Written by 5:44 am Articles

শিক্ষাজগতৰ সংস্কাৰ আৰু গোটাদিয়েক চকুত নপৰা সমস্যা

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ আধাৰত ইতিমধ্যে সমগ্ৰ দেশতে শিক্ষাজগতৰ সংস্কাৰ আৰম্ভ হৈছে৷ ই নিশ্চিতভাৱে সময়ৰ আহ্বান৷ দেশৰ অতিকে বিজ্ঞ শিক্ষাবিদসকলেই এই নীতিৰ আধাৰ প্ৰস্তুত কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ সুফল-কুফল সম্পৰ্কীয় বিভিন্ন বিতৰ্কও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু সাম্প্ৰতিক সময়তো হৈ আছে৷ ইয়াৰ ভাল-বেয়া দিশ সম্পৰ্কে আলোকপাত কৰিবলৈ নগৈও এই নীতিৰ শিক্ষাব্যৱস্থাৰ প্ৰৱৰ্তনৰ বেলিকা শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীয়ে সম্মুখীন হোৱা কিছুমান সমস্যাৰ প্ৰতি আমি চকু মুদি থাকিব নোৱাৰোঁ৷ তেনে কিছু বিষয় আজিৰ এই লেখাত দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ব৷

প্ৰথমে, স্নাতক পৰ্যায়ৰ শিক্ষাব্যৱস্থাতে পৰিৱৰ্তন হৈছে সৰ্বাধিক৷ আধুনিক ভাৰতীয় ভাষাৰ বিকল্প হিচাপে বছৰ বছৰ ধৰি শিক্ষাৰ্থীসকলে পঢ়ি অহা ইংৰাজী ভাষাটো বন্ধ কৰাটো নিশ্চয় এই শিক্ষানীতিৰ আটাইতকৈ ডাঙৰ বিশেষত্ব৷ একেদৰে ‘ভাৰতীয় লোকে যিকোনো এটা ভাৰতীয় ভাষা শিকিবই লাগিব’ নিয়মটোও উপৰি উক্ত নিয়মৰে পৰিপূৰক৷ এনেকৈ সকলো [কলা-বিজ্ঞান-বাণিজ্য সকলো শাখাৰ] ছাত্ৰ-ছাত্ৰীয়ে একেটা ভাষা বিষয় হিচাপে পঢ়িবলগীয়া হোৱাৰ ফলত ডাঙৰ ডাঙৰ মহাবিদ্যালয়সমূহত একোটা শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হাজাৰৰো অধিক হৈছে৷ তেনে অৱস্থাত পাঠদান কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক একোটা বিষয়ৰ ক্ৰেডিট্‌ সম্পূৰ্ণ কৰোৱাটো সম্ভৱ নহয়৷ অথচ সম্প্ৰতি সকলো চলি গৈছে; সম্ভৱতঃ এনেকৈয়ে চলিও থাকিব৷ এনেকৈ আৰু কিছুমান বিষয় প্ৰৱৰ্তনৰ ফলত শিক্ষানুষ্ঠানসমূহে পৰিস্থিতিৰ জোৰা মাৰিব নোৱৰা আৰু ফলস্বৰূপে ‘কাম চলাই নিব লাগে’ ধৰণে চলি অহা দেখা গৈছে৷ উদাহৰণস্বৰূপে ‘আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া’ বোলা বিষয়টোৰ বাবে কোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে কোনো নিৰ্দিষ্ট বিভাগ আৰু শিক্ষক নাই৷ অথচ বিষয়টোত সংস্কৃত, দৰ্শন, ৰাজনীতি বিজ্ঞান, ইতিহাস আদি বিভিন্ন বিভাগৰ পাঠ্যক্ৰম আছে৷ এনে অৱস্থাত আমি লক্ষ্য কৰিলে দেখিম যে অসমৰ অধিক সংখ্যক মহাবিদ্যালয়তে সংস্কৃত বিষয়টো নাই৷ তেনে মহাবিদ্যালয়সমূহত উক্ত বিষয়ৰ সংস্কৃত পাঠ্যাংশৰ পাঠদান কোনে কৰিব এই প্ৰশ্নৰ উত্তৰ কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উদ্যোক্তাসকলে দিয়া নাই৷ একেদৰেই আন এটা বিষয় হৈছে ‘যোগ’৷ এইটো বিষয় বিজ্ঞান-কলা-বাণিজ্য সকলো শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক৷ বিষয়টো তাত্ত্বিক আৰু প্ৰায়োগিক উভয় অংশৰে গঠিত৷ বিশুদ্ধ ৰূপত ক্ৰীড়া বিষয়ক মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত আছে যদি নাজানো, কিন্তু আমাৰ কোনো মহাবিদ্যালয়তেযোগ বিষয়টোও নাই, বিষয়টো পঢ়ুৱাবলৈ বা শিকাবলৈ শিক্ষকো নাই৷ এনে অৱস্থাত মহাবিদ্যালয়সমূহে কেনেদৰে এই বিষয়টোৰ পাঠদান, পৰীক্ষা আৰু মূল্যায়ন কৰিছে সি নিশ্চিতভাৱে সকলোৰে জ্ঞাত৷ তৃতীয়তে এই ব্যৱস্থাত শিক্ষাৰ্থীয়ে ইচ্ছা কৰিলে বিভিন্ন বিষয় অধ্যয়ন কৰিব পাৰে– যেনে মেজৰ বিষয় যদি ইতিহাস হয়তেন্তে মাইনৰ বিষয় ৰসায়নো হ’ব পাৰে৷ এতিয়া প্ৰশ্ন হৈছে, এনেকুৱা বিষয় লৈ অধ্যয়ন কৰিযেতিয়া একোজন শিক্ষাৰ্থীয়ে বি এ বা বি এছ চি ডিগ্ৰী আহৰণ কৰিব, তেওঁ ভৱিষ্যতৰ কৰ্মক্ষেত্ৰত কেনে পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়গৈ কোনেও নাজানে৷

স্নাতক পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত এইবাৰ দ্বিতীয় দল শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে৷ অসমৰ উচ্চ শিক্ষা বিভাগে এইবাৰ সমগ্ৰ ৰাজ্যতে ‘সমৰ্থ’ নামৰ এটা প’ৰ্টেলৰ যোগেদি কেন্দ্ৰীয়ভাৱে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ব্যৱস্থা কৰিছে৷ ই নিশ্চিতভাৱে ভাল কথা৷ প্ৰথমে ২৭ মে’ৰপৰা ৫ জুন, ২০২৪-লৈ আৱেদন পত্ৰ জমা দিয়াৰ তাৰিখ স্থিৰ কৰা হৈছিল৷ তাৰ পাছত ২০, ২১ আৰু ২২ জুন, ২০২৪ এই তিনিদিনক প্ৰথমখন তালিকাৰ আধাৰত স্নাতক পৰ্যায়ৰ নামভৰ্তিৰ দিন হিচাপে ঘোষণা কৰা হৈছিল৷ পাছত আকৌ ২৬, ২৭ আৰু ২৮ জুন, ২০২৪-তিনিদিনে দ্বিতীয়খন তালিকাৰ আধাৰত নামভৰ্তি কৰাৰ পাছতো, আকৌ ২৯ -জুনৰপৰা¸ ১ জুলাই, ২০২৪ লৈ ‘ঠাইতে কৰিব পৰা’ নামভৰ্তিৰ তাৰিখ ঘোষণা কৰা হৈছিল৷ পাছত ঘোষণা কৰা হৈছিল যে ৰ আগষ্ট, ২০২৪-ৰপৰা ৩ আগষ্ট, ২০২৪ লৈ শিক্ষাৰ্থীসকলৰ বিষয়-পৰিচয় পৰ্ব অনুষ্ঠিত হ’ব আৰু ৫ আগষ্ট, ২০২৪-ৰপৰা ১০ আগষ্ট, ২০২৪ লৈ আৰ্হিপাঠদান হ’ব৷ তাৰ পাছত আকৌ ১২ আগষ্ট, ২০২৪-ৰপৰা ১৪ আগষ্ট, ২০২৪লৈ শিক্ষাৰ্থসকলে তেওঁলোকৰ বিষয়বোৰ সলনি কৰিব পাৰিব আৰু ১৬ আগষ্ট,২০২৪-ৰপৰা পূৰ্ণোদ্যমে পাঠদান হ’ব৷ কিন্তু পাছত আকৌ এক নিৰ্দেশনা আহিল৷ এই নতুন নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে ১৬ আগষ্ট,২০২৪ পৰ্যন্ত তেওঁলোকৰ বিষয়বোৰ সলনি কৰিব পাৰিব৷ তাৰ মাজতে পুনৰ ২১,২২ অৰু ২৩ আগষ্ট, ২০২৪ -ত পুনৰ ‘ঠাইতে কৰিব পৰা নামভৰ্তি’ৰ সুবিধাও প্ৰদান কৰা হৈছিল৷

এতিয়া, অসমৰ কেৱল এখন বিশ্ববিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জীৰ প্ৰসঙ্গলৈ যাব পাৰি৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২৪ বৰ্ষৰ শৈক্ষিক দিনপঞ্জী অনুসৰি এই শিক্ষাবৰ্ষত স্নাতক প্ৰথম ষান্মাষিকৰ শ্ৰেণী আৰম্ভ হ’ব লাগিছিল যোৱা পহিলা জুন, ২০২৪ তাৰিখৰপৰা আৰু ১ ছেপ্তেম্বৰ, ২০২৪ তাৰিখৰপৰা ১০ ছেপ্তেম্বৰ, ২০২৪ তাৰিখৰ ভিতৰত প্ৰথমটো আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত হ’ব লাগিছিল৷ অথচ উদ্বেগজনক বিষয় এইটোৱেই যে ৩১ আগষ্ট, ২০২৪ পৰ্যন্ত স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকে পঢ়িবলগীয়া বিষয়সমূহেই স্থিৰ নোহোৱা এটা পৰিস্থিতিৰ মাজত থাকিবলগীয়া হৈছে৷ একেদৰে একোখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰা শিক্ষাৰ্থীক নামভৰ্তি প্ৰত্যাহাৰ কৰি আন শিক্ষানুষ্ঠানলৈ যাবলৈ দিয়াৰ ফলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু তাত থাকি যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ মাজতো গড়মিল ওলাইছে৷ যদি গুচি যোৱাসকলক বাদ দিয়া হয় তেন্তে থাকি যোৱাসকলৰ ৰোলনম্বৰবোৰো সলনি হৈ পৰিব৷ তেতিয়াও ছাত্ৰ-ছাত্ৰীসকলে ইমান দিনে পাঠগ্ৰহণ কৰা শ্ৰেণীসমূহৰ উপস্থিতিৰ প্ৰমাণ হেৰুৱাই পেলাব৷ কম সংখ্যক ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানত এইবোৰ সমস্যা বেছি গুৰুত্বপূৰ্ণ নহ’লেও হাজাৰৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা শিক্ষানুষ্ঠানসমূহে এনে সমস্যাৰপৰা উদ্ধাৰ পোৱাটো নিশ্চিতভাৱে কল্পনাতীত শ্ৰমসাধ্য হ’ব৷

Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close