Written by 11:38 am Poems

শাওণৰ শিৱ

গায়ত্ৰী দেৱী বৰঠাকুৰ

তালৱ্য শ শাওণ

তালৱ্য শ শিৱ

শাওনত শিৱ

অতি ব্যস্ত নে ব্যতিব্যস্ত

বাঘৰ ছালখন খুলি থৈ

পানী গামোচাখনেৰে

 পোন্ধ মাৰে

শহুৰৰ জীয়েকে যতনাই দিয়া

লালচাহটোপা

গুৰ অকণেৰে খাই

শিৱই নাঙল লয়

শুদামুখে যাত্ৰা কৰিব নাপায়

লোকাচাৰত শেষ নে আৰম্ভণি জীৱনৰ 

কান্ধত জগতৰ বোজা

পথাৰত শাওনৰ ৰ’দ- বৰষুণ 

ঘৰত খুদকণ নাই 

শুকুৰবৰীয়া হাটত শকটৰ* শোভাযাত্ৰা

নিহত শত- হাজাৰ

     (দুই)

নক্ নক্ নক্

শিৱৰ ৱাটছএপ্ মেছেঞ্জাৰ এপ্লিকেশ্বনৰে ফুল

মেট্ৰিমনি ডট কম

ছাদী ডট কম

ভাৰত মেট্ৰিমনিয়েল

সকলোতে দীঘল লাইন

ধন কুবেৰ দৰা এটা/ ৰূপহী ছোৱালী এজনী লাগে

গুণ গুলী মাৰক 

এজ, কাষ্ট ন’ বাৰ

(তিলক তাল কৰিব পৰা ক্ষমতাক দিয়া হ’ব অগ্ৰাধিকাৰ !! বহু দৰকাৰী। বিবাহোত্তৰ প্ৰধান অস্ত্ৰ।)

ছ’চিয়েল মিডিয়াত 

শিৱক বিচাৰি হাইৰাণ

শাওণৰ আস্তিক

সৰল সমীকৰণ

শিৱৰ হৃদয়ত ডাং নাই

শিৱ আদি আশুতোষ

শলখাবিহীন

   (তিনি)

শিৱ- শিলাকুটীত শেলুৱৈৰ প্ৰলেপ

শাওণত শৃঙ্গাৰৰ শেল

লয়লাসত পুৰি মৰে শংকৰ

কামদেৱৰ আইকাৰ্ডত কেৰেক্টাৰলেছৰ মোহৰ

শিৱ- তাণ্ডৱত সুলকি পৰে

ৰতিৰ বসন্ত … 

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close