Written by 9:00 am Poems

মুখৰ কাহিনী

মদাৰজ্যোতি 

মুখবোৰে ফুলবোৰলৈ চাই আছে 

ফুলবোৰে পখিলালৈ 

মুখবোৰে ফুলবোৰলৈ চাই আছে 

ফুলবোৰে বেলিলৈ 

এইমাত্ৰ কলহ এটাই বাকি দিছে নৱজাতকক

মুখবোৰে চাই আছে তাৰ 

তেজে ধaৱা গা 

এখন চিত্ৰ প্ৰদৰ্শনীত ওলমি আছে 

মুখৰ কলাজ 

এখনত পিঠিৰ ফালে মুখ 

মুখত ছাই 

এখনত ভৰিৰ পতাত মুখ 

মুখত গেঙনি 

আন এখনত বুকুৰ মাজত মুখ 

মুখত দেধাৰ পখিলা 

মুখবোৰে পখিলালৈ চাই আছে 

পখিলাই ফুললৈ 

ফুলনিখনলৈ জোৰকৈ বতাহ আহিছে 

মুখবোৰে জোৰকৈ মুদি দিছে চকু 

চকুৰ ভিতৰলৈ মনবোৰ সোমাই গৈছে 

ফুলৰ পাহিবোৰ সৰি পৰিছে 

বেকা হাঁহি এটা বিয়পি পৰিছে 

মুখবোৰৰ মুখত

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close