Written by 3:49 am Poems

যুদ্ধ

হজৰত আলী

দুয়োপাৰি দাঁতৰ যুঁজত তামোল হয় গুড়ি, 
আইতাই তামোল চোবায় চপক্‌ চপক্‌ কৰি। 

কঁকাল বেঁকা ককায়েকে মূঢ়া এটাত বহি,লাঠিৰ লগত যুদ্ধ কৰোঁতে কাপোৰ পৰিল খহি৷

নাতিয়ে কয়, আইতা সাধু এটা কোৱা,
পাৰিলে এবাৰ মোক কোলাত তুলি লোৱা৷


আইতাই কয় নাতিপোনা লৰ মাৰি আহা,
তোমাক সাধু কোৱাটো মোৰ প্ৰতিদিনৰ বেহা৷

ককাই আহি পাটীত বহি নাতি ল’ৰাক মাতে,
ককা-আইতাই গল্প কৰে নাতি ল’ৰাৰ স’তে৷


আইতাৰ সাধু নাতি ল’ৰাই ভাল বুলি কয়,
ককাই মিছা খং কৰি পেন্দোৱাকৈ চায়।৷

বুঢ়া তুমি নাতি ল’ৰাক খং কিয় কৰা,
তোমাৰ স’তে যুদ্ধ হ’ব যদি এনে কৰা।


কঁকাল বেঁকা হৈছো বুলি নাভাবিবা বুঢ়ী,
তোমাৰ নাতি মোৰো নাতি ল’ব লাগে গঢ়ি।

ঠিকনা :  গাঁও আৰু ডাক:  নায়েৰ আলগা— ৭৮৩৩৪৮জিলা: ধুবুৰী, অসমম’বাইল: ৮৬৩৮৬২৩১২০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close