Written by 12:32 pm Poems

মৰমৰ পদ্য

স্মৃতিৰেখা দেৱী

মনোৰম হাজৰিকা ল’ৰাটিৰ নাম,

কম্পিউটাৰ গে’ম খেলে, নাই আন কাম ৷

পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়,

আৰু লৰালৰি কৰি কেনিবা লুকায় ৷

তেনে সময়তে উঠে মাকৰ খং,

‘কিয় হ’বি ল’ৰা তই ইমান অভং ?’

বুলি কৈ মাকে লয় হাতত এচাৰি,

তাকে দেখি ল’ৰাটিয়ে পলায় লৱৰি ৷

পলাব নোৱাৰি বুলি যেয়ে পায় বুজ,

সন্ধি কৰিব খাজে, এৰি থৈ যুঁজ ৷

ল’ৰাটোৱে তেতিয়াই,

মাকৰ গাত জঁপিয়াই –

আদৰেৰে কয়  : অ’ মা মা,

তুমি মোক নামাৰিবানা !

কাণত ধৰিছোঁ, এয়া চোৱাঁ, 

মাৰ-পিট নকৰিবা, এৰাঁ৷

যত্ন কৰিম মই ভাল হ’বলৈ,

মানুহৰ সভ্যতাৰ গম ল’বলৈ৷

তোমাৰ সপোন মই পূৰণ কৰিম,

ভাল মানুহ হ’বলৈ যত্ন কৰিম ৷

পাইছানে নাই মোৰ কথাবোৰ বুজি?

আৰু কিল নাখাওঁ কাহানিও খুজি ৷

এতিয়া ব’লাচোন পাকঘৰলৈ,

ব’লানা, ব’লা মা খৰধৰকৈ;

বৰ মন গৈছে আজি খাবলৈ চুজি৷

মৰমেৰে পুতেকক চুমা এটি খাই,

মাকে সাবটি লয় বুকুত সুমাই ৷  

                     ***

ফোন : ৮৪৮৬০৩৩৮৩৬ 

Visited 7 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close