Written by 4:06 am Poems

যুদ্ধ আৰু শান্তি

ৰচনা পাঠক

মইনাৰ ভাল নাম অনুপম গন্ধীয়া,

মনপুতি পঢ়ে-শুনে ৰাতিপুৱা-সন্ধিয়া৷

সিদিনা হঠাতে       বিনা কাৰণতে

         মইনা লাগিল থৰ,

একোকে নাখায়          পঢ়া-শুনা নাই

         গাত তমোময় জ্বৰ৷

ডাক্তৰ আহিল       পেট পিটিকিল

         নাড়ীৰ গতিও চালে,

মাক-পিতাকক      দৰব-জাতিৰ

         বিধান বুজাই দিলে৷

পাছদিনা ৰাতিপুৱা সোনকালে উঠি,

মইনাই মেজত বহি ল’লে ফলি-পুথি৷

পঢ়িবলে’ বহা দেখি নৰীয়া দেহাৰে,

মাকে আহি ক’লে অতি সাদৰী মাতেৰে—

‘‘আজি বাৰু নপঢ়িলে নহয়নে মইনা?’’

‘‘নহ’ব নহ’ব মা, ঘটিছে দুৰ্ঘটনা৷’’

    এই বুলি মইনাই

    কৈ গ’ল গহীনাই—

‘‘চিল্‌মিল্‌ টোপনিত দেখিলোঁ সপোন,

আকাশত জিলিকিছে পূৰ্ণিমাৰ জোন৷

        জোনৰ পোহৰ পৰি,

        পঢ়ামেজ আছে ভৰি৷

দিনৰ দিনটো মোৰ স’তে পঢ়ি-শুনি,

কিতাপ-কলমহঁতে লইছে জিৰণি৷

টোপনিতে পৰি গ’ল ছবিৰ কিতাপ,

সুবিধাতে পেন্‌চিলে‍ মনৰ উত্তাপ

     কোনোমতে দমাব নোৱাৰি

     দেখুৱাওঁ বুলি বাহাদুৰি

     প্ৰতিখিলা পাততেই থ’লে আঁকি-বাকি,

     সাৰ পাই বিমৰিষ হ’ল চিত্ৰ-পুথি৷

পুথিখনে কলমক কান্দি-কাটি ক’লে,

বাকীবোৰ পুথিয়েও হয়ভৰ দিলে ৷

     চাওঁতে চাওঁতে জানা পঢ়ামেজখন

     দুদলকৈ যুঁজাৰুৰ হ’ল ৰণাঙ্গণ৷

     কথা কটাকটি উচ্চবাচ্য মৰামৰি,

     কৰি কৰি সকলোটি পৰিল ভাগৰি৷

আলপ পাছত উঠি

আটাইখিনি পুথি

     মেলত বহিল৷ 

     আলাপ চলিল৷

বহি গ’ল দৰবাৰ, সভাপতি দোৱাত;

দোষীৰ শাস্তিৰ হেতু অনালে চোৰাত৷

     ‘‘যতদোষী পেন্‌চি‍ল

     দিব লাগে থিয় কিল৷

     আগ বাঢ়াঁ আখৰ-সেনা,

     পেন্‌চি‍লক ধৰি আনা৷’’

পেন্‌চি‍ল চৰ্দাৰ বুধিয়ক বৰ,

আগতীয়াকৈ পালে সকলো খবৰ৷

     আখৰ-সৈনিকগণ এটি-দুটিকৈ,

     গুড়ি‍ পৰুৱাৰ দৰে শাৰী শাৰী হৈ

দিছিলহে খোজ,

নাপালেই বুজ

শতৰু সেনাই আহি আক্ৰমণ কৰি

গোটেই দলকে জানা পেলালে মোহাৰি!’’

‘‘নপঢ়া বাবেই মই কালি,

পঢ়ামেজ হ’ল খেলিমেলি!’’

মা, সঁচাকৈ তেনে হ’লে কি হ’ব কোৱা,

সেয়েহে বুজাই দিছোঁ ইহঁতক, চোৱা৷’’

     ‘‘দোৱাতত নাথাকিলে অকণো চিঞাহি,

     কলম, থাকিব তই পাৰিবিনে হাঁহি?

আঁচ টনা, ছবি অঁকা আদি কামবোৰ,

নহ’লে পেন্‌চি‍ল্ কি প্ৰয়োজন তোৰ?

     পেন্‌চি‍ল নাথাকিলে কিতাপৰ ছবি,

     তহঁত ৰচনা বাৰু কেনেক’ই হ’বি?

এতেকে নালাগি কোনো কথাতেই দন,

নকৰি একোতে কোনো কাহানিও ৰণ

হাঁহি-মাতি নিজা কাম 

কৰিলেই ভাল পাম;

শুনিছনে নাই মোৰ প্ৰিয় বন্ধুগণ!’’

কথা শুনি মইনাৰ মাকে থ’লে হাঁহি,

পিতাকেও শুনিলেহি কাষ চাপি আহি৷

Visited 6 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close