Written by 7:45 am Articles

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা

 (২২)

ভাগৰি পৰিছে ষ্টেপান। দেহৰ ভাগৰ নহয়, মনৰ ভাগৰত ভাৰাক্ৰান্ত তেওঁ। বুকুৰ ভিতৰত এক অবুজ হাহাকাৰ— কি হ’ব এনেকৈ থাকিলে! এনেদৰে আৰু কিমান দিন!

খাবলৈ একেবাৰে এৰি দিছে মলেঁয়াই। তাইৰ পচন্দৰ মাছ যোগাৰ কৰি দিয়াৰ পাছতো তাই এবাৰলৈও খুঁটিয়াই চোৱা নাই। চকুহালত যেন সাগৰ শুকাইছে! নাখাই-নবৈ তাই খীণাইছে-শুকাইছে। এনেকৈ থাকিলেতো তাই চিৰিছটাহেন হ’ব! কি হ’ব তেতিয়া? কি হ’ব!

ষ্টেপানে তাইক গাড়ীত তুলি লৈ গৈছে ইফালে সিফালে। নাই, তাইৰ মন ক’তো বহা নাই। কেৱল উদাস ভাবনাৰে বাহিৰলৈ চাই যায়। অকল নিলগলৈ চাই যায়— কিজানি ক্লেপেটাঁহঁত উভতি আহিছে! কিজানি তাইক বিচাৰি তাহাঁতেও হাবাথুৰি খাইছে!

মানুহ হোৱা হ’লে বুজালেহেঁতেন। বিভিন্ন উদাহৰণদি আশ্বস্ত কৰিলেহেঁতেন। কিন্তু মলেঁয়াক কিদৰে বুজায় তেওঁ বাস্তৱক মানি ল’বলৈ! কিদৰে আশ্বাস দিয়ে— অহা বছৰলৈ আকৌ ক্লেপেটাঁ উভতি আহিব বুলি! মলেঁয়াৰ যিমান দুখ আছে বুকুত, তাতোকৈ বেছি দুখ তেওঁৰ বুকুত বৰফ হৈ আছে। কিন্তু তেওঁ গলাব নোৱাৰে সেই দুখ। থাকক তেনেকৈয়ে দুখৰ আল্পছ পৰ্বতটো হৈ!

পুৱা হ’লেও তাই বাহিৰলৈ ওলাই আহিবলৈ মন নকৰে। ষ্টেপানে বাহিৰ উলিয়াই আনিলেও চোতালৰ কোনোবা একোণত গৈ জুপুকা মাৰি ৰয়গৈ। তাইৰ দুখখিনিক লৈ সিমান চিন্তিত হোৱা নাই ষ্টেপান। তেওঁ জানে— দুখখিনিৰ ওপৰত সময়ৰ প্ৰলেপ পৰিব। সময়ে শুকুৱাব ঘা। সময়ে শীতলাব দুখৰ উষ্ণতা। কিন্তু তাই নোখোৱাক লৈহে চিন্তিত হৈ পৰিছে তেওঁ। মিষ্টাৰ ইগৰৰ সতে কথা পাতি ইটো সিটো খুওৱাৰ চেষ্টা কৰিছে। কিন্তু প্ৰতিবাৰতে বিফল হৈছে। কিবা এটা খুৱাবলৈ যত্ন কৰিলেই তাই ঠোঁটখনেৰে আছাৰ মাৰি দিয়ে। যেন ‘নাখাওঁ খুৱালি, নিগিলোঁ কি কৰ কৰ’!

কি কৰা যায় মলেঁয়াক! চিন্তিত ষ্টেপান বহি আছে বাৰাণ্ডাৰ নিজৰ নিৰ্দিষ্ট চকীখনত। তেওঁলোকৰ ল’ৰাহঁতৰ সৰুতে জ্বৰ-কাহ হ’লে আৰু মুখলৈ অৰুচি আহিলে খোৱা-লোৱাৰ যতন মাকে লৈছিল। তেওঁ ইটো সিটো যোগাৰ কৰি দিছিল। তেওঁ হাতে-কামে কৰিবলৈ সময় পোৱা নাছিল যদিও বুকুখন ধৰফৰাই আছিল তেতিয়া। ল’ৰাহঁতৰ কষ্টৰ কথা ভাবি মন সেমেকি আছিল তেতিয়া। এতিয়াও একেই দশা। মলেঁয়াই তেওঁক জীৱনৰ বিয়লিৰ ফালেও পিতৃত্বৰ আনন্দ, উৎকণ্ঠা আৰু বেদনাৰ অনুভৱেৰে ভৰাই তুলিছে। অপত্যৰ প্ৰতি কিযে আকৰ্ষণ। কিমান যে মোহ। মোহ! ঠিক মোহ নহয়; চেনেহ। দায়িত্ববোধ।

পুৱাই বাতৰিকাকত বিলোৱা ল’ৰাজনে দি যোৱা Novi List-খন ঘূৰণীয়া টেবুলখনতে পৰি আছে। মলেঁয়াৰ দুখৰ এই দিনবোৰত ষ্টেপানে বাতৰিকাকততো মনোযোগ দিব পৰা নাই। মলেঁয়াৰ দুৰ্দশাৰ কথা ভাবি তেওঁ বিমৰ্ষ আৰু উপায়হীন। কিন্তু আজি টেবুলখনত পৰি থকা Novi List-খনৰ বাতৰি এটাৰ শিৰোনাম দেখি চমকি উঠিছে ষ্টেপান। আচৰিত কথা! সঁচাকৈয়ে আচৰিত। শিৰোনামটো দেখি তেওঁ শিঁয়ৰি উঠিল— ‘লিভাৰ-পেশী সকলোতেই পোৱা গৈছে নমুনা, সমুদ্রৰ গভীৰতাতো উপনীত হৈছে মাদক পদাৰ্থ? ক’কেইন টেষ্টত পজিটিভ ১৭-টা হাঙৰ’।

ষ্টেপানে বাতৰিকাকতখন টেবুলৰ পৰা টানি আনি গো-গ্ৰাসে বাতৰিটো পঢ়িবলৈ আৰম্ভ কৰিলে— ‘মহাসাগৰৰ তলিতো উপনীত হৈছে মাদক পদাৰ্থ, যাৰ প্ৰতি তীব্ৰ মাদকাসক্ত হৈ উঠিছে সামুদ্রিক প্রাণীও। দীর্ঘদিন ধৰি এই বিষয়ে সতর্ক কৰি আহিছিল বিজ্ঞানীসকলে। এইবাৰ তেওঁলোকৰ আশঙ্কা সত্য বুলি প্রমাণিত হ’ল। ব্রাজিলৰ উপকূলত চলোৱা মাদক পৰীক্ষাত ব্যর্থ হ’ল হাঙৰৰ দল। পৰীক্ষাত একাধিক হাঙৰৰ শৰীৰত ক’কেইন পোৱা গৈছে। এইদৰে চলি থাকিলে আগন্তুক দিনবোৰত সামুদ্রিক পৰিস্থিতিতন্ত্রৰ মাৰাত্মক ক্ষতি হ’ব বুলি আশংকা কৰিছে বিজ্ঞানীসকলে।

সামুদ্রিক প্রাণীৰ শৰীৰত যে মাদক পদাৰ্থ বিয়পিছে আৰু তাৰ ফলতেই এনেবোৰ প্ৰাণীৰ আচৰণ সলনি হৈছে বুলি বহু আগৰেপৰাই দাবী কৰি আহিছিল বিজ্ঞানীসকলে। সম্প্রতি ৰিঅ’ ডি জেনিৰিঅ’ৰ সমীপৱৰ্তী উপকূলত ১৩-টা চার্পনোজ হাঙৰক লৈ পৰীক্ষা নিৰীক্ষা চলোৱা হৈছিল। আৰু তাতেই হাঙৰৰ শৰীৰত উচ্চমাত্রাত ক’কেইনৰ উপস্থিতি ধৰা পৰিছে। হাঙৰকেইটাৰ পেশীত আৰু যকৃতত অত্যধিক মাত্রাত ক’কেইন পোৱা গৈছে।

কিদৰে হাঙৰৰ পেটলৈ ক’কেইন যাবলৈ পাইছে, সেয়া স্পষ্টভাৱে এই পর্যন্ত জনা হোৱা নাই। সেয়ে বিষয়টো মুঠেই এৰি চলিবলগীয়া নহয় বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। সামুদ্রিক প্রাণীসমূহ মাদকাসক্ত হোৱাৰ সপক্ষে এতিয়ালৈকে যি তত্ত্ব পোহৰলৈ আহিছে, তাৰ ভিতৰত অন্যতম হল, বেআইনীভাৱে মাদক দ্ৰব্য তৈয়াৰ কৰি আহিছে যিবোৰ সংস্থাই, তাৰ বর্জ্য আহি সমুদ্রত মিহলি হৈছে। আনহাতে মাদক ব্যৱহাৰকাৰীৰ মল-মূত্রও নদী-নলা হৈ আহি মিলিছেহি সমুদ্রতেই। ইয়াৰ ফলতেই সামুদ্রিক প্রাণীবোৰো মাদকাসক্ত হৈ উঠিছে বুলি মত প্ৰকাশ কৰিছে সামুদ্রিক জীৱবিজ্ঞানীসকলে।’

বাতৰিটো পঢ়ি উঠি চকুহাল মুদি দিলে ষ্টেপানে— শংকাত! পৃথিৱীখন যে কি হ’বলৈ গৈ আছে তাৰেই ভাবনাত!

: চকু মুদি কি ভাবি আছাহে?— হঠাৎ মিষ্টাৰ ইগৰৰ মাত।

: অহ‌ তুমি আহিছা। বহাঁহি।— টোপনিৰ পৰা সাৰ পোৱা মানুহ এজনৰ দৰে ক’লে ষ্টেপানে।

: মলেঁয়াৰ খবৰ কোৱাচোন।

: একেই আছে।

: তাই বৰ দুখী হৈ আছে। সময় লাগিব।

: কিন্তু সেই সময়লৈ তাইক মই চাই থাকিবলৈ বৰ কষ্ট পাইছোঁ।— হুমুনিয়াহ এটা সৰি পৰিল ষ্টেপানৰ।

: ঠিক হ’ব সকলো। ধৈৰ্য ধৰাঁ তুমি।— সান্ত্বনা দিলে মিষ্টাৰ ইগৰে।

: এইখন লোৱাঁ আৰু এই বাতৰিটো পঢ়াঁচোন।— ষ্টেপানে Novi List-খন আগবঢ়াই দিলে মিষ্টাৰ ইগৰলৈ।

: কোনটো বাতৰি?— বাতৰিকাকতখন হাতত লৈ মিষ্টাৰ ইগৰে সুধিলে।

: হাঙৰৰ বিষয়ে লিখা বাতৰিটো।— ষ্টেপানে লাহেকৈ ক’লে।

মিষ্টাৰ ইগৰ বাতৰিকাকত পঢ়াত ব্যস্ত হ’ল। ষ্টেপান ভিতৰলৈ সোমাই গ’ল— দুকাপ কফি কৰিবৰ বাবে। সেই সময়তে মাৰ্ক’ ওলালহি। তাৰ হাতত সাঁফৰ লগা প্লাষ্টিকৰ বাল্টি এটা। সেইটোত সি মাছ দুটামান জীয়াই আনিছে— মলেঁয়াৰ বাবে। তাই কিজানি আজি খায়েই! 

মলেঁয়া অলিয়েণ্ডাৰজোপাৰ তলতে জুপুকা মাৰি আছে। মাজে মাজে ঘৰৰ মূধচলৈ চায়— কিজানি ব্ৰাংক’হঁতক লগত লৈ ক্লেপেটাঁ উভতি আহিছে! … মাৰ্ক’ তাইৰ কাষ চাপি গ’ল। সি তাইৰ মূৰত হাত ফুৰাই দিলে। তাইৰ কিন্তু কোনো ধৰণৰ ভাবান্তৰ দেখা নগ’ল। তাই কি দুখতে শিল হৈ গৈছে! সি এইবাৰ লগত লৈ অহা বাল্টিটোৰ সাঁফৰখন খুলি তাইক দেখুৱাবলৈ চেষ্টা কৰিলে। নাই, তাই নাচালেই। তাইৰ দৃষ্টি তেতিয়া ঘৰৰ মূধচ আৰু সুদূৰৰ আকাশত। তাইৰ কাষত অলপ পৰ ৰৈ মাৰ্ক’ বাৰাণ্ডাৰ ফালে আগবাঢ়িল। বাৰাণ্ডাত তেতিয়া ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ আলাপ আৰম্ভ হৈছে।

: বাতৰিটো পঢ়ি কি ভাবিলা?— ষ্টেপানে সুধিলে।

: চিন্তিত হ’লোঁ।— মিষ্টাৰ ইগৰে ক’লে।

: মানুহৰ বাবেই এদিন শেষ হৈ যাব সকলো!— ষ্টেপানে লাহেকৈ ক’লে।

: মানুহে পোনপটীয়াকৈ প্ৰাণীকুলৰ অন্যায় সাধন কৰি অহাৰ কথা আমি জানো। কিন্তু আওপকীয়াকৈ কৰা অবিচাৰৰ বিষয়ে আমি নাভাবোঁৱেই!

: মানুহৰ মাজত হোৱা যুদ্ধয়ো যে প্ৰকৃতিৰ অলেখ অনিষ্ট সাধন কৰে, সেই কথাও নাজানে বহুতে।

: ঠিকেই কৈছা বন্ধু। ১০০ বছৰতকৈও অধিক পূৰ্বে কবি উইলফ্ৰেড ওৱেনে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ সৈনিক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁৰ গ্ৰন্থ ‘ফিউটিলিটি’ত যুদ্ধৰ অসাৰতাৰ বিষয়ে লিখিছিল। অথচ বহু সময়ত আমি পাহৰি যাওঁ যে যুদ্ধৰ প্ৰভাৱ কেৱল মানৱ জীৱনতে নহয়; মানৱ জীৱনৰ উপৰি অন্যান্য ক্ষেত্ৰলৈকো বিয়পি পৰে আৰু সামগ্ৰিকভাৱে প্ৰকৃতি তথা পৰিৱেশক প্ৰভাৱিত কৰে।

: এয়াই আমাৰ মানৱ সভ্যতাৰ বিড়ম্বনা! যুদ্ধত মানুহৰ ক্ষয়-ক্ষতিৰ হিচাপ সকলোৱে ৰাখে; কিন্তু প্ৰকৃতিৰ কিমান অনিষ্ট হয় তাৰ লেখ-জোখহে কোনেও নাৰাখে।— ষ্টেপানে হুমুনিয়াহ এটা এৰিলে। 

সঁচা কথা; ষ্টেপানৰ অনুভৱ মিছা নহয়। মানৱ জাতিৰ লিপিৱদ্ধ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ কাৰ্য, দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে হিৰোছিমা আৰু নাগাছাকিৰ বোমা বিস্ফোৰণ, যিয়ে মানুহে বুজিব পৰাৰ বাহিৰত পৰিৱেশৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছিল। বোমাবোৰে ৭০০০ ডিগ্ৰী ফাৰেনহাইট উষ্ণতা অতিক্ৰম কৰিছিল। বিশেষকৈ চেৰী গছেৰে আবৃত হিৰোছিমাৰ শান্তি উদ্যানৰ দৰে সকলো ঠাইৰ উদ্ভিদকে ধৰি এই বিকিৰণে হিৰোছিমাৰ সকলো জীৱক জ্বলাই পেলাইছিল। এই বিপৰ্যয়ত মানৱ মৃত্যুৰ পৰিসংখ্যা উপলব্ধ যদিও উদ্ভিদ আৰু প্ৰাণীৰ ধ্বংসৰ বিষয়ে কোনো সংখ্যাগত তথ্য উপলব্ধ নহয়, ইয়াৰ পৰাই বুজা যায় যে বন্যপ্ৰাণীৰ ওপৰত মানৱসৃষ্ট দুৰ্যোগৰ প্ৰভাৱক কেনেকৈ গুৰুতৰভাৱে অৱজ্ঞা কৰা হৈ আহিছে। 

উপসাগৰীয় যুদ্ধ বা ইৰাকে কুৱেইটত কৰা কুখ্যাত আক্ৰমণৰ কথাও মানুহে মনত পেলোৱা উচিত। যুদ্ধৰ আটাইতকৈ অবিস্মৰণীয় মুহূৰ্তটো আছিল যেতিয়া ই শেষ হৈছিল আৰু ইৰাকী বাহিনীয়ে কুৱেইটৰপৰা পিছুৱাই যোৱাৰ সময়ত প্ৰায় সাত মাহ ধৰি জ্বলি থকা ৬৩০-টা তেল কূপ জ্বলাই দিছিল আৰু লগতে তেলৰ নলীও সাগৰত খালী কৰিছিল। উপসাগৰীয় যুদ্ধক পৃথিৱীৰ সর্ববৃহৎ সামুদ্রিক প্ৰদূষণৰ ঘটনা হিচাপে চিহ্নিত কৰা হৈছে। তদুপৰি ব্যাপক বোমা বর্ষণ কৰি মেছোপ’টেমিয়াৰ ১৫,০০০ কিলোমিটাৰ জলাহ ভূমিৰ জৈৱবৈচিত্র্য ধ্বংস কৰা হৈছে। এই যুদ্ধত সাগৰত উদ্ধাৰ হোৱা তৈলাক্ত চৰাইৰ ফটোৱে সমস্ত পৃথিৱীকেই অন্ততঃ বুজাব বিচাৰিছিল যে, কেৱল চৰায়েই নহয়, সমস্ত জীৱজগত আগন্তুক দিনত ঠিক এইদৰেই মৃত্যুৰ বাবে অপেক্ষা কৰিব, যদিহে যুদ্ধৰ পৰিসমাপ্তি নঘটে। কিন্তু এই তৈলাক্ত চৰাইৰ ফটোৱে মানুহক সচেতন কৰিব নোৱাৰিলে। 

১৯৮৬ চনত ইউক্ৰেইনৰ ছেৰ্নোবিল পাৰমাণৱিক শক্তি কেন্দ্ৰত এক দুৰ্যোগ সংঘটিত হৈছিল। এইটোক ইতিহাসৰ এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ পাৰমাণৱিক দুৰ্যোগ বুলি গণ্য কৰা হয়। উক্ত দুৰ্যোগৰ পাছত বছৰ বছৰ পাৰ হৈ গ’ল। কিন্তু সেই সময়ত হোৱা ক্ষতিৰ প্ৰভাৱ এতিয়াও প্ৰকৃতিৰ ওপৰত আছে। 

বিংশ শতাব্দীত মানুহে প্রত্যক্ষ কৰিছিল দুখনকৈ বিশ্বযুদ্ধ— পাৰমাণৱিক বিস্ফোৰণ আৰু লাখ লাখ মানুহৰ হাহাকাৰ। কিন্তু এতিয়া আক্রান্ত মানুহ, আক্রান্ত জীৱমণ্ডল, দূষিত হৈছে পৰিৱেশ। সমস্ত আণৱিক শক্তিধৰ দেশেই নিশ্চিতভাৱে পৰিৱেশ প্ৰদূষণৰ অন্যতম অপৰাধী। 

আধুনিক যুদ্ধ মানেই কামানৰ প্রবল গর্জন, সৈনিকৰ উদ্ধত পদক্ষেপ, টেঙ্ক আৰু সেনা বাহিনীৰ অমোঘ গতিবেগ, গণবিধ্বংসী অস্ত্রৰ তীব্র উল্লাস। আকাশজুৰি মৃত্যুবাহী বিমানৰ কুটিল বিচৰণ আৰু সমুদ্রৰ অন্তেষপুৰৰ পৰা উঠি অহা টর্পেডোৰ আকস্মিক বিভীষিকা। মাটি, পানী, আকাশ— সকলোৱেই মৃত্যুৰ সাম্রাজ্যৰ অন্তর্ভুক্ত। প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধত ভয়াৱহ হত্যালীলা দেখাৰ পাছতো, আজিও যুদ্ধৰ প্রস্তুতিত মানুহ সক্রিয়। যুদ্ধই কেৱল মৃত্যুকেই অনিবার্যভাৱে আহ্বান নকৰে, প্রকৃতিৰ ভাৰসাম্যকো চূড়ান্তভাৱে ধ্বংস কৰে। দ্বিতীয় বিশ্বযুদ্ধত প্রশান্ত মহাসাগৰৰ জৈৱবৈচিত্র্য প্রবলভাৱে আক্রান্ত হৈছিল। 

গোটেই ইউৰোপৰ মাটি বাৰুদেৰে কলুষিত হৈছিল । হিৰোছিমা আৰু নাগাছাকিত আণৱিক বিস্ফোৰণ প্রাকৃতিক ভাৰসাম্যৰ ওপৰত এক চূড়ান্ত আঘাত, যাৰ ভয়াৱহতা আজিও অমলিন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লাখ লাখ লেণ্ডমাইন আফ্রিকাসহ বিভিন্ন ৰণাঙ্গণত ব্যৱহাৰ কৰা হৈছিল। সময় বিজ্ঞানীসকলে অনুমান কৰে, লেণ্ডমাইন সকলোতকৈ উৎকৃষ্ট সৈনিক যাৰ কোনো ক্ষুধা নাই, তৃষ্ণা নাই, টোপনি নাই, কর্তব্যত অবিচল। যুদ্ধ পৰৱর্তী স্তৰত লেণ্ডমাইনৰ বিস্ফোৰণে প্রচুৰ কৃষিযোগ্য মাটি ধ্বংস কৰি আহিছে। তদুপৰি বায়ু প্ৰদূষণো কৰিছে। 

কেৱল স্থলতে নহয়, জলতো ব্যাপকভাৱে মাইন বা বোমাৰ ব্যৱহাৰে সমুদ্রৰ গভীৰত ব্যাপক ক্ষতিসাধন কৰে। যুদ্ধোত্তৰ কালত জলে-স্থলে অব্যৱহৃত বোমাই এক দীর্ঘস্থায়ী বিভীষিকাৰ সৃষ্টি কৰিছে। যুদ্ধৰ পাছত সৈনিকসকল গুচি যায়, কিন্তু প্রায় কাকোৱেই জনাই থৈ নাযায় ক’ত ক’ত বোমা ৰাখি গ’ল। পৰৱর্তী কালত সাধাৰণ মানুহ বোমাৰ চিকাৰ হয়। দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত বোমা আজিও বিশ্বৰ বহু প্রান্তত দুঃস্বপ্নৰ কাৰণ। যেতিয়া ‘যুদ্ধ শেষ হয়’ এজন জার্মান সৈনিকৰ মতে, তেতিয়া— “থিয় দি থাকে মুকবধিৰ ক’লা গছবোৰ, যাৰ প্রতিটো সেউজীয়া পাত জুইত জ্বলি গৈছে। এলেকা জোৰা সেউজীয়া শেষ। মাইলৰ পিছত মাইল কেৱল ধূসৰ ভঙা পাথৰৰ শাৰী, যিবোৰ মৃত্যুৰ নীৰৱ সাক্ষী। আৰু এই পাথৰৰ ফাঁকত বিচাৰি পোৱা যাব মানুহৰ অস্থি; যিসকল চিৰকালৰ বাবে নিদ্ৰাত ঢলি পৰিল এই ধূসৰ প্রান্তত।” 

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মানুহে নিৰাপত্তাৰ বাবে পথ বিচাৰি হাবাথুৰি খাইছে; কিন্তু পোৱা নাই। পুৰণি কুটিল ক্ষমতাৰ আৱর্তত নিৰাপত্তা নীতি মচ খাই গৈছে। চূড়ান্ত হত্যালীলা দেখাৰ পাছতো মানুহৰ আশ্চর্যকৰ স্মৃতিবিভ্রম ঘটিছে। আদিম অতীতৰ গহ্বৰৰ পৰা উঠি আহিছে এক দানৱীয় মানুহ। এখনৰ পাছত আন এখন যুদ্ধ সংঘটিত হৈছে। ভিয়েটনামৰ পৰা আৰম্ভ কৰি কম্বোডিয়া, পাছত বিশেষকৈ আৰৱ দুনিয়াত দানৱীয় যুদ্ধৰ আত্মপ্রকাশ। ভিয়েটনাম যুদ্ধত আমেৰিকাৰ সেনাবাহিনীৰ বিৰুদ্ধে ভিয়েটনামৰ মানুহৰ কৌশল আছিল গেৰিলা যুদ্ধ। ফলত ভিয়েটনাম আৰু কম্বোডিয়াত ব্যাপক বনাঞ্চল আছিল তেওঁলোকৰ আচ্ছাদন। ভিয়েটনামৰ স্বদেশপ্রেমী মানুহক বিচাৰি বাহিৰ কৰাৰ বাবে বিপুল বনাঞ্চল নির্মমভাৱে ধ্বংস কৰিছিল আমেৰিকান সৈনিকসকলে। ভিয়েটনামৰ যুদ্ধ এক প্রকৃত উদাহৰণ— কিদৰে পৰিৱেশ ধ্বংস হয় আৰু যুদ্ধৰ পাছতো তাৰ সুদূৰপ্রসাৰী প্রভাৱ জনজীৱনৰ ওপৰত থাকি যায়। পৰৱর্তী কালত আফগানিস্তানৰ যুদ্ধ, যুগোশ্লাভিয়াৰ যুদ্ধ আৰু নব্বৈৰ দশকৰ উপসাগৰীয় যুদ্ধত গণবিধ্বংসী অস্ত্রৰ উল্লাস পৰিৱেশ ধ্বংসৰ অন্যতম কাৰণ। 

মিষ্টাৰ ইগৰ আৰু ষ্টেপানৰ গহীন কথাবোৰ শুনিলে মাৰ্ক’ই। বহু কথা সি এই দুজন বয়োজ্যেষ্ঠৰপৰা শুনিছে আৰু শিকিছে। স্কুলত নিশিকোৱা কথাবোৰ তেওঁলোকৰ সান্নিধ্যলৈ অহাৰেপৰাহে সি শিকিব পাৰিছে। মলেঁয়া, ক্লেপেটাঁ, ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ অবিহনে তাৰ যে প্ৰকৃতি সম্পৰ্কীয় ধ্যান-ধাৰণা কৰ’বাতে থাকিলহেঁতেন সেই কথা সি অনুভৱ কৰে। আচলতে যুদ্ধ এখনে যিদৰে প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়, ঠিক তেনেদৰে এদল প্ৰকৃতি-যোদ্ধাৰো সৃষ্টি কৰে। সেয়ে বৰ্তি আছে পৃথিৱী!

: আমি মলেঁয়াৰ বাবে কৰি থকা কামবোৰো আচলতে আন এক যুদ্ধই!— মাৰ্ক’ই ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ কথাৰ মাজতে ক’লে। 

ষ্টেপান আৰু মিষ্টাৰ ইগৰে মাৰ্ক’ৰ কথা শুনি নিৰৱে ৰ’ল। দুয়ো একেলগে তাৰ ফালে চালে। স্কুলীয়া ল’ৰা এটাৰ পৰা এনে গভীৰ কথা এষাৰ শুনিবলৈ পাব বুলি তেওঁলোকে হয়তো ভবা নাছিল!

: সঠিক কথা কৈছা।— মিষ্টাৰ ইগৰে ক’লে।

: আচলতে সকলোতে যুদ্ধ এখন চলি থাকে। জীয়াই থাকিবলৈ আৰু জীয়াই ৰাখিবলৈ।— ষ্টেপানে মাত দিলে।

: সঁচাকৈয়ে। জীৱনেই যুদ্ধ!— মূৰ দুপিয়ালে মিষ্টাৰ ইগৰে।

: যুদ্ধ— জীৱন যুদ্ধ! … কিন্তু এখন যুদ্ধৰ কথা হয়তো তোমালোক নাজানা!— ষ্টেপানে সামান্য হাঁহিলে।

: কি যুদ্ধ?

: মানুহ আৰু ইমু চৰাইৰ মাজৰ যুদ্ধ।— ষ্টেপানে লাহেকৈ ক’লে।

: মানুহ আৰু চৰাইৰ যুদ্ধ? সঁচানে!— আচৰিত হ’ল মাৰ্ক’।

: একেবাৰে সঁচা। ইমু যুদ্ধ— যি যুদ্ধত মানুহক হৰুৱাইছিল চৰায়ে।— ষ্টেপানে পুনৰ ক’লে। 

পৃথিৱীত চলমান দুখ-দুর্দশাৰ অন্যতম কাৰণ যুদ্ধ-বিগ্রহ বুলি বিভিন্ন সময়ত মাৰ্ক’ই নিজেও অনুভৱ কৰি আহিছে। সভ্যতাৰ আৰম্ভণিৰেপৰা মানুহে মানুহে বিভিন্ন কাৰণত যুদ্ধ লাগিয়েই আছে; ইয়াৰ নেপথ্যত কেতিয়াবা থাকে লোভ, কেতিয়াবা ঘৃণা, কেতিয়াবা কট্টৰ দেশপ্রেমো যে যুদ্ধৰ কাৰণ সেই কথাবোৰো মাৰ্ক’ই জানে। সকলো যুদ্ধ কেৱল মানুহে মানুহে অথবা দেশে দেশেই নহয় বুলিও সি জানে। প্রাণীজগতৰ অনেক সদস্যই যে বিভিন্ন কাৰণত যুদ্ধ কৰে সেই কথা সি বুজি পায়। কিন্তু মানুহে-প্ৰাণীয়ে পৰস্পৰৰ বিৰুদ্ধে কৰা যুদ্ধৰ কথা আজি প্ৰথমবাৰৰ বাবে শুনিছে সি। তাৰ এই যুদ্ধখনৰ বিষয়ে জানিবলৈ খুব ইচ্ছা জাগিল। কিন্তু ষ্টেপানৰ মানসিক অৱস্থাটো ভালদৰেই বুজি পায় মাৰ্ক’ই। সেয়ে ইচ্ছা জাগিলেও সেই ইচ্ছাক দমন কৰি ৰাখিলে মাৰ্ক’ই। যদি ষ্টেপানে নিজে এই যুদ্ধখনৰ কথা কয়, তেতিয়া সি শুনিব; কিন্তু কোনো ধৰণৰ প্ৰশ্ন নোসোধে।

: ইমু যুদ্ধৰ কথাবোৰ বেছ দীঘলীয়া।— ষ্টেপানে মাৰ্ক’ৰ মনটো যেন পঢ়ি পেলাইছিল!

: কওকচোন, শুনিবলৈ মন গৈছে।— মাৰ্ক’ই ক’লে।

: পৃথিৱীৰ সকলো যুদ্ধই যে ঢাল-তৰোৱাল, বোমা-বন্দুকেৰে জিকা নাযায় তাৰেই উদাহৰণ এই ইমু যুদ্ধ।— ষ্টেপানে ক’লে।

: মানুহৰ লগত অন্য পশুৰো যুদ্ধ হয়। ইতিহাসৰ পৃষ্ঠা লুটিয়ালে পোৱা যায় এক ভয়ংকৰ খেলাৰ কথা, য’ত ক্রীতদাস বা সমাজৰ নিম্নশ্রেণীৰ মানুহৰ সমুখত এৰি দিয়া হয় ক্ষুধার্ত বাঘ বা সিংহ। এই অসম যুদ্ধত অধিকাংশ সময়তেই মৃত্যুৰ কোলাত ঢলি পৰে অসহায় সেই মানুহেই। কিন্তু চৰাইৰ লগত হোৱা মানুহৰ যুদ্ধত মানুহে কৰিছিল অসহায় আত্মসমর্পণ।— এইবাৰ মিষ্টাৰ ইগৰে মাত লগালে। 

ষ্টেপান মাৰ্ক’ৰ উৎসুকতাৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ কৰিলে ইমু যুদ্ধৰ বিৱৰণ—

প্রথম বিশ্বযুদ্ধৰ পাছত হাজাৰ হাজাৰ যুদ্ধফেৰৎ সৈনিকক কিদৰে কামত লগোৱা যায়, সেই লৈ চিন্তাত পৰিছিল অষ্ট্ৰেলিয়াৰ চৰকাৰ। পশ্চিম অষ্ট্ৰেলিয়াত চৰকাৰে ‘সৈনিক পুনর্বাসন প্রকল্প’ আৰম্ভ কৰে। ইয়াৰ ফলত পাঁচ হাজাৰতকৈ বেছি সৈনিকে কৃষিকাৰ্য আৰম্ভ কৰে। কিন্তু ইয়াৰ মাজতে পৃথিৱীব্যাপি ‘গ্রেট ডিপ্রেচন’ বা ‘মহামন্দা’ আৰম্ভ হয়, যাৰ ফলত লাভৰ মুখ দেখিবলৈ নাপালে অনেকেই। অর্থকষ্টত বহু সৈনিকে তেওঁলোকৰ স্থাৱৰ সম্পত্তি বিক্রী কৰি দিয়ে আৰু অনেকে আত্মহত্যাও কৰে। ১৯৩২ চনৰ অক্টোবৰ মাহত এই ধৰণৰ এক স্পৰ্শকাতৰ পৰিস্থিতিত আৰু এক বিপর্যয় আহে। পশ্চিম অষ্ট্ৰেলিয়াৰ প্রান্তীয় এলেকাবোৰ হৈ উঠে প্রায় কুৰি হাজাৰ ইমু চৰাইৰ বিচৰণক্ষেত্র। তাহাঁতৰ প্রজননৰ মূল সময় মে’ আৰু জুন মাহ। প্রজননৰ পাছত পশ্চিম অষ্ট্ৰেলিয়াৰ শুকান ঠাইৰ পৰা আৰু পশ্চিমলৈ গুচি যায়গৈ ইমুবোৰ। কাৰণ শীতকালত খাদ্য আৰু পানী কমি যায়। আৰু এনে ধৰণৰ অস্বাভাৱিক প্ৰব্ৰজনৰ ফলতেই পৃথিৱীৰ দ্বিতীয় বৃহত্তম এই চৰাইবিধৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল অষ্ট্ৰেলিয়াৰ মানুহে। 

ইমু চৰাইৰ অষ্ট্ৰেলীয় আইন অনুসৰি ঊনবিংশ শতাব্দীৰ শেষ পর্যন্ত সংৰক্ষিত আছিল ১৮৭৪ চনৰ চিকাৰ আইনৰ আওতাত। কিন্তু ১৯২২ চনৰ পৰা আবাদী মাটিত তাহাঁতৰ উৎপাত আৰম্ভ হোৱাত চৰকাৰে তাহাঁতক শস্যৰ ক্ষতিকাৰক প্রাণীৰূপে চিহ্নিত কৰে আৰু নতুন আইন অনুসৰি শস্য ৰক্ষাৰ বাবে তাহাঁতৰ চিকাৰত আৰু কোনো নিষেধাজ্ঞা নাথাকিল। সাধাৰণতে বাঁহ আৰু কাঁটাতাঁৰৰ বেৰা দি বন্দী কৰি ৰাখিব পৰা যায় ইমু চৰাইবোৰ। কিন্তু মন্দাৰ সময়ত বেৰাৰ বন্দোবস্ত কৰাটোও সম্ভৱপৰ নাছিল। সৈনিকসকলৰ অৱস্থাতো তেনেই মূৰে-কপালে হাত দিয়া ধৰণৰ হৈছিল। ইমুবোৰ খুবেই দ্রুতগতিৰ আৰু বন্য। তাহাঁতৰ বিৰুদ্ধে বন্দুকৰ ব্যৱহাৰো খুব বেছি কার্যকৰী নহয়। এই পৰিস্থিতিত সৈনিকসকল এক হৈ এটা প্রতিনিধি দল পঠায় পার্থ চহৰলৈ, প্রতিৰক্ষা মন্ত্রী জর্জ পীয়ার্চৰ ওচৰলৈ। তেতিয়া তেওঁলোকে গৈ সেই সময়ৰ নতুন প্রযুক্তিৰ স্বয়ংক্রিয় বন্দুক বা মেচিন গান দাবী কৰিলগৈ। পীয়ার্চে দেখিলে যে এই দুঃসময়ত কেন্দ্রীয় চৰকাৰক এই কথা কৈ কোনো লাভ নাই। সেয়ে মিলিটাৰি ব’র্ডক নজনোৱাকৈয়ে তিনিজন সেনা আধিকাৰীক দুটা আধুনিক লুইচ মেচিন গান আৰু দহ হাজাৰ বুলেট দি সেই সৈনিকসকলৰ সতে পঠাই দিলে। 

১৯৩২ চনৰ ২ নৱেম্বৰত আৰম্ভ হয় মানুহ আৰু চৰাইৰ যুদ্ধ। সৈনিকসকল উভতি অহাৰ সময়ত তেওঁলোকৰ নজৰত পৰিল প্রায় পঞ্চাশটা ইমু। কিন্তু তাহাঁত বন্দুকৰ লক্ষ্যৰ পৰা অনেক দূৰত থকাত তাহাঁতক মৰাৰ প্রায় সকলো চেষ্টাই ব্যর্থ হয়। ইমুবোৰ চাৰিওদিশে বিয়পি পৰে। প্রথম দিনাই অনেক গুলী অযথাকৈ খৰচ হয়। দ্বিতীয় দিনা সৈনিকসকলে গোপনে আক্ৰমণৰ পৰিকল্পনা কৰিলেও বৰ বেছি লাভ নহ’ল। কেইবাশ ৰাউণ্ড গুলী খৰচ কৰি কেৱৰ ডজনচেৰেক ইমুহে হত্যা কৰা যায়। পাছৰ কেইবাটাও দিনো এইদৰেই যায়। তাৰ পাছত ইমুবোৰৰ উৎপাত বাঢ়ি দ্বিগুণ হয়। ১২ নৱেম্বৰত চৰকাৰৰ প্রতিৰক্ষা বিভাগে এই অঞ্চলত সেনা আৰু অস্ত্র মঞ্জুৰ কৰে। ১৩ নৱেম্বৰৰ পৰা আৰম্ভ হয় দ্বিতীয় দফাৰ অভিযান। ১০ ডিচেম্বৰত মেজৰ জি পি ডব্লিউ মেৰেডিথে তেওঁৰ প্ৰতিবেদন জমা দিয়ে। তাত গুলী আৰু হত্যাৰ হিচাপ দিয়া হয়। ৯৮৬০ ৰাউণ্ড গুলিত ৯৮৬-টা ইমুৰ মৃত্যু। অর্থাৎ প্রতিটো ইমুৰ বাবে গড়ে ১০-টাকৈ বুলেট খৰচ হৈছিল। 

ইমুবোৰৰ মাজত আছে আশ্চর্যকৰ শৃঙ্খলা আৰু প্রকৃতিগতভাৱে পোৱা সামৰিক প্রবৃত্তি। তাহাঁতে খোজৰ শব্দ শুনিবলৈ পালেই শত শত সৰু সৰু দলত ভাগ হৈ যায়। প্রত্যেক দলত একোটাকৈ নেতা থাকে, যি লক্ষ্য ৰাখে শত্রুৰ আগমনৰ। সেই বছৰ শেষ পর্যন্ত ফচল কোনোমতে বচাব পাৰিলেও বছৰৰ পাছত বছৰ ধৰি ইমুৰ অত্যাচাৰ মানি ল’বলৈ বাধ্য হয় মানুহ। সেনাবাহিনীৰ দ্বাৰা প্রায় ১০ বছৰ পর্যন্ত ইহঁতক প্ৰতিৰোধ কৰিব পৰা নগ’ল। পাছলৈ ইমুৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা বেৰাৰ ব্যৱহাৰ বাঢ়ি যোৱাত অৱশ্যে কৃষকসকলে লোকচানৰ পৰা ৰক্ষা পৰে। 

পাছত মেৰেডিথে এক পত্রিকাত লিখিছিল— “আমাৰ যদি এই ইমু বাহিনীৰ এটা সুকীয়া দল থাকিলহেঁতেন আৰু বন্দুকধাৰী ইমু চোৱাৰীৰে আমি সেই বাহিনী সজ্জিত কৰিব পাৰিলোহেঁতেন, তেতিয়া আমি পৃথিৱীৰ যিকোনো বাহিনীৰ সম্মুখত থিয় দিব পাৰিম। মেচিনগানৰ বিপক্ষে এই বাহিনী টেঙ্কৰ দৰেই।” 

: মানুহ আৰু চৰাইৰ মাজৰ এই যুদ্ধত মানুহে জয় নাপালে কেতিয়াও। মানুহ প্রকৃতিৰ ওচৰত তেতিয়াও অসহায় আছিল, আজিও অসহায়।— কাহিনীৰ শেষত ষ্টেপানে নিজৰ মত প্ৰকাশ কৰিলে। 

ইমু যুদ্ধৰ কথা চলি থাকোঁতেই লুকা কভাক ওলালহি। লুকাই ডাঠ কাগজেৰে মেৰিওৱা ডাঙৰ টোপোলা এটা কঢ়িয়াই আনিছে। ষ্টেপান, মিষ্টাৰ ইগৰ আৰু মাৰ্ক’ই উৎসুকতাৰে লুকাৰ আগমন লক্ষ্য কৰিলে— আহল-বহল সেই টোপোলাটোত কি আছে বা!

: তিনিও খুব গহীন কথা পাতি থকাৰ দৰে লাগিছে।— বাৰাণ্ডাত উঠিয়েই কৈ উঠিল লুকাই।

: কথাবোৰ গহীনেই, কিন্তু তুমি লৈ অহা টোপোলাটোৰ দৰে গপচ নহয় পিছে!— ৰগৰ কৰিলে মিষ্টাৰ ইগৰে। 

লুকাই টোপোলাটো ঘূৰণীয়া টেবুলখনত থ’লে আৰু হাঁহিলে। মাৰ্ক’লৈ চাই চাৰিচুকীয়া টোপোলাটোৰ ৰচীডাল খুলিবলৈ ইংগিত দিলে। মাৰ্ক’ই পৰম আগ্ৰহেৰে ৰছীডালৰ গাঁথিটো খুলিলে। 

গ্লাছ বাইণ্ডিং কৰি অনা তিনিখন ১২×১৮ জোখৰ ফটো। এখনত মলেঁয়া অকলে আছে। এখনত ক্লেপেটাঁ আৰু মলেঁয়া যোৰ পাতি আছে। আনখনত আছে ক্লেপেটাঁ আৰু মলেঁয়াৰ যুগ্ম জীৱনৰ সাক্ষী ব্ৰাংক’হঁত। বৰ ধুনীয়া ফটো। লুকাই নিজে তোলা ফটোকেইখনৰ বাইণ্ডিঙত যে যথেষ্ট খৰচ পৰিছে, দেখিলেই বুজিব পাৰি। 

ফটো তিনিখন দেখি ষ্টেপানৰ চকুহাল প্ৰথমে জিলিকি উঠিল। পাছলৈ ক্ৰমান্বয়ে সেমেকি আহিল। ফটোত থকা মলেঁয়াৰ বাদে বাকীবোৰ যে তেওঁৰ কাষত নাই, সেইটো ভাবিয়েই তেওঁ দুখ অনুভৱ কৰিলে। কিন্তু ভাল লাগিছে লুকাৰ এই উপহাৰৰ বাবে।

: মলেঁয়াই খোৱা-বোৱা কৰিছেনে?— লুকাই মাৰ্ক’লৈ চাই সুধিলে।

: নাই।— মূৰ জোকাৰিলে মাৰ্ক’ই।

: ইচ্! বেচৰী বৰ দুৰ্বল হৈ গৈছে।— দুখী হ’ল লুকা।

: তাইক খুৱাবলৈ চেষ্টা কৰি হাৰি গৈছোঁ মই।— ষ্টেপানে হুমুনিয়াহ কাঢ়িলে।

: আকৌ এবাৰ চেষ্টা চলাওঁ আহক। … মাৰ্ক’, তুমি মলেঁয়াক আৰু তাইৰ বাবে থোৱা আহাৰ ইয়ালৈকে লৈ আহাঁচোন।— লুকাই ক’লে। 

মাৰ্ক’ উঠি গৈ অলিয়েণ্ডাৰজোপাৰ তলতে জুপুকা মাৰি থকা মলেঁয়াক বাৰাণ্ডালৈ আনিলগৈ। বাৰাণ্ডাৰ একোণত তেতিয়াও সি ঘৰৰ পৰা লৈ অহা সাঁফৰ থকা নীলা বাল্টিটো আছিল। সেইটো আনি সি ষ্টেপানৰ দুভৰিৰ কাষত থ’লেহি।

: আপুনি মলেঁয়াক ধৰকচোন।— লুকাই ষ্টেপানক ক’লে। 

ষ্টেপানে মলেঁয়াক ধৰি কোলাত তুলি ল’লে। লুকাই টেবুলৰ পৰা তাইৰ ফটোখন তুলি লৈ তাইৰ চকুৰ ওচৰলৈ লৈ গ’ল। তাই চালে, কিন্তু কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল। এইবাৰ লুকাই ক্লেপেটাঁৰ লগত যোৰ পাতি থকা তাইৰ ফটোখন দেখুৱালে। একেথৰে কিছুপৰ তাই ফটোখনলৈ চাই পুনৰ চোতালৰ ফালে মুখ ঘূৰালে। তাই যেন অভিমান কৰিছে ক্লেপেটাঁ গুচি যোৱা বাবে! 

এইবাৰ ব্ৰাংক’হঁতৰ ফটোখন মলেঁয়াৰ চকুৰ আগত তুলি ধৰিলে লুকাই। বহুপৰ নিথৰ হৈ তাই চাই ৰ’ল আত্মজৰ সেই আলোকচিত্ৰ। ঠোঁটখন লাহেকৈ লগাই দিলে আইনাৰে আবৃত ফটোখনত। সেয়া যেন তাই মৰম কৰিছে নিজৰ অপত্যক। তাই যেন চেনেহ যাচিছে। তাইৰ এই প্ৰতিক্ৰিয়া দেখি ষ্টেপানৰ দুচকুৰে বৈ আহিল দুধাৰি। বৈ অহা সেই লুণীয়া পানীখিনি ফটোখনৰ ওপৰৰ আয়নাত পৰিল— টপ্ টপকৈ। সেমেকা মাতেৰে তেওঁ ক’লে— “চিনি পাইছ তই। তাহাঁত কুশলে আছে বুজিছ! তইহে খাবলৈ এৰিছ। তাহাঁত আকৌ আহিব তোৰ ওচৰলৈ…!” 

কিছুপৰ ফটোখন দেখুওৱাৰ পিছত মলেঁয়াক কোলাৰ পৰা নমাই দিলে ষ্টেপানে।

: ফটো তিনিখন তাইক সদায় দেখুৱাব। ধুনীয়াকৈ আঁৰি থ’ব ভিতৰ কোঠাত।— লুকাই ক’লে।

: তুমিয়েই আঁৰি থৈ যাবাহে ডেকাল’ৰা।— মিষ্টাৰ ইগৰে ক’লে।

: হ’ব, হ’ব…।— লুকাই শলাগিলে। 

কোলাৰ পৰা নমাই দিয়াৰ পাছতে মলেঁয়াই ষ্টেপানৰ ভৰিৰ কাষতে থকা নীলা ৰঙৰ বাল্টিটোত ঠোঁটখনেৰে টোকৰ মাৰিলে।

: খুলি দিয়াঁচোন।— মিষ্টাৰ ইগৰে ক’লে। 

মাৰ্ক’ই বাল্টিটোৰ সাঁফৰখন খুলি দিলে। মলেঁয়াই ডিঙিটো বাল্টিটোৰ ভিতৰলৈ নি আকৌ উলিয়াই আনিলে আৰু এক মিনিটমান থৰ হৈ থাকিল। পুনৰ ডিঙিটো বাল্টিটোৰ ভিতৰলৈ নি তাই ঠোঁটখনেৰে এইবাৰ মাছ এটা তুলি আনিলে। সকলোৰে চকুবোৰ জিলিকি উঠিল। ঠোঁটখন কঁচালি কঁচালি তাই মাছটো লাহে লাহে খালে। আকৌ বাল্টিটোৰ ভিতৰলৈ ডিঙিটো সুমুৱাই দিলে। পূৰ্বৰ পুনৰাবৃত্তি ঘটিল। মলেঁয়াৰ এই কাৰ্যত সকলো আনন্দিত হ’ল। ষ্টেপানে তাইক সাবটি লৈ মূৰটোত টপৰ টপৰকৈ কেইবাটাও চুমা দিলে। তেওঁৰ বুকুত বৰফ হৈ থকা দুখবোৰ গলিবলৈ আৰম্ভ কৰিছে। তেওঁৰ চকুৰ আকাশত থকা ডাৱৰখিনি আনন্দমধুৰ এজাক বৰষুণলৈ ৰূপান্তৰিত হৈছে। 

এজনী চৰাই।

চাৰিজন মানুহ।

তিনিখন ফটো।

এটা আনন্দমধুৰ দিন।

(আগলৈ)

Visited 5 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close