি গ’ল, ছাই হৈ গ’ল৷ কোনে মনত ৰাখে ? কিয় মনত ৰাখিব ?”

“আপোনাৰ কথাবোৰ এতিয়াও কবিতা কবিতা লাগে দেই৷ কবিতা লিখে নে আজি-কালি ?” ৰীমাৰ লগত কথা পতা বন্ধ কৰি মাজতে মিনতিয়ে লাহেকৈ সুধিছিল৷

“তই তাৰমানে কবিতাও লিখ ? আজিহে জানিলোঁ দেখোন৷” ৰাতুলো অলপ আচৰিত হৈছিল৷

“লিখিছিলোঁ আগতে৷ কলেজলৈ অহাৰ পাছত কবিতা লিখিবলৈ এৰি দিলোঁ৷”

“ইমান ধুনীয়া কবিতা লিখিছিল আপুনি৷ কিমান যে ভাল লাগিছিল মোৰ ! কিয় লিখিবলৈ এৰিলে?” মিনতিয়ে সুনীলৰ ফালে সপ্ৰশংস চাৱনি এটি দি আকৌ সুধিছিল৷

“সেয়া বহুত কথা৷” সুনীলে কৃত্ৰিম গহনী ভাবত কৈছিল৷ “কবিতা লিখিবলৈ সুকোমল অনুভূতিৰ প্ৰয়োজন৷ সেই অনুভূতিবোৰ কিজানি আমাৰ স্কুলখনতে ৰৈ আহিল৷” 

“স্কুলৰ ক’ত ৰৈ আহিল ?”  মিনতিয়ে লাজকুৰীয়া হাঁহি এটা মাৰি সুধিছিল৷

“স্কুলৰ ফুলনিৰ ধুনীয়া ধুনীয়া ফুলবোৰৰ মাজত আকৌ৷ হাঃ হাঃ হাঃ !”  সুনীলে প্ৰাণখোলা হাঁহি এটা মাৰি উত্তৰ দিছিল৷

“তোৰ কথাবোৰ দেখোন আজিও কবিতা কবিতা হৈ পৰিছে৷ কি কাণ্ড ?”  ৰাতুলে কৈছিল৷ “কিবা পুৰণি স্মৃতি জাগ্ৰত হোৱা নাইতো৷ হাঃ হাঃ হাঃ …৷”  ৰাতুল আৰু সুনীলে সশব্দ হাঁহিত ভাগি পৰিছিল৷ মিনতিয়ে লাজ লাজকৈ তলমূৰ কৰি হাঁহিছিল৷ ৰীমাই এবাৰ মিনতিলৈ, এবাৰ সুনীলৰ মুখলৈ চাইছিল৷     

“তোমালোকে জানানে, ৰীমা আৰু ৰাতুলক কৈছোঁ, মিনতি আমাৰ স্কুলত খুব বিখ্যাত আছিল ?” খাই থকাৰ মাজতে সুনীলে কৈছিল৷

মিনতিয়ে তলমূৰকৈ লাজ লাজকৈ হাঁহিছিল৷ 

“কিয়বা বিখ্যাত আছিল ? এওঁৰ খ্যাতিৰ কাৰণটো জানোচোন৷” ৰাতুলে আচৰিত হোৱা যেন দেখুৱাই সুধিছিল৷

“আমাৰ স্কুলৰ, মানে স্কুলৰ বুলি ক’লে ভুল হ’ব, আচলতে আমাৰ সেই অঞ্চলৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে আছিল কুমাৰী মিনতি চৌধুৰী৷”

“হয় নে ?” ৰীমাই সুধিছিল৷ তাইৰ ইমান পৰে হাঁহি থকা মুখখনত ক্ষুদ্ৰ এটি মুহূৰ্তৰ কাৰণে কিবা এটা পৰিৱৰ্তন ৰাতুলে লক্ষ্য কৰিছিল৷

“হয়তো৷ গোটেইমখা ল’ৰা মিনতিৰ পিছে পিছে৷”

“তয়ো আছিলি নেকি অ’ সেই গোটেইমখাৰ মাজত ?”

“এহ্৷ মইনো কি ক’ম ! মোৰ ওৱেটিং লিষ্টতো ঠাই নহ’ব বুলি ভাবি চেষ্টাই নকৰিলোঁ আৰু৷” সুনীলে কৃত্ৰিম দুখৰ ভাব এটা দেখুৱাইছিল৷

“সঁচা কৈছ নে ? মোৰ এতিয়া সন্দেহ হ’বলৈ ধৰিছে অ’ ! আজি ৰাতি মোৰ টোপনিয়ে নাহিব কিজানি৷”

“সঁচাকৈয়ে কৈছোঁ৷ মই আছিলোঁ পৃথিৱীৰ নিঃকিনতম ল’ৰা আৰু কুমাৰী মিনতি চৌধুৰী সৰগৰ পৰী৷ কেনেকৈ আগবাঢ়োঁ মই ?”

“দৰ্খাস্ত এখন দিব লাগিছিল৷ মানে চিঠিৰ দৰে কিবা এখন৷” ৰাতুলে পৰামৰ্শ আগবঢ়াইছিল৷

মিনতিয়ে তলমূৰকৈ তলৰ ওঁঠখন কামুৰি  লাজ লাজকৈ আকৌ হাঁহিছিল৷

“হাঃ হাঃ হাঃ !”, সুনীলে ডাঙৰকৈ হাঁহি কৈছিল, “সেইটোৱে কৰিব লাগিছিল অ’৷ আজি তেনেকুৱাই লাগিছে৷ কাপুৰুষ আছিলোঁ অ’ মই৷ নহ’লে আজি …৷”

“নহ’লে আজি বান্দৰে পিন্ধা মুকুতাৰ হাৰডালে সুনীল দেৱতাৰ ডিঙি শুৱাই থাকিলেহেঁতেন৷ হাঃ হাঃ হাঃ !”

“তোৰ বৰ ভাগ্যও ৰাতুল৷ মোৰহে আজি টোপনি নাহিব৷ হাঃ হাঃ হাঃ৷ কবিয়ে কৈছে নহয় – স্মৃতি দুখৰ অতীত … ! হাঃ হাঃ হাঃ৷”

“সুহুৰিয়াই কি যায় ? হা, সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা৷ হাঃ হাঃ হাঃ৷” 

দুয়োৰে হাঁহিৰ শব্দই গোটেই ৰেষ্টুৰেণ্টখন জিনি লৈ গৈছিল৷ ওচৰৰ টেবুল দুখনমানত মনোযোগেৰে ভাত, ৰুটী খাই থকা গ্ৰাহক কেইজনমানে বিৰক্তিৰে সিহঁতলৈ ঘূৰি চাইছিল৷ উণ্টাৰত বহা মানুহজনে গ্ৰাহক এজনে দিয়া নোট কেইখনমান দুহাতত লৈ খৰকৈ গণি আছিল৷ হাঁহিৰ শব্দত তেওঁৰ হিচাপত আউল লাগি গ’ল৷ খঙৰ ভাবটো নুলুকুওৱাকৈ সেইজনে ডিঙি মেলি চকু থিয় কৰি ৰাতুলহঁতৰ ফালে চাইছিল৷  মিনতি আৰু ৰীমা অলপ অপ্ৰতিভ হৈ পৰিছিল৷ সিহঁতৰ মুখৰ হাঁহিয়ে প্ৰাকৃতিক ৰঙটো হেৰুৱাই পেলোৱা যেন দেখা গৈছিল৷ 

ৰাতুল আৰু সুনীলো অলপ সংযত হ’ল৷ লগাতকৈ অলপ বেছি আগুৱাই যোৱা যেন লাগিছিল দুয়োৰে৷ ৰীমা আৰু মিনতি কিছু পৰিমাণে গম্ভীৰ হৈ পৰিছিল কাৰণেই চাগে বাকী একেলগে থকা সময়খিনিত ৰাতুল আৰু সুনীলে ডাঙৰকৈ হা-হাকৈ আৰু হঁহা নাছিল ৷ 

সুনীলহঁত ৰাতুলৰ ঘৰলৈ আহিব পৰা নাছিল৷  যিদিনা আহো বুলিছিল, সেইদিনা ৰীমাৰ গা অলপ বেয়া লাগি আছিল৷ সিহঁতে হোটেলতে জিৰাইছিল সেইদিনা৷

এই কথাখিনি মিলাই আৰু বহু কল্পনা শক্তিৰ প্ৰয়োগ ঘটাই ৰাতুলে গল্পটো লিখিছিল৷ গল্পটোত কিছু মচলা আৰু কেইটামান মনস্তাত্বিক পাকো যোগ কৰিছিল সি৷ ভাগ্যক্ৰমে “দুৰন্ত প্ৰহৰী”ত গল্পটো প্ৰকাশো হ’ল৷

দুদিন পাছত পুৱাই ৰাতুলে সুনীলক ফোন কৰিলে৷ ৰীমাৰ লগত মিনতিৰ কথা পাতিবলৈ বৰকৈ ইচ্ছা হৈ আছিল৷ 

“এওঁ বোলে ৰীমাৰ লগত কথা পাতে৷” ৰাতুলে ফোনত কৈছিল৷

“ৰীমা ঘৰত নাই অ’৷ পৰহি আবেলিয়েই গ’ল তেওঁলোকৰ মানে মাকৰ ঘৰলৈ৷”

“অ’ হয় নেকি ? তেওঁৰেই ফোন নম্বৰটো দিবিচোন৷”

“হ’ব দে৷ কিন্তু গা বেয়া নেকি ৰীমাৰ, এই দুদিন মোক ফোন কৰাও নাই আৰু মোৰ ফোন ধৰাও নাই৷”

“ঠিক আছে দে৷ দুদিনমান পাছতেই ফোন কৰিব মিনতিয়ে৷” ৰাতুলে কৈছিল৷

পিছদিনা দুপৰীয়া ৰাতুলৰ ফোনটো বাজিল৷ ৰীমাৰ পৰা ফোন অহাত ৰাতুল অলপ আচৰিত হৈছিল৷ কিয়বা তাক ফোন কৰিব লগা হ’ল ? লগ পাওঁতে সিতো ভালকৈ ৰীমাৰ লগাত কথা পাতিবই পৰা নাছিল৷ মিনতিয়েহে তাইৰ লগত বেছিকৈ লাগি আছিল৷ 

দুই-এষাৰ সৌহাদ্যপূৰ্ণ কথাৰ পাছত ৰীমাই কৈছিল, “আপোনাৰ ’অতীতৰ চিঞৰ’ গল্পটো পঢ়ি বৰ ভাল লাগিছে৷ খুব সুন্দৰ লিখিছে আপুনি৷ ভাবিবই পৰা নাছিলোঁ আপুনি যে এজন ইমান ভাল লেখক৷”

“ধন্যবাদ৷ গল্পটো ভাল পোৱা বুলি জানি ভাল লাগিল৷” ৰাতুল সঁচাকৈয়ে আহ্লাদিত হৈছিল৷ ৰীমাৰ দৰে স্মাৰ্ট, সুন্দৰী মহিলাই তাৰ গল্প পচন্দ কৰিছে ! আৰুনো কি লাগিছে তাক ?

“ময়ো হাইস্কুলত কবিতা লিখিছিলোঁ৷” ৰীমাই কৈছিল৷

“বৰ ভাল৷ বৰ ভাল কথা৷”

“মোৰ কবিতা স্কুলৰ আলোচনীত ওলাইছিল৷ তাৰ পাছত কলেজৰ আলোচনীতো ওলাইছিল৷”

“সুন্দৰ ! অতি সুন্দৰ ! আপুনি কবি …৷” ৰাতুলে উৎসাহেৰে কিবা ক’ব খুজিছিল৷

“সেয়া বহু বছৰ আগৰ কথা৷ কিন্তু কবিতা লিখিছিলোঁ কল্পনাৰে, অনুভৱেৰে৷”

“হয়৷ কবিতা কল্পনা আৰু অনুভৱৰ কলা৷” সাহিত্যিক ভাব এটা আনিবলৈ চেষ্টা কৰি সি কৈছিল৷

“সঁচা৷ কিন্তু ভাবিছোঁ গল্পত বাস্তৱৰ বৰ বেছি প্ৰভাৱ থাকে৷ নহয় নে?” তাই সুধিছিল৷

ৰাতুলে সেই সম্পৰ্কে আগতে বৰকৈ ভাবি চোৱা নাছিল৷ তাৰ গল্পত বাস্তৱ কাহিনী, চৰিত্ৰ আদিৰ যথেষ্ট প্ৰভাৱ থকাটো হয়৷ উত্তৰত পাণ্ডিত্যপূৰ্ণ মন্তব্য এটা দি ৰীমাক মুগ্ধ কৰিব পৰা হ’লে সি বৰ ভাল পালেহেঁতেন৷ কিন্তু সি যিহেতু গল্প পঢ়া আৰু লিখাহে মানুহ, গতিকে গল্পৰ চৰিত্ৰ, তত্ত্ব আদি সম্পৰ্কে তাৰ বৰ বেছি মন-কাণ নাই৷ আধুনিক কবিতা বুজিয়েই নাপায় কাৰণে সি সেইবোৰ নপঢ়েই৷  নিৰস উত্তৰ এটা দিবলৈয়ে সি বাধ্য হ’ল, “হয়৷ মোৰো তেনে ভাবেই হয়৷ বাস্তৱৰ প্ৰায়বোৰ ঘটনাকেই সজাই-পৰাই গল্পৰ ৰূপ দিব পাৰি৷”

“হয়৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা গল্পবোৰ বেছি গভীৰ হয় কিজানি৷ মনত ডাগ কাটি থৈ যায়৷ আপোনাৰ গল্পটো পঢ়াৰ পাছৰ পৰা সেই ভাবটোৱেই আহি আছে৷ পাহৰিবই পৰা নাই একেবাৰে৷”

ৰাতুলৰ বৰ ভাল লাগিল৷ দাৰ্শনিকৰ দৰে গহীন সুৰ এটাৰে ক’লে, “ভাল হোৱা নাই মোৰ গল্পটো৷ কিন্তু আপোনাৰ মন্তব্যই এটা গভীৰ সত্য ব্যক্ত কৰিছে৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা গল্প এটাৰ আবেদন বেলেগ এটা পৰ্যায়ৰ হয়৷ সেয়া আমাৰেই জীৱনৰ কথা যে৷ জীৱনৰ বাস্তৱ ৰূপ গল্পৰ আইনাত চাবলৈ পাঠকে ভাল পায়৷ গল্প হ’ব লাগে আমাৰ জীৱনৰ বাস্তৱ ছবি৷”

“হয়৷ আমাৰ জীৱনৰ ছবি৷ বাস্তৱ ছবি৷ আইনাত জুমি চালেহে ভালকৈ জিলিকি উঠা সঁচা ছবি৷” ৰীমাৰ মাতটো যেন অলপ উদাস হৈ পৰিছিল৷

“ঠিকেই কৈছে৷ আপোনাৰ চিন্তাৰ গভীৰতাই মুগ্ধ কৰিলে মোক৷”

“বাস্তৱ কেতিয়াবা ভাবিব নোৱৰা ধৰণৰ হয়, নহয় জানো৷” ৰীমাৰ কণ্ঠত এটি  শোকভৰা আবেশ৷

“ঠিকেই কৈছে আপুনি৷ বিচিত্ৰ এই বাস্তৱ৷”

“আৰু জীৱনটো প্ৰায়ে তেনেকুৱা নহয় যেনেকুৱা আমি হোৱাটো বিচাৰোঁ৷”

“হয়৷ এটি নিৰ্ঘাত সত্য …৷“

“আৰু জোনটোও তেনে নহয় যেনে আমাৰ আকাশে বিচাৰিছিল৷”

“সত্য৷ আপোনাৰ জীৱন সম্পৰ্কে এক গভীৰ কাব্যিক উপলব্ধি আছে৷ মই আপ্লুত ! সঁচাকৈয়ে মুগ্ধ হৈ গ’লোঁ !” ৰাতুলে কৈছিল৷

সিফালৰ পৰা কোনো উত্তৰ নাহিল আৰু তেনেকৈয়ে নীৰৱতাৰ কেই চেকেণ্ডমান পাৰ হৈছিল৷ ৰাতুলে একো বুজিব পৰা নাছিল৷

“মিনতিৰ লগত কথা পাতিব নেকি ?” নীৰৱতা ভংগ কৰি সি সুধিছিল৷

“অ’ আপুনি ঘৰতে আছে নেকি ? মই আকৌ অফিচত থকা বুলিহে ভাবিছিলোঁ৷ এতিয়া আৰু কথা নাপাতোঁ দিয়ক, এৰিছোঁ৷ গাটো অলপ বেয়া লাগিছে৷ বাই৷” ৰীমাই হঠাতে ফোনটো কাটি দিছিল৷

পিছদিনা ৰাতুলে অফিচৰ কেণ্টিনত দুপৰীয়াৰ আহাৰ খাই উঠি সম্মুখৰ পাৰ্কত খোজ কাঢ়িছে৷ পাৰ্কত কেইযোৰমান ডেকা-গাভৰুৰ বাদে আৰু কোনো নাই৷ 

ফোনটো বাজি উঠিল৷ ৰীমাৰ ফোন৷ সি ফোনটো কাণত ল’লে৷

“ঘৰত নে অফিচত বাৰু ?” ৰীমাৰ মাত ভাহি আহিল৷

“মই অফিচত৷ কওকচোন৷ ভাল নে আপোনাৰ ?” ৰাতুলে ক’লে৷

“ভাল৷ এটা কথা সুধিব লগা আছিল৷ আমনি দিয়া নাইতো আপোনাক ?”

“নাই, নাই৷ কি কয় ? একো আমনি পোৱা নাই৷” ৰাতুলে বেঞ্চ এখনত বহি ল’লে আৰামকৈ৷

“মই মানে আপোনাৰ গল্পটোৰ কথাবোৰকেই ভাবি আছোঁ৷” ৰীণাই আকৌ “অতীতৰ চিঞৰ”লৈ ঘূৰি যাব বিচাৰিছিল৷

“অ’ হয় নেকি ? এনে কিনো আছে মোৰ গল্পটোত ?” ৰাতুলে তাৰ গল্পটোৱে কাৰোবাৰ মনত এনেদৰে খলকনি তুলিব পাৰে বুলি ভাবিবই পৰা নাছিল৷ সি আকাশত উৰিবলৈ ধৰিছিল৷

“ইমান জীৱন্ত প্ৰকাশ, ইমান অকৃত্ৰিম বৰ্ণনা ! মনটো তোলপাৰ কৰি আছে৷” ৰীমাই আকৌ ক’লে৷

“নহয় । এনেয়ে অলপ লিখিছোঁ আৰু …৷” ৰাতুলে নিৰাসক্ত ভাব এটা দেখুৱাবলৈ চেষ্টা কৰিছিল৷

“ইমান গভীৰভাৱে, ইমান নিখুঁতভাৱে চৰিত্ৰবোৰ অংকন কৰিছে আপুনি !”

“সিমান ভাল হোৱা নাই দিয়ক৷ কিবা অলপ চেষ্টা কৰিছোঁ আৰু৷”

“সেইদিনা আমি মন্দিৰত লগালগি হোৱাৰ বৰ্ণনাটো ইমান ভালকৈ দিছে৷ অথচ ইমান কম কথাৰে৷ সঁচা সঁচা যেন লাগিছে৷”

“হয়৷ সেইখিনি হুবহু লিখিবৰ চেষ্টা কৰিলোঁ৷ সেই কাৰণেই বোধহয় সঁচা যেন লাগিছে৷”

“নামবোৰো ধুনীয়া হৈছে৷ মিলি গৈছে ।”

“মানে ? বুজা নাই মই৷”

“এই যে প্ৰতুল, অনিল, প্ৰণতি, মীৰা – এই নামবোৰ৷”

“অ’ সেইটো কথা৷ হাঃ হাঃ হাঃ !” ৰাতুলে ইমান ডাঙৰকৈ প্ৰাণখোলা হাঁহি এটা মাৰিলে যে ওচৰৰ বেঞ্চত বহা প্ৰেমিক-প্ৰেমিকা এহালে কথা বন্ধ কৰি তাৰ ফালে ঘূৰি চাব লগা হ’ল৷  “নামবোৰো সঁচা চৰিত্ৰবোৰৰ লগত মিলা হ’লে খুব ভাল হয়, নহয় জানো ?”

“অতীতৰ চিঞৰ” গল্পটোত ৰাতুলক প্ৰতুল, সুনীলক অনিল, মিনতিক প্ৰণতি আৰু ৰীমাক মীৰা নামেৰে উপস্থাপন কৰা হৈছিল৷

নীৰৱতাৰ কেইচেকেণ্ডমান  পাৰ হ’ল৷

“হয়৷ সঁচা ঘটনা, সঁচা চৰিত্ৰ যেতিয়া নামবোৰো সঁচা সঁচা হ’লে ভালেই লাগে৷ এয়েইতো জীৱন৷ এয়েইতো আমাৰ জীৱনৰ খেল৷” ৰীমাৰ মাতটো বৰ গভীৰ হৈ আহিছিল৷ 

ৰাতুলে একো বুজিব পৰা নাছিল৷ এনেয়ে ক’লে, “একেবাৰে সত্য কথা ক’লে আপুনি৷”   

“আমাৰ কল্পনাই বিচাৰে সম্মুখৰ পথ মসৃণ হওক৷ কিন্তু জীৱনৰ পথত জানো খলা-বমা নাথাকে ? জীৱনৰ পথত জানো আমি অপ্ৰত্যাশিত আঘাতৰ সম্মুখীন নহওঁ ? সেই আঘাতে আমাৰ হৃদয় জানো ক্ষত-বিক্ষত কৰি থৈ নাযায় ? কিছুমান আঘাত, কিছুমান স্মৃতি জানো চিৰকাল সজীৱ হৈ নাথাকে ?”

ৰাতুলে ইমান কাব্যিকতাৰে কথাবোৰ ভাবিব নোৱাৰে৷ সি হ’ল নিৰস গদ্যৰ মানুহ৷ ক’লে, “হয়, হয়৷ জীৱনত বহুত দুখ-কষ্ট আছে৷”

“হয়৷…হয়৷ …” ৰীমাই কিবা এটা ক’ব খুজি যেন ৰৈ গৈছিল৷ উচুপনি এটাও শুনা যেন পালে ৰাতুলে৷

আকৌ কেইচেকেণ্ডমানৰ নীৰৱতা৷

“গল্পটোৰ শেষৰ শাৰীবোৰে মোৰ অন্তৰ তোলপাৰ কৰিলে৷ সেই স্মৃতিৰ নীলা সাগৰৰ জোৱাৰ যিয়ে হঠাতে উটুৱাই নিব খোজে তেওঁৰ উদাসীন বৰ্তমান৷” সাগৰৰ গভীৰতম বক্ষৰ পৰা যেন ভাহি আহিছিল ৰীমাৰ কণ্ঠৰ এই শব্দবোৰ৷ 

“হয়৷ তেনেকুৱাই কিবা আছিল নেকি শেষত ?” ৰাতুলে একোৱেই মনত পেলাব পৰা নাছিল, একোৱেই বুজিব পৰা নাছিল৷

“অতীতৰ চিঞৰ” গল্পটো এই শাৰীবোৰেৰে শেষ হৈছিল –  

“সেই মন্দিৰৰ পবিত্ৰ প্ৰাংগনত অনিলে প্ৰণতিৰ দুচকুলৈ বহু বছৰৰ মূৰত আকৌ চাইছিল৷ তাইৰ চকুত এখন গভীৰ নীলা সাগৰ৷ সেই সাগৰখন তাৰ অতি চিনাকি, অতি মৰমৰ৷ সেই একেই আকুলতাৰ জোৱাৰে তাক যেন আকৌ বুৰাই পেলাব৷ সুদূৰ দিগন্তৰ পৰা স্মৃতিৰ বিহংগবোৰ উৰি উৰি আহি সিহঁতৰ আকাশ ছানি ধৰিছিল৷ আৰু তাইৰ ওঁঠদুটিও কঁপি উঠিছিল৷ কিবা যেন ক’ব খুজিছিল তাই৷ কিন্তু ক’ব পৰা নাছিল৷ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ নিষ্কলুষ সজল ডাৱৰবোৰৰ পৰা নীলা সাগৰখনলৈ এজাক বৰষুণ নামি আহিব খুজিছিল৷ কিন্তু সি যে এতিয়া বেলেগ এখন নদীত নাও মেলি দিছে৷ সেই নদীৰ লক্ষ্য অন্য এখন সাগৰ৷ যাওঁ বুলি কৈছিল যদিও সি প্ৰণতিৰ ঘৰলৈ যাবলৈ সাহস কৰিব নোৱাৰিলে৷ সি পলাই যাব বিচাৰিছিল৷ কিন্তু সি জানে, সেই দুচকুৰ নীলা সাগৰৰ জোৱাৰে তাৰ পৃথিৱীৰ সকলো উপকূলেই প্লাবিত কৰি থৈ গ’ল চিৰদিনৰ বাবেই, যাৰ পৰা পলাই যোৱাটো আচলতে অসম্ভৱ৷”

“এটা কথা সুধিলে বেয়া পাব নেকি ?” ৰীমাৰ মাতটো আৰু বেছি গভীৰ, আৰু বেছি কৰুণ হৈ আহিছিল৷

“কিয় বেয়া পাম ? সোধক৷”

“অনিল আৰু প্ৰণতিৰ … মানে …৷” ৰীমাই কথা বন্ধ কৰিলে৷

কেইচেকেণ্ডমান ৰহস্যময় নীৰৱতাৰে পাৰ হ’ল আকৌ৷

“কওকচোন৷” ৰাতুলেই আকৌ নীৰৱতা ভংগ কৰিলে৷

“অনিল আৰু প্ৰণতিৰ… মানে… মানে… সুনীল আৰু মিনতিৰ সঁচাই  কিবা সম্পৰ্ক আছিল নেকি ?” 

ঠিকনা :

বাঙ্গালোৰ

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮


My address:

B-115,
Sanvi Sankalpam,

Nagondanahalli,
Nonefield,
Bangalore

PIN 560067

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close