Written by 11:45 am Poems

শিপা

উদয় কুমাৰ বৰুৱা

খিৰিকীৰ সিপাৰৰ গোলাপজোপাৰ লগত

মোৰ প্ৰথম প্ৰেম

মোৰ পৰা গোলাপজোপালৈ

এটা অদৃশ্য বাট

গোলাপজোপাৰ মনত এটা

সপোনে শিপায়

এদিন টিক টিককৈ ৰঙা হৈ ফুলিব

বাটৰুৱাই ৰৈ ৰৈ চাব

হাঁহি থকা ৰঙা কলি এটাই

পুৰণি কোটৰ জেপ এটাক ঈৰ্ষাত জ্বলাব

গ’ল ৰাতি টোপনিৰ দীঘল বাটেৰে নামি

সপোনটো মোৰ অৱচেতনত

থিতাপি ল’লে

নিমিষতে সপোনেৰে নিষিক্ত হৈ

ময়ো হ’লোঁ এটা গোলাপৰ পুলি

মেলি দিলোঁ ডাল-পাত

ফুলাৰ আনন্দত যেতিয়া নাচি উঠে

মন-প্ৰাণ শিপাইনো কেনেকৈ থাকে

যোগান নধৰাকে জোখাৰে আহাৰ-পানী

শিপাৰ পৰাই আৰম্ভ হয় নেকি

সপোনে খেদা মানুহৰ অণিৰ্ণেয় যাত্ৰা…

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close