Written by 7:38 pm Articles

লুইচ গ্লুকৰ দুটা কবিতা

মূল (ইংৰাজী)  : লুইচ গ্লুক

অনুবাদ  : ড° ৰঞ্জিত দত্ত

২০২০ চনৰ  সাহিত্যৰ  ন’বেল  বঁটা  বিজয়ী  আমেৰিকাৰ  কবি লুইচ গ্লুকৰ  (Louise Elisabeth Glück, জন্ম ২২ এপ্ৰিল, ১৯৪৩, মৃত্যু ১৩ অক্তোবৰ, ২০২৩)  উল্লেখযোগ্য সাহিত্যকৃতি হৈছে ক্ৰমে Firstborn, The House on Marshland, Descending Figure, The Triumph of Achilles, Ararat,The Wild IrisMeadowlands, Vita Nova, The Seven Ages, Averno, A Village Life, Poems: 1962–2012, Faithful and Virtuous Night,Winter Recipes from the Collective আদি। বিশ্বৰ বহু আগশাৰীৰ সাহিত্য সংস্থাৰ ফেল’, বহু বিশ্ববিদ্যালয়ৰ সম্মানীয় ডক্টৰেট ডিগ্ৰীৰ অধিকাৰী লুইচ গ্লুক ন’বেল বঁটাৰ উপৰি ট্ৰান্সট্ৰ’মাৰ প্ৰাইজ, নেশ্যনেল হিউমিনিটিজ মেডেল, প’য়েট লৰেট অব দ য়ুনাইটেড ষ্টেটছ্, ব’লিংগেন প্ৰাইজ, লনান লিটাৰেৰী এৱাৰ্ড আদি  বহু সম্মানীয় বঁটাৰো প্ৰাপক।

(১) সুখ

এজন পুৰুষ আৰু এগৰাকী মহিলা

বাগৰি আছে এখন

বগা চাদৰে ঢকা বিছনাত।

তেতিয়া ৰাতিপুৱা,

মই ভাবিছিলোঁ

সোনকালেই সাৰ পাব তেওঁলোকে।

বিছনাৰ কাষৰ টেবুলখনত

এথোপা লিলি ফুলেৰে এটি ফুলদানি

সুৰুযৰ কিৰণবোৰ

ফুলবোৰত ওপচি পৰিছে

তাইৰ ফালে চাই  বাগৰ এটি সলাই তেওঁ

মুখৰ  ভিতৰতে মনে মনে

নাম  কাঢ়ি মতা শুনিলোঁ,

খিৰিকীখনত বহি থকা এজনী চৰায়ে

দুবাৰমান  চিঞৰি

ডেউকা জোকাৰিলে

তাইৰ সমগ্ৰ দেহটো ভৰি পৰিল 

নিশ্বাসৰ তপত  উমেৰে।

মই চুকুদুটা মেলি দিলোঁ,

তুমি চাই আছা মোলৈ;

কোঠাটোত বিয়পি পৰিছে

সূৰুযৰ সোণালী কিৰণবোৰ।

এখন আইনাৰ দৰে

নিজকে কাষত ধৰি লৈ

তুমি মোক ক’লা-

কিমান  যে শান্ত তুমি!

এটি  অগ্নিপিণ্ডৰ চকৰি

লাহে লাহে পাৰ হৈ গ’ল

আমাৰ মূৰৰ ওপৰেদি।

(২)  প্ৰথম স্মৃতি

বহুদিনৰ আগতেই সেই আঘাত পালোঁ।

মোৰ দেউতাৰ  ওপৰত 

প্ৰতিশোধ ল’বলৈকে মই জী আছিলোঁ।

এই বাবে নহয় যে

তেওঁ কি আছিল,

ল’ৰালিৰ পৰা মই যি আছিলোঁ

মাথোঁ তাৰ বাবেহে।

মই ভাবিছিলোঁ

যন্ত্ৰণা মানেই হ’ল

তুমি মোক  ভাল নোপোৱাঁ,

ভাল পাওঁ মাথোঁ মই।

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close