Written by 4:44 am Poems

ভেকুলী বৰষুণ

প্ৰাঞ্জল হাজৰিকা

জিভা ওলোটাই টোৰটোৰাই মাতিবলৈ

ল’ৰাটোক মাকে শিকালে

খোনা ভাল হ’ব

আৰু বেচেৰাই দাঁত কামোৰ খালে

খেতিয়কৰ ল’ৰা ।

অকস্মাৎ ভেকুলীবোৰ আকাশৰ পৰা সৰি পৰিছে

১৯৫৪ চন

১২ জুন

বাৰ্মিংহাম চহৰত ভেকুলী সৰিছে

সৰিয়েই সিহঁত পথাৰলৈ দৌৰিছে ।

এতিয়া এহাল সংগমৰত ভেকুলী ধৰি অনা হৈছে 

উৎস টোৰটোৰণি

মাহ হালধি সনা হৈ গৈছে ইতিমধ্যে ।

ফোন : ৯৪৩৫৯০৩৫৪৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 7 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close