(যোৱা সংখ্যাৰ পাছৰপৰা)
দাদুল দেৱকৃষ্ণ বৰুৱা
(২)

অকলে থকাটো ষ্টেপানৰ অভ্যাসত পৰিণত হৈছিল। অথচ এসময়ত তেওঁৰ ঘৰখন ভৰি আছিল। ঘৰৰ চুকে-কোণে পিয়াপি দি ফুৰিছিল হাঁহিৰ ৰ’দ আৰু কথাৰ পোহৰ। সপোনৰ ফুল ফুলিছিল তেওঁৰ ঘৰত। তেওঁ ভাবিছিল— ঘৰখন আৰু ভৰুণ হ’ব! যেতিয়া তেওঁৰ দুই পুত্ৰই বিয়া কৰাব, যেতিয়া তেওঁ ককাক হ’ব! কিন্তু তেনে নহ’ল। সময় বৰ ডাঙৰ খেলুৱৈ। সময়ৰ লগত কোনেও খেলিব নোৱাৰে; সময়েহে সকলোৰে লগত খেলে। তেওঁৰ লগতো সময়ে খেলিলে।
: ঘৰটো এনেয়ে সাজিলোঁ নেকি বাৰু?— ষ্টেপানে পত্নীক সুধিছিল এদিন।
: কিয় সুধিলা?— পত্নীৰ দুচকুত আশ্চৰ্যৰ দৃষ্টি।
: কেৱল তুমি আৰু মই থাকিবৰ বাবেতো ঘৰ সজা নাছিলোঁ। এখন ভৰা ঘৰৰ সপোন দেখিছিলোঁ মই।
: তুমি ল’ৰাহঁতক দোষ দিব বিচাৰিছা?
: …
: সিহঁত ডাঙৰ হ’ল। বুজন হ’ল। নিজৰ সিদ্ধান্ত নিজে ল’ব পৰা হ’ল।
: তথাপি মই আশা কৰিছিলোঁ…।
: ময়ো কৰিছিলোঁ আশা। কিন্তু চৰাইৰ পোৱালি ডাঙৰ হোৱাৰ পাছত বাহ এৰি উৰি যায়েই। নতুন লগ বিচাৰি লয়গৈ। নতুন বাহ সাজেগৈ…। ল’ৰাহঁতো চৰাইৰ দৰেই উৰি গ’ল বুলি ধৰি লোৱাঁ।
এৰা, ল’ৰা দুটা উৰিল। সিহঁতক বুকুৰ উম্ দি, চেনেহৰ টোপ খুৱাই চৰায়ে পোৱালি ডাঙৰ কৰাৰ দৰেই ডাঙৰ কৰিছিল ষ্টেপান আৰু মাকে। সিহঁত ডাঙৰ হ’ল। ডেকা হ’ল। পঢ়াই-শুনাই মানুহ কৰিলে দুয়োটাকে। তাৰ পিছত দুইটাৰ পাখি গজিল! ডেউকা শক্তিশালী হ’ল! আকাশ ধিয়াই উৰিব পৰা হ’ল। আৰু এদিন চৰাই পোৱালিয়ে বাহ এৰি উৰি যোৱাৰ দৰে ষ্টেপান আৰু মাকৰ বুকু উদং কৰি দুয়োটাই ডেউকা মেলি দিলে সাগৰৰ সিপাৰলৈ বুলি। এটা এতিয়া আমেৰিকাত। আনটো অষ্ট্ৰেলিয়াত। সিহঁত বাৰু চৰাইৰ দৰেই সুখীনে?
সপ্তাহে-পষেকে গাঁৱৰ টেলিফোন বুথটোলৈ কল আহে পুতেকহঁতৰ পৰা। ষ্টেপান আৰু পত্নীয়ে বৰ আগ্ৰহেৰে ৰৈ থাকে সেই সময়কণলৈ। কথা পাতে। কুশল-মংগল সোধে। আশিস দিয়ে। তাতকৈ কৰিবপৰা একোৱেই নাথাকে তেওঁলোকৰ হাতত। অভ্যস্ত হৈ গৈছিল তেওঁলোক। ষ্টেপানৰ স্কুললৈ অহা-যোৱা কৰা আৰু ঘৰত আহি পত্নীৰ লগত বাগিচা পৰিচৰ্যা কৰাতেই সময়বোৰ পাৰ হৈছিল। কিন্তু ষ্টেপান আৰু অকলশৰীয়া হৈ পৰিছিল তেতিয়া, যিদিনা বুকুখন বিষোৱা বুলি কোৱা তেওঁৰ মৰমী পত্নী তেওঁৰ হাততে কেইটামান মিনিটৰ ভিতৰতে নিথৰ হৈ পৰিছিল।
তেতিয়াৰ পৰা ষ্টেপান একেবাৰে অকলশৰীয়া। একাকিত্বই তেওঁক ঘেৰি ধৰিছিল। বৰ অসহ্য হৈ উঠিছিল নিঃসংগতা। নিঃসংগতা দূৰ কৰিবলৈ তেওঁ স্কুলৰ পৰা আহি সদায় চাভাত বৰশী বাবলৈ আৰম্ভ কৰিছিল। মাছ পাবলৈ নহয়; সময় কটাবলৈ ষ্টেপানে সংগী হিচাপে বাছি লৈছিল বৰশীটো আৰু চাভা নৈখনক।
বৰশী বোৱা অভ্যাসটোৰ বাবেই ষ্টেপানে মলেঁয়াক পালে। তেওঁৰ একাকিত্ব দূৰ কৰিবৰ বাবেই যেন মলেঁয়াৰ আগমন! তেওঁ অদৃষ্টক ধন্যবাদ দিলে।
* * *
মলেঁয়াক ঘৰলৈ লৈ অহাৰ পিছত ষ্টেপান বিবুধিত পৰিল। মলেঁয়ায়ো ভয় খাইছিল। ভগা ডেউকাৰ বিষ আৰু অচিন মানুহ এজনৰ হাতত পৰাৰ আতংক দুয়োটা মিলি মলেঁয়াৰ কণমানি দেহটো কঁপাই তুলিছিল। কিন্তু লাহে লাহে ষ্টেপানৰ ব্যৱহাৰ দেখি মলেঁয়াই বুজি উঠিছিল— এইজন মানুহ হয়তো তাইৰ ডেউকা ভাঙি দিয়া চিকাৰীটোৰ দৰে নিৰ্দয় নহয়! এইজন মানুহে তাইক নিৰ্ভয় দিছে; আশ্ৰয় দিছে। দিছে বুকুৰ উম। মলেঁয়া আশ্বস্ত হ’ল ষ্টেপানৰ ব্যৱহাৰত।
আহত চৰাই পোৱালিটোক কিদৰে শুশ্ৰূষা কৰিব পাৰি সেই বিষয়ে ষ্টেপানে একোৱেই নাজানে। তথাপি ঘৰলৈ আহি তেওঁ পানী তপতালে। পাত্ৰ এটাত কুহুমীয়া পানী অলপ লৈ কোমল কাপোৰ এখন তিয়ালে। সেই কাপোৰখনেৰে মলেঁয়াৰ ডেউকাৰ ক্ষতস্থানখিনি লাহে লাহে মোহাৰি দিলে। তেজৰ চেঁকুৰাখিনি মচি দিলে। এনেদৰে মোহাৰি থাকোঁতে বাৰে বাৰে ষ্টেপানৰ মনলৈ আহিল বৰ্তমান আমেৰিকাৰ বাসিন্দা তেওঁৰ বৰপুত্ৰৰ কথা। তেতিয়া হয়তো ষ্টেপানৰ বৰপুত্ৰৰ বয়স হৈছিল ৫ বছৰ। কোনোবা এটা শীতৰ সন্ধিয়া ঘৰৰ সম্মুখৰ ৰাস্তাটোৰে যোৱা মটৰবাইক এখনে ল’ৰাটোক চুই গৈছিল। পকী আলিত বাগৰি পৰিছিল সি। শিল আৰু বিটুমিনৰ প্ৰলেপত ঘঁহনি খাই তাৰ সোঁফালৰ আঁঠুটোৰ তললৈ, কলাফুলৰ ছাল ছিগি গুলপীয়া মঙহ দেখা গৈছিল। তেজ নিগৰি আহিছিল। ষ্টেপানে কোলাত তুলি তাক ঘৰৰ ভিতৰলৈ লৈ আহিছিল। মাকে তপতাই দিয়া পানীৰে পুতেকৰ ভৰিৰ ক্ষতস্থান ধুই শুকাবলৈ দিছিল। প্ৰাথমিক চিকিৎসাৰ বাকচটোৰ পৰা মলম উলিয়াই সানি দিছিল।
: আৰাম লাগিছেনে?— পুতেকক বৰ মৰমেৰে সুধিছিল ষ্টেপানে।
: বহুত।— ফেঁকুৰি থকা ল’ৰাটোৱে ফেঁকুৰিবলৈ এৰি দিছিল।
: সোনকালেই ভাল হ’ব। ভাইটিৰ লগত সোনকালেই খেলিব পাৰিবা।
: মই আৰু কোনোদিনে অকলে ৰাস্তালৈ ওলাই নাযাওঁ।
যেন এখন অলিখিত চুক্তিপত্ৰতহে চহী কৰি দিব ষ্টেপানৰ বৰপুত্ৰই! পিছে পদূলিলৈ অকলে ওলাই নাযাওঁ বুলি কোৱা তেওঁৰ সেই ডাঙৰ পুতেকে কেতিয়াবাই ঘৰ এৰি গুচি গ’ল। আনকি দেশো এৰি গ’লগৈ সি। পদূলিলৈ অকলে নাযাওঁ বোলা ল’ৰাটো এতিয়া তেওঁৰ পৰা বহু নিলগত। আমেৰিকাৰ নিউয়ৰ্ক চিটিৰ আকাশ চুমিবলৈ উদ্বাউল হৈ ওখ হৈ গৈ থকা কোনোবা এটা ইমাৰতৰ কোঠা এটাত তাৰ কোম্পানীৰ কাৰ্যালয়। এতিয়া মাটিৰ পৰা বহু ওপৰত সি। দেউতাকৰ পৰা বহু নিলগত। মাকে কোৱাৰ দৰেই তেওঁৰ ল’ৰাহালৰ ডেউকা গজিল। বাহ এৰি উৰিল। দেশ এৰি উৰিল। দুয়োটা ল’ৰা এতিয়া দুখন সুকীয়া মহাদেশৰ বাসিন্দা।
পুতেকহঁত সুকীয়া মহাদেশলৈ উৰা মৰাৰ দৰেই ষ্টেপানৰ কাষলৈ যেন উৰি আহিল সুখৰ সময়! যিখিনি সুখৰ নাম তেওঁ দিব খোজে— মলেঁয়া। মলেঁয়াৰ ক্ষতস্থান মোহাৰি দি, নিকা কৰি সেয়ে তেওঁ লাভ কৰিছে এক বুজাব নোৱৰা সুখ। মলেঁয়া যেন তেওঁৰ একান্ত আত্মজ। মলেঁয়ায়ো চকুহাল মুদি দিছে ষ্টেপানৰ এই শুশ্ৰূষা পাই। তাই ইতিমধ্যে বুজি উঠিছে— মানুহজন তাইৰ বাবে সঁচাকৈয়ে নিৰাপদ।
তপত পানীৰে মচি দিয়াৰ পিছত ইতিমধ্যে ক্ষতস্থান টুকুৰা শুকাইছিল। ঘাঁ টুকুৰাত কিবা এটা সানি দিব পাৰিলে ভাল আছিল। ষ্টেপানে মলেঁয়াক কোমল কাপোৰ এখনেৰে মেৰিয়াই থৈ কিবা বিষনাশক মলম ঘৰত আছে নেকি বিচাৰিবলৈ ধৰিলে। কিন্তু নাই; একো এটা বিচাৰি নাপালে তেওঁ। অৱশেষত তেওঁ টুথপে’ষ্টটোকে লৈ আহিল। তেওঁৰ মনত আছে, কোনোবা এজন সমনীয়াৰ কথা; তেওঁক কৈছিল— আঘাত পোৱা স্থানত একো সানিবলৈ নাথাকিলে টুথপে’ষ্ট সানিব পাৰি। ভাল ফল পোৱা যায়। …মলেঁয়াৰ ভগা ডেউকাখন লাহেকৈ দাঙি ধৰি ষ্টেপানে টুথপে’ষ্ট সানি দিলে লাহে লাহে। মলেঁয়াই প্ৰথমে দুখ পাইছিল যদিও লাহে লাহে আৰাম অনুভৱ কৰিলে।
এতিয়া মলেঁয়াক খুৱাবলৈ চিন্তা কৰাৰ সময়। কি খুৱাব ভাবি নাপালে ষ্টেপানে। সেয়ে উপায় বিচাৰি পশু চিকিৎসক মিষ্টাৰ ইগ’ৰৰ সতে যোগাযোগ কৰাৰ কথা ভাবিলে। শোৱনি কোঠাৰ একোণত থকা টেলিফোনটোৰ ওচৰ চাপি গ’ল তেওঁ। মিষ্টাৰ ইগ’ৰৰ নম্বৰ ডায়েল। কেইটামান ৰিং হোৱাৰ পিছতে মিষ্টাৰ ইগ’ৰে ফোন উঠালে।
: চৰাই পোৱালি এটা পাই আনিলোঁ। কি খুৱাম ঠিক কৰিব পৰা নাই।— ভাল-বেয়া খবৰ কৰাৰ পিছতে জৰুৰী কথাটো উলিয়ালে ষ্টেপানে।
: কি চৰাইৰ পোৱালি?— টেলিফোনৰ ইটো মূৰত মিষ্টাৰ ইগৰ।
: হোৱাইট ষ্টৰ্কৰ। ডেউকা এখন ভগা। চিকিৎসাৰো প্ৰয়োজন।
: সময়তো বেয়া হ’ল নহয়! মই কাইলৈ পুৱাহে যাম। তুমি এটা কাম কৰাঁ।
: কি কাম?
: ঘৰত ইলেক্ট্ৰ’লাইট আছে?
: নাই।
: গুড় আছে?
: নাই।
: চেনি আছে নহয়!
: আছে।
: নিমখতো থাকিবই বাৰু। বেকিং চ’ডা আছেনে?
: আছে, আছে।
: পটাছিয়াম ক্ল’ৰাইড ওলাব নেকি তোমাৰ সংগ্ৰহত?
: হয়, ওলাব অলপমান।
: বঢ়িয়া। তুমি ঘৰতে ইলেক্ট্ৰ’লাইট প্ৰস্তুত কৰি ল’ব পাৰিবা। কেনেকৈ কৰিব লাগিব ভালকৈ শুনি লোৱা।
মিষ্টাৰ ইগ’ৰে ইলেক্ট্ৰ’লাইট প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো ফোনতে শিকাই দিলে ষ্টেপানক। ষ্টেপানে মিষ্টাৰ ইগ’ৰে বুজাই কোৱাৰ দৰে ইলেক্ট্ৰ’লাইট তৈয়াৰ কৰিবৰ বাবে প্ৰয়োজনীয় সকলো গোটাই ল’লে আৰু পানী তপতালে। মিষ্টাৰ ইগ’ৰে কোৱা দৰেই জোখমতে গৰম পানী লৈ তাত পানীৰ অনুপাত অনুসৰি নিমখ, চেনি, বেকিং চ’ডা আৰু পটাছিয়াম ক্ল’ৰাইড মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিলে। প্ৰস্তুত হৈ উঠিল ষ্টেপানৰ ঘৰুৱা ইলেক্ট্ৰ’লাইট।
মলেঁয়াৰ ঠোঁটখন মেলি ষ্টেপানে ড্ৰপাৰ এটাৰে ইলেক্ট্ৰ’লাইটৰ টোপাল দিবলৈ আৰম্ভ কৰিলে। প্ৰথমে মলেঁয়াই ঠোঁটখন মেলিবই বিচৰা নাছিল যদিও ষ্টেপানৰ আদৰ আৰু যতনৰ ওচৰত সেও মানি ল’লে তাই।
আজি ৰাতিটো উজাগৰে থাকিব ষ্টেপান। কাৰণ ৰাতি কেইবাবাৰো মলেঁয়াক ইলেক্ট্ৰ’লাইট খুৱাব লাগিব। ৰাতিপুৱাহে মিষ্টাৰ ইগৰ ওলাবহি। সন্ধিয়া হৈছেহে; ৰাতি পুৱাবলৈ বহু বাকী।
(আগলৈ)