Written by 11:05 am Articles

যুদ্ধত ঈশ্বৰ নিহত…

ধ্ৰুৱজ্যোতি দাস

খবৰ : যুদ্ধত ঈশ্বৰ নিহত৷ ঈশ্বৰ কোনখিনিত নিহত হৈছে জনা হোৱা নাই; পূবত নে পশ্চিম দিশত সেই

কথাও জনা নাযায়৷ কিন্তু ঈশ্বৰ যে নিহত হৈছে সেই কথা নিশ্চিত৷ ঈশ্বৰৰ মৃতদেহ বিচাৰি পোৱা হোৱা 

নাই…

এক.

আতংকৰ অবাধ হত্যালীলাবোৰ যুদ্ধৰ৷ ২০ মিনিটত উৰি অহা ৫০০০ মিছাইলৰ৷ ৬ দিনত সৰি পৰা

৬০০০ বোমাৰ৷ প্ৰতিখন যুদ্ধৰ পাছত গলা সীহৰ দাগবোৰ কোনোবাই চাফা কৰিব লাগিব

যুদ্ধ চলি থাকোঁতেও৷ কথাবোৰ এনেকুৱা জানো ! আচলতে পোন হৈ থিয় হৈ

থাকিব লাগিব জী থকাৰ বাসনাৰ বাবে পানী নাথাকিলেও৷ মাটি নাথাকিলেও৷

দুই.

পাহাৰৰ নামনিৰ পৰা নামি আহে

বিশাল শিঙৰ গোনাম’হ৷ দল৷ দুদল৷ ইফালে-সিফালে আৰু…

শিঙে শিঙে ঠেকাই খুন্দিয়াই জুই জ্বলাবলৈকে মহতিয়াই যায়

হাজাৰ হাজাৰ বিৰিণা শৰীৰ৷ বিৰিণা মৰে মৰে মৰে৷ গহৰা হয়৷ হাজাৰ৷

কথাটো এনেকুৱা৷ এনেকুৱাকৈয়ে এটা বুলেটৰ খুন্দাতে ঈশ্বৰ মৰিল৷ নভবাকৈয়ে 

খুব হঠাতেই ঈশ্বৰ মৰিল৷ পূবৰ পৰা অহা মিছাইলৰ আঘাত নে পশ্চিমৰ পৰা অহা

মিছাইলৰ আঘাত কোনো ঠিক নাই৷ ক’ব নোৱাৰি কেতিয়াও কোনফালৰ মিছাইল৷ 

কিন্তু সঁচা এইটোৱেই যে ঈশ্বৰ মৰিল৷ শেহলৈকে ঈশ্বৰে গৰ্ভৱতী মহিলা আৰু

শিশুহঁতক আৱৰি আছিল৷ সেই মহিলাখিনি আৰু শিশুহঁত ক’ৰ

কোনেও নাজানে৷ ঈশ্বৰেও৷

তিনি.

কোনোবাই ধ্বংসাৱশেষবোৰ ঠেলি আঁতৰাই দিব লাগিব৷ মৃতদেহবোৰ সাবটি

ল’বলৈ৷ আত্মীয়ৰ খণ্ডহৰ দেহবোৰ আত্মীয়ই বিচাৰিবলৈ…

সকলোবোৰ কথা সকলোৱে জানে৷ তাৰ পাছতো যুদ্ধ৷ ঈশ্বৰৰ মৃত্যু হ’ব পৰা আশংকাৰ

কথাটোও জানে সকলোৱে৷ তাৰ পাছতো যুদ্ধ৷ আকৌ যুদ্ধ৷

শিশুৰ টুকুৰা দেহাবোৰ গোটোৱাৰ পাছত মাকবোৰে ক’ত কান্দিব !

মাকহঁতৰ ছিগা পিয়াহবোৰৰ সৈতে থেতেলা গাবোৰ বিচাৰি পোৱাৰ পাছত

শিশুহঁতে ক’ত ৰাউচি জুৰিব ! আত্মীয়ৰ খণ্ডহৰ দেহবোৰ আত্মীয়ই বিচাৰি উলিওৱাৰ পাছত

ক’ত এটোপাল চকুপানী বোৱাব ! ঈশ্বৰ যে মৰিল৷ সকলোৱে জানে৷

বেলিটোৱে কেনেকৈ জ্বলি জ্বলি গছৰ সেউজীয়াৰ বাবে সেউজীয়াক 

জীয়াব বাৰু৷ ঈশ্বৰ মৰাৰ পাছত৷ গছৰ সেউজীয়াই কেনেকৈ মেলি দিব 

এখন হাত চকুপানীৰ চকুলৈ…

বিশাল গোনাম’হৰ শিং৷ হাজাৰ হাজাৰ

কোমলদেহী বিৰিণা৷ দেখা অথচ কোনেও নেদেখা৷

ঠিকনা : 

নেৱালি-মণি, মণিৰাম দেৱান পথ, লাষ্ট গেট, নুনমাটি, গুৱাহাটী-৭৮১০২০ 

ফোন : ৯৯৫৪৩৫৫২৯৯. e-mail : rdmt.bc@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close