Written by 4:12 am Articles

শুভ-অশুভ

 যশোৱন্ত নিপুণ

কেঁকনিৰ শব্দ পিছফালৰ কোঠাটোৰ পৰা ভাহি আহিছিল৷ নৰকান্তই প্ৰায়েই পুৱাই এনেদৰে কেঁকাই থাকে৷ গতিকে ঘৰৰ কোনেও বৰকৈ মন-কাণ নিদিয়ে৷ আজি কিন্তু মনোমতী সঁচাকৈয়ে বিৰক্ত হৈছে৷ এনেকৈ কেঁকাই থাকিলেই বিছনাৰ কাপোৰখন আপোনা-আপুনি ফিট হৈ যাব নেকি ? গিৰিয়েকটোৱে একো এটা নুবুজে কিয়? 

ছয়-সাত বছৰ এনেদৰেই চলিছে৷ ষ্ট্ৰ’ক হোৱাৰ প্ৰথম চাৰি বছৰমান তেওঁ মোটামুটি ভালেই আছিল; ঘৰখনৰ কাকো একো দিগদাৰ কৰা নাছিল৷ পাছলৈ তেওঁ অধিক দুৰ্বল হৈ আহিল৷ বিছনাতেই পৰি থাকিব লগা হ’ল বেছিভাগ সময়৷ ৰ’দ লগাবলৈ কিছুসময় চোতালতে বহিলেও অলপ পাছতেই তেওঁৰ গাঁটো ৰাঁই জাঁই কৰে৷ তেতিয়া কেতিয়াবা লাখুটিডালত ধৰি নিজেই আকৌ বিছনা পায়গৈ৷ কেতিয়াবা পুতেকে বা ঘৈণীয়েকে ধৰি ধৰি বিছনালৈ লৈ যায়৷ পুৱা আঁঠুৱাখন পুতেক মুকুলে বা ঘৈণীয়েকেই সামৰি থয়৷ সেই কামটোত অলপ পলম হ’লেও তেওঁৰ উচপিচ লাগে আৰু মিনিটে মিনিটে ঘৈণীয়েক আৰু পুতেকক মাতি থাকে৷ তাৰ পাছৰ বিছনাখনৰ কাপোৰখিনি টানি-টুনি ফিট কৰি থোৱা কামটো তেৱেঁই কৰে৷ সেইটো কৰোঁতে বহুসময় লাগে, কষ্টও হয় আৰু সেই কষ্ট আৰু বিৰক্তিতেই তেওঁ কেঁকাই থাকে৷ ঘৰৰ মানুহ কেইজনেই নহয়, ওচৰৰ চুবুৰীয়া কেইঘৰো সেই কেঁকনিৰ শব্দটোৰে অভ্যস্ত হৈ পৰিছে৷ সকলোৱে বিৰক্ত হয়, কিন্তু কোনেও একো কৰিবও নোৱাৰে৷ ঘৈণীয়েক আৰু পুতেকেও এনেকৈ কেঁকাই থাকিবলৈ হাক দি দি ভাগৰি পৰিছে৷ 

আধাঘন্টামান পাছত কেঁকনি বন্ধ হ’ল৷ এইবাৰ তেওঁক মুখ ধুবৰ কাৰনে ডাঙৰ জগ এটাত পানী দিব লাগিব৷ অলপ দেৰী হওতেই তেওঁ ঘোষণা কৰিলে, “মই মুখ ধুম৷” 

কিন্তু কোনেও মন নিদিলে৷ তেওঁ দুবাৰমান একেষাৰ কথাকেই ক’লে৷ পুতেক সোমাই আহিল কোঠাটোলৈ৷ নৰকান্তই বাল্টি এটাত প্ৰস্ৰাৱ কৰে৷ সেইবোৰ পেলাবলৈ পুতেকে বাল্টিটো লৈ বাৰীলৈ গ’ল৷ ডেটলেৰে ধুই লৈ আহি আকৌ বিছনাৰ কাষতে সেইটো থ’লে৷

“মই মুখ ধুম৷” নৰকান্তই পুতেকলৈ চাই আকৌ ক’লে৷

“হ’ব, হ’ব ৷ অলপ ধৈৰ্য ধৰাচোন৷ মাই পানী দি যাব৷” পুতেকে সামান্য বিৰক্তিৰে ক’লে৷

“আজি দেৰি হৈছে দেখোন৷”

“দুই মিনিট দেৰি হ’ল, তাতে কি হ’ল ? আজি মানুহ আহিব নাজানা নেকি ?”

“কোন আহিব ? মই নাজানো৷” মানুহজনে চকু দুটা ডাঙৰ কৰি পুতেকৰ ফালে চালে৷

উত্তৰ নিদিয়াকৈ পুতেক কোঠাটোৰ পৰা ওলাই গ’ল৷ তাৰ বহুত কাম আছে৷

মানুহজনেও উত্তৰ এটা পাব বুলি আশা কৰা নাছিল৷ 

আজিকালি প্ৰায় বিছনাতেই পৰি থকা মানুহজনৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ সকলোৰে সময় কম৷ তেওঁ দুই তিনিবাৰ সুধিব লাগে প্ৰত্যেকটো কথা৷ তাৰ পাছতহে উত্তৰ দিওঁতাৰ গা লৰে; কেতিয়াবা গা নলৰেই৷ 

ঘৈণীয়েক মনোমতীয়ে জগ এটাত পানী আৰু চৰিয়া এটা দি গ’ল৷ আজি কোন আহিব তেওঁ সেইটো ঘৈণীয়েকক সুধিছিল যদিও উত্তৰ নেপালে৷ ব্ৰাছত টুথপেষ্ট লগাই তেওঁ দাঁত মাজিবলৈ ধৰিলে৷ 

চৰিয়াতে মুখখন ধুলে তেওঁ৷ তাৰ পাছত চাহৰ কাৰণে অপেক্ষা কৰি পৰম আগ্ৰহেৰে দুৱাৰখনলৈ চাই ৰ’ল৷ 

ঘৈণীয়েকে ষ্টীলৰ গিলাছ এটা চাহ লৈ আহিল৷ চাহত চিৰা দিছে৷ তেনেকৈয়ে ৰাতিপুৱাৰ চাহ খায়৷

 “দেৰি হ’ল দেখোন আজি?” তেওঁ সুধিলে৷

“আমাৰো কাম আছে নহয়৷ কিমাননো দেৰি কৰিলোঁ বাৰু, এনেকৈ যে অধৈৰ্য হ’ব লাগে বেমাৰীটোৱে? আজি মানুহ এজন আহিব বুলি নাজানে নেকি?” মনোমতীয়ে উষ্মাৰে উত্তৰ দিলে৷ তেওঁ অইনৰ আগত আৰু খং উঠিলে মানুহজনক “বেমাৰীটো” বুলিয়েই কয় আজিকালি৷

নৰকান্তই সঁচাকৈয়ে নাজানে কোন আহিব৷ আজি-কালি তেওঁ একোৱেই গম নাপায় ঘৰখনত কি ঘটি আছে, কোনে কি কৰি আছে, কোনে কি কৰিব খুজিছে৷ সকলো কামতে আনৰ ওপৰত নিৰ্ভৰশীল অথৰ্ব মানুহজনক কোনেও কথাবোৰ জনাবলৈ একো প্ৰয়োজন অনুভৱো নকৰে৷ কাৰণ, মানুহজনে জানিলেইনো কিডাল কৰিব?  অনৰ্থক কিছুমান প্ৰশ্ন আৰু পৰামৰ্শেৰে সকলোকে অতিষ্ঠ কৰিহে তুলিব।

“কোন আহিবনো ?” তেওঁ আকৌ সুধিলে৷

ঘৈণীয়েকে এইবাৰ উত্তৰ দিলে৷ ওচৰৰে এজন, নগৰখনলৈ অহা নতুন ধৰণৰ ধৰ্মীয় অনুষ্ঠান এটাৰ গভীৰ অনুগামী সাত্বিক ব্যক্তি এজন আহিব৷ সেই অনুষ্ঠানৰে নতুনকৈ অনুগামী হৈছে মনোমতী, মুকুল আৰু মুকুলৰ ঘৈণীয়েক ৰীণা৷ ইহকাল-পৰকালৰ শুদ্ধ পথ সেই অনুষ্ঠানটোৰ মাজেৰেহে পোৱাটো সম্ভৱ বুলি মনোমতী আৰু ৰীণাৰ গভীৰ বিশ্বাস জন্মিছেই ইতিমধ্যে৷ অৱশ্যে দোকানৰ আৰু ঘৰৰ এশ এবুৰি কামত ব্যস্ত থকা  মুকুলে তাৰ বিশ্বাসটো সবল কৰিবলৈ সময় পোৱা নাই এতিয়াও৷  

নৰকান্তই চামোচ এখনেৰে লাহে লাহে চাহখিনি খালে৷ মুখৰ বাওঁফালটোত ভালকৈ তত নাই৷ খাই থাকোঁতে সেইফালেৰে কেতিয়াবা খোৱা বস্তুবোৰ ওলাই আহে৷ ঘৰৰ আৰু বেলেগৰ মানুহেও সেইবোৰ দেখিলে ঘিণ কৰে বুলি তেওঁ জানে৷ সেইকাৰণে গামোচা এখনেৰে সেইফালটো ঘণে ঘণে মচি থাকে৷ সেইখন গামোচাৰেই মহ-মাখি খেদা, কপালৰ ঘাম মচা, ভাত খাই হাত-মুখ মচা আদি কামবোৰো কৰে৷ আগতে ঘৈণীয়েক বা পুতেকে সেইখন দিনে সলাই ধুই দিছিল৷ আজি-কালি তিনি-চাৰি দিনলৈ গামোচাখন সলোৱা নহয়৷ তেওঁ অৱশ্যে আগৰ দৰেই প্ৰতিদিনেই সেইখন সলাই দিবলৈ ক’ব নাপাহৰে৷ সেইটোৱেও সকলোকে বিৰক্ত কৰে৷ 

বেছি চাফ-চিকুণ, পৰিপাটী, নিজেই নিজৰ সকলোবোৰ কাম কৰা মানুহবোৰৰো শেহটো বৰ দুখৰ হ’ব পাৰে৷ যেতিয়া নিজে নোৱৰা হয়, তেতিয়া কোনে তেওলোকক ইমান পৰিপাটী, চাফ-চিকুণকৈ ৰাখিবলৈ সময় পাব? সকলোৱেইতো নিজৰ নিজৰ কামত ব্যস্ত৷  নৰকান্তৰ কোঠাটো তেওঁ ভালে থকা দিনবোৰত বৰ পৰিষ্কাৰ-পৰিচ্ছন্ন আছিল৷ বিছনাখন তেওঁ খুব পুৱাই উঠি ফিট-ফাটকৈ পাৰি থ’ব, পুৰণি বাতৰি কাকতবোৰ সুন্দৰকৈ জাপি থ’ব এখন এখনকৈ, শুধ বগা ধুতী-চোলা-গেঞ্জীবোৰ ধুই চিকচিকীয়া কৰি ৰাখিব৷ ওচৰ চুবৰীয়া আৰু লগৰো বহুতে তেওঁক মাজে মাজে সুধিছিল – ইমান কামৰ মাজতো ইমান চাফা হৈ থাকিবলৈ সময় কেনেকৈ উলিয়াই তেওঁ৷ তেওঁ একো নকৈ হাঁহিছিল ; তৃপ্তিৰ হাঁহি৷

এতিয়া আৰু সেই দিন নাই৷ কথাবোৰ বিপৰীত হ’ল৷ তেওঁৰ বিছনাখনৰ ঘামেৰে তিতা কাপোৰবোৰ বহু দিনলৈ ধোৱা নহয়৷ গাৰুৰ গিলিপবোৰো লেতেৰা হৈয়ে থাকে৷ পিন্ধি থকা চোলা কাপোৰবোৰৰো একে অৱস্থা৷ কোঠাটো ডেটল, ঔষধ, ঘাম, প্ৰস্ৰাৱ আদিৰ গোন্ধেৰে সেমেকা হৈ থাকে৷ সেই গোন্ধটোৰ লগত তেওঁ ক’ব নোৱৰাকৈয়ে সন্ধি কৰি পেলাব লগা হৈছে কেতিয়াবাই৷

তেনেতে তেওঁৰ কোঠাটোৰে মোনা দুখন লৈ ডেকা ল’ৰা এজন সোমাই আহিল৷ 

“ভালে আছা মামা ?”  ল’ৰাজনে হাঁহি এটা মাৰি সুধিলে৷ 

নৰকান্তই চকু দুটা ডাঙৰ কৰি ডেকাজনলৈ চালে৷ “কোননো ? মই ধৰিব পৰা নাই দেখোন৷”

“মই বিজয়, মামা ! বিজয়৷ ধৰিব পৰা নাই ?” ল’ৰাটোৱে হাঁহি হাঁহিয়েই আকৌ ক’লে৷ 

“বিজয় ?” তেওঁ অলপ সময় ৰৈ কিবা মনত পেলাবলৈ চেষ্টা কৰিলে৷ “অ’ বিজয় … ! বিজয় !” মানুহজনৰ কান্দোন ওলাই আহিল৷ বিজয় তেওঁৰ ভাগিনিয়েক, ওচৰৰে গাঁওত বিয়া দিয়া ভনীয়েকৰ ল’ৰা৷ তাকো তেওঁ আজি চিনিব পৰা নাই কাৰণেই তেওঁৰ বৰ দুখ লাগিছিল৷ আজি-কালি বহুতকে তেওঁ এনেদৰেই চিনিব নোৱাৰে ফটকৈ৷ তেওঁৰ এই পাহৰাটোও কিছু বেছি হৈছে৷  

“ভাল নে তোৰ ?” গামোচাখনেৰে চকুপানী মচি মচি তেওঁ সুধিলে৷

“আছোঁ দিয়া আৰু৷”

“মোনাত কি আনিছ ? কিয় আনিছ ?”

মুকুলে ঘৰৰ আজিৰ সৰু অনুষ্ঠানটোৰ কাৰণে লগা খোৱাবস্তু আৰু অলপ কিবাকিবি আনিবলৈ কৈছিল বিজয়ক৷ বিজয়ে ভাঙি ক’লে কথাটো৷ তাৰ মিঠাই আৰু ফলমূলৰ দোকান আছে৷ ঘৰত এনেকৈ দৰকাৰ পৰিলে মুকুলে তাক ফোন কৰি বস্তুবোৰ অনাই লয়৷ পইচা অলপ কমতে হয় আৰু বস্তুও ভাল পায়৷ 

নৰকান্তই তাক ভনীয়েকৰ খবৰো সুধিছিল৷ উত্তৰ দিবলৈ পোৱাৰ আগতেই পুতেকে তাক বহা কোঠাটোৰ পিনে মাতি লৈ গ’ল৷ নৰকান্তৰ চকু দুটাই উত্তৰ এটাৰ আশাত তাৰ মুখলৈ আৰু পাছত পিঠিখনলৈ চাই ৰৈছিল৷

বিজয়ে মুকুলৰ লগত এনেয়ে অলপ কথা পাতি, চাহ একাপ খাই মোমায়েকৰ কোঠাটোৰেই ওলাই গ’ল৷

“মাৰ ভালে আছেনে ?” নৰকান্তই আকৌ সুধিছিল৷

“আছে আৰু মামা৷ কঁকালৰ বিষটো উঠি কষ্ট দি থাকে৷”

“ডাক্তৰক দেখুৱাইছ নে নাই ?”

“দেখুৱাইছোঁ৷ তুমিতো জানাই এইবোৰ সহজতে ভাল হোৱা বেমাৰ নহয়৷”

“কোন ডাক্তৰক দেখুৱালি ? আজিকালিৰ ডাক্তৰে এলোপেথিক ঔষধসোপাৰে কি ভাল কৰিব আমি জানো৷ কঁকালৰ বিষ হ’লে এটা কাম কৰিব লাগে৷ তই এটা কাম …৷”

“হ’ব দিয়াঁ৷ তুমি ডাক্তৰতকৈ জ্ঞানী ওলাব নালাগে৷”, মুকুলে দেউতাকক মাজতে ধৰি ক’লে,  “ইয়াৰ খৰ-ধৰ৷ তোমাৰ কথা শুনি থাকিলেই নহ’ব নহয়৷”

“এহ নাই, নাই৷ একো কথা নাই৷ মই আহোঁ দিয়াঁ মামা৷” বিজয়ে মনে মনে ৰক্ষা পৰা যেন পাই সাউৎকৰে বাহিৰ ওলাইছিল৷ নহ’লে মোমায়েকৰ কমেও পোন্ধৰ মিনিটৰ লেকচাৰ এটা সি শুনি থাকিব লগা হ’ব পাৰে৷ দুৱাৰখন জপাই থৈ যাবলৈ সি পাহৰিলে আৰু মুকুলেও মন নকৰিলে কথাটো৷

খোলা দুৱাৰেৰে অলপ অলপকৈ বতাহ সোমাই আহিবলৈ ধৰিলে৷ নৰকান্তৰ শৰীৰৰ অসাৰ অংগবোৰত বতাহ লাগিলেই তেওঁ খুব ঠাণ্ডা অনুভৱ কৰে৷ কোনোবাই বৰফৰ ডাঙৰ ডাঙৰ টুকুৰা কেইটামান গাঁত হেচি ধৰা যেন পায় তেওঁ৷ অতি কষ্টেৰে দুৱাৰখনৰ এটা ফাল লাঠীডালেৰে ঠেলি ঠেলি বন্ধ কৰিলে৷ আনটো ফাল ঢুকি নাপায় লাঠীডালেৰে৷  দহ মিনিটমান তেওঁ কিবাকৈ ঠাণ্ডাটো সহ্য কৰিলে৷ তাৰ পাছত তেওঁ আৰু ৰ’ব নোৱৰা হ’ল৷ থকথককৈ কঁপি চিঞৰিবলৈ ধৰিলে, “দৰ্জাখন বন্ধ কৰ৷ কোনোবাই দৰ্জাখন বন্ধ কৰ৷ মই মৰিলোঁ দে৷ অ’ শুনিছ ?…৷”

সকলোৱে তেওঁৰ চিঞৰ শুনিলে৷ গাত বতাহ লাগিলে এনেকৈ তেওঁ চিঞৰাটো এটা সাধাৰণ কথা৷ 

“এই বেমাৰীটোৱে আজিৰ দিনটোও ভালে ভালে পাৰ হ’বলৈ নিদিব যেন পাইছোঁ৷ অলপো সহ্য শক্তি নাই মানুহটোৰ৷” পৰম বিৰক্তিৰে মনোমতীয়ে ভোৰভোৰালে৷ তেওঁ আৰু বোৱাৰীয়েকে পাকঘৰত নাৰিকলৰ লাড়ু আৰু পায়স বনাই আছিল৷ বৰুণ দত্তই ঘৰতে তৈয়াৰ কৰা সাত্বিক আহাৰহে গ্ৰহণ কৰে৷ তেওঁৰ কাৰণেই এই সকলো আয়োজন৷ 

শাহুৱেক-বোৱাৰীয়েকে দুৱাৰখন বন্ধ কৰিবলৈ নগ’ল৷ তেওঁলোকৰ আশা মুকুলে গৈ দুৱাৰখন বন্ধ কৰিব৷ কিন্তু মানুহজনৰ চিঞৰাটো বন্ধ নহ’ল৷ মনোমতীৰ মুখত এটা খং আৰু বিৰক্তিৰ ভাব বিয়পি পৰিল৷ ৰীণাৰো বৰ খং উঠিছিল৷ কিন্তু তাই সেইটো বৰ কষ্টেৰে লুকুৱাই ৰাখিলে৷ শাহুৱেকৰ সম্মুখতেই বোৱাৰীয়েকে শহুৰেকৰ ওপৰত ৰুষ্ট হোৱাটো ভাল নেদেখি৷

নৰকান্তৰ প্ৰাইমেৰী স্কুলত পঢ়া নাতিয়েক মুনু দৌৰি কোঠাটোলৈ সোমাই আহিল৷

“কি হৈছে ককা ?” সি ইতিমধ্যে দুৱাৰখন বন্ধ কৰিছিলেই৷

“বৰ জাৰ লাগিছে অ’ মুনু মোৰ৷ অহ্ অহ্ অহ্ …৷” নৰকান্তৰ কঁপনি বন্ধ হোৱা নাছিল৷

মুনুৱে কম্বলখন ককাকৰ শৰীৰৰ বাওঁফালে ভালকৈ জাপি দিলে৷ ককাকৰ বাওঁফালটো প্ৰায় অসাৰ৷ চকী এখনত উঠি এইবাৰ সি দুৱাৰৰ হুকটোও মাৰি দিলে৷ “বতাহত আকৌ খুলি যাব পাৰে ককা৷ সেই কাৰণে মাৰি থ’লোঁ৷”

“কোনোবা আহিলে এইফালেৰে ‌দুৱাৰ কোনে খুলি দিব অ’ মুনু ? অহ্ অহ্ অহ্ …৷”

“মাক মাতিবা, নহ’লে আইতাক মাতিবা৷ মই থাকিলে মোক মাতিবা৷”

“মাতিলে যেন আহিবহে৷ অহ্ অহ্ …৷”

“তুমি ভাল পাবা দিয়াঁ ককা৷ মই আছোঁ নহয় ইয়াতে৷”

মুনুৱে দুপাকমান কোঠাটোত ইফালৰ পৰা সিফাললৈ দৌৰিলে৷ তাৰ পাছত “ধিছ, ধাছ, ধিছিম …৷ থিছিউ থিছিউ …৷” সি শূন্যতে কাৰোবাক লাথি, চৰ, ঘোচা মাৰিবলৈ ধৰিলে আৰু মাজে মাজে এটা অদৃশ্য পিষ্টলেৰে কাৰোবাৰ ওপৰত গুলীচালনা কৰিলে৷ আৰু লগতে কোনোবা বীৰ পুৰুষৰ বচন, আধা হিন্দী আৰু আধা অসমীয়াত, “মই তোৰ মুখ ভাঙি দিম, চিনি পোৱা নাই মই কোন ? … এইখন হাতৰ এটা ঘোচাতেই তই যাবি যমপুৰী৷”

ককাকে তাৰ একক অভিনয় অলপ সময় উপভোগ কৰিলে৷

“স্কুললৈ নোযোৱাঁ মুনু আজি ?” ককাকে সুধিলে৷

“নাযাওঁ৷” মুনুৱে চুটিকৈ উত্তৰ দিলে৷

“কিয় নোযোৱাঁ ?”

“আজি আমাৰ ঘৰত কিবা আছে৷ পায়স বনাইছে আইতাই৷ মায়ে নাৰিকলৰ লাড়ু কৰিছে৷ মোক লাড়ু এটা নিদিলে৷” শূন্যতে কাৰোবাক ঘুচিয়াই ঘুচিয়াই মুনুৱে ক’লে৷

মুনুৱে হঠাতে বাহিৰলৈ গৈ প্লাষ্টিকৰ গদা এটা লৈ ঘূৰি আহিল৷ খুব জোৰেৰে সি সেইটো দুবাৰমান শূন্যতে ঘূৰালে৷ এইবাৰ সি বালী আৰু সুগ্ৰীৱৰ যুদ্ধ আৰম্ভ কৰিলে৷

“হাড়-মূৰ তোৰ যদি নোৱাৰোঁ পেলাব ভাঙি, মোৰ নাম  কেতিয়াও নহয় বালী৷ ধেই-তা-ধেই .. আস্৷” গদাৰ কোব খোৱা সুগ্ৰীৱটো হৈ সি নিজে মজিয়াতে বাগৰি পৰিল৷

“তাতে বাগৰিছা কিয় ? উঠাঁ৷ আজি কোন আহিব জানা তুমি ?” ককাকে ক’লে৷

মুনুৱে উঠি বালী হৈ গদা ঘূৰাই ঘূৰাই এইবাৰ সুগ্ৰীৱক পিছে পিছে দুৱাৰখনৰ ওচৰলৈকে খেদি গৈছিল৷ ককাকক উত্তৰ দিবলৈ যুদ্ধ স্থগিত কৰি সি ৰ’ল৷ “এজন ডাঙৰ মানুহ আহিব৷ বগা ধুতী আৰু চোলা পিন্ধে৷”

“তুমি দেখিছা নেকি তেওঁক ?”

“দেখিছোঁতো৷ বৰ ডাঙৰ মানুহ৷ ভাষণ দিব জানে৷”

“হয় নেকি, ক’ত দেখিলা তুমি ?”

“সেইদিনা যে মা আৰু আইতাৰ লগত মিটিঙলৈ গৈছিলোঁ, তাতে দেখিছিলোঁ৷ কি যে ওখ মানুহ৷ কি যে ভাষণ দিছিল ককা, বৰ ভাল !”

“কি কৈছিল ভাষণত ?”

“মানুহ মৰিলে বোলে স্বৰ্গলৈ যাব৷”

মিটিং এখনত বৰুণ দত্তই ধৰ্ম, আধ্যাত্মিকতাৰ ওপৰত এটা ভাষণ দিছিল৷ মুনু মাক আৰু আইতাকৰ মাজতে বহিছিল৷ ভাষণ চলি থকাৰ সময়তে তাৰ টোপনি আহিছিল৷

“তুমি শুনি আছিলানে গোটেইখিনি ?”

“শুনি আছিলোঁতো৷ বৰ ভাল ভাষণ আছিল৷”

“কিন্তু সকলো মানুহেতো মৰিলে স্বৰ্গলৈ নাযায়৷ ভাল মানুহবোৰহে যায়৷ বেয়া মানুহবোৰ নৰকলৈ যায়৷”

“তুমি ক’লৈ যাবা ককা ? স্বৰ্গলৈ ?”

“নাজানো৷ নৰকলৈহে যাম নেকি ?”

“এস্, তুমি বৰ ভাল৷ যাবা দিয়াঁ স্বৰ্গলৈ৷ ময়ো যাম৷ তথাপি মই স্কুললৈ নাযাওঁ কিন্তু৷”

নাতিয়েকৰ কথাবোৰে নৰকান্তৰ মুখখন হাঁহি এটাৰে উজলাই তুলিলে৷ নাতিয়েকটো কাষত থাকিলে, ঘৰত থাকিলে তেওঁ বৰ ভাল পায়৷ নিজে ভালে থকাহ’লে তাক পুৱা বা গধূলি সদায় লগত ফুৰাবলৈ নিলেহেঁতেন৷ পিছে ঈশ্বৰে সেইখিনি সুখ তেওঁৰ কপালত নিলিখিলে৷

মুনু আকৌ বালী-সুগ্ৰীৱৰ যুদ্ধত মত্ত হ’ল৷ 

“মুনু, মুনু৷” মাকে তাক চিঞৰি মাতিলে৷ সি যুদ্ধ চলায়ে থাকিল, উত্তৰ নিদিলে৷

এক মিনিটমান পাছত মাকে তাক আকৌ মাতিলে৷

এইবাৰো সি উত্তৰ নিদিলে৷

“মাৰাই মাতি আছে৷ যোৱাঁচোন কিয় মাতিছে ?” ককাকে ক’লে৷

“এস্৷ মাতক দিয়াঁ৷ মাতিয়েই থাকে৷” সি ভোৰভোৰাই উত্তৰ দিলে৷

ইতিমধ্যে মাকে তাক বিচাৰি কোঠাটোৰ দুৱাৰমুখ পালেহি৷

“হে হৰি ! কি কৰি আছা তুমি ইয়াসুধিলে৷

“নাযাওঁ মই স্কুললৈ আজি৷” সি ভোৰভোৰালে আকৌ৷

“কিয় নাযাবা ? কি কৰি থাকিবা ঘৰত ? আহাঁ, দেৰি হৈছেই৷ আৰু দেৰি কৰি মোৰ খং নুতুলিবা৷”

“মই নাযাওঁ স্কুললৈ৷ আজি দেখোন কোনোবা মানুহ আহিব আমাৰ ঘৰলৈ৷”

“তাতে কি হ’ল ? তুমি কি কৰিবা ? তোমাৰ কাম নাই নহয়৷” মাকে ভিতৰলৈ আহি হাতত ধৰি প্ৰায় টানি টানি তাক উলিয়াই লৈ গ’ল৷

“সদায়, সদায় কিয় স্কুললৈ গৈ থাকিব লাগেনো ? কিয় ?” সি আপত্তি কৰিছিল যদিও মাকে অকণো গুৰুত্ব নিদিলে৷

“জোৰকৈ হাতত ধৰি নাটানিবা৷ সি দুখ পাব ৷” নৰকান্তই কওঁ নকওঁকৈ কৈছিল৷ বোৱাৰীয়েকে অৱশ্যে  একো গুৰুত্ব নিদিলে তেওঁৰ কথাত৷ মুনুৱে শহুৰেকৰ কোঠালৈ আহি খেলাটো তাই ভাল নাপায়৷ ঘাম আৰু প্ৰস্ৰাৱৰ গোন্ধেৰে ভৰা সেমেকা কোঠাটোত সোমাই থাকিলে পুতেককো বেমাৰৰ বীজাণুবোৰে লম্ভিব বুলি তাইৰ খুব ভয়৷ তাতে সি মাজে মাজে ককাকৰ বিছনাতো বহে৷   

পুনৰ নৰকান্তৰ কোঠাটো নীৰৱ হৈ পৰিল৷ দিনটোত কথা এষাৰ পাতিবলৈও তালৈ আৰু কোনো নাহিব৷ শূন্য দৃষ্টিৰে সম্মুখৰ বেৰখনলৈ তেওঁ চালে৷ তাত ওলমি আছে বন্ধাই থোৱা তেওঁৰ মাকৰ পুৰণি ফ’টো এখন৷ ফ’টোখনৰ পৰা মাকজনী ওলাই আহিব পৰাহ’লে তেওঁক গায়ে-মূৰে হাত ফুৰাই দিলেহেঁতেন কিজানি৷ সৰুতে এবাৰ তেওঁৰ খুব জৰ হৈছিল আৰু তিনি দিনমানলৈ ভাল হোৱা নাছিল৷ সেই কেইদিন মাকে অনবৰতে তেওঁৰ লগতেই লাগি আছিল; নিশা মাকে তেওঁৰ বিছনাতেই বহি তেওঁক ৰখি আছিল৷  খিৰিকিখন খুলি দিব পাৰিলেও তেওঁ ভাল পালেহেঁতেন৷ কিন্তু তাতো বিপদ আছে৷ বতাহ সোমাই আহি তেওঁৰ অৱস্থাটো আৰু অধিক কাহিল কৰি তুলিব পাৰে৷ ওচৰৰ মেজখনত ঔষধ-পাতিবোৰ৷ দুটামান বটল আৰু টেবলেট এসোপা৷ আগতে সেইবোৰলৈ চালে তেওঁ উৎসাহ এটা অনুভৱ কৰিছিল৷ সেইবোৰে যেন তেওঁক নিচুকনি গীত শুনাই শুনাই যুঁজখন চলাই যাবলৈ কৈ থাকিছিল৷ তেওঁ এদিন আকৌ আগৰ দৰেই খোজ কাঢ়ি ফুৰিব পৰা কৰ্মঠ মানুহজন হৈ পৰিব বুলি সেইবোৰে তেওঁক আশান্বিত কৰি ৰাখিছিল৷ কিন্তু এতিয়া ভাল হোৱাৰ আশাটো লাহে লাহে মৰি আহিছে৷ ঔষধবোৰৰ বটল আৰু পেকেটবোৰে তেওঁৰ মনটোক আৰু অকণো সবল কৰি নোতোলেহি আজিকালি৷ তেওঁ কিন্তু ঔষধবোৰ নিয়ম মতেই খাবলৈ কাহানিও নাপাহৰে৷ 

তেওঁৰ এই নিয়মীয়া স্বভাৱটোৱে মাথোন ঘৰৰ আনবোৰক প্ৰায়েই বিৰক্ত কৰি তোলে; আধা পংগু মানুহজনক ঔষধ-পাতি, চাহ-ভাত সময়মতে দিবলৈ সকলোৰে সময়ৰ বৰ অভাৱ কাৰণেই৷

পুতেকৰ গাড়ীৰ শব্দৰ পৰা নৰকান্তই গম পালে যে সি দোকানলৈ গ’ল।

অলপ পাছত মুনু স্কুলৰ ইউনিফৰ্ম পিন্ধি সোমাই আহিল কোঠাটোলৈ। “ককা, মই স্কুললৈ যাওঁ । ভালকৈ থাকিবা দেই।”

নৰকান্তই হাঁহিলে। মুনুৱে স্কুললৈ বা বেলেগ ক’ৰবালৈ গ’লেও ককাকক মাত লগাই থৈ যায়। অকল মুনুৱে। ঘৰখনৰ বাকীবোৰ মানুহৰ কোনেও এতিয়া আৰু সেইটোৰ প্ৰয়োজন অনুভৱ নকৰে।

অৱশেষত এটা সময়ত সেই দিনটোৰ গুৰুত্বপূৰ্ণ অতিথি বৰুণ দত্তৰ আগমন ঘটিল৷ ঘৰখন মোটামুটিকৈ এটা আন্দোলনেৰে কঁপি উঠিল৷ সেই আন্দোলন নৰকান্তৰ সেমেকা কোঠাটোতো অনুভূত হ’ল৷ তেৱোঁ উৎকৰ্ণ হৈ শুনিবলৈ চেষ্টা কৰিলে বৰুণ দত্তৰ মুখৰ পৰা নিসৃত তাত্ত্বিক সত্যবোৰ৷ তেওঁ আগতে ধৰ্ম সম্পৰ্কীয় কথা-বতৰাৰ আলোচনা, যুক্তি-তৰ্ক আদিত ভাগ লৈ বৰ ভাল পাইছিল৷ ওচৰ-চুবুৰীয়াৰ ঘৰত হোৱা নাম-প্ৰসংগ, শাস্ত্ৰপাঠ আদি তেওঁ পৰা পক্ষত বাদেই নিদিছিল৷ পিছে অসুখটোৱেহে সেই সকলোবোৰৰ মুদা মাৰিলে৷

ফুলাম গামোচা এখন পাৰি থোৱা চোফা এখনত বৰুণ দত্ত বহিছিল৷ ধুপ-ধূনাৰ গোন্ধটো আৰু জ্বলি থকা চাকি এগছিয়ে ড্ৰয়িংৰুমৰ পৰিৱেশটো গহীন আৰু আধ্যাত্মিক কৰি তুলিছিল৷

“পৰলোকৰ তত্ত্বটো বৰ আচৰিত৷ ইহলোকৰ মানুহে সেইটো বুজা বৰ টান৷” বৰুণ দত্তই স্মিত হাঁহি এটাৰে কৈছিল৷

“হয়৷ আপুনি বুজাই দিব আৰু৷ আমি মূৰ্খ মানুহ৷” মনোমতীয়ে ভক্তিভৰা সুৰেৰে কৈছিল৷

বৰুণ দত্তই মৃদুকৈ হাঁহি কৈছিল, “আপোনালোকে মনত ৰাখিব লাগিব এটা কথা৷ বৰ গুৰুত্বপূৰ্ণ এটা কথা৷” তেওঁ মনোমতী আৰু ৰীণাৰ মুখলৈ চাই অলপ সময় ৰৈছিল৷ তাহাঁত দুজনীয়ে একো বুজিব পৰা নাছিল৷

“কওকচোন কি কথা৷ আমাৰ জীৱনটো এনেয়েই গ’ল দিয়ক৷ আমি অজ্ঞানী৷” মনোমতীয়ে হাতযোৰ কৰিছিল৷

“হয়, বৰ অজ্ঞানী আমি৷” বোৱাৰীয়েকেও যোগ দিছিল৷

“এটা কথা হ’ল বুজি পোৱাটো। এটা কথা হ’ল উপলব্ধি কৰাটো। দুয়োটাই বেলেগ বেলেগ।” দত্তই এটা গভীৰ ৰহস্যময় সত্য ব্যক্ত কৰাৰ সুৰ এটাৰে ক’লে।

শ্ৰোতা দুয়োগৰাকীয়ে একো বুজা নাছিল যদিও এনেয়ে লাহে লাহে মূৰ দুপিয়াইছিল।

“মই আপোনালোকক পৰম সত্যবোৰ বুজিবলৈ সহায়হে কৰিব পাৰোঁ । কিন্তু …৷” দত্তই দুয়োগৰাকী ভক্তিৰসত বুৰ যোৱা শ্ৰোতাৰ মুখলৈ নাটকীয় প্ৰশ্নবোধক চাৱনি এটাৰে চাই ৰৈছিল।

“কিন্তু কি ?” অসহায়ভাৱে মনোমতীয়ে সৰু সৰুকৈ সুধিছিল।

“কিন্তু … !” দত্তই আৰম্ভ কৰিয়েই আকৌ পাঁচ চেকেণ্ডমান নীৰৱ হ’ল। “কিন্তু উপলব্ধি আপোনাৰ। আপুনিয়ে কৰিব লাগিব উপলব্ধি। তাৰ কাৰণে আপোনাৰ মন হ’ব লাগিব পৰম বিশুদ্ধ। বিশ্বাস হ’ব লাগিব গভীৰ।”

লাহে লাহে নিজৰ জ্ঞানশূন্যতাৰ বিষয়ে সম্পূৰ্ণ নিঃসন্দেহ হৈ অহা শাহুৱেক-বোৱাৰীয়েকে ভক্তিভাৱেৰে বৰুণ দত্তৰ বাণীসমূহ শ্ৰৱণ কৰিবলৈ ধৰিলে৷

টং টংকৈ পুৰণি দেৱাল ঘড়ীটোৱে কোব মাৰিলে৷  

“অ’ মোক পানী এক গিলাছ নিদিয়াঁ নেকি আজি কোনেও? টেবলেট এটা খাব লাগে দেখোন।” প্ৰায়  একে সময়তে নৰকান্তৰ মুখৰ পৰা চিঞৰটো ওলাই আহিছিল৷

বৰুণ দত্তই আত্ম-উপলব্ধি কেনেকৈ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰি আছিল৷ নৰকান্তৰ চিঞৰটোৱে তাৰ ছন্দপতন ঘটালে৷ প্ৰশ্নবোধক দৃষ্টিৰে তেওঁ শ্ৰোতা দুগৰাকীলৈ চালে৷ দুয়োৰে, বিশেষকৈ মনোমতীৰ বৰ খং উঠিছিল৷

“আমাৰ দেউতাৰ অসুখ৷” ৰীণাই সৰুকৈ ক’লে৷

“হ’ব, হ’ব৷ তেখেতক চাই আহকচোন এবাৰ৷ মই অলপ ৰৈছোঁ৷”  দত্তৰ মাতৰ সামান্য বিৰক্তিখিনি মনোমতী আৰু বোৱাৰীয়েকে ঠিকেই ধৰিব পাৰিছিল৷

“মই মানুহজনক পানী এগিলাছ দি আহোঁ ৰ’ব৷” মনোমতী বহাৰ পৰা উঠিছিল৷ তেওঁ জানে গিৰীয়েকে পানী গিলাছ নোপোৱালৈকে তেনেকৈয়ে চিঞৰি থাকিব৷ মানুহজনৰ ধৰ্ম-কৰ্মত একেবাৰে ৰাপ নোহোৱা হৈছে কিছুদিনৰ পৰা৷ এনেদৰে ইন্দ্ৰৰ সভাত ফেঁচাৰ উৰুলি দিয়া কামটো এই বেমাৰীটোৱে কৰিয়েই থাকে৷

“আপুনি এটা দিনো চিঞৰ-বাখৰ নকৰাকৈ থাকিব নোৱাৰেনে ? ইমান ডাঙৰ মানুহ এজন আহিছে ঘৰখনলৈ৷ এতিয়া এই বেমাৰীটোৰ পানী গিলাছহে ডাঙৰ হ’ল৷ সমাজত আমাৰ নাক-কাণ কটাইহে এৰিব আপুনি৷” পানীৰ গিলাছটো বিছনাৰ ওচৰৰ মেজখনত থৈ দাঁত কামুৰি কামুৰি সৰু সৰুকৈ মনোমতীয়ে কৈছিল৷

মানুহজনে ঘৈণীয়েকৰ কিয় খং উঠিব লগা হ’ল বুজিব পৰা নাছিল৷ তেওঁ চকু দুটা বহলকৈ মেলি ঘৈণীয়েকৰ মুখৰ ফালে চাইছিল৷

“তেনেকৈ ফেলফেলকৈ চাই থাকিব নেলাগে, বেমাৰী মানুহ৷ আকৌ কিন্তু এনেদৰে নিচিঞৰিব, কৈ দিছোঁ মই৷” মনোমতীৰ খংটো বাঢ়ি গৈছিল৷

নৰকান্তৰ  দপকৈ জ্বলি উঠা চকু দুটালৈ অকণো গুৰুত্ব নিদিয়াকৈ মনোমতী কোঠাটোৰ পৰা ওলাই গ’ল৷ এসময়ৰ খুব খঙাল নৰকান্তৰ এতিয়াও মাজে মাজে খং উঠে৷ কিন্তু তেওঁ বৰ্তমান এজন ভূলুণ্ঠিত ৰজা যাৰ খং-ৰাগবোৰ এতিয়া দাঁত-ভগা সাপৰ ফোঁচফোঁচনি মাত্ৰ ; কোনেও একো খাতিৰ নকৰে।

ইফালে আকৌ আধ্যাত্মিক ব্যাখ্যা আৰম্ভ হ’ল ।

কিছু সময়ৰ পাছত, “আপোনাৰ স্থিতপ্ৰজ্ঞ আত্মাৰ একো লক্ষণেই নাই দিয়ক।” বৰুণ দত্তই অলপ খঙেৰেই মনোমতীৰ ফালে চাই ঘোষণা কৰিলে ।

মৃত্যুদণ্ডৰ আজ্ঞা শুনা মানুহৰ দৰে মনোমতী মৰহি গ’ল। হাতযোৰ কৰি তেওঁ অনুনয়ৰ ভংগীত দত্তৰ মুখলৈ চাই ৰ’ল। ধৰ্ম-কৰ্ম সম্পৰ্কে নিস্পৃহ হৈ অহা গিৰীয়েকে মুক্তি পাই সৰগলৈ যাব নে নৰকলৈ যাব, যদি গিৰীয়েক নৰকলৈ যায় তেনেহ’লে তেওঁৰ নিজৰ সৰগত থাকি কেনেকৈ ভাল লাগিব- সেই কথাটোকে তেওঁ সুধিছিল৷ তাতেই বোধহয় দত্তৰ খং উঠি গ’ল ।

“আপুনি কোন ?”  দত্তই গম্ভীৰভাৱে সুধিলে৷

“মই মনোমতী৷ … মনোমতী বালা ঠাকুৰীয়া৷” সেপ ঢুকি মনোমতীয়ে উত্তৰ দিলে৷

“সেইটোৱেইতো ভুল৷ আপুনি কেৱল এটি আত্মা৷ আপুনি নিজকে চিনি পাব লাগিব, নিজৰ আত্মাক চিনি পাব লাগিব আপুনি৷ আত্মা অলৌকিক, আত্মা অবিনশ্বৰ৷ মনোমতী ঠাকুৰীয়া আপোনাৰ ক্ষণস্থায়ী পৰিচয় মাত্ৰ৷ আপুনি প্ৰকৃততে এটি অলৌকিক আত্মা৷ কিন্তু লৌকিকতাৰ মোহে আপোনাক অলৌকিকতাৰ জ্যোতিৰ পৰা বঞ্চিত কৰি ৰাখিছে৷”

মনোমতী আৰু বোৱাৰীয়েক আধ্যাত্মিক তত্ত্বৰ কঠিনতা সম্পৰ্কে আৰু অধিক নিশ্চিত হৈছিল ইতিমধ্যে৷

দত্তৰ লৌকিকতা-অলৌকিকতাৰ ওপৰত সুগভীৰ বক্তৃতা আৰু কিছু সময় চলিল৷

এটা সময়ত শাহুৱেক-বোৱাৰীয়েকে বৰুণ দত্তক দৈ-চিৰা, ফল, মিঠাই আৰু পায়সাদি  পৰিবেশন কৰিলে৷

উপাদেয় ভোজনে ক্ৰমে ক্ৰমে মানুহজনক কোমলাই আনিছিল৷ খোৱাৰ পাছত তেওঁ কোমল, মোলায়েম সুৰত ঘোষণা কৰিলে,  “আপোনালোকে পাৰিব৷ মই একেবাৰে নিশ্চিত৷ প্ৰথমতে অলপ ভুল হ’বই৷ কিন্তু হীৰাখণ্ডতো এদিন চমকি উঠিবই৷”

কথাষাৰে দুয়োগৰাকী শ্ৰোতাকে কিছু সকাহ দিলে৷ নহ’লে নিজকে নৰকমুখী বুলি তেওঁলোকৰ এক প্ৰকাৰ বিশ্বাসেই হৈছিল। 

কিন্তু সেই শুভ মুহূৰ্ততেই আকৌ নৰকান্তৰ কেঁকনিৰ শব্দ ভাহি আহিল৷ তেওঁ হয়তো বিছনাত বহিবলৈ চেষ্টা কৰিছিল৷ 

“কি অসুখ হৈছে তেখেতৰ?” দত্তই সুধিলে৷

মনোমতীয়ে এটা বিস্তাৰিত বিৱৰণ দিলে৷

“বুজিলোঁ। আচলতে কি জানে?”  দত্তই আৰম্ভ কৰিছিল৷ “যেনেকৈ সকলোৰে অহাৰ এটা সময় থাকে, তেনেকৈ যোৱাৰো এটা সময় থাকে৷ অহাটো যেনেকৈ মংগলময় আৰু আনন্দৰ, তেনেকৈ যোৱাটোও মংগলময় আৰু আনন্দৰ হ’ব লাগে৷ তেখেত যোৱাটোৱেই ভাল হ’ব৷”

“কোন যাব? ক’লৈ যাব? অহ্ …!”  কথাখিনি বুজিবলৈ এটা মুহূৰ্তৰ প্ৰয়োজন হৈছিল মনোমতীৰ৷ আৰু সেই সত্যটোৱে তেওঁৰ বুকুৰ কোনোবা এঠাইত কাঁড় এডালৰ দৰে বিন্ধিলেগৈ৷ আজিৰ শয্যাশায়ী অথৰ্ব মানুহজনৰ লগত সুখে-দুখে আঢ়ৈ কুৰি বছৰ পাৰ কৰিলে তেওঁ৷ অলেখ মান-অভিমান, ঠেঁহ-পেচ, হাঁহি-কান্দোন, দন্দ্ব-খৰিয়ালৰ স্মৃতি বিজড়িত সূতা কিছুমানে দুয়োজনকে একেলগে এতিয়াও মেৰাই ৰাখিছে৷ সেই সূতাবোৰ ছিগি যোৱা কথাটো তেওঁ ভাবিবই নোৱাৰে৷ বেমাৰী হ’লেও মানুহজনে ঘৰখন এতিয়াও ভৰাই ৰাখিছে, যাৰ অবিহনে ঘৰখনত কেৱল শূন্যতাৰে ভৰি পৰিব আৰু সেই সৰ্বগ্ৰাসী শূন্যতাৰ মুখামুখি হোৱাৰ সাহস এতিয়াও হোৱা নাই মনোমতীৰ৷

কেই চেকেণ্ডমানৰ স্তব্ধতা ভাঙি ৰীণাই ক’লে, “আমি তেনেকৈ ভবা নাই৷ দেউতা নহ’লে ঘৰখন সুদা সুদা লাগিব নহয়৷ তেখেত আকৌ ভাল হ’ব৷ তেওঁ থাকিলেই আমাৰ ভাল লাগি থাকিব৷”

“কিন্তু তেখেতে জানো কষ্ট খাই থকা নাই? আপোনালোকৰ ভাল লাগিব কাৰণেই তেখেতে কষ্ট খাই থাকিব লাগিব জানো? আৰু কথাবোৰ আমি ভবা মতেইতো নহয়৷ ঈশ্বৰে যি বিচাৰে সেইটোহে হ’ব৷ ঈশ্বৰৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণেই আমাৰ লক্ষ্য৷ সেই কাৰণেই কৈছোঁ, ঈশ্বৰে তেখেতক দয়া কৰক, তেখেতক সোনকালে নিজৰ ওচৰলৈ লৈ যাওক৷”

দত্তই সেই সময়ত এই পৃথিৱীৰ জীৱনৰ অনিত্যতা আৰু অসাৰতা সম্পৰ্কেও কিছু পাণ্ডিত্যপূৰ্ণ ব্যাখ্যা আগবঢ়াইছিল৷

কথাবোৰ নৰকান্তৰ কাণতো পৰিছিল৷ আজি-কালি বহুতেই তেওঁ মৰিলেই ভাল হ’ব বুলি ঘৰৰ আনবোৰৰ আগত কোৱাটো তেওঁ শুনিবলৈ পাইছে৷ তেওঁৰ মনটো সেমেকি গৈছে৷ 

নিজৰ শোচনীয় শাৰীৰিক অৱস্থাটোৰ কথাটো তেওঁ জানে৷ যোৱাৰ দিনটো ওচৰ চাপি আহিছে বুলিও তেওঁ জানে৷ তথাপি এতিয়াও তেওঁ জীৱনটোক ভাল পায়৷ মৰিম বুলি তেওঁ ভয় কৰি থকা নাই; কিন্তু মৃত্যুৰ ওচৰত আত্মসমৰ্পণ কৰিব খোজা মানুহো তেওঁ নহয়৷ শেষলৈকে যুঁজখন চলাই যোৱাৰ মন তেওঁৰ৷ কিন্তু আন সকলোৱেই যেন তেওঁৰ প্ৰতি সকলো আশা এৰি দিছে৷ তেওঁৰ বিছনাখন ঘামেৰে সোট-মোচ খাই ভাগৰি পৰাৰ আজি বহু বছৰ হ’ল৷ তেওঁৰ যন্ত্ৰণাকাতৰ চিঞৰবোৰে ঘৰৰ মানুহবোৰক, ওচৰ-চুবৰীয়াসকলক বিৰক্ত কৰি তোলে বুলি তেওঁ ভালকৈয়ে বুজিব পাৰে৷

এটা হতাশাভৰা শূন্যতাই নৰকান্তৰ বুকুখন খামোচ মাৰি ধৰে৷ কোঠাটোৰ বাহিৰৰ জগতখনৰ কোলাহলৰ মাজত সকলোৱে তেওঁৰ অস্তিত্বও প্ৰায় পাহৰিয়েই পেলাইছে৷ এতিয়া তেওঁৰ পুৰণিকলীয়া কথাবোৰ শুনিবলৈ ওচৰত কোনেও আগ্ৰহেৰে নবহেহি৷ শুকান, ভাবলেশহীন বেৰকেইখনত খুন্দা খাই তেওঁ কোৱা কথাবোৰ প্ৰায়েই তেওঁৰ ভিতৰলৈকে ঘূৰি আহে৷ তেওঁৰ বুকুখন কিবা এটা হেৰোৱাৰ চিঞৰে খান্দি নিয়ে যেতিয়া তেওঁ উপলব্ধি কৰে যে সকলোৰে বাবে তেওঁৰ বিদায়ৰ দৰে শুভ যেন আৰু একোৱেই নাই৷

মনোমতী আৰু বোৱাৰীয়েকে বিচৰা নাছিল যদিও বিদায় লোৱাৰ আগতে বৰুণ দত্তই মানুহজনক চাবলৈ এবাৰ তেওঁৰ ওচৰলৈ গৈছিল। প্ৰস্ৰাৱ আৰু ঘামৰ সেমেকা গোন্ধ আৰু কোঠাটোৰ অপৰিপাটি, লেতেৰা পৰিৱেশটোৱে শাহুৱেক আৰু বোৱাৰীয়েক দুয়োকে বৰ অস্বস্তিত পেলাইঠিল ।

নৰকান্তৰ মুখখন উজলি উঠিছিল৷ বাওঁহাতখন ভালকৈ পোন কৰিব নোৱৰা কাৰণে কেৱল সোঁহাতখনেৰে তেওঁ প্ৰতি নমস্কাৰ জনাইছিল৷

“ভালে আছে নহয়৷ মোক আপুনি চিনি নাপায় কিজানি৷”  স্মিত হাঁহি এটাৰে বৰুণ দত্তই কৈছিল৷

বোৱাৰীয়েকে দত্তৰ চমু পৰিচয় এটা দাঙি ধৰিছিল৷ মনোমতীয়ে আঁৰ চকুৰে দত্তৰ মুখলৈ চাইছিল৷ তেওঁৰ ভয় আছিল, কোঠাটোৰ লেতেৰা পৰিবেশটোৰ বাবে মানুহজনৰ মনলৈ ঘিণ ঘিণ ভাব এটা আহিব পাৰে৷ তাৰ কোনো চিন অৱশ্যে দত্তৰ মুখত দেখা নগ’ল৷

“আছোঁ, আছোঁ মই ভালেই৷” নৰকান্তই আস্ত-ব্যস্ত হৈ ক’লে৷ ঘৈণীয়েক আৰু বোৱাৰীয়েকৰ ফালে চাই পৰম হাবিয়াসেৰে তেওঁ ক’লে, “চকী এখন, চকী এখন লৈ আহাঁ ইয়ালৈকে৷” বহুদিনৰ পাছত এজন অচিনাকি আৰু দত্তৰ দৰে ধাৰ্মিক মানুহৰ লগত কথা পাতিব পাৰিব বুলি তেওঁৰ মনটো হেঁপাহেৰে পোহৰ হৈ আহিছিল৷  

  “নালাগে দিয়ক। বৰ কষ্ট হৈছে আপোনাৰ !” দত্তই সহানুভূতিৰে কৈছিল ।

“বেমাৰীৰ লগতে আমাৰো বৰ কষ্ট হৈ আছে৷” মনোমতীয়ে মানুহজনৰ লগত ভুগিবলগীয়া হোৱা তেওঁলোকৰ দুখ-কষ্টৰ দুই মিনিটীয়া বিৱৰণ এটা দিছিল৷

“মই বহুত ভাল পাইছোঁ দিয়ক৷ চাওকচোন৷”, নৰকান্তই বাওঁহাতখন ওপৰলৈ দাঙি পোন কৰি ক’লে, “আগতে মই হাতখন চিধা কৰিবই পৰা নাছিলোঁ৷”

হাতখন মুঠি মাৰি লৈ তেওঁ ক’লে, “আৰু চাওকচোন, মই মুঠিটো টানকৈয়ে মাৰিব পাৰোঁ৷”

এইবাৰ তেওঁ বাওঁ ভৰিখন অলপ ওপৰলৈ দাঙি কৈছিল, “আগতে মই এই ভৰিখন লৰাবই পৰা নাছিলোঁ৷” 

নৰকান্তকৈ আগতে কি কি কৰিব পৰা নাছিল আৰু এতিয়া কি কি কৰিব পৰা হ’ল তাৰে বৰ্ণনা কৰাত লাগি গৈছিল।

 আপোনমনে৷ বৰুণ দত্তই তেওঁৰ কথাবোৰত মন নিদিয়াটো তেওঁ ধৰিব পৰা নাছিল৷

“আচলতে একো ভাল হোৱা নাই৷”, মনোমতীয়ে প্ৰায় ফুচফুচাই দত্তলৈ চাই কৈছিল৷  “যোৱা বছৰতকৈ বেমাৰীৰ অৱস্থা বেছিহে বেয়াহে হৈছে দিয়ক৷ আমাকো আগতকৈ দিগদাৰ বেছিকৈহে কৰে এতিয়া৷”

“সেই কাৰণেইতো মই কৈছোঁ আপোনালোকক … !”  মৃদু হাঁহি এটাৰে দত্তই ক’লে৷ নৰকান্তই দুয়োখন হাত ওপৰলৈ তুলি আৰু কিবা এটা সক্ষমতাৰ প্ৰমাণ দিবলৈ চেষ্টা কৰি আছিল৷ তেওঁলৈ চাই দত্তই আকৌ ক’লে,  “যি হয় ভালেই হ’ব দিয়ক৷”

ওপৰলৈ ইংগিত কৰি দত্তই আকৌ ক’লে, “সকলো তেওঁৰেই ইচ্ছা আৰু৷ আমাৰ হাততনো কি আছে ?”

“ভালে থাকক, কুশলে থাকক৷ আহিছোঁ৷” দত্তই আকৌ নমস্কাৰ কৰি বিদায় ল’ব খুজিছিল ৷

“কিয় ? বহক, বহকচোন৷ অলপ সময়হে৷” নৰকান্তই আশাভংগ হোৱা মানুহৰ দৰেই চিঞৰি উঠিছিল৷ ঘৈণীয়েকলৈ চাই তেওঁ অলপ দাবি মাৰিয়েই কৈছিল, “তুমিনো নানা কিয় চকী এখন ? কি কৰি আছাঁ ?”

নৰকান্তৰ সকলো অনুৰোধ উপেক্ষা কৰি দত্ত যাবলৈ ওলাইছিল৷

“আশীৰ্ৱাদ কৰিব প্ৰভু৷” নৰকান্তই সোঁহাতখনেৰে নৰকান্তক নমস্কাৰ জনাই হতাশ ভাবেৰে কৈছিল৷

“আশীৰ্ৱাদ আপুনিহে আমাক দিব লাগিব৷ ভালে থাকক৷ ঈশ্বৰে কৃপা কৰক৷” স্মিত হাঁহিটোৰে দত্তই কৈ গৈছিল৷

আৰু তেওঁলোক যোৱাৰ পাছত নৰকান্তৰ কোঠাটো আকৌ এটা উৎসাহহীন, নিৰানন্দৰে ভৰা বাকচলৈ ৰূপান্তৰিত হৈছিল৷

সেইদিনা সন্ধিয়া মনোমতীয়ে ডাইনিং ৰূমত পুতেক-বোৱাৰীয়েকৰ লগত বহি চাহ খাইছিল৷ মুনুৱে কোনোবা অদৃশ্য শত্ৰুক ভাবুকি দি মাজে মাজে “ধিছুম ধিছুম”কৈ পিটন দি আছিল৷

“কি কৈ গ’ল জানানে, মানুহজনে ?”  মনোমতীয়ে হঠাতে গহীন হৈ পৰি কৈছিল৷

“কি ?”  মুকুলে মাকলৈ চাই সুধিছিল৷

“দেউতাৰা গ’লেই ভাল হয় হেনো৷”

“মানে, কি ক’লে ?”  মুকুলে আকৌ সুধিছিল৷

“শুনা, মই কওঁ৷ তুমি আকৌ চব কথাত ইম’শ্যনেল হৈ যোৱাঁ৷ দেউতাৰ অৱস্থাটো আমি জানো দেখি থকা নাই?”  ৰীণাই বৰ সৰু সৰুকৈ কৈছিল৷

“দেখি আছোঁ৷ তাতে কি হ’ল?” মুকুলে মাতটো সৰু কৰা নাছিল৷

“সেই কাৰণে দেউতা গ’লেগৈয়েই ভাল বুলি কৈ গৈছে তেওঁ৷”

“মানে ?”  মুকুলে যেন তেতিয়াও একো বুজিব পৰা নাছিল৷

“দেউতাৰা মৰি যোৱাটোৱেই সকলোৰে কাৰণে, তেওঁৰ কাৰণেও ভাল বুলি কৈছে৷ হয়ো দেচোন কথাটো৷ ভাবি চালে …৷ “ মনোমতীয়ে পুতেকৰ মুখলৈ নোচোৱাকৈয়ে কৈছিল৷

“ঘুচিয়াই মুখ ভাঙি দিম মই তাৰ৷ ঘোচা মাৰি দিম৷” মুনুৱে হঠাতে অলপ ডাঙৰকৈয়ে চিঞৰ এটা মাৰিছিল যাৰ কাৰণে মাকৰ কথাখিনি মুকুলে ভালকৈ শুনা নাছিল৷

“কোৱাঁচোন কথাটো৷ মই বুজা নাই৷” মুকুলে কৈছিল৷

“দেউতাৰাই বৰ কষ্ট খাই আছে৷ লগতে আমাৰো কষ্ট হৈছে৷ ওচৰৰ মানুহ কেইঘৰৰো কষ্ট হৈছে৷ সেই কাৰণেই তেওঁ কৈছে – দেউতাৰা মৰিলেই সকলোৰে ভাল হ’ব, সকলোৰে৷…৷ তেওঁৰো৷” মনোমতীয়ে এইবাৰ পুতেকৰ মুখলৈ চায়ে কৈছিল ৷

লগে লগেই মুনুৰ আকৌ চিঞৰ, “ঘুচিয়াই ঘুচিয়াই নাক ভাঙিম মই তাৰ৷ বৰ বদমাচ মানুহ ! আমাৰ ককাক মৰিবলৈ কয় !”

তেতিয়াহে কিবা এটা অশুভ আশংকাত মনোমতীৰ মনটো এবাৰ চেবাইছিল৷ “কি কৈছা মুনু ? কাক মাৰিবা তুমি ?”

“সেই মানুহটোক মাৰিম৷ আমাৰ ককাক সি মৰিবলৈ কয়৷ ইম্মান বদমাচ মানুহ! মই তাক …৷” মুনুৱে ঘোচা দেখুৱাই খঙেৰে কৈছিল । তাৰ মাতটো কান্দো কান্দো হৈছিল৷

শাহুৱেক-বোৱাৰীয়েক দুয়োৰে মুখ মেল খাই গৈছিল আৰু চকু ডাঙৰ ডাঙৰ হৈ পৰিছিল – ইমান অশুভ কথা ল’ৰাটোৰ মুখত ! ভগৱানে এতিয়া কি কৰিব তাৰ ? সৰ্বনাশ হ’ব দেখোন এতিয়া ল’ৰাটোৰ ! হে দয়াময় !

মুনুৱে ঘোচা দেখুৱাই খঙেৰে তিনিওলৈ চাই আছিল৷

“ মুনু, তুমি কি কৈছা এইবিলাক ? ক’ত শিকিছা এই বেয়া কথাবোৰ ?  ডাঙৰ মানুহক এনেকৈ ক’ব পায় নেকি ?এইবোৰ বৰ বেয়া কথা, বৰ বেয়া কথা৷” মুকুলে মুনুলৈ চাই দাবি মাৰি কৈছিল৷

“আমাৰ ককাও দেখোন ডাঙৰ মানুহ৷ তেনেহ’লে ককাক কিয় মৰি যাবলৈ কৈছে সেই মানুহটোৱে ? সেইটো বেয়া কথা নহয় নেকি ?”

মুনুৰ খং, দুখ আৰু ভয়েৰে ভৰি থকা মুখখনলৈ বাকী তিনিওজনে মনে মনে চাই ৰৈছিল৷

——

ঠিকনা :

বি-১১৫, সানভি সংকল্পম

নাগোণ্ডানাহালি,

বাংগালোৰ – ৫৬০০৬৬

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close