Written by 12:22 pm Poems

মৃত্যু নহয় শিল্প

গজেন মিলি

আজি বাতৰিৰ 

প্ৰথম পৃষ্ঠাৰ শিৰোনামতে

এটা অপুৰঠ প্ৰেম

বাঢ়নি পানীত বুৰি

বুৰবুৰণি হৈ ফুটি গʼল

মাক দেউতাক আৰু ভনীয়েকৰ জীয়া সপোন

বুকু ফালি ওলাই অহা শোকৰ টোপালবোৰ 

নৈ:শব্দত খুন্দা খাই বাজি থাকিল দিনে নিশাই

হুমুনিয়াবোৰ ওপঙি ৰʼল বতাহত

চকুলোৱে তিয়াই পেলালে ৰʼদ আৰু নিশাৰ এন্ধাৰক 

দুদিনৰ পাছত জাঁজিৰ সতে ভাহি নুঠিবনে

সপোন ভাঙি নিয়া সেই কৰুণ আৰ্তনাদ

বাকি দিব পাৰিবানে আইৰ হাতৰ তলুৱাত প্ৰাণ-জল

এতিয়াও খুন্দিয়ায়  বুকুৰ কোণে কোণে

সেই দুপৰীয়াৰ আৰ্তনাদ

এজাক আত্মীয়ৰ প্ৰতিবাদ-

মৃত্যু নহয় শিল্প মৃত্যু নিয়ৰৰ কণিকা

কঁচু পাতৰ পানী

হয়তো মৃত্যু, সেইবাবেই শিল্প

যাক খোদিত কৰা হয় তেজৰ ত্ৰিৱেণীত

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close