Written by 5:39 am Poems

মন’ড্ৰামাৰ অন্তিম ছিকুৱেঞ্চ

প্ৰাঞ্জল জ্যোতি দত্ত

লেমটো এহাতে লৈ ওলাই আহিছোঁ

বাহিৰৰ ঘিটমিট আন্ধাৰত তিতি

সি তেতিয়াও থিয় দি আছিল একে ঠাইতে

চাৱনিত তাৰ এজোপা উদং গছৰ হালধীয়া বুৰঞ্জী

চাৱনিটো এদিন মোৰ আছিল

হাতখন বুলাই দিছোঁ তাৰ গালে মুখে

এটা চেঁচা শিহৰণ আঙুলিকেইটাৰ পৰা সৰি

লেমটোত পৰি ফিচ্‌ কৰি উঠিছে

হাতখন এদিন তাৰ আছিল

শলিতাডাল অকণমান বঢ়াই দিব খুজিছোঁ

পোৰা গোন্ধ এটা আহি নাকত লাগিছেহি,

খীণ পোহৰৰ জিভা উলিয়াই দুটা আধামৰা তৰা

কি কথা নো থাকে ক’বলৈ শেষৰ কথাষাৰত

দুৱাৰখন জপাই সোমাই আহিছোঁ ভিতৰলৈ

পিছে পিছে ধোঁৱা আৰু পোৰা গোন্ধটোও

ধোঁৱাই ক্ৰমশঃ ছানি পেলাইছে লেমটো

লাহে লাহে গোটেই কোঠালিটো

চিনিক্‌ চকুত ওভতা ছায়াৰ সাঁথৰ

আন্ধাৰ নে পোহৰ, পলায়ন নে অৱগাহন

কালৰ ডুবি এটাৰে, হঠাৎ পিছলি পৰিছোঁ

ধূমায়িত চকামকাৰ মাজত সৌৱা – পিয়েটা

কোলাৰ নিথৰ শৰীৰটো মই

গান নাই – স্তব্ধ চিম্ফ’নি

ভ্ৰমৰঙ্গত বিভংগ এটা ভ্ৰমৰ

মন’ড্ৰামাৰ অন্তিম ছিকুৱেঞ্চ

ক’ত আছো মই ভিতৰত নে বাহিৰত

ধোঁৱাৰ নিৰ্জনতাত নে ঘিটমিট আন্ধাৰখিনিত

য’ত আছো ত’ত মই নাই

থকা কথাটো এতিয়া এটা মীথ

*  * *

( পিয়েটা- Pieta : মাইকেল এঞ্জেলোৰ অমৰ শিল্পকৰ্ম )

ঠিকনা :

আকাশ মেডিকেল, পুৰণি আৱৰ্ত ভৱন পথ

যোৰহাট -১

ভ্ৰাম্যভাষ-৭০০২৩৫৯৩১৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close