Written by 8:26 am Poems

মিৰি নাও-ফিৰি নাও

 দিলীপ ফুকন

বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই

লাগি আছিল মিৰি নাও-ফিৰি নাও৷

চর্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও

নাইবা নৈৰাত্মা নাৱৰীয়া৷

প্ৰাচীন পুৰুষ এই নাৱৰীয়াই

কোনোকালে লৌহিত্যত স্নান কৰা নাই

অথচ ঘূলিত পৰা ম’হৰ দৰে

প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত৷

তেওঁৰ হাড়ৰ মাজেৰে সৰকি যায় প্ৰলয় পয়োধি জল

বুকুত আদিগন্ত বালিৰ বিস্তাৰ৷

এই বিধ্বস্ত শৰীৰ সোলকাই থৈ

তেওঁ হৈ পৰে ৰূপকাৰ, ৰূপ লয় ঘাটৈৰ

আৰু কণ্ঠত বাজি উঠে এখনি ৰামধন গগণা:

ফিৰি নাও – ফিৰি নাও – ফিৰি নাও …

ফিৰি – ফ্ৰী – বিনামূলীয়া?

চঞ্চল ছাগ-বৎসৰ দৰে উল্লসিত যাত্ৰীহঁত নাৱত উঠে

এহালি পানীপৰুৱাই টানি নিয়ে নাও

গুৰি ব’ঠাই পানী কাটে জীৱনমুখী কবিতাৰ৷

পাৰ নৌ পাওঁতেই নাৱৰীয়াই পুনৰ পিন্ধি লয়

পৰিত্যক্ত শৰীৰ আৰু সকলোৱে শুনা পায়

এক পুৰাতন থিয় গৰাৰ মহানাদ : মিৰি নাও – মিৰি নাও –মিৰি নাও …

খ্যাতিহীন কবিয়ে কয় :

এই আৰ্তি মহাদিগন্তত ঠেকা খাই

যাৰ বুকুত প্ৰতিধ্বনিত হ’ল

তেওঁ আজিও বিচাৰি ফুৰে সেই নাৱৰীয়াক৷শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close