Written by 7:09 am Poems

মৃত্যুৰ পথেৰে

 মূল : পাবলো নেৰুডা

অনুবাদ : মৃদুল শৰ্ম্মা

 তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা ;

 যদি তুমি ভ্ৰমণ নকৰাঁ,

 যদি তুমি  পঢ়া-শুনা নকৰাঁ,

 যদি তুমি জীৱনৰ শব্দবোৰক নুশুনা,

 যদি তুমি নিজে নিজক মূল্যায়ন নকৰাঁ।

 তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা :

 যেতিয়া তুমি নিজৰ আত্মসন্মানক হত্যা কৰাঁ,

 যেতিয়া তুমি আনক তোমাক সহায় কৰিবলৈ নিদিয়াঁ।

 তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা;

 যদি তুমি তোমাৰ অভ্যাসৰ দাস হৈ পৰাঁ,

 একেটা পথতে প্ৰতিদিনে খোজ কাঢ়ি…

 যদি তুমি তোমাৰ ৰুটিন সলনি নকৰাঁ,

 যদি তুমি বিভিন্ন ৰঙৰ সাজ পৰিধান নকৰাঁ 

 বা তুমি অচিনাকী লোকৰ সৈতে কথা নাপাতাঁ।

 তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা :

 যদি তুমি আনৰ আৱেগ অনুভৱ কৰাৰ পৰা বিৰত থাকাঁ

 তেওঁলোকৰ অশান্ত আৱেগ;

 যিবোৰে তোমাৰ চকু দুটাক জিলিকাই তোলে  

 আৰু তোমাৰ হৃদস্পন্দন কৰি তোলে দ্ৰুত ।

তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা :

যদি তুমি নিজৰ জীৱন সলনি নকৰাঁ

যেতিয়া তুমি তোমাৰ কৰ্ম বা প্ৰেমত সন্তুষ্ট নোহোৱাঁ।

তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা :

যদি তুমি প্ৰত্যাহ্বান গ্ৰহণ নকৰি

অনিশ্চয়তাৰ পৰা   নিৰাপদ নোহোৱাঁ 

যদি তুমি সপোনৰ ফালে নোযোৱাঁ 

যদি তুমি জীৱনত এবাৰলৈ হ’লেও 

নিজকে অনুমতি প্ৰদান নকৰা  পলায়ন কৰিবলৈ

কোনো বুদ্ধিমানৰ পৰামৰ্শৰ পৰা …… ।

 নিজকে নিজে মৰিবলৈ নিদিবা 

 সুখী হ’বলৈ নাপাহৰিবা ।

***

ফোন : +৯১৯৪৩৫০৩৪৭৩৫ 

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close