মূল : এন গ্ৰে
ভাবানুবাদ : যশোৱন্ত নিপুণ
মই মোৰ নীলা কুকুৰাজনীক এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন
মোৰ গাত মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল,
মনে মনে ৰুক্ষ ঘাঁহবোৰৰ মাজেদি,
বৰষুণে ধোৱা আকাশেৰে আহি ৷ মই তাইক কওঁ, ময়েই নীলা বগলী,
আৰু নীলা ভাটৌ৷ আমি অনুচ্চ সুৰত
ফৰাচী ভাষাত কথা পাতোঁ৷ মই তাইক কওঁ
ঘোঁৰা, ষাঁড়, আৰু সিংহ এই সকলোৱেই তৰাবোৰত আছিল
আমাৰ জীৱনৰ বেলেগে বেলেগ সময়ত৷ মই তাইক কওঁ আনকি
সাগৰেও কৰিব নোৱৰা বহুত কিবাকিবিয়েই আছে, যেনে ঘূৰি অহাটো
যেতিয়া সেয়া যোৱাৰ সময় ৷ মই তাইক কওঁ মোৰ হৃদয় প্ৰলয়
জলধিত এখন নাও, এটা কফিন, এখন পালতৰা জাহাজ ৷
মই তাইক কওঁ বৰ্তমান সময় বুলিবলৈ একোৱেই নাই,
কঁহুৱাৰ গোটেই পথাৰখনেই তাইক এহেজাৰ
ভিন্ন উত্তৰ দিব পাৰে৷ মই তাইক কওঁ এটা কুকুৰ
লাইটহাউছ এটা হ’ব পাৰে, এটি ঘৰচিৰিকাই সপোন দেখিব পাৰে
তাৰ গানৰ, টোপনিত কঁপাই তুলিব পাৰে তাৰ কণ্ঠ ৷
মই তাইক কওঁ কেনেকৈ এজনী মায়াৱিনী ধাত্ৰীয়ে গীত গাই প্ৰত্যেক কেঁচুৱাকে তাৰ
নিজৰ নি:শংক গীতটোলৈ লৈ যাব পাৰে৷ এই নিশা, জোনটোৱে এন্ধাৰবোৰ
ঠেলি পঠিয়ায় ৷ মোৰ চুলি তাল গছবোৰত লাগি ধৰে৷ মই তাইক কওঁ মই এজোপা গছ
হ’ব পাৰিলোঁহেঁতেন, তুমি যদি মোক ইয়াত অলপ বেছি সময় ধৰি ৰাখিলাহেঁতেন ৷
মই তাইৰ ডিঙিটো স্পৰ্শ কৰোঁ৷ তাই অস্পষ্ট শব্দ কৰে,
কণী আৰু পাখিৰ তাইৰ গান৷ মই তাইক কওঁ তুমি
এক উচ্ছল তৰংগ আছিলা, বৰ্ষাৰ বিজুলী চমকনিৰে ধুমুহাৰ এজন পুৰুষ৷