Written by 7:04 am Poems

শৰতৰ গান

                      ৰচনা পাঠক

 নীলিম আকাশে আজি     শুকুলা মেঘেৰে সাজি

        গাই আছে শৰতৰ গান,

ডাৱৰে ঢাকিছে বেলি     লুকাভাকু খেলি খেলি

        যেন এয়া ধেমালিৰ বান৷

কোমল ৰ’দৰ ৰং     সকলোতে খালি চং

        উলাহত নাচিছে ধাননি,

বগী বগী বালিচৰ      এৰি কৰে খৰধৰ

           বৈ যায় বৰনৈখনি৷

এয়া যেন মোৰ আই       মুখনিলে’ জুমি চায়

        সোণ মোৰ আহিছে ঘৰলে’,

কপালত চুমা খাই     দুচকুৰে সুধি চায়

        ‘মইনাটো আছনে কুশলে?’

এয়া ধৰা হাঁহি ভৰা     সেউজী গছেৰে ভৰা

        ওপৰত নীলাভ আকাশ,

কঁহুৱা ফুলৰ নাচ     শৰতে তোলেহি তাত

        জাৰ-জহ সকলো বিনাশ৷ 

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close