Written by 9:23 pm Articles

মহাবৃত্ত

মৃদুল শৰ্মা

৪ সত্যৱতী ৷

কি যে জঘন্য আছিল সেই আয়োজন! 

কেৱল এজনী উদ্ভিন্নযৌৱনা যুৱতীৰ শাৰীৰিক সংসৰ্গ লাভৰ কাৰণেই মহৰ্ষি পৰাশৰৰ দৰে জ্যেষ্ঠ আৰু সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি এজনে মোৰ পিতৃৰ সৈতে যে তেনে এক গোপন মন্ত্ৰণা আৰু ঘৃণনীয় আয়োজন কৰিছিল সেয়া স্মৰণ কৰিলেই মোৰ এই শৰীৰ-বদ্ধ জীৱনটোলৈ ঘৃণা ওপজে৷ সম্ভৱতঃ সেই মুহূৰ্তত অসহায় অন্ধবিশ্বাসী মোৰ পিতৃৰ মনত আছিল নিজৰ একান্ত কন্যাৰ ভৱিষ্যৎ সম্পৰ্কীয় দুৰাকাংক্ষা আৰু আনজনৰ মনত আছিল কেৱল মোৰ পৰিপূৰ্ণ শৰীৰটোৰ প্ৰতি উপভোগৰ বিকৃত-লোলুপ দৃষ্টি৷ 

আৰু সেই দৃষ্টিত পুৰি মৰিছিল প্ৰজ্জ্বলিত অগ্নিত প্ৰৱেশ কৰি মৃত্যুক আলিঙ্গন কৰা পতংগৰ দৰে এজনী যুৱতী যাৰ নাম আছিল সত্যৱতী৷

যাক ধীৱৰ নায়কৰ কন্যা হোৱা বাবে স্বজ্ঞাতিৰ সকলোৱে গৌৰৱ আৰু শ্ৰদ্ধাৰে মাতিছিল মৎস্যগন্ধা বুলি৷ 

যাৰ শৰীৰৰ মৎস্যময় গন্ধ আঁতৰ কৰি বিভিন্ন সুগন্ধি লেপনাদিৰে সেই শৰীৰত কৃত্ৰিম সুগন্ধি সৃষ্টিৰ ৰহস্য শিকাইছিল মহৰ্ষি পৰাশৰৰ পৰিচাৰিকাবৃন্দই৷

শেষলৈ যাৰ নাম হৈছিলগৈ যোজনগন্ধা৷

যিকোনো যুৱতীৰ দৰেই মোৰো আছিল জীৱনটোক সুসজ্জিত কৰি তোলাৰ স্বপ্ন৷ আছিল স্বপ্ন ৰচনা কৰিব পৰা এটা মন৷ কিন্তু নাছিল কোনো অধিকাৰ৷ স্বগোত্ৰৰ অনেক পুৰুষেই¸ মোৰ প্ৰতি কেৱল লোলুপ দৃষ্টিহে নিক্ষেপ কৰিছিল৷ তেনে দৃষ্টিয়ে মোকো মাজে মাজে বিচ্যুত কৰিব খুজিছিল৷ কিন্তু মইতো আছিলোঁ তেওঁলোকৰ একমেৱ দলনেতাৰ দুহিতা৷ 

তেন্তে? মই স্বগোত্ৰৰ মোতকৈ সৰ্বতোপ্ৰকাৰে নিম্নস্থানৰ পুৰুষৰ বক্ষলগ্না হ’বলৈ যাম কিয়? নগ’লোঁ মই৷ 

বহু ক্ষত্ৰিয় ৰাজপুৰুষেও লক্ষ্য কৰিছিল মোক৷ কিন্তু সামাজিকভাৱে মোৰ কাষলৈ আহিবলৈ তেওঁলোকৰ সাহস নাছিল৷ কাৰণ আছিল মোৰ বংশ পৰিচয়, মোৰ শৰীৰৰ বৰণ, মোৰ শৰীৰৰ সৈতে সংশ্লিষ্ট মৎস্যময় গন্ধ৷ 

সেয়েতো মোক সকলোৱে মৎস্যগন্ধা বুলিছিল!

মহৰ্ষি পৰাশৰেও দৃষ্টিপাত কৰিছিল মোলৈ৷ অৱশ্যে ঋষিৰ প্ৰতি ময়ো মোৰ অন্তৰত অনুভৱ কৰিছিলোঁ কিবা এক দুৰ্বলতা৷ উচ্চ বংশজাত হৈও বন-বিটপীৰে পৰিপূৰ্ণ নিৰ্জন অৰণ্যৰ মাজত যন্ত্ৰণাৰে ক্লিষ্ট হোৱা এটা জীৱন উদ্‌যাপন কৰা মহৰ্ষিক মই সকলো দিছিলোঁ৷ মহৰ্ষি পৰাশৰৰপৰাইতো মই শৰীৰত সুগন্ধি লেপনৰ সকলো বিদ্যা শিকিছিলোঁ৷

তেখেতেও তেখেতৰ সকলো দিছিল মোক৷

শাৰীৰিক ইন্দ্ৰিয় উপভোগৰ যেন নামান্তৰ আছিল সেই প্ৰায় এটা বছৰ৷ সেয়াই যেন আছিল পৰমানন্দ! পৰম আনন্দত সেই নিৰ্জন নদীদ্বীপৰ মাজত এটা বছৰ অতিক্ৰম কৰাৰ পাছত কেইদিনমানৰ শাৰীৰিক পীড়া ভোগ কৰিবলগীয়া অৱশ্যেই হৈছিল৷ সেইখিনি অৱশ্যে মই আনন্দৰেই ভোগ কৰিছিলোঁ৷ নিজৰ কৰ্মফল বুলি৷ 

কিছু আনন্দৰ বিনিময়ত লাভ কৰা কিছু শাৰীৰিক ক্লেশ বুলি৷

সেই এটা বছৰতকৈও অধিক কাল সেই নিৰ্জন দ্বীপলৈ মোৰ পিতৃ-মাতৃ কিংবা আন কোনো স্বগোত্ৰৰ লোকৰ আগমন নোহোৱাটো মই লক্ষ্যই কৰা নাছিলোঁ৷ ইন্দ্ৰিয়ই দিয়া আনন্দই, কেৱল ইন্দ্ৰিয়জ আনন্দই মোৰ চাৰিওফালে যেন তৰি দিছিল কুঁৱলিৰ এখন আৱৰণ যি নদীবক্ষৰ জলকণিকাসৃষ্ট আৱৰণখনৰ সৈতে একাকাৰ হৈ গৈছিল৷

তাৰ মাজতে মই প্ৰসৱ কৰিছিলোঁ মোৰ সুস্বাস্থ্যবান পুত্ৰ সন্তানক৷ মহৰ্ষি পৰাশৰ আনন্দিত হৈছিল৷ ময়ো৷

কিন্তু পুত্ৰজন্মৰ মাত্ৰ এমাহৰ পাছতে এদিন মোক আশ্বৰ্যচকিত কৰি তুলিছিল মহৰ্ষিয়ে৷ পুত্ৰৰ সৈতে মোক বিচ্ছিন্ন কৰি মহৰ্ষিয়ে কৈছিল, ‘তোমাৰ এই পুত্ৰক মই ব্যাসমণ্ডলীৰ মাজত শ্ৰেষ্ঠৰূপে গঢ়ি তুলিম৷ তোমাৰ প্ৰতি তোমাৰ পুত্ৰ চিৰকাল অনুগত হৈ থাকিব৷ তোমাৰ জীৱনৰ যিকোনো সংকটৰ মুহূৰ্তত স্মৰণ কৰিলেই তুমি তেওঁৰ সহযোগ লাভ কৰিবা৷ সম্প্ৰতি মই তেওঁৰ শিক্ষা-দীক্ষাৰ সমুচিত ব্যৱস্থাপনা কৰিম৷’

ইমান সহজ জানো জন্মদাতৃ মাতৃ এগৰাকী নিজৰ সন্তানৰপৰা আঁতৰি থকা? ইমান সহজনে সন্তানৰপৰা মাতৃক বিচ্ছিন্ন কৰিবলৈ আন কোনোবাই সিদ্ধান্ত গ্ৰহণ কৰা? … আৰু মাতৃগৰাকী যদি মোৰ দৰে অবিৱাহিতা হয় তেন্তে? তেনে অৱস্থাত? অবিৱাহিতা জননীৰ মাতৃ হোৱাৰ অৰ্হতা নাথাকে নেকি?’

উঃ! মোৰ বাবে সহজ নাছিল একো৷ কিন্তু মই সেই সময়ত সকলো মানি ল’বলগীয়া হৈছিল৷ কাৰণ আছিল মোৰ পৰিচয়ৰ দুৰ্বলতা৷

তাৰ পাছত মই প্ৰত্যাৱৰ্তন কৰিছিলোঁ মোৰ পিতৃগৃহলৈ৷

আৰু আশ্চৰ্যত মই চমকি উঠিছিলোঁ৷ মোৰ বিষয়ে মই নিজে নজনা অনেক সম্বাদ মোৰ সম্মাননীয় পিতৃ-মাতৃৰ বচনস্বৰূপে শুনি মই যেন নিজকে চিনি নোপোৱা হৈ পৰিছিলোঁ৷

প্ৰকৃততে মোৰ পিতৃদেৱৰ সম্মুখত মহৰ্ষি পৰাশৰে অনেক মিথ্যাচাৰৰ আশ্ৰয় লৈছিল৷ মোৰ শাৰীৰিক সান্নিধ্য লাভ কৰিবৰ কাৰণেই তেওঁ হেনো পিতাৰ সম্মুখত কৈছিল, সত্যৱতীয়ে যদি গৃহবাসীসকলৰপৰা বিচ্ছিন্ন হৈ যমুনা-বক্ষৰ দ্বীপত সম্পূৰ্ণ এটা বছৰৰ কাৰণে তপস্যা কৰে তেন্তে তেওঁ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজবংশৰ বধূৰূপে ইতিহাসৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হোৱাৰ স্বীকৃতি লাভ কৰিব৷

কি কল্পনা ! কি অভিসন্ধি ! কি নীচতা !

সেই দ্বীপত মোৰ তপস্যা কি আৰু কেনে পৰ্যায়ৰ আছিল মোৰ সৰল পিতৃদেৱে যদি জানিলেহেঁতেন!

নিৰক্ষৰ আৰু অন্ধবিশ্বাসী মোৰ অসহায় পিতৃয়ে সেই সকলোখিনি বিশ্বাস কৰিছিল যিখিনি জঁটাধাৰী ব্ৰহ্মচাৰী বুলি খ্যাতিসম্পন্ন উচ্ট বংশজাত শাস্ত্ৰজ্ঞ বুলি বিৱেচিত লম্পট চৰিত্ৰৰ বুদ্ধিজীৱি ব্ৰাহ্মণৰ মুখেৰে পৰিকল্পিতভাৱে প্ৰকাশ হৈছিল৷ সেই বচনসমগ্ৰ শ্ৰৱণ কৰি উচ্চবংশৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়বৰ্গৰ উচ্চ জাত্যাভিমানে বাৰংবাৰ আহত কৰা মোৰ পিতৃ ধীৱৰ-নায়কৰ স্বাভিমানে যেন প্ৰতিশোধ লোৱাৰ পথ এটাহে বিচাৰি পাইছিল মহৰ্ষি পৰাশৰৰ সেই কথাৰ মাজত৷ চিৰদিন আমাক নিম্নস্থানৰ মানুহ বুলি গণ্য কৰা ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ ৰক্তত নিজৰ পুত্ৰীৰ যোগেদি ধীৱৰৰ উপাদান ৰোপণ কৰাৰ সপোন দেখিছিল তেওঁ৷ 

কোনে জানে, সেই সপোনো যে তেওঁক নাৰীদেহলোলুপ কামান্ধ মহৰ্ষি পৰাশৰেই দেখুউৱা নাছিল?

পিতৃদেৱে আনন্দ মনেৰেই মোক পঠিয়াই দিছিল যমুনাৰ বক্ষৰ সেই দ্বীপলৈ৷ মহৰ্ষিয়ে সকলো আয়োজন কৰি ৰাখিছিল৷ তাত এটা ধুনীয়া পৰ্ণকূটীৰ নিৰ্মাণ কৰি ৰখা হৈছিল৷ পৰিচাৰক-পৰিচাৰিকাও আছিল কেইবাগৰাকীও৷

সেই কূটীৰতে মহৰ্ষিৰ সাহচৰ্যত মই আশৈশৱ পৰিচিত জীৱনৰ সৰল, বন্য প্ৰাত্যহিকতাক সম্পূৰ্ণৰূপে ত্যাগ কৰি এক প্ৰকাৰ কৃত্ৰিম বন্য প্ৰবৃত্তিৰ অনাৱিষ্কৃত পুলকৰ মাজত অৱগাহন কৰিছিলোঁ অনেক দিন, অনেক ৰাতি৷ 

প্ৰত্যাগমনৰ পাছত সকলো কথা অৱহিত হৈ মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিলোঁ৷ মোৰ মনত ক্ৰোধ কিংবা শোক একোৱেই সৃষ্টি হোৱা নাছিল৷ 

সকলোৱে মোক কুমাৰী বুলিয়েই গ্ৰহণ কৰিছিল৷ কিন্তু মই এক মুহূৰ্তৰ কাৰণেও মোৰ সন্তানৰ প্ৰতিচ্ছবিখন মনৰপৰা আঁতৰ কৰিব পৰা নাছিলোঁ৷…

পৰৱৰ্তী সময়ত শুনিবলৈ পালোঁ ব্যাস গোষ্ঠীৰ এজন তপোব্ৰত যুৱঋষিয়ে হেনো বিক্ষিপ্ত হৈ থকা বেদসমগ্ৰ চতুৰ্ভাগত বিভাজন ঘটাই সংকলিত কৰিছে৷ 

মই মনে-প্ৰাণে পৰমেশ্বৰক প্ৰাৰ্থনা জনালোঁ গোপনে, সেই ঋষিকুমাৰ যেন মোৰ পুত্ৰই হয়!

কিন্তু কেনেকৈ জানিম মই? মোৰ পুত্ৰৰ জন্মৰ কেৱল এটা মাহহে পূৰ্ণ হৈছিল৷ তেতিয়াই ঘটিছিল সেই আকস্মিক তথা অবাঞ্ছনীয় বিচ্ছেদ৷

… 

আৰু কালক্ৰমত বৃদ্ধ মহাৰাজ শান্তনুৰ ঔৰষত মই জন্ম দিলোঁ দুটিকৈ পুত্ৰ ক্ৰমে চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্যক৷ মহাৰাজৰ প্ৰয়াণৰ পাছত অৱধাৰিতভাৱেই নৱযুৱক চিত্ৰাঙ্গদে আৰোহণ কৰিলে সিংহাসনত৷ চিত্ৰাঙ্গদ আছিল শস্ত্ৰচালনাত সুনিপুণ; স্বয়ং জ্যেষ্ঠভাতৃ ভীষ্মই তেওঁক শস্ত্ৰচালনা আৰু ৰাজনীতি শিক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল৷

কিন্তু চিত্ৰাঙ্গদ নামৰ এক মদমত্ত গন্ধৰ্বৰ বিৰুদ্ধে সুদীৰ্ঘ তিনি বছৰ ব্যাপি যুদ্ধ কৰি কৰি মোৰ পুত্ৰ চিত্ৰাঙ্গদে সংসাৰ ত্যাগ কৰিলে৷ 

মোৰ মনোজগতত সেই মুহূৰ্ততে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছিল৷ জম্বুদ্বীপৰ শ্ৰেষ্ঠ যোদ্ধা স্বৰ্গীয় মহাৰাজ শান্তনুৰ জ্যেষ্ঠপুত্ৰ দেৱব্ৰত ভীষ্মই দেখোন হস্তিনাপুৰৰ সিংহাসনৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিম বুলি সংকল্পৱদ্ধ হৈছিল৷ সিংহাসনৰ সুৰক্ষাৰ অৰ্থ ৰজাৰো সুৰক্ষা নহয় জানো? কিন্তু তেওঁ নিজৰ কনিষ্ঠৰ প্ৰাণ ৰক্ষা কৰিবলৈ কিঞ্চিতো প্ৰয়াস নকৰিলে কিয়? 

কুমাৰ বিচিত্ৰবীৰ্য তেতিয়া আছিল নাবালক, অবুজন৷

মই এতিয়াহে চিন্তা কৰিছোঁ, ভাৰত ৰাজ্যৰ পিতৃহাৰা নাবালক ৰাজপুত্ৰ বিচিত্ৰবীৰ্যক সিংহাসনত অধিষ্ঠিত কৰোৱাটো বাৰু ভীষ্মৰ অভীপ্সিত আছিল নেকি? নিজকে ভাৰতৰ সৰ্বময়কৰ্তাৰূপে প্ৰতিষ্ঠা কৰিবলৈ সেয়া বাৰু ভীষ্মৰ ৰাজনৈতিক উদ্যোগ আছিল নেকি? 

আৰু তাৰ পাছত?

তাৰ পৰৱৰ্তী সময়ততো ভীষ্মই কনিষ্ঠ বিচিত্ৰবীৰ্যৰ কাৰণে একোকে নকৰাকৈ থকা নাছিল! আনকি তেওঁ সামৰিক বীৰত্ব প্ৰদৰ্শন কৰিলেগৈ বিচিত্ৰবীৰ্যৰ বাবে বধুৰ সন্ধানত আৰু ৰাজকন্যা অপহৰণ কৰিলেগৈ কাশীৰাজ্যৰ ৰাজধানী বাৰাণসীলৈ গৈ৷

সম্ভৱতঃ সেই সময়ৰপৰাই হস্তিনাপুৰৰ ক্ষয় আৰম্ভ হৈছিল৷ যি ৰাজবংশৰ ক্ষয়ৰ স্বপ্ন মই বহু বছৰৰ পূৰ্বে দেখিছিলোঁ সেই ৰাজবংশ আপোনাআপুনি অভ্যন্তৰৰপৰা ক্ষয়িষ্ণু হ’বলৈ আৰম্ভ কৰিছিল তেতিয়াৰপৰাই৷

… সম্ভৱতঃ মোৰো ভুল হৈছিল৷ 

মোৰ কণিষ্ঠ পুত্ৰক সিংহাসনত অধিস্থিত কৰি ভীষ্মই সুন্দৰভাৱে ৰাজ্য পৰিচালনা কৰিছিল৷ অকালতে প্ৰথম পুত্ৰক হেৰুৱাই ভগ্নপ্ৰায় হৈ পৰা মোৰ মনটোৱেও ক্ৰমশঃ ঠন ধৰি উঠিছিল৷ ইতিমধ্যে ভীষ্মই আনি দিয়া বধুদ্বয় অম্বিকা আৰু অম্বালিকাৰ সৈতে বিচিত্ৰবীৰ্যৰ সংসাৰো আৰম্ভ হৈছিল৷ 

কিন্তু মোৰ দ্বিতীয় পুত্ৰ বিচিত্ৰবীৰ্যয়ো বিৱাহৰ মাত্ৰ সপ্তম বৰ্ষতে অকালতে পৃথিৱী ত্যাগ কৰাত মই আকৌ এবাৰ মৰ্ম পৰ্যন্ত আহত হ’লোঁ৷

কিন্তু পুত্ৰশোকত অধীৰ হোৱাৰ অৱকাশ মোৰ সম্মুখত নাছিল৷ কাৰণ, বংশ ৰক্ষাৰ প্ৰশ্নটো সদায়েই এটা ৰাজবংশৰ সম্মুখত বিদ্যমান হৈ থাকে৷ 

ৰাজবৈদ্যৰ মতে মোৰ পুত্ৰৰ মৃত্যু হৈছিল ক্ষয়ৰোগত৷ যদি সেয়ে সত্য হয় তেন্তে পুত্ৰবধুদ্বয়ৰ শৰীৰক লৈও মোৰ দুঃচিন্তা আৰম্ভ হ’ল৷ বংশৰক্ষাৰ্থে কি কৰা উচিত তাকে লৈ মই দুশ্চিন্তাগ্ৰস্ত হ’লোঁ, হতাশাগ্ৰস্ত হ’লোঁ৷ সদ্য পতিহীনা দুগৰাকীকৈ বধুৰ ৰাজনৈতিক ভৱিষ্যৎ কি হ’ব? হস্তিনাপুৰৰ ৰাজনৈতিক ভৱিষ্যৎ? মোৰ কাষত এনে কোনো নাছিল যাৰ সৈতে মই বিষয়টো আলোচনা কৰিব পাৰোঁ৷ গভীৰ হতাশাই মোক আচ্ছন্ন কৰি পেলালে৷

ভীষ্মই এদিন মোক জনালেহি–

: ‘মাতা, অম্বা আৰু অম্বালিকাৰ পুনৰ্বিৱাহৰ ব্যৱস্থা কৰা উচিত নহ’বনে?’

মই প্ৰত্যক্ষভাৱে ভীষ্মৰ চকুলৈ চাবলৈ যত্ন কৰিছিলোঁ৷ বুজিবলৈ যত্ন কৰিছিলোঁ অম্বা-অম্বালিকাৰ অকাল বৈধৱ্যৰ কাৰণে তেওঁৰ নিজৰ কৃতকৰ্ম সম্বন্ধে অস্বস্তিবোধ আছে নেকি? নাই, তেওঁ আনফালে চাই আছিল৷

লগে লগে মোৰ মনত খেলাইছিল আন এটা ধাৰণা : ভীষ্মই বাৰু অম্বা আৰু অম্বালিকাক সন্তানৰ মাতৃ কৰি তুলিব নোৱাৰিবনে? তেওঁ বিৱাহ পাশত আৱদ্ধ নোহোৱাৰ প্ৰতিজ্ঞাহে কৰি থৈছে৷

লগে লগে মই তেওঁক ক’বলৈ যত্ন কৰিলোঁ যে তেওঁ সৰ্বশাস্ত্ৰবিশাৰদ, কৰ্তব্যবোধ সম্পন্ন, ধাৰ্মিক আদি বিভিন্ন গুণেৰে গুণৱন্ত৷ গতিকে তেওঁ যেন কৰ্তব্য জ্ঞান কৰি মোৰ অনুৰোধত অম্বা আৰু অম্বালিকাৰ গৰ্ভত সন্তান উৎপাদন কৰে৷

অৱশ্যে মই জানিছিলোঁ যে সেয়া অনৈতিক প্ৰস্তাৱ আছিল৷ কিন্তু মোৰ সম্মুখত সেই মুহূৰ্তত আন কোনো বিকল্প পথ নাছিল৷ কিন্তু দেৱব্ৰতে কৈছিল যে তেওঁ তেওঁৰ জীৱনৰ সৈতে সম্পৰ্কিত জগতৰ সকলো অস্তিত্বকে বিসৰ্জন দিব পাৰে, কিন্তু নিজৰ বচন অতিক্ৰম কৰিব নোৱাৰে৷ তেওঁ লগতে কৈছিল যে তেওঁৰ সন্তান কোনো কাৰণতে হস্তিনাপুৰৰ সিংহাসনত আৰোহণ কৰিব নোৱাৰে৷

তাৰ পাছত তেওঁ বিভিন্ন শাস্ত্ৰ আৰু ইতিহাসৰ কাহিনী বৰ্ণাই মোক জনালে যে কোনো উত্তম ব্ৰাহ্মণ অথবা ঋষিক অৰ্থ-সম্পদৰ বিনিময়ত অম্বা আৰু অম্বালিকাৰ গৰ্ভসঞ্চাৰৰ কাৰণে নিয়োগ কৰা উচিত হ’ব৷

ঋষি শব্দটোৱে যেন মোৰ হৃদয়ৰ কোনোবা অতীতৰ সৈতে সম্পৰ্কিত এডাল গোপন তন্ত্ৰীত কম্পন সৃষ্টি কৰিলে৷ লগে লগে মোৰ মনত পৰিল জন্মৰ পৰৱৰ্তী মুহূৰ্ততে মোৰপৰা বিচ্ছিন্ন হোৱা মোৰ প্ৰথম সন্তানটোলৈ৷ কিন্তু সাম্প্ৰতিক মুহূৰ্তত তেওঁ কোন, তেওঁ ক’ত আছে জনাটো মোৰ বাবে অসম্ভৱ৷ মহৰ্ষি পৰাশৰো ইতিমধ্যে শৰীৰৰ জগত ত্যাগ কৰি আঁতৰি গৈছে৷

উঃ!

মই যেন মূৰ্ছিত হ’বৰ উপক্ৰম কৰিছিলোঁ৷ তাৰ পাছত কি হৈছিল মই নাজানো৷

সেই আলাপৰ মাত্ৰ কেইটামান দিনৰ পাছতে এদিন এক যুৱঋষি আহি মোৰ সাক্ষাৎ প্ৰাৰ্থনা কৰিছিলহি৷ তেওঁৰ সৈতে আছিল দেৱব্ৰত ভীষ্ম৷ সাক্ষাতৰ মুহূৰ্ততে তেওঁ মোক মাতা সম্বোধন কৰিছিল৷

তেওঁ আছিল ব্যাস৷ মোৰ প্ৰথম পুত্ৰ৷

কিন্তু তেওঁৰ সৈতে ভীষ্মই কিবা আলাপ কৰি আছিল৷ তাৰ মানে ভীষ্মই নিজে উদ্যোগ লৈ ব্যাসক হস্তিনাপুৰলৈ আমন্ত্ৰিত কৰিছিল নেকি?

তাৰ মানে ভীষ্মই পূৰ্বৰেপৰা জানিছিল নেকি, ব্যাস যে মোৰে সন্তান?

সম্ভৱতঃ জানিছিল৷

কিন্তু মোৰ সম্মুখত সেই মুহূৰ্তত তেনে চিন্তা উদয় হোৱা নাছিল৷ মোৰ সম্মুখত আছিল কেৱল কুৰুবংশৰ গতি অব্যাহত ৰখাৰ ব্যৱস্থা কৰাটোহে৷

সুযোধন৷ মোৰ পৰিনাতি৷ মোৰ পুত্ৰ ব্যাসৰে ৰক্তৰ অংশ৷ 

অতিকে অমায়িক, যুক্তিবাদী আৰু সংবেদনশীল কুৰুকুমাৰ৷ সামাজিক স্থিতাৱস্থাৰ বিৰুদ্ধে প্ৰায়েই তেওঁ চিন্তা-চৰ্চা কৰে৷ যি চিন্তা হয়তো এদিন মোৰ পিতৃ ধীৱৰ নায়কে কৰিছিল তেনে চিন্তাৰ ৰেশ মই সুযোধনৰ মাজতো দেখোঁ৷ কিন্তু তেনে চিন্তাৰ কাৰণেই বহুতো প্ৰভাৱশালী ব্যক্তিয়ে সুযোধনক ভাল নাপায়৷ কেৱল ভাল নোপোৱাই নহয়, তেওঁক দুষ্ট আৰু দুৰাত্মাৰূপে প্ৰতিষ্ঠা কৰিবলৈকো ষড়যন্ত্ৰ চলিছে বুলি মই অনুভৱ কৰিছোঁ৷

সেয়েহে লাহে লাহে সুযোধনৰ নামটো মানুহে দুৰ্যোধন কৰি পেলাইছে৷ বিশেষকৈ বিদূৰে সুযোধনক জনমানসত দুৰ্যোধনৰূপে প্ৰতিষ্ঠা কৰিবলৈ আগ্ৰাসী ভূমিকা গ্ৰহণ কৰা দেখি মই আশ্চৰ্য মানিছোঁ৷ সেই সুযোধন যি সাধাৰণ প্ৰজাৰ দুখত কাতৰ, সুখত আনন্দিত, সেই সুযোধন যি ধৰ্মৰ নামত তথাকথিত উচ্চবৰ্ণৰ ব্ৰাহ্মণসকলৰ পৰজীৱি চৰিত্ৰক ঘৃণা কৰে আৰু তেওঁলোকে প্ৰজন্মৰ পাছত প্ৰজন্ম চলাই অহা শোষণৰ বিৰোধিতা কৰে৷ সেই সুযোধন যি মোৰ ৰক্তৰ অংশ, যি সুযোধনৰ ৰাজ্যলাভ নিশ্চিত কৰিবলৈকে মই এই বিশাল হস্তিনাপুৰৰ ৰাজমহিষী হ’বলৈ মান্তি হৈছিলোঁ! 

কিন্তু ভাৰতৰ ৰাজকুমাৰ ৰূপে যি বৌদ্ধিক চাতুৰ্য সুযোধনৰ মাজত থকা উচিত আছিল সেইখিনি তেওঁ আহৰণ কৰিব নোৱাৰিলে৷ প্ৰকৃততে অতি সৰলতা আৰু অতি উদাৰতাই মোৰ এই প্ৰপৌত্ৰৰ ৰাজনৈতিক ভৱিতব্য যেন কুহেলিকাময় কৰি তুলিছে৷

আৰু সুদীৰ্ঘকাল হস্তিনাপুৰৰ গুৰুত্বপূৰ্ণ ব্যক্তিস্বৰূপে মইনো কি লাভ কৰিলোঁ? পুত্ৰ ব্যাসে মোক ভাৰতৰ নেতিবাচক ভৱিতব্যৰ কথা কৈ আঁতৰাই আনিলে হস্তিনাপুৰৰপৰাই৷ মই নাজানো মোৰ পুত্ৰবধু অম্বিকা-অম্বালিকাৰ কি পৰিণতি হ’লগৈ৷ 

মই নাজানো৷ মই একোকে নাজানো৷ মই নাজানো মোৰ স্বাভিমান আহত হোৱাৰ পাছত মই দেখা স্বপ্নৰ পৰিণতি কি হ’ব?

কিন্তু মহাৰাজ শান্তনু! মই কাহানিও কল্পনাও নকৰা প্ৰস্তাৱটো মোৰ কাষলৈ তেওঁ যেতিয়াই আনিছিল তেতিয়াই মোৰ স্বাভিমানে মূৰ দাঙি উঠিছিল৷ ভাবিছিলোঁ, সুদীৰ্ঘ দিনৰ জাতিগত নিস্পেষণৰ প্ৰতিশোধ লোৱাৰ সেয়েইতো সোণালী সুযোগ আছিল! … 

৫ ভীষ্ম ৷ 

দেৱব্ৰতৰপৰা ভীষ্মৰূপে খ্যাতি অৰ্জন কৰালৈকে মোৰ জীৱনৰ গতি-প্ৰকৃতি স্মৰণ কৰি মই নিজে আশ্চৰ্যবোধ কৰোঁ৷ গাঙ্গেয়, গঙ্গাপুত্ৰ, গঙ্গাসুত, গঙ্গাদত্ত আদি মোৰ বিভিন্ন নামবোৰ পৱিত্ৰ গঙ্গানদীৰ সৈতে সম্পৰ্কিত৷ সেইবোৰৰ উপৰি গৌৰাঙ্গ, শ্বেতেশ্বৰ, ভাৰত আদি নামেৰেও মোক বহুজনে সম্বোধন কৰে৷ তদুপৰি বয়ঃপ্ৰাপ্তিৰ সমান্তৰালভাৱে আহৰণ কৰা মহামহিম আৰু পিতামহ শব্দদ্বয়েও মোৰে পৰিচয়ৰ সঙ্কেত প্ৰদান কৰে৷ পিতৃ নোহোৱাকৈ পিতামহ হ’ব পৰাটো নিশ্চিতভাৱে বৰ উপেক্ষণীয় বিষয় নহয়৷ 

ভীষ্ম হৈ উঠাৰো পৰৱৰ্তী কালৰ বহু ঘটনাৰ পৰিণতিস্বৰূপে পিতামহৰ মৰ্যাদা অৰ্জন কৰাৰপৰা দেৱব্ৰত নামৰ ৰুৰুবংশৰ ৰাজসিংহাসনৰ অধিকাৰী ৰাজকুমাৰজনলৈকে মই প্ৰায়ে মানসিকভাৱে প্ৰত্যাৱৰ্তন কৰোঁ৷ কিন্তু চক্ৰৱৎ গতিৰে আহি পুনৰ উপস্থিত হওঁহি পিতামহৰ স্থানতে৷ 

কিন্তু পুনৰ মই পুনৰ প্ৰত্যাৱৰ্তন কৰোঁ৷

বাৰম্বাৰ উভতি যাওঁ মই মোৰ অতীতলৈ৷ 

অতীততে যাপন কৰিব খোজোঁ মই জীৱন। 

মোৰ জীৱন প্ৰকৃততে অতীতময়৷ 

প্ৰকৃততে মই বৰ্তমানৰ প্ৰতি দায়ৱদ্ধ হ’ব নোৱাৰিলোঁ৷ মই জীৱনৰ প্ৰতিটো মুহূৰ্ততে দায়ৱদ্ধ হৈ ৰ’লোঁ কেৱল মোৰ অতীতৰ ওচৰত৷ কিয় এনে হ’ল ভাবি চাওঁ মই৷ উত্তৰো পাওঁ– ব্যক্তিগত ভৱিষ্যৎবিহীন ব্যক্তি এজনকতো তেওঁৰ অতীতৰ গৌৰৱোজ্জ্বল সময়খিনিয়েই জীয়াই ৰাখিব লাগিব৷

স্বয়ং দেৱগুৰু বৃহস্পতিৰপৰা ৰাষ্ট্ৰবিজ্ঞান, মহৰ্ষি বশিষ্টৰপৰা বেদ-বেদাঙ্গাদি শাস্ত্ৰ তথা গুৰু পৰশুৰামৰপৰা সৰ্বশ্ৰেষ্ঠ শস্ত্ৰশিক্ষা অৰ্জন কৰি এখন ৰাষ্ট্ৰ পৰিচালনাৰ বাবে, দেশ-বিদেশৰ সুন্দৰী-বিদূষী ৰাজকন্যাসমূহৰ পানিগ্ৰহণ কৰিবলৈ মোৰ সময়ত জম্বুদ্বীপত ময়ে আছিলোঁ সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থী৷ 

কাৰণ, এবাৰ বিশেষ কাৰণত শ্ৰদ্ধেয় শস্ত্ৰগুৰু পৰশুৰামো ক্ৰমাগতভাৱে সুদীৰ্ঘ ত্ৰিবিংশ দিৱস ব্যাপি যুদ্ধ কৰি মোৰ হাতত পৰাস্ত হৈছিল৷ 

কিন্তু মই মোৰ সৰ্বস্ব আকাংক্ষা, পৰিকল্পনাকে জলাঞ্জলি দিছিলোঁ কেৱল অন্ধ বাসনাবিদ্ধ পিতৃদেৱৰ নামত৷

প্ৰকৃততে শৈশৱৰেপৰা ৰাজনৈতিক ক্ষমতা, অৰ্থনৈতিক অধিকাৰ আৰু অৱৰোধ, জাতিগত বৈষম্য তথা অবিচাৰ, ইন্দ্ৰিয়জ বাসনাৰ চৰিতাৰ্থকৰণ আদি অনেক দিশত সমাজৰ শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠিত ব্যক্তি আৰু ব্যক্তিসমষ্টিৰ অনৈতিকতা দেখি দেখি মোৰ মনত সামগ্ৰিক ব্যৱস্থাটোক লৈয়ে এক প্ৰকাৰ তিক্ততাৰ জন্ম হৈছিল৷ একে সময়তে আছিল ৰাজকুমাৰ পৰিচয়টোৱে মোৰ ওপৰত আৰোপ কৰা অনেক নিষেধাজ্ঞা আৰু নিৰৰ্থক নীতিজ্ঞান। এনে লাগিছিল যেন সকলোখিনি সংহাৰ কৰি মই সমতাৰ আদৰ্শৰে এখন নতুন সমাজ নিৰ্মাণ কৰিম৷ কিন্তু দেৱগুৰু বৃহস্পতিৰ জৰিয়তে দেৱকূলৰ সৈতে মোৰ যি সম্পৰ্ক প্ৰতিষ্ঠা হৈছিল সেই সম্পৰ্কও মোৰ বাবে আছিল অস্বীকাৰ কৰিব নোৱৰা এটা চাপ আছিল৷ সেই চাপে সমতাবিশিষ্ট সমাজৰ প্ৰসঙ্গটো সৰ্বদায় সমূলঞ্চে অস্বীকাৰ কৰি আহিছিল৷ আনহাতে ব্ৰাহ্মণ তথা যজমানসকলেও দেৱগণৰ সৈতে সুসম্পৰ্ক প্ৰতিষ্ঠা কৰি ক্ৰমশঃ হৈ উঠিছিল ক্ষমতাশালী৷

আৰু জম্বুদ্বীপৰ ক্ষত্ৰিয় ৰাজশক্তিবোৰ? প্ৰায় গৰিষ্ঠ সংখ্যক ৰাজশক্তিয়েই দেৱতাৰ অনুগ্ৰহ অৰ্জন কৰি যেন তেন প্ৰকাৰেণ ক্ষমতাধিষ্ঠিত হৈ ৰোৱাৰ পথ গ্ৰহণ কৰিছিল৷ 

কিন্তু সেই মোৰ অনভীপ্সিত সকলোখিনিৰ মোচনৰ যত্ন নকৰি মই অসহায় হৈ নিজৰ মাজতে গুজৰি-গুমৰি আছিলোঁ৷ কাৰণ হস্তিনাপুৰৰ একান্ত উপযুক্ত ৰাজপুত্ৰস্বৰূপে মোক ভৱিষ্যতৰ ৰাজ্যৰ ৰক্ষণাৱেক্ষণৰ দায়িত্বৰ বাবে প্ৰস্তুত কৰা হৈছিল৷

কিন্তু প্ৰায় বিগতযৌৱন পিতৃদেৱ মহাৰাজ শান্তনুৰ ইন্দ্ৰিয়পৰৱশতাই মোক যেন সমস্ত ঋণাত্মকতাৰপৰা অন্তৰীণ হৈ ৰোৱাৰ এটা পথ প্ৰদান কৰিলে৷ নৱযৌৱনা ধীৱৰকন্যা সত্যৱতী অথবা মৎস্যগন্ধাৰ শাৰীৰিক সৌন্দৰ্যই তেওঁৰ যৌনজ মনোবিকাৰ ঘটোৱাৰ ইঙ্গিত লাভ কৰিয়েই মই ইন্দ্ৰিয়জনিত বাসনাৰ সমান্তৰালভাৱে ৰাজনীতিৰ ঘৃণনীয় ক্ষেত্ৰখনৰপৰা পলায়ন কৰাৰ এটা সুযোগ লাভ কৰিলোঁ৷ সেই সুযোগ গ্ৰহণো কৰিলোঁ মই অৱলীলাক্ৰমে৷

কিন্তু ঘটনাক্ৰমৰ দ্ৰুততৰ গতিত মই কৰি পেলোৱা এটা ভুলেই আজি এয়া মোক এক অন্যায় যুদ্ধৰ পৰাজিত সেনাপতিৰূপে বাণৱিদ্ধ কৰি ত্ৰিশংকুসদৃশ অৱস্থাত পতিত কৰিলে৷ সম্প্ৰতি মই অশেষ শৰীৰী ক্লেশকো স্বীকাৰ কৰি পৃথিৱীৰ মহীয়সী বক্ষৰপৰা সামান্য উৰ্ধ্বাংশত গগনগামী হৈ অপেক্ষা কৰিছোঁ উত্তৰায়ণৰ বাবে৷ 

পিতৃৰ স্বাৰ্থ ৰক্ষা হওক বুলি ঘোষণা কৰি মই সংসাৰাকাংক্ষা ত্যাগ কৰিছিলোঁ৷ একে সময়তে ত্যাগ কৰিছিলোঁ হস্তিনাপুৰৰ ৰাজ সিংহাসনৰ অধিকাৰ৷ প্ৰকৃততে বৈষয়িক পৃথিৱীৰ তিমিৰাচ্ছন্ন ক্ষেত্ৰখনৰ পৰিধিৰ বাহিৰ হৈ ৰ’বলৈ মোৰ আগ্ৰহ যিমান আছিল তাতকৈ সম্ভৱতঃ পিতৃৰ নামত ত্যাগৰ প্ৰচাৰে মোক মহানৰূপে প্ৰতিষ্ঠা কৰক বুলি মই অধিক আগ্ৰহী হৈ উঠিছিলোঁ৷ সম্ভৱতঃ ব্যক্তিগত স্বাৰ্থই সাময়িকভাৱে মোক অন্ধ কৰি তুলিছিল। সম্ভৱতঃ এনে কাৰণতে সংসাৰী নোহোৱা সত্ত্বেও বিষয়-সংসাৰৰ সকলো জ্বালা মই ভোগ কৰিবলগীয়া হ’ল, সিংহাসনত আৰোহণ নকৰিলেও সিংহাসনৰ নামতে শেষ পৰ্যন্ত জীৱন পাত কৰিবলগীয়াও হ’ল৷

নহয়৷ এনেকৈ ভাবিলে মিথ্যাচাৰ হ’ব৷ পিতৃদেৱৰ অবৰ্তমানত চিত্ৰাঙ্গদক সিংহাসনত অধিষ্ঠিত কৰি কোনোপধ্যেই মই সন্তুষ্ট হ’ব পৰা নাছিলোঁ৷ মই সিংহাসনহে পৰিত্যাগ কৰিছিলোঁ, প্ৰশাসন নহয়৷ প্ৰশাসনৰ ক্ষেত্ৰত চিত্ৰাঙ্গদে মোৰ মতামত কদাপি আহ্বানেই কৰা নাছিল, অথচ তেওঁ আছিল মোৰেই শিষ্য৷ মই ক্ৰমে ক্ৰমে ৰাজ্য ত্যাগ কৰি অগস্ত্য যাত্ৰা আৰম্ভ কৰাৰ কথাও ভাবিছিলোঁ, হস্তিনাপুৰ ত্যাগ কৰি ঋষিত্ব অৰ্জনৰ সাধনাকৰাৰ কথাও ভাবিছিলোঁ৷ অন্যত্ৰ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথাও ভাবিছিলোঁ কাৰণ নিজা শক্তি-সাহস আৰু বুদ্ধিৰ জৰিয়তে এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰি ল’ব পৰাৰ ক্ষমতা মোৰ আছিল৷ 

কিন্তু বিভিন্ন পৰিকল্পনা কৰিলেও প্ৰত্যাৱৰ্তন কৰি মই একে ঠাইলৈয়ে আহিছিলোঁ– সত্য ৰক্ষাই মোৰ মাহাত্ম্য বৃদ্ধি কৰিব৷ ৰাজ্য সৰ্বদা নাথাকিলেও গুণ, যশ থাকিবই৷ আৰু সম্ভৱতঃ হস্তিনাপুৰৰ ৰাজপ্ৰাসাদৰ চিৰপৰিচিত সহজ জীৱনটো ত্যাগ কৰিবলৈ, পৰিচিত সম্বন্ধীয় লোকসকলক ত্যাগ কৰিবলৈ সেই সময়ত মোৰ সাহস হোৱা নাছিল৷

গতিকে হস্তিনাপুৰতে স্বেচ্ছাবন্দী হৈ ৰৈ গ’লোঁ মই ৷ 

বন্দী হৈ ৰ’ল মোৰ বৰ্তমান৷

কিন্তু মোৰ অভ্যন্তৰত ৰৈ গ’ল কেৱল মোৰ অতীত ৷

পিছে মোৰ বাবে এটা বিশেষ সুযোগো আহিল৷ চিত্ৰাঙ্গদ নামে এক গন্ধৰ্ব বীৰে ভাৰত আক্ৰমণ কৰিলেহি সৰস্বতী নদীৰ উপত্যকাৰে৷ তেওঁ ঘোষণা কৰিলে যে জগতত চিত্ৰাঙ্গন নামৰ এজনহে ব্যক্তি থাকিব- হয় গন্ধৰ্ব চিত্ৰাঙ্গদ, নহয় কুৰুৰাজ চিত্ৰাঙ্গদ ! মোৰ ভাতৃ মহাৰাজ চিত্ৰাঙ্গদে স্বয়ং সৈন্যসমস্ত লৈ যুদ্ধত অংশ গ্ৰহণ কৰিলেগৈ৷ সুদীৰ্ঘ তিনি বছৰ জুৰি চলা সেই যুদ্ধৰ মাজত মাতৃ সত্যৱতীয়ে মোক একাধিকবাৰ অনুৰোধ জনাইছিল– মই যাতে মোৰ সামৰিক শক্তিৰে কনিষ্ঠক সাহায্য কৰোঁগৈ৷

কিন্তু মোৰ মন নাছিল৷ বিশেষকৈ ভ্ৰাতা চিত্ৰাঙ্গদৰ প্ৰতি মোৰ অন্তৰত অনেক স্নেহ থাকিলেও মহাৰাজ চিত্ৰাঙ্গদৰ প্ৰতি মোৰ অন্তৰত কিঞ্চিতো আনুগত্য সৃষ্টি হোৱা নাছিল৷ পিছে মই ৰাজ আনুগত্যৰ বহিপ্ৰৰ্কাশেৰেই মাতৃদেৱীক সমিধান দিছিলোঁ–

: ক্ষমা কৰিব মাতা৷ মই হস্তিনাপুৰৰ সিংহাসনৰ প্ৰতি দায়ৱদ্ধ৷ সেয়ে স্বয়ং মহাৰাজে নিৰ্দেশ নিদিয়া পৰ্যন্ত মই কোনো যুদ্ধতে অংশ গ্ৰহণ কৰিবলৈ অপাৰগ৷ কিন্তু আপুনি নিশ্চিন্ত থাকক মাতা৷ মোৰ শস্ত্ৰশিষ্য চিত্ৰাঙ্গদ অচিৰেই জয়ী হৈ হস্তিনাপুৰলৈ প্ৰত্যাৱৰ্তন কৰিব৷

অৱশ্যেই মহাৰাজ চিত্ৰাঙ্গদে এটা সময়ত প্ৰত্যাৱৰ্তন কৰিছিল৷ কিন্তু জীৱিত অৱস্থাৰে নহয়, এটা মৃতদেহৰ ৰূপতহে৷

আৰু মোৰ সেই ৰাজানুগত্যৰ অভিনয়ে পৰৱৰ্তী সময়ত মোৰ বাবে আনি দিলে হস্তিনাপুৰৰ প্ৰশাসনত অবাধ অধিকাৰ৷ কাৰণ চিত্ৰাঙ্গদৰ অকাল মৃত্যুৱে তেওঁৰ অপ্ৰাপ্তবয়স্ক কনিষ্ঠ ভাতৃ বিচিত্ৰবীৰ্যক সিংহাসনত উপৱিষ্ট কৰিবলৈ সকলোকে বাধ্য কৰিলে৷ আৰু অৱধাৰিতভাৱেই মহাৰাজ বিচিত্ৰবীৰ্যৰ ৰাজনৈতিক উপদেষ্টাই নহয়, ভাৰতৰে সৰ্বেসৰ্বা হৈ উঠিবলৈ সুযোগ লাভ কৰিলোঁ মই৷

সাহসী বুলি স্বীকৃত ব্যক্তিৰ পৰিণতি সাহসৰ অভাৱে কেনে দুৰ্ভাগ্যজনক কৰি তুলিব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ ময়ে, মই নিজে৷ 

শতাধিকজন বীৰ ক্ষত্ৰিয়ৰ মহাবীৰ পিতামহ আছিলোঁ মই ৷ জম্বুদ্বীপৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিবিদ, সৰ্বশ্ৰেষ্ঠ ধৰ্মনীতিবিদ, সৰ্বশ্ৰেষ্ঠ যোদ্ধা আছিলোঁ মই যি উপযুক্ত সময়ত নিজৰ শস্ত্ৰগুৰুকো পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ অথচ আজি এই ৰণভূমিত শতাধিক শৰৰ আঘাতেৰে এটা অথৰ্ব শৰীৰ লৈ অসহায় অৱস্থাত মই অপেক্ষা কৰিবলগীয়া হৈছে মৃত্যুলৈ৷

… জ্যেষ্ঠ কৌৰৱ ৰাজকুমাৰ ধৃতৰাষ্ট্ৰক বঞ্চিত কৰি কনিষ্ঠ পাণ্ডুক হস্তিনাপুৰৰ সিংহাসনত অধিষ্ঠিত কৰাটো মোৰ ভুল আছিল৷

হস্তিনাপুৰৰ মহাৰাজ, কনিষ্ঠ কুৰু ৰাজকুমাৰ পাণ্ডুক সিংহাসন ত্যাগ কৰাই বনবাসী হ’বলৈ অনুমতি প্ৰদান কৰাটো মোৰ এটা বিশেষ ভুল আছিল৷

আচাৰ্য দ্ৰোণক মোৰ পৌত্ৰগণৰ শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত হস্তিনাপুৰতে স্থায়ীভাৱে বসতি কৰিবলৈ অনুৰোধ কৰাটোও মোৰ ভুল আছিল৷

পাণ্ডুপুত্ৰগণক পৱিত্ৰ কুসুমসদৃশ নিস্কলুষ বুলি ধাৰণা কৰাটোও মোৰ ভুল আছিল৷

জ্যেষ্ঠ পাণ্ডুপুত্ৰ যুধিষ্ঠিৰক সত্যবাক, স্থিতধী তথা ধৰ্মৰ প্ৰতীক বুলি গ্ৰহণ কৰাটো মোৰ মহাভুল আছিল৷

দ্বাৰকাৰ সৰ্বেসৰ্বা, কুটিল ৰাজনীতিজ্ঞ, অজস্ৰ গুপ্তহত্যাকাৰী, বাকচতুৰ কৃষ্ণক বিশ্বাসত লোৱাটো মোৰ সৰ্বোচ্চ ভুল আছিল৷

সততাৰ প্ৰতিমূৰ্তিৰূপে খ্যাতি অৰ্জন কৰা হস্তিনাপুৰৰ মহামন্ত্ৰী বিদূৰৰ বিশ্বাসঘাতক স্বৰূপ চিহ্নিত কৰিব নোৱাৰি বিভিন্ন সংকটকালত তেওঁক সৰলভাৱে আস্থাত লোৱাটোও মোৰ বৰ ডাঙৰ ভুল আছিল৷

ৰাধাপুত্ৰ কৰ্ণক প্ৰথম সাক্ষাৎ কালৰেপৰা অহেতুকভাৱে সহ্য কৰিব নোৱৰাটো মোৰ এটা ইচ্ছাকৃত ভুল আছিল৷ মহাবীৰ কৰ্ণৰ দৰে নীতিশীল বীৰবাহুক চিহ্নিত কৰিব নোৱৰাটো মোৰ অন্যতম দুৰ্বলতা।

কিন্তু সহ্য কৰিব নোৱাৰিবলৈ প্ৰথম অৱস্থাত কৰ্ণইতো মোৰ প্ৰতি অসন্মান অথবা অৱজ্ঞা প্ৰকাশ কৰা নাছিল৷ তেনে অৱস্থাত তেওঁক সহ্য কৰিব নোৱৰা আচৰণ নকৰি মই অন্ততঃ তেওঁৰ সবিশেষ ইতিহাস সম্পৰ্কেহে অৱগত হ’বলৈ যত্ন কৰা উচিত আছিল যি মোৰ কাৰণে আছিল এটা অতি সামান্য কাম৷ কিন্তু কিয় নাজানো, মই তেনে একোকে নকৰিলোঁ৷ মোৰ ধাৰাৱাহিক উপহাস আৰু তুচ্চাৰ্থসূচক ককৰ্থনা শুনি শুনি অতিষ্ঠ হৈ হৈহে এটা চূড়ান্ত সময়ত তেৱোঁ মোক সহ্য কিম্বা গ্ৰাহ্য কৰিব নোৱৰা হৈ পৰিছিল৷

সি আছিল মোৰ আন এটা মাৰাত্মক, সৰ্বাত্মক ভুল৷

আৰু আজিৰ মোৰ এই পৰিণতি ! ই মোৰ প্ৰাপ্য৷ ইয়াক মই অৰ্জন কৰিছোঁ।

হয়, ই মোৰ প্ৰাপ্য৷ কাৰণ কৃতকৰ্মৰ জৰিয়তেহে মই এইখিনি আহৰণ কৰিছোঁ৷

সমগ্ৰ জীৱনৰ ভ্ৰান্তিবোৰ আজি মই ক্ৰমে ক্ৰমে স্মৰণ কৰিছোঁ আৰু নিজৰ এই অসহায় তথা মৰ্যাদাহীন মৃত্যু-প্ৰতীক্ষাক ভোগ কৰিবলগীয়াত পৰিছোঁ৷

… আৰু সম্ভৱতঃ মোৰ সৰ্বোচ্চ ভুলটো আছিল সংকটৰ মুহূৰ্তত হস্তিনাপুৰৰ ৰাজ সিংহাসনত মই নিজে আৰোহণ নকৰাটো৷ হস্তিনাপুৰৰ সুৰক্ষাতকৈ মই মোৰ বচন কিম্বা প্ৰতিজ্ঞা ৰক্ষাক অধিক মান্যতা প্ৰদান কৰিছিলোঁ৷

… সুযোধনে কল্পনা কৰা শ্ৰেণীহীন সমাজ এখনৰ স্বপ্ন ময়ো দেখোন আশৈশৱ দেখি আহিছিলোঁ৷ কিন্তু ঘটনাচক্ৰত নিজৰে অগোচৰে মই নিজে শ্ৰেণীবিভাজিত সমাজৰ মুখপাত্ৰৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ৷ শিশু অৱস্থাৰেপৰা সুযোধন আৰু সুশাসনকে ধৰি গান্ধাৰীৰ পুত্ৰসকলক মই নিৰৱচ্ছিন্নভাৱে অৱজ্ঞা আৰু তিৰস্কাৰকে কৰি থাকিলোঁ৷ তথাপি কিন্তু তেওঁলোকে প্ৰতিটো পদক্ষেপতে মোৰ পৰামৰ্শ আৰু আশিস প্ৰাৰ্থনা কৰিবলৈ পাহৰি যোৱা নাছিল৷

অথচ মই তেওঁলোকক দুৰ্যোধন আৰু দুঃশাসন বুলি সম্বোধন কৰিছিলোঁ ৷

কিন্তু এই সমস্ত ভুল মই কাৰোবাৰ প্ৰৰোচনাত কৰিবলগীয়া হৈছিল ৷

কাৰ প্ৰৰোচনাত? পৰিস্থিতিৰ৷

তেনে পৰিস্থিতিবোৰ কোনে ৰচনা কৰিছিল?

কিয়?

ভাৰতশ্ৰেষ্ঠ পুৰুষ ভীষ্ম মই ৷ অথচ সমগ্ৰ শৰীৰত শস্ত্ৰাঘাতৰ পীড়া লৈ মই সম্প্ৰতি প্ৰতীক্ষা কৰিবলগীয়া হৈছে মৃত্যুলৈ ৷ অতীতটো যেন মোৰ বাবে ক্ৰমশঃ ধূসৰ হৈ আহিছে ৷

(আগলৈ)

Visited 4 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close