Written by 3:25 am Poems

শেষ নোহোৱা বাটটোৰে

উদয় কুমাৰ বৰুৱা

শেষ নোহোৱা বাটটোৰে অকলশৰে

গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ

থিয় পাহাৰ এটা হয়

যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ

এই যেন উদ্‌যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য

মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী

ভাবি থাকোঁতেই দুপৰৰ বেলিটো হেৰায় ।

পোহৰৰ ক্ষীণকায় ৰেখা এডালত নঅঁকা ছবি এখন ওলমি থাকে

(আজিকালি সঘনাই এনেকুৱাই হয়)

পাহাৰটোৰ সিপাৰে কিজানি অগাইধনি এন্ধাৰ।

কিজানি কোনোবা ষোড়শীৰ

চুলিৰ অৰণ্যত এতিয়া চম্পাফুলৰ ৰাতি

জলমগ্ন আন্ধাৰৰ মাজেৰে হঠাৎ পাৰ হৈ যায় হেমন্তৰ চঞ্চল বতাহজাক

 এচমকা বিজুলীৰ দৰে অনামী

এক ৰহস্যই যেন লেহন কৰি যায় সৰ্বশৰীৰ

নাজানো কাৰ বুকুৰ উত্তাপ বিচাৰি এন্ধাৰত উচুপি উঠে সপোন এটাই

অন্তৰাত্মাই কয় : খুলি দিয়াঁ কলিজাৰ দুৱাৰ

জীয়ন দিয়া তেজত

অকাল বসন্ত ফুলক হিয়াই হিয়াই

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close