Written by 4:54 am Poems

লোককথা

মিণ্টুল হাজৰিকা


আঁটি আঁটি বান্ধি শালিধানৰ টোম
মেঘৰ বাটেৰে পোনালোঁ বাট

নাকটোৰ দৰে পোন
আইৰ আঙুলিকেইটাৰ দৰে পৱিত্ৰ

তিনিআলি চ’কটোত লগ পোৱা
কাউৰীজাকক টোমৰ পৰাই বিলাই দিলোঁ
পেট ভৰক বুলি মুঠিয়ে মুঠিয়ে ধান

কিয়নো,
সিহঁতে মোক মৃত্যুৰ পৰা জীয়াই তোলে
প্ৰতি পুৱা

আমাৰ গাঁৱৰ ধনকুবেৰজনৰ
পদূলি শুৱনি কৰা বাগানত
গাল গুলপীয়া তৰা

দুহাত সেউজীয়া কৰি
পদূলিৰ সমুখেৰে অহা-যোৱা কৰোঁতে
মুখখন ৰঙাই তোলে
ধক্‌ধকীয়া বগা হাঁহিৰ ছবিখনে

যিখন মোৰ তেজ-মঙহেৰে গঢ়া
চালপীৰাৰ শিতানত ওলমি আছে

যৱনিকা পৰা সেই নাটখনৰ বতৰাও
কাউৰী এটাৰ পৰাই পোৱা

লখাইতৰাত তেতিয়া দোকোলটকা যৌৱন
বুকুত পখিলাদেহী ঢৌ

চকুত সাতখন আকাশ
উশাহত উগুল-থুগুল বিয়ানামৰ চোতাল

সখীয়তী আলাপ কৰোঁ বুলি
লখাইতৰাৰ চকুত চকু থওঁতেই
চিঞৰ এটাৰ সৈতে পানী পানী…
পানী তোলা আয়তী সপোন

বিষণ্ণ আবেলিটো
এতিয়াও বান্ধি থোৱা আছে
পুৰণি দলংখনৰ খুঁটি এটাত

জাকে জাকে বগলীয়ে
বাঁহবাৰী বাঁহনিত বাঁহফুল সৰুৱাই কান্দিছিল

ধান নহৈ পতানেৰে ভৰিছিল ভঁৰাল
বহাঘৰৰ এচুকত নীৰৱে বহি আছিল
আয়ে লগত অনা প্ৰাচীন চেতাঁৰ

ওমলা সখীজনীৰ সাঁচতীয়া বগৰীটো
হাফপেণ্টৰ খোঁচনিৰ পৰা
খোৱা মেজত সজাওঁ বোলোঁতেই
সাগৰ হ’ল ভোক-পিয়াহৰ পাকঘৰ

মগজুত আধা অঁকা এখন পেইণ্টিং
ভগা-ছি‍গা এমখা চিচাৰ খাৰু
আউলি-বাউলি বতাহৰ চুলি

নৰ্তকী সময়ৰ ভৰিৰ পৰা সৰিল জুনুকা
যখিনী ছোৱালীৰ হাতত মৰিল ধ্ৰুপদী মুদ্ৰা

আদহীয়া আবেলিৰ শেষ দেখা মুখখন
শেষ শুনা জাৰণিৰ বেলাড হ’ল

সেয়েহে সূৰ্যটো পুহিলোঁ

আৰু বুকুৰ কোনোবাখিনিত
গজিবলৈ ৰোপণ কৰিলোঁ

এখন আকাশভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close