Written by 6:32 am Poems

শিল কথা

নীলকান্ত শইকীয়া

হঠাৎ শিলগুটিবোৰ ক’ৰ পৰা আহে

মানুহ যেতিয়া জিলিকি উঠে।

কিয়বা  ঈৰ্ষাৰ শিলাবৃষ্টি

খোজ দৃঢ় নহ’লে ওলাব নোৱাৰে কেনিও।

টেলিভিছনত শিল, বাতৰি-কাকতত শিল

বন্ধুৰ হাতত শত্ৰুতা

মাৰি থাকে টলকিব নোৱাৰাকৈ চৰিত্ৰলৈ।

শিলেই ছক্ৰেটিছক বিহপান কৰালে

জুইত পেলাই মাৰিলে কিমানক

গাৰ্গীৰ জিভালৈ খং

ঋষি যাজ্ঞবল্ক্যৰ শিলভাবনাৰ।

শিলগুটিবোৰ অৱনমনৰ অন্যৰূপ

আৰোহণো ঘটিব পাৰে

জানিব  লাগিব শিলক পানী কৰা মহামন্ত্ৰ।

 ***

ভ্ৰাম্যভাষ – ৯৯৫৪৪৮৫৩৪২

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close