Written by 4:07 am Poems

ভৱপ্ৰজ্ঞা

প্ৰয়াগ শইকীয়া
Cadaver is a teacher
প্ৰণাম তেওঁলোকক যি মৃত্যুৰ পাছতো পায় গুৰুৰ স্থান

সদা উজ্জ্বল
প্ৰভাময় প্ৰজ্ঞাৰ আধাৰ
প্ৰাণহীন শৰীৰৰো যাৰ
নহয় অসাৰ

মাটি
জুই
নীৰৱতাৰ মিনাৰ
নহয় শেষ আস্থান
শেষ আস্থান য’ত শুকুলাবেশী বিদ্যাৰ্থী আৰু বিদ্বান

ভৱসাগৰৰ নাৱৰীয়া
আকাশত অৰুণজ্যোতি
আত্মাত তোমাৰ ভৱজ্যোতি
বৰিবানে এই নৱজ্যোতি

সিদ্ধান্ত অৱশ্যে একান্ত তোমাৰ
মনত ৰাখিবা সৎ আৰু সাহসীজনহে
নৱ প্ৰজ্ঞাৰ দধীচি হ’ব পাৰে

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close