Written by 10:30 am Articles

মৃতকসকল

মূল (বাংলা) : বুদ্ধদেৱ বসু
অসমীয়া ৰূপান্তৰ : এপ’লো খাটনিয়াৰ

শুনিছোঁ জীৱিতৰ ভৰেৰে এই পৃথিৱী পৰিশ্ৰান্ত৷ কিন্তু ভাব হয় মৃতকৰ সংখ্যা ততোধিক৷

সেয়া কোনখন জগত, য’লৈ তেওঁলোক গুচি যায়? সেয়া কি পাতাল? সেয়া কি অন্তৰীক্ষ, কল্পনাতীত কোনো সুদূৰ?

কোনো বায়ুহীন আকাশত ওপঙি ফুৰে তেওঁলোক? কোনো অতল, অনাৰ্দ্ৰ পানীত সাঁতোৰে? তেওঁলোকৰ ওঁঠ আছে? কণ্ঠস্বৰ? তেওঁলোকে জানেনে যে তেওঁলোক মৃত?

এনেকুৱা লাগে সন্তানে তাত ওভতাই পায় মাকক, প্ৰেমিক-প্ৰেমিকাই হাতত ধৰি ঘূৰি ফুৰে— নিঃশব্দে— যেন তেওঁলোকৰ ভৰিয়ে মাটি স্পৰ্শ নকৰে অথচ তেওঁলোকৰ বাবেই সেউজীয়া মাটি৷

হয়তো বা স্পৰ্শৰ আৰু প্ৰয়োজনেই নাই; তেওঁলোক এতিয়া বিদ্যুতৰ দুটি স্ফুলিঙ্গ, সোঁতৰ দৰে পৰস্পৰে বৈ যায়৷

ভোক আছেনে তেওঁলোকৰ? ঘড়ী আছেনে? আছেনে উৎসৱ, লোকসভা, শতবাৰ্ষিকী? নতুন কোনোবা আহিলে দল বান্ধি আগ বাঢ়ি আহেনে অভ্যৰ্থনাৰ বাবে? কোনো  সাঁকোৰ ৰেলিঙত হাওলি পতাকা উৰুৱায় নে?

নে তেওঁলোক প্ৰত্যেকেই অকলে সীমাহীনভাৱে নিঃসঙ্গ, নে এটা নক্ষত্ৰৰ পৰা আন এটা নক্ষত্ৰৰ দৰেই তেওঁলোকৰ অসীম দূৰত্ব?

এজন মুমূৰ্ষুক দেখিছিলোঁ, ভৰিৰ নখবোৰ দীঘল

গাৰ ছাল ভেকুলীৰ নিচিনা খহটা৷ সি আছিল মোৰ দুৰ্দিনৰ বন্ধু, কিন্তু মই তাত সৰহ সময় নৰ’লোঁ৷ মৃতকৰ দেশত কি সান্ত্বনা পাইছিল সি? কোনোবাই তাৰ ভৰিৰ নখ কাটি দিছিলনে?

কোনো— কোনো মুমূৰ্ষুক মই দেখা নাই৷ সেই দুখী ফূৰ্তিবাজ ডেৰমোন ওজনৰ মহিলাগৰাকী, যাৰ ৰ’দেৰে মোৰ গছপুলি বাঢ়িছিল৷ পাঁচ মিনিটৰ নিলগৰ হাস্পতালত তেওঁ আছিল, মই চাবলৈ নগ’লোঁ৷

এসময়ত এজনী ছোৱালী আছিল গাঁৱত, তাইৰ চকুত আছিল সন্মোহন, কিন্তু স্বামী আছিল বিকাৰগ্ৰস্ত৷ মোৰ বাবে আৰু বহু বেছি কষ্ট তাই পাইছিল, কি ধৰণে তাইৰ মৃত্যু হ’ল সেইটোও মই নাজানিলোঁ৷

কোৱাঁ, দেখা হ’বনে তাত? ক্ষমা খুজিব পাৰিমনে? 

নে তুমিও কাৰ্থেজৰ ৰাণীৰ দৰে মুখ ঘূৰাই গুচি যাবা, মিলি যাবা জোনৰ পাতল আঁচলত? অলপ মাথোঁ দেখা— সেয়াও কি নহ’ব? চকু, মোৰ যুগল নয়ন-ফুল,

তুমি কি ফুলিব নোৱাৰিবা অন্য এখন উদ্যানত?

কিন্তু বহু চেষ্টা কৰিও, একোৰেই ওৰ উলিয়াব নোৱাৰিলোঁ কোনখন দেশ মৃতকৰ৷ ভাবিব পৰা নাই তেওঁলোক কেনেকুৱা৷ মোৰ ম্ৰিয়মাণ ইন্দ্ৰিয়বোৰৰ মাজতেই মই বন্দী৷

সেইবাবেই দেৰাজ খুলি লুকাই-লুকাই ফটোবোৰ চাওঁ,

ঘৰৰ মজিয়াত পায়চাৰি কৰোঁ, চিগাৰেট হোপোঁ; 

মনলৈ আনো ধূসৰ মুখ, মচি যোৱা হাতৰ আখৰ,

আৰু মোক যেন নাম ধৰি মাতিছে, সেই শব্দ৷ 

বিশ্বাস নহয় ইয়াৰ পাছত আৰু একোৱেই নাই!

কোৱাচোন, তোমালোকে জানো আমাক মনত ৰাখিছা? তোমালোকৰ স্মৃতি আছেনে? তোমালোকে জানানে মই এতিয়াও পাহৰা নাই?

বাহিৰত বৰষুণ পৰিছে এই সন্ধ্যা, আন্ধাৰ হৈ আহিছে৷ পৃথিৱী আৰু মই খিৰিকীৰ কাষত ৰৈ ৰৈ

কাণ পাতি থাকোঁ কোনো অস্পষ্ট উত্তৰৰ বাবে—

কিন্তু বৰষুণৰ শব্দৰ বাহিৰে আৰু একোৱেই শুনা নাযায়৷

ঘৰৰ দীৰ্ঘশ্বাসৰ বাহিৰে আৰু একোৱেই আৰু একোৱেই শুনা নাযায়৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close