দিগন্ত নিবিড়
যিবোৰ হৈ গ’ল
সৰি পঁচি মাটি হ’ল
মৰা জোন এটাৰ স্মৃতি পৰিকল্পনা
যিবোৰ হৈ গ’ল
জ্বলি পুৰি ছাই হ’ল
বিভ্ৰান্ত আকাশৰ স্বপ্ন বজ্ৰপাত
একালৰ শোক
একালত ফুলিছে
ৰ’দে তপতাই থকা
উছৱ এটাৰ পিৰালিত
সৰু সৰু অনেক পোহৰৰ বিন্ধাইদি
উজান দি দি আহিছে
তৃতীয় বসন্ত
সংঘাতত সময়
হালি পৰা বেলিত
তেজৰ আবেলি
মৃত্যুকামনা
মৃত্যুচেতনা
যিবোৰ হৈ গ’ল
নঘটাবোৰৰ কৰুণ বিস্ফোৰণ
ফাটি ফুটি ছাৰখাৰ
কথকৰ চকু মুখ ওঁঠ
ইমানতেই পৰিসমাপ্তি
হৈ যোৱাবাৰ দৰ্শকৰ হাত-চাপৰি
মৰা বাঘক জীয়াই তুলিবলৈ
ইতিহাস ভংগ কৰি
বিজ্ঞাপনৰ শিলাবৃষ্টি
…
সম্পাদক, ভূমিৰ কবিতা
লাচিত নগৰ, পাঠশালা
বজালি-৭৮১৩২৫, অসম
ফোন : ৮০১১৯২০৪৪৮
মেইল : digantanibeer@gmail.com
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025