Written by 7:08 am Articles

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা

(২৬)

: দিনবোৰ ইমান খৰকৈ পাৰ হৈ যাব বুলি ভবা নাছিলোঁ।— ষ্টেপানে ক’লে।

: সময়হে। সময় যাবই আৰু তোমাৰ-মোৰ জীৱনৰ পৰা সৰকি।— মিষ্টাৰ ইগৰে নিজৰ মত শুনালে।

: তথাপি বেছি খৰকৈ যোৱাৰ দৰে লগা নাইনে!

: ভালহে হৈছে খৰকৈ যোৱা বাবে। নহ’লে আজিকালি বাতৰিকাকতত বেয়া খবৰবোৰহে পাই থাকোঁ।

: খৰকৈ পাৰ হোৱা মানেইতো বেয়াবোৰ শেষ হৈ যোৱাটো নুবুজায়!

: সেইটো হয়। চাপৰিলে মেঘ নাতৰে। কিন্তু বেয়াৰ মাজতো বহু ভাল কাম হৈ আছে।— মিষ্টাৰ ইগৰে ক’লে।

: পৃথিৱীৰ নিয়মেই এনেকুৱা! —ষ্টেপানে স্বগতোক্তি কৰিলে।

: পৃথিৱীৰ নিয়ম নহয়; মানুহৰ নিয়ম। মানুহেহে ইটো সিটো সমস্ত বেয়া কামবোৰ কৰি থাকে।

: তোমাৰ কথাখিনি মিছা নহয়।

: মলেঁয়াৰ কথাই ভাবাচোন। তাইকতো মানুহেই গুলিয়াই ডেউকা ভাঙি দিছিল।

: তাইকতো মই সুস্থ কৰি জীয়াই ৰাখিছোঁ।

: সেয়াই— ভাল আৰু বেয়া দুয়োটাই আছে পৃথিৱীত। বেয়াতকৈ ভাল অধিক, সেয়ে পৃথিৱী বৰ্তি আছে। আচলতে কি জানা বন্ধু— সুখৰ সময় বেছি খৰতকীয়া!

বাৰাণ্ডাত বহি ষ্টেপান আৰু মিষ্টাৰ ইগৰে এইবোৰ কথাই পাতি আছে। মলেঁয়া তেতিয়া চোতালৰ এমূৰত। পুৱাই জীয়াই ৰখা মাছ খাই গোটেইজনী তমস্কাৰ হৈ আছে। তাইক বেছ সপ্ৰতিভ দেখা গৈছে। কিন্তু তাই জানো সদায় থাকিব!

চিৰকাল কোনো নাথাকে। মলেঁয়াও নাথাকে, ষ্টেপানো নাথাকে। কিন্তু মলেঁয়া নোহোৱা হৈ যাব পৰাৰ কথাটো ভাবিলেই ষ্টেপানৰ বুকুখনত গধুৰ শিল এটা কোনোবাই আনি থৈ যোৱা যেন লাগে।

: নীৰৱ হৈ গ’লা যে! —মিষ্টাৰ ইগৰে মাত লগালে।

: ভাবিছোঁ।— ষ্টেপানে ক’লে।

: কি ভাবিছা?

: মলেঁয়াৰ কথা। তাইৰো বয়স বাঢ়িছে।

: তোমাৰ আৰু মোৰো বাঢ়িছে। আমি বুঢ়া দুটা কেতিয়া মৰোঁ ঠিক নাই।— মিষ্টাৰ ইগৰে ধেক্ ধেকাই হাঁহিলে।

: তেতিয়া মলেঁয়াৰ কি হ’ব? মই যেতিয়া নাথাকিম?— ষ্টেপানৰ মাতটো গধুৰ হ’ল।

: মাৰ্ক’ আছে নহয়; সি চাব। পৃথিৱীত জীৱন যুগমীয়া নহয়।

: সেয়ে মোহ লগা এই জীৱন।— ষ্টেপানে ক’লে।

দুয়ো কথা পাতি থাকোতেই লুকা ওলালহি। তেওঁ পোনে পোনে বাৰাণ্ডাত উঠিলহি। হাতত ইংৰাজী আলোচনী এখন।

: বহাঁ ডেকাল’ৰা।— ষ্টেপানে বহিবলৈ ক’লে লুকাক।

লুকা বহিল।

হাতত লৈ অহা ইংৰাজী আলোচনীখনৰ পৃষ্ঠা লুটিয়াই ক’লে— “ক্লেপেটাঁৰ দৰে নতুন কাহিনী এটাৰ বিষয়ে ইয়াত প্ৰকাশ পাইছে।”

: ক’ৰ কাহিনী? কেনেকুৱা?— মিষ্টাৰ ইগৰে সুধিলে।

: পঢ়ি দিওঁ লেখাটো? —  লুকাই সুধিলে।

: পঢ়াচোন।— আগ্ৰহী হৈ উঠিল ষ্টেপানো।

লুকাই পঢ়িবলৈ আৰম্ভ কৰিলে।

তুৰ্কীৰ এখন সৰু গাঁও। গাঁওখনৰ এজন দুখীয়া মাছমৰীয়াই এদিন এটা হ্ৰদৰ পৰা জাল তুলি থাকোঁতে পিছফালে শব্দ এটা শুনি ঘূৰি চালে। ঘূৰি চাই দেখে যে তেওঁৰ নাওখনৰ টিঙত থিয় হৈ আছে এটা মহিমামণ্ডিত সত্তা।

জিলিকি থকা বগা পাখিবোৰে ইয়াৰ মূৰ, ডিঙি আৰু বুকুখন ঢাকি ৰাখিছিল, ডেউকাত ক’লা পাখিৰ আৱৰণ। দীঘল আৰু নোমযুক্ত ঠোঁটৰ ৰঙৰ লগত প্ৰায় মিল থকা ক্ষীণ কমলা ৰঙৰ ভৰি দুখনৰ ওপৰত থিয় হৈ আছিল এই সত্তাটো।

মাছমৰীয়া আদেম য়িলমাজে ইয়াক গাঁওখনত বহুদিনৰ পৰা দেখি অহা গ্ৰীষ্মকালীন বগা ষ্টৰ্কবোৰৰ ভিতৰৰে এটা বুলি অনুমান কৰিছিল। কিন্তু ইমান ওচৰত কেতিয়াও দেখা নাছিল। তেওঁৰ নাওখনত আতিথ্য লোৱা কথাটোৱে আচৰিতো কৰি তুলিছিল।

চৰাইটোৰ ভোক লাগিছে বুলি ভাবি আদেমে তালৈ বুলি মাছ এটা দলিয়াই দিলে। চৰাইটোৱেও মাছটো পলকতে খাই পেলালে। তেওঁ আন এটা মাছ দলিয়াই দিলে। এটাৰ পিছত এটাকৈ কেবাটাও মাছ এনেদৰেই তাক খাবলৈ দিয়া হ’ল।

তেনেকৈয়ে আৰম্ভ হ’ল মানুহ আৰু চৰাইৰ এক মনোৰম কাহিনী, যিয়ে তুৰস্কক মোহিত কৰি ৰাখিছে। স্থানীয় এজন প্ৰকৃতি ফটোগ্ৰাফাৰৰ প্ৰচাৰৰ যোগেদি এই যুটিটোৰ কাহিনীটোক আধুনিক যুগৰ মানুহ আৰু চৰাইৰ বন্ধুত্বৰ উপকথা হিচাপে বিয়পাই দিছে।

তাৰ নামকৰণো হৈছে। সকলোৱে এতিয়া তাক য়াৰেন বুলিয়েই জানে। তুৰ্কী ভাষাত য়াৰেন বা ‘সঙ্গী’ বুলি ডাকনাম দিয়া ষ্টৰ্কটোৱে সেই প্ৰথম বছৰতে বাৰে বাৰে আদেম য়িলমাজৰ নাওখনলৈ ঘূৰি অহাই নহয়, শীতকালত দক্ষিণলৈ প্ৰব্ৰজন কৰাৰ পিছত পিছৰ বসন্তত একেখন গাঁৱলৈ উভতি আহিল। একেখন নাৱলৈ উভতি আহিল। এই যুটিৰ কাহিনীয়ে ৭০ বছৰীয়া মিষ্টাৰ য়িলমাজ আৰু ১৭ বছৰীয়া বুলি অনুমান কৰা য়াৰেনৰ বাবে অভাৱনীয় খ্যাতি কঢ়িয়াই আনিছে। কাহিনীটো ১০ বছৰত ভৰি দিছেহি।

: বৰ ভাল খবৰ! — মিষ্টাৰ ইগৰে ক’লে।

: আন এক ক্লেপেটাঁ! — ষ্টেপানক উল্লসিত দেখা গ’ল।

: আৰু মলেঁয়া? —  লুকাৰ প্ৰশ্ন।

: মলেঁয়াৰ বিকল্প নাই। মলেঁয়া একক। মলেঁয়া অনন্য। — ষ্টেপানে ক’লে।

মলেঁয়া তেতিয়াও চোতালত। ঠোঁটখনেৰে পাখি খুচৰিছে। ৰ’দ পুৱাইছে।

(আগলৈ)

Visited 4 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close