হিল্লোলজ্যোতি সিংহ
“মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং
সেউজীয়া ধাননিত
বিলীন হৈ যোৱা বেলিটোৰ দৰে
ময়ো এদিন গুচি যামগৈ
সূৰ্যৰ দৰে সত্য ই এক অৱশ্যাম্ভাৱী প্ৰক্ৰিয়া
জীৱনটো বিলাই বিলাই কঙাল ৰিক্ত দুহাত
ক্ৰমে শুকাই গৈছে বুকুৰ অভ্যন্তৰ
শেষ হৈ আহিছে তেজ
শেঁতা হৈ পৰিছে জিভা
নিঃসন্দেহে ডাৰউইনৰ পাঠশালাৰ এক অযোগ্য ছাত্ৰ মই
মাৰাথন দৌৰ প্ৰতিযোগিতাৰ এজন ছিটিকি পৰা প্ৰতিযোগী
অনুভূতিৰ আলাসত পমি যোৱা মাটি এচপৰা
আৱেগৰ আৱেশত গলি যোৱা মমবাতিৰ চেঁচা লাভা
হয়তো ময়ো গুচি যাম হঠাৎ
এৰি থৈ আধৰুৱা কামবোৰ (দৰাচলতে কামৰ কোনো শেষ নাই)
অবিন্যস্ত আঁচনিৰ অংশ বিশেষ
যিবোৰ কেতিয়াও সফল নহ’ল আৰু নহ’ব
পঁইতাচোৰাৰ দৰে অভিযোজন ক্ষমতা মোৰ নাই
দায়ৱদ্ধতাৰ পাঠ পঢ়ুৱাই সকলো দায়িত্ব সাৰিলোঁ
সূজিব নোৱাৰিম কাৰোৰে ধাৰ বেংকৰ ঋণ
ৰুই যোৱা গছবোৰে হয়তো যোগান ধৰি থাকিব উশাহ
কোনেও অৱশ্য-প্ৰয়োজনীয় নহয় কেতিয়াও
প্ৰকৃতিৰ শূন্যতা বুলিতো কোনো স্থিতি নাই
স্বল্প সময়ৰ বাবে সৃষ্ট যি খালী ঠাই– নিয়মমাফিক
পূৰ্ণ হৈ পৰে সময়ত
আৰু সেই পূৰ্ণতাই শূন্যত ভাহি ফুৰিব
শূন্যৰ পৰা মহাশূন্যলৈ
মেগমাৰ পৰা অন্তৰীক্ষলৈ
দেহৰ প্ৰতিটো অংগৰ পৰা
শ্বেত-লোহিত ৰক্ত কণিকালৈ
অণুৰ পৰা পৰামাণুলৈ…
চাগে ময়ো এদিন গুচি যাম অলকেশৰ দৰে
কুঁৱলীৰ আঁৰত লুকাই থকা শীতৰ বেলিৰ দৰে
ই এক প্ৰচ্ছন্ন ইংগিত
ভ্ৰাম্যভাষ : ৯৪৩৫১২০০৭৬, ৯১০১১৬৫২৩৪