Written by 4:20 am Poems

শ্বেত

পংকজ গোবিন্দ মেধি

বগলী আৰু বকুলৰ মাজত কোনো সম্পৰ্ক নাই
বগলী আৰু গাখীৰৰ মাজত কোনো সম্পৰ্ক নাই

মাথোঁ এটা মিলহে আছে
বগলী বকুল আৰু গাখীৰ দেখিবলৈ বগা

সেই অৰ্থত আমাৰ মাজৰ কিছুমানৰ
বগলী বকুল আৰু গাখীৰৰ সৈতে অপূৰ্ব সাদৃশ্য আছে

পিছে তেওঁলোকৰ সকলোৱে বলুকাৰ বিয়লি বেলাত
বগলীৰ পাখিৰ দৰে উদাৰভাৱে মেলি নিদিয়ে আন্তৰিক বাহু

সুগন্ধি বকুলৰ দৰে তেওঁলোকে গুণৰ মালা নাগাঁঠে

গাখীৰৰ দৰে নোযোগায় পুষ্টি

তেওঁলোকৰ মাজৰ অনেকে চৰ্ম-বৰ্ণক লৈ গৰ্ব কৰে

নিজক প্রভু সজাই অইনক দাস সজাব খোজে

গ্ৰহটোক বৰ্ণৰ মাপেৰে দুভাগ কৰিব পৰাকেই সফলতা হিচাপে বুজে
যিসকলে নোখোজে সংখ্যাত তেওঁলোক তাকৰ

তেওঁলোকে মানৱ ধূন গায়
প্ৰকৃতি পশু-পখীৰ পৰশত পৰৱশ হয়

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close