সঞ্জীৱ সভাপণ্ডিত
আমাৰ ইতিহাসে আমাক যিকণ কয়, তাৰ পৰা আমি জানিব পাৰোঁ যে, আহোমসকল এবাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল– আহিলেই আৰু, ঘূৰি যোৱাৰ নাম নল’লে৷ তেওঁলোকে চীন দেশত থকা বা উত্তৰ মানদেশ বা উত্তৰ থাইলেণ্ডত থকা পুৰণা পিতৃভূমি বা মাতৃভূমিৰ লগত কিবা যোগাযোগ ৰখাৰ একো বতৰা আমি নাজানিলোঁ৷ পূবৰ দুৱাৰো যেনেকৈ তেওঁলোকে বন্ধ কৰি থ’লে কিবা অজ্ঞাত কাৰণত, পশ্চিমৰ দুৱাৰো তেওঁলোকে পৰাপক্ষত বন্ধ কৰিয়েই ৰাখিলে- হয়তো প্ৰতিৰক্ষাৰ কাৰণতে৷
তাৰ ফলত কি হ’ল?
ত্ৰিপুৰাৰ ৰজাবিলাক বংগদেশৰ দ্বাৰা অৱৰুদ্ধ হৈ থকাৰ নিচিনাকৈ থাকি থাকিও ত্ৰিপুৰী হৈ থাকিল৷ কিন্তু ‘কিমান’ ত্ৰিপুৰী হৈ থাকিব পাৰিলে? আনকি মহাপ্ৰতাপী ত্ৰিপুৰী ৰজা বীৰবিক্ৰম মাণিক্য বাহাদুৰৰ দিনতো ত্ৰিপুৰা ‘কিমান’ দূৰ ত্ৰিপুৰা হৈ থাকিব পাৰিলে?
তাৰ ফলত কি হ’ল?
অৰুণাচল প্ৰদেশৰ মানহ ‘কিমান’ চীনলৈ গ’ল বা ভূটানলৈ গ’ল বা অসমলৈ আহিল৷ তাৰ ফলত কি হ’ল?
নগালেণ্ডৰ মানুহ ‘কিমান’ ম্যানমাৰলৈ গ’ল বা অৰুণাচললৈ গ’ল বা অসমলৈ আহিল৷
তাৰ ফলত কি হ’ল?
মণিপুৰৰ নাট্যকৰ্মী কানহাইলালে এখন বাছ ভাড়া কৰি পৰিবাৰকে ধৰি এদল মানুহ লৈ ইম্ফলৰ পৰা গৈ শিলচৰ হৈ ঢাকাত গৈ নাটক কৰিলেগৈ৷ ৰতন থিয়ামে শ্বেইক্সপীয়েৰৰ নাটক ‘মেকবেথ’ক মণিপুৰী পোছাক পিন্ধাই ইংলেণ্ডত মঞ্চস্থ কৰি থৈ আহিলেগৈ৷ তেওঁলোক কিমান মণিপুৰী হৈ থাকিল৷
তাৰ ফলত কি হ’ল?
আজিকালি পুৱা ৪.৩০ মান বজাৰ পৰা ৬.৩০ মান বজাৰ ভিতৰত গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চলকে বাংলাদেশ যেন লাগে৷ এন্ধাৰতে কামত ধৰা নিৰ্মাণ শ্ৰমিক, ৰাস্তাত পৰি থকা বটল বোটলা মানুহ, কাম বিচাৰি ওলোৱা হাজিৰা শ্ৰমিক আদি সকলোবোৰ মূলতঃ বাংলাদেশ বা পূৰ্ববংগীয় মূলৰ৷ সকলোৰে হাতে হাতে ম’বাইল ফোন আৰু সেইবিলাকত বেছ জোৰদাৰকৈ বাজে সিবিলাকৰ মাতৃভাষা তথা তেওঁলোকৰ প্ৰিয় সংগীত৷ অসমৰ চৰাইৰ কলৰৱেৰে অসমৰ আকাশ বতাহ মুখৰিত হোৱাৰ আগতেই বাংলা মাত-কথা আৰু সংগীতেৰে অসমৰ ৰাজধানী গুৱাহাটী ব্যঞ্জনাময় হৈ থাকে৷
তাৰ ফলত কি হ’ল?
এইবিলাক প্ৰশ্নৰ কি উত্তৰ আছে বা থাকিব পাৰে! প্ৰশ্ন একটাই; প্ৰসংগহে বেলেগ৷ গতিকে উত্তৰ বেলেগ বেলেগ হ’ব পাৰে৷
কিজানি উত্তৰ থাকিবই নোৱাৰে৷ কিজানি প্ৰশ্নবিলাকেই সঠিক হোৱা নাই৷ কিজানি উত্তৰ হিচাপে কিছুমান নতুন প্ৰশ্নৰ সৃষ্টি হ’ব পাৰে৷
এতিয়া কথাটো হ’ল উত্তৰ জানিবলৈ কথা জানিব লাগে নে প্ৰশ্ন কৰিবলৈহে বহুত কথা জানিব লাগে?
এনেবোৰ ক্ষেত্ৰত প্ৰশ্ন কৰাটোহে অধিক সমীচিন হ’ব বুলি ভাবিলোঁ৷
অৰুণাচল বা নেফাৰ মানুহে অৰ্থাৎ নিচি-ডফলা চিংফৌ আদি মানুহে মেকবেথ বা অথেল’ বা পিগমেলিয়ন বা Waiting for Godot নাটক মঞ্চস্থ নকৰিলে কেলেই? নগালেণ্ডৰ মানুহে অৰ্থাৎ আও, আংগামী, টাংখুল, কুকি, কন্যাক নগাই এনে নাটক নকৰে কেলেই? ভূটানৰ মানুহে New York Philharmonic Orchestra নুশুনে কেলেই? অসমৰ মানুহে জাপানী মানুহৰ নিচিনাকৈ Crop Circle নকৰে কেলেই খেতিত? মিজোৰামত ভাওনা নহয় কেলেই?
কি বিসদৃশ প্ৰশ্ন!
মোৰ নিজৰ ওচৰতে এইবিলাকৰ একো উত্তৰ নাই৷
মানুহবোৰৰ মনবিলাকক কিবা প্ৰগেম কৰা- ঠাঁচত গঢ় দিয়া আছে নেকি যে তাৰ বাবেই তেওঁলোকে সেইবিলাক কৰিব নোৱাৰে বা কৰাৰ কথা নাভাবে বা কৰিব পৰা নাই? মানুহৰ মন এনেকৈ প্ৰগেম কৰিব পাৰি নেকি- কম্পিউটাৰ প্ৰগেম কৰাৰ নিচিনাকৈ৷ কম্পিউটাৰবিলাক Software- algorithm আদিৰ যোগেদি প্ৰগ্ৰেম কৰা হয়৷ কিন্তু মানুহক কিহে ‘প্ৰগ্ৰেম’ কৰে! মানুহৰ মগজুটোওটো এটা কম্পিউটাৰ– Super Computer-এই।
এটা সময়ত পৃথিৱীত ‘কমিউনিজিম’ নামৰ ভাবধাৰা প্ৰচলিত আছিল৷ এই ভাবধাৰামতে এজন মানুহ প্ৰথমতে কমিউনিষ্ট দলৰ সদস্য; তাৰ পাছতহে তেওঁলোক মানুহ৷ উত্তৰ কোৰিয়া, চীন, কিউবা আদি দেশত এই মতবাদ মতে মানুহ চলে৷ গতিকে তেওঁলোকৰ মনবোৰ কমিউনিষ্ট ভাবাদৰ্শৰ দ্বাৰা programmed৷ কম্পিউটাৰবিলাকে যেনেকৈ প্ৰগ্ৰেমৰ বাহিৰত একো ভাবিব বা কৰিব নোৱাৰে, তেনেকৈ একোটা ভাবাদৰ্শত বিশ্বাসী বা অনুৰক্ত বা নিয়োজিত হৈ পৰা মানুহে অন্য কথা গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয় বা সেইবোৰ একো কৰিব লগা কথা বুলি নাভাবে৷
তালিবানবিলাকৰ কথাবোৰো তেনেকুৱা৷ তেওঁলোকে বিশ্বাস কৰে যে ইছলামেই হ’ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম৷ ইয়াৰ ব্যতিক্ৰম হ’ব নোৱাৰে৷ বাকী সকলোবোৰ নিধক আৰু নিপাত হ’বৰ যোগ্য৷ সেয়ে তেওঁলোকে অন্য ধৰ্ম বা অন্য মতবাদৰ মানুহক নিৰ্বিবাদে হত্যা কৰে৷ তেওঁলোকে ভাবে যে সেয়া এটা কৰিবলগীয়া কাম৷ এই হত্যা একো গৰ্হিত কাম নহয়৷ গতিকে তেওঁলোকৰ একো অপৰাধবোধ নাই৷
তেনেকৈ তেওঁলোকে নাৰীক কেৱল যৌন সম্ভোগৰ বাবে, সন্তান জন্ম দিবৰ বাবে, সন্তান লালন পালন কৰিবৰ বাবে, ভাত-পানী আদি খোৱা-বোৱা যোগান ধৰিবৰ বাবে আৰু পুৰুষক সেৱা কৰিবৰ বাবেহে সৃষ্টি কৰা হৈছে বুলি বিশ্বাস কৰে৷ সেয়ে তেওঁলোকে সেইমতে আচৰণ কৰে৷ তেওঁলোকৰ পৰিৱেশে- তেওঁলোকৰ দীক্ষাই- তেওঁলোকৰ ধৰ্মই তেওঁলোকৰ মনবিলাক তেনেকৈয়ে গঢ় দি তুলিছে৷ তাৰ বাহিৰে তেওঁলোকে একো ভাবিব নোৱাৰে৷ তেওঁলোক programmed ৷
হিটলাৰে সৰহ সংখ্যক জাৰ্মান মানুহকে নাৎসী ভাবাদৰ্শৰে এনেকৈ উদ্ধুদ্ধ কৰি তুলিছিল যে তেওঁলোকে বিশ্বাসেই কৰি পেলাইছিল যে জাৰ্মানবিলাক নিভাঁজ আৰ্য ৰক্তৰ বাহক, জাৰ্মান জাতি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জাতি, সমগ্ৰ পৃথিৱীৰ ওপৰত শাসন কৰিবলৈ তেওঁলোকৰহে অধিকাৰ আছে আৰু ইহুদীবিলাক হৈছে তেওঁলোকৰ ‘যতমানে’ অনৰ্থৰ মূল; গতিকে সিবিলাকক হত্যা কৰিব লাগে৷ এইটো একো দূষণীয় কথা নহয়৷ গতিকে একো অপৰাধবোধ নোহোৱাকৈয়ে তেওঁলোকে ইহুদী হত্যা কৰি গ’ল৷
ঠিক তেনেকৈ আমেৰিকানবিলাকে ভাবে যে তেওঁলোক হ’ল সমগ্ৰ বিশ্বৰ মুক্ত মানৱৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি৷ মানৱ অধিকাৰ, বাক স্বাধীনতা, মুক্ত অৰ্থনীতি আদিৰ কথাত তেওঁলোকৰ কথাই শেষ কথা৷ এই কথাবিলাক আওৰাই আওৰাই তেওঁলোকে পৃথিৱীত ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সামৰিক ৰাজনৈতিক অৰ্থনৈতিক হঠকাৰিতা আৰু স্বেচ্ছাচাৰিতা চলাই আহিছে৷
আমেৰিকা ধনী দেশ৷ তাত মানুহ ওভতগোৰে নাচিলেও কোনেও একো নকয়; মদ-ড্ৰাগচ, সমলিংগ, যৌনতা আদি সকলো কথাকে সহ্য কৰাৰ কাৰণেও আমেৰিকাক মানুহে নিজকে মুক্ততা (liberalism) আৰু স্বাধীনতা (freedom)-ৰ ধ্বজাবাহক বুলি ধৰি লয়৷ যদিও আমেৰিকাৰ এইবিলাক কথাই মানৱীয়তা তথা বিশ্বৰ মানৱসভ্যতাক বিস্তৃতভাৱে আৰু প্ৰভৃতভাৱে অপকাৰ কৰিছে তথাপি মানুহৰ মনত আমেৰিকা বিশ্বমানৱৰ মুক্তিৰ প্ৰতীক বুলি এটা ধাৰণা বদ্ধমূল হৈ গৈছে৷
মানুহৰ মনবিলাক এনে ধৰণেই গঢ় লৈ উঠে৷
বৰ্তমান ভাৰততো ভাৰতীয় মানুহৰ মন নতুনকৈ গঢ় দিয়াৰ- পুৰণা বহু কথা বা ধাৰণা ভাঙি পেলাই- এটা সংঘবদ্ধ প্ৰচেষ্টা চলিছে বুলি মানুহে ক’বলৈ লৈছে বা ভাবিবলৈ ধৰিছে৷ এই চেষ্টা চলোৱা মানুহবিলাকে কৈছে যে দুই তিনি শতকজোৰা মোগল তথা মুছলমানৰ শাসনে আৰু প্ৰায় দুশ বছৰীয়া বৃটিছৰ শাসনে পুৰণা ভাৰতীয় সভ্যতা– মূল্যবোধ- শিক্ষা-সমাজ ধ্বংস কৰি থৈ গৈছে৷ সেইবিলাকৰ এতিয়া পুনৰুদ্ধাৰ হ’ব লাগে৷
গতিকে নতুন দীক্ষাৰে মানুহবিলাকক দীক্ষিত কৰিব লাগে৷ অৰ্থাৎ ভাৰতীয় মানুহৰ মন নতুনকৈ গঢ়িব লাগে৷
এইটো একো নতুন কথা নহয়৷ যুগে যুগে পৃথিৱীত শক্তি কেন্দ্ৰবিলাকে (The power that be) মানুহৰ মন গঢ়াৰ কামকে কৰি আহিছে৷ এটা সময়ত ইংৰাজে কৰা কাম এটা সময়ত জাপানে কৰিছিল, আজি সেই কাম Tesla, Amazon, Microsoft, Facebook আদিয়ে কৰিবলৈ লৈছে৷ ইংৰাজে কৰিলে Robust technology is the most reliable জাপানে কৰিলে Small is beautiful-small is reliable আমেৰিকাই কৰিছে Everybody is powerful.
গতিকে মানুহৰ মন এতিয়া যেনেকৈ তেনেকৈ গঢ় ল’বলৈ লৈছে আৰু ইয়াত আটাইতকৈ বেছি অৰিহণা যোগাইছে প্ৰযুক্তিয়ে৷ এই প্ৰযুক্তি আকৌ আগৰ দৰে মাত্ৰ কিছুমানৰ হাতত থকা নহয়৷ এতিয়া যাৰে তাৰে হাতত প্ৰযুক্তি৷ এতিয়া যিকোনো মানুহ শক্তিশালী৷ এতিয়া যিকোনো মানুহে মানুহৰ মন তাক্ষণিকভাৱে গঢ় দিব পাৰে৷
আগতে ইয়াত আৱদ্ধ মানুহে মানুহৰ মন গঢ় দিছিল৷ পূবে-পশ্চিমে-উত্তৰে-দক্ষিণে দুৱাৰ খিৰিকী বন্ধ কৰি অসম বা আহোম ৰাজ্যত মানুহবোৰ সোমাই আছিল৷ গতিকে মানুহৰ মন বেলেগ আছিল- অনবৰতে বাহিৰৰ মানুহলৈ ভয় বা শংকা আছিল৷ আত্মৰক্ষাৰ প্ৰৱণতাত সন্ত্ৰস্ত মানুহৰহে মন গঢ় লৈ উঠিল৷
কম-বেছি পৰিমাণে বাকীবোৰৰ ক্ষেত্ৰতো কথাটো তেনেকুৱাই৷ মণিপুৰ অলপ ওলাই গ’ল পৰৰ্ৱতী কালত৷ অসম ওলাই আহিল কিছু পৰিমাণে৷ মেঘালয়ৰ অকল শ্বিলঙে কিছু বাহিৰৰ বতাহ পালে যদিও ব্ৰেখট্ বা ইবচেনৰ নাটক কৰিব পৰা নহ’লগৈ৷ ভূটান-চিকিমো নিজৰ ভিতৰতে ‘এক ধৰণে’ থাকিল, হয়তো বৌদ্ধ ধৰ্ময়েই সাঁচত দি গ’ল৷
মিজোৰামৰ ‘মন’ পোনে পোনে খ্ৰীষ্টান মিছনেৰীয়ে গঢ়ি দিলে৷ নগালেণ্ডৰ ‘মন’ও খ্ৰীষ্টান মিছনেৰীয়ে গঢ়ি দিলে৷ এতিয়া অৰুণাচল প্ৰদেশতো খ্ৰীষ্টানন ধৰ্মইহে মানুহৰ মন গঢ়িছে৷ অসমত হিন্দু, খ্ৰীষ্টান, ইছলাম ধৰ্মই সমান জোৰেৰে মানুহৰ মন প্ৰক্ষালিত বা প্ৰগ্ৰেম কৰিবলৈ ধৰিছে৷ আনহাতে ত্ৰিপুৰাৰ মানুহ বংগ সংস্কৃতিৰেই বিধৌত হৈ গ’ল৷
য’তে যাৰ যি ‘শক্তি’, তাতে সেই সেই মানুহৰ মন গঢ়াৰ প্ৰক্ৰিয়া বা কুচকাৱাজ গঢ় লৈ উঠে আৰু অব্যাহত থাকে৷ এতিয়া প্ৰশ্নটো হ’ল কি এই শক্তি?
আগতে ভাৰতীয় মানুহে পুৱা সূৰ্য উঠাৰ আগেয়েই শেতেলি ত্যাগ কৰাটো এটা পৰম্পৰা আছিল বা অভ্যাস আছিল বা স্বভাৱ আছিল৷ কিন্তু আজিকালি আমেৰিকাৰ কোম্পানীৰ চাকৰিত নিযুক্ত ভাৰতৰ মানুহে ওৰে নিশা সাৰে থাকি কম্পিউটাৰত কাম কৰে আৰু দিনত শোৱে, কাৰণ আমেৰিকাত দিন মানে আমাৰ ইয়াত ৰাতি৷ তেওঁলোকে ৰাতি সাৰে নাথাকে৷ তেওঁলোকক দিনত কাম লাগে৷ গতিকে ভাৰতীয় মানুহে ভাৰতত ৰাতি টোপনি ক্ষতি কৰিবলৈ বাধ্য৷
শক্তিশালী মানুহে মানুহৰ ‘মন’ গঢ়াৰ এইটো এটা উদাহৰণহে মাত্ৰ৷ আমাৰ গুৱাহাটীত পুৱাৰ বংগ ভাষাৰ আলোড়ন শক্তিশালী মানুহৰেই চিন৷ সেই আলোড়নত আমাৰ পাণদোকানী– চাহদোকানী- কলবেপাৰী আদি সকলোৱেই গুঞ্জৰি উঠিবলৈ ধৰিছে৷ কেৱল ওখ দালান- বিলাসী গাড়ী বা উচ্চ পদবীৰ চাকৰিয়েই শক্তিশালী মানুহৰ চিনাকি নহয়৷ এই শ্ৰমিক দল- এই চাফাইৰ দল, বৰ্তমান এককভাৱে শক্তিশালী আৰু অসমৰ আধাতকৈও বেছি ঠাইৰ মানুহৰ মন নিৰূপণ কৰা কাৰক হৈ পৰিছে৷
গতিকে এনেকৈ ভাবিব পাৰি যে মানুহৰ ভৌগোলিক বা ৰাজনৈতিক বা ধৰ্মীয় অৱস্থানে সমাজত মানুহৰ মন গঢ় দিয়ে যদিও অৰ্থনৈতিক কথাও এক নিশ্চিত কাৰক৷ কোনোবা এখন ঠাইৰ মানুহ কিয় ‘তেনেকুৱা’ বুলি এটা বিস্তৃত প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰি৷ এটা সুস্থ বিতৰ্কৰ সূত্ৰপাত কৰিব পাৰি বুলি আশা কৰি এই লেখাৰেই পাতনি মেলিলোঁ৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা