উচ্চজিৎ দশগিৰি
তাহানি এদিন শ্ৰাৱস্তীৰ অৰণ্যত
সৌম্য প্ৰশান্তিৰে বুদ্ধই ক’লে, ‘‘বন্ধু হোৱা, শান্তি পাবা!’’
অঙ্গুলিমালৰ হাতৰপৰা উদ্যত কুঠাৰ সৰি পৰিল।
এতিয়া আজি
মৃতকল্প এই নগৰীবোৰত বুদ্ধ ক’ত?
সৰি পৰা কুঠাৰবোৰে দেখোন
উদ্যত হোৱাতহে বিচাৰি পাইছে সাৰ্থকতা,
চৌদিশে মাথোঁ স্বাৰ্থান্বেষী মৃত গুণাত্মাবোৰৰ আৰাও!
বুদ্ধই এইবাৰো কৈ উঠিল অৱচেতনৰ পৰা,
“বন্ধু হোৱা, শান্তি পাবা!’’
পৰিকলকৰ আৰণ্যক পৰ্দাত
তেতিয়া ভাহি আছিল
প্ৰাচ্য আৰু প্ৰতীচ্যৰ
একুৰি এটা প্ৰতিভিন্ন বন্ধুত্বৰ প্ৰস্তাৱ।
কল্যাণম মিত্ৰতাং গচ্ছামি!!
(টোকা : পৰিকলক— কম্পিউটাৰ, কল্যাণ-মিত্ৰতা— বুদ্ধই প্ৰদান কৰা এক দৰ্শন, প্ৰতিভিন্ন— পৰস্পৰৰ পৰা ভিন্ন)
লেখকৰ ঠিকনা:মৰিছ নগৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বাসগৃহ চৌহদনতুন দিল্লী, পিন-১১০০০৭ভ্ৰাম্যভাষ: ৯৮৯৯২২০৮৯৮শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা