নিজৰা ৰাজকুমাৰী
গছ-মেঘ-বতাহ
আৰু ফুলবোৰৰ অধিকাৰৰ কথা ক’বলৈ
সদায়েই সাজু আছিল পৃথিৱী
ঈশ্বৰে আঙুলিৰ আঁক এটাৰে নৈ এখন গঢ়িছিল
আৰু এমোকোৰা সুগন্ধিৰে লিখিছিল মানুহৰ সৌভাগ্য
মানুহবোৰ তেতিয়া ক’ত আছিল!
যুদ্ধৰ পাছত যুদ্ধৰ সন্ধানত
অঘৰী হ’ব খোজা মানুহবোৰে ক’ত পুতি পেলাইছিল
সেই সুগন্ধি সৌভাগ্য
লোভ-অহংকাৰত জহিছিল ভৰিৰ তলৰ মাটি
অথচ মানুহেই আছিল ত্ৰিভুৱনৰ প্ৰকৃতি
আমি হাতে হাত ধৰি
ঈশ্বৰ-নৈৰ উপত্যকাত বহি থাকোঁতে
তেওঁ মোক যুদ্ধৰ কথাই কৈছিল
শিলৰ বুকু ভেদিহে হেনো গজি উঠিছিল মানুহৰ ইতিহাস
সেয়ে মানুহবোৰ অবুজ
মানুহবোৰ অসমান
মানুহবোৰ কণ্টকাৰিৰ পাত
জঁই পৰিবই খুজিছিলোঁ
হঠাৎ মুঠি ভৰি আহিল অযুত নিযুত বেলিৰ পোৱালি
মই তেওঁৰ বুকুত হাত থ’লো
শূন্যতাৰো ইমান উত্তাপ!
মই তেওঁক সেই ঘাটবোৰৰ কথা ক’ব খুজিলোঁ
যিবোৰ ঘাটেদি ফিছা কোবাই উঠি আহে ৰ’দফুল
মই তেওঁক ক’ব খুজিলো
ছেঁই ধৰা টগবগ লতিকাৰ দৰে সহজ
ধ্বজ-দণ্ডৰ দৰে পোন মানুহবোৰৰ কথা
শিলৰ পৰা শইচ হ’ব জানে বাবেই
মানুহ নিজেই পৃথিৱী
মানুহ যাদুকৰ মানুহ মায়া আকাশী
ঈশ্বৰ-নৈ বাঢ়ি আহিল
তেওঁ মোৰ দুচকুত পানী সিঁচি ৰুই দিলে
গছ-মেঘ-বতাহ আৰু ফুলবোৰৰ বেলাড…
বুকুৱে বুকুৱে মানুহৰ অধিকাৰৰ কাহিনী
——–
(কণ্টকাৰি—পাতত বহুত কাঁইট থকা এবিধ বনৰীয়া গছ ।)