Written by 4:14 am Poems

মমতালৈ চিঠি

(স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষাৰত মমতালৈ বুলি একলম…)

কংকনা বৰুৱা

মৰমৰ মমতা,

মহাজগতৰ ইটো পাৰৰ পৰা

তোমালৈ অশেষ মৰম ঢালি

লিখিবলৈ লৈছোঁ কথাবোৰ

হৃদয়ৰ পৰা হৃদয়লৈ…।

তোমাৰ চিঠিখন পোৱা বহুদিনেই হ’ল,

প্ৰতিটো পৃষ্ঠাৰ এটা এটা শব্দই মোক যেন নিঃসহায় কৰি তুলিছে;

আকৌ এবাৰ বিলীন হৈ পৰিছোঁ

মমডালৰ উত্তাপত জাহ যাবলৈ ধৰা

তোমাৰ সেই

সজল দুচকুত।

তোমাক আমনি কৰা উৰুঙা বতাহজাক

ইয়াত নবলে…

ইয়াৰ চৌপাশে এক বিশাল নীৰৱতা

ভীষণ অন্ধকাৰ,

ঠিক আমাৰ মনবোৰৰ দৰেই-

তুমিবিহীন মই আৰু মইবিহীন তুমি…

মধুলগনৰ সেই প্ৰাণৱন্ত সময়বোৰ

মই বাৰু কেনেদৰে পাহৰিম কোৱাঁ?

হ’ব পাৰে কথাবোৰ তোমাৰ বাবে

পুৰাণৰ সাধুৰ দৰে

পিছে তোমাৰে শপত,

মোৰ  বাবে

এটা এটা ক্ষণ যেন আজিও সপ্ৰতিভ!

তুমি শিপাই আছা

কাহানিও মচিব নোৱাৰা এটি

আৱাহনী সুৰ হৈ

মোৰ ভিতৰে বাহিৰে।

দলিচা পৰা শেৱালিৰ মাজেৰেই

মোৰ জীৱন-যৌৱন পোহৰাবলৈ

তুমি ন-কৈ  অহাৰ  দিনা

দীঘল ওৰণিৰ তলেৰে জিলিকি উঠা তোমাৰ কলডিলীয়া খোপাটিত

কাতিমহীয়া কুঁৱলীজাকে যেন আকৌ এবাৰ ওৰণি টানি দিছিল,

তোমাৰ লিহিৰি কঁকালটিৰ ৰিহাখনলৈ

মই কিয় একেথৰে চাই ৰৈছিলোঁ জানা?

আকাশৰ মেঘৰ মোহনাৰ পৰা

আমাক হাতবাউল দি মতা হালধীয়া জোনজনীতকৈও মোৰ চকুত

তুমিহে অপৰূপা হৈ ধৰা দিছিলা,

সেই সাজত।

তোমাৰ মৌনতাৰ ভাষা মই জানো মমতা

বুজিছিলোঁ- তোমাৰ এৰি অহা অতীত কিম্বা

নৱতম বৰ্তমানৰ মাজত চলা শীতল ধুমুহাজাকৰ গতিবেগ।

গণিছিলোঁ –

তোমাৰ মনৰ সমুদ্ৰৰ প্ৰতিটো লহৰৰ গভীৰতা…।

সাতোটি বছৰ আগতে আমি ৰচা

সপোনটোক (আমাৰ বাবুল)

তোমাৰ ছায়াত সযতনে ৰাখিবা,

তাৰ কথা ভাবিলেই মোৰ যে বুকুখন

এক দুৰ্বিসহ যন্ত্ৰণাত মোচৰ খাই উঠে জানা!

তাৰ স’তে ওমলাৰ আধৰুৱা সপোনটো বুকুত সাবটিয়েই মই যে বাট বুলিলোঁ …।

কেতিয়াবা এনে লাগে ,

তোমাৰ দেউতাৰ চকুত

মই যেন এটা সাংঘাতিক অপৰাধী!

নতুন ঘৰখনৰ পৰা

তোমাৰ  হাঁহিবোৰ মই যে কাঢ়ি আনিলোঁ, হয়তো সেইবাবেই…।

এতিয়া অৱশ্যে  তেখেতৰ স’তে

ময়ো একেখন জগতৰে আৱাসী ।

ওহোঁ…ইমান অভিমান কিহৰ বাবে?

পৰা হ’লে এদিনলৈ গলোঁহেতেন

তোমাৰ অভিমানৰ নৈখনিত

ব’ঠা মেলা পালতৰা নাওখনি হৈ…।

সমাজৰ ৰীতিসম্ভাৰৰ আঁওতাৰে বন্ধা

সেই শুধ বগাখিনিৰ মাজত

তোমাক বাৰু কেনে দেখাইছে !

হয়তো কিছু নিস্প্ৰভ, তথাপি সেই একেই কোমলতা…

অবুজন নহ’বা, তুমিচোন জানাই

কলিজা ফালি মাতিলেও মোৰ ওভতনিৰ পথ যে এতিয়া ৰুদ্ধ,

মোৰ ওভতনিৰ আাশাত

অপেক্ষাৰ কঠিয়া সিঁচি

হৃদয়খন উদং নকৰিবা

ভোগদৈৰ বুকুত ঢল নামিব –

বিষাদৰ…।

মানিছোঁ, ইয়াত তুমিবিহীন  এটা এটা ক্ষণ

মোৰ বাবেও বৰ কষ্টকৰ

তথাপি, এতিয়াই তোমাৰ আগমনি মোৰ কাম্য নহয়

চাবা, আমাৰ বাবুল এদিন ডাঙৰ মানুহ হ’ব

তোমাক সি বৰ সুখত ৰাখিব।

প্ৰচণ্ড ধুমুহাজাকে জোকাৰি যোৱা

তোমাৰ এই মনটোক আৰু ঠুনুকা হ’বলৈ

নিদিবা।

কথা দিলোঁ –

আমি আকৌ লগ হ’ম

মৰম তুলিকাৰে হেঙুল-হাইতাল বুলাই

আকৌ সপোন আঁকিম

আধৰুৱা নহয়, এইবাৰ পৰিপূৰ্ণ…

এই জনমত নহ’লেও

অহাটো জনমত।।

আজিলৈ সামৰিছোঁ

   মৰমেৰে –

       ইতি_

তোমাৰ স্বপ্নাতুৰ আলোকৰ মানুহজন

( অহ্‌, পাহৰিছিলোঁৱেই ব’গা সাজ জোৰেৰে নহয়, তেতিয়াই তোমাক বেছি সুন্দৰ দেখাইছিল যেতিয়া তোমাৰ সেওঁতাত সগৰ্বে উজ্জ্বলি আছিল মোৰ নামৰ সেন্দূৰকণ,- “ৰঙা”, ঠিক মাঘৰ বিহুৰ মেজিত দাউ -দাউ কৈ জ্বলি থকা জুইকুৰাৰ দৰেই ৰঙা)

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close