Written by 1:09 pm Poems

ভুলতে তোমাৰ ঠিকনা নিদিবা

 সুশান্ত বৰা 

ভুলতে তোমাৰ ঠিকনা নিদিবা 

ভুল হ’বলৈ ভুলে বাট পালে 

হোৱাৰ ভুলক ভুল বুলি নক’বা ৷

ঠিকনা ভুল কৰা বহু পথিকৰ অপঠিত কবিতা ৰাতি উচাপ খাই সপোনৰ নেগুৰ হেৰুওৱা মই দেখিছোঁ, 

মই দেখিছোঁ সুৰময়ী কথকী উদ্ভিদ 

ধান পকাৰ বা লাগি ৰক্তক্ষৰণ হৈ হৈ ৰক্তহীনতাত ডুবি মৰি যোৱা ৷ 

ভুলতে তোমাৰ ঠিকনা নিদিবা, 

দিয়াৰ দৰে বিচৰাৰো নিয়ম থাকে ঠিকনাৰ, 

কেনেকৈ বিচাৰিলে কোনবোৰ গ্ৰাহকক ঠিকনা দিয়া যাব তাৰ উচিত গণনা তুমি পাৰিব লাগিব, 

যিদৰে বেং সফল বাৰিষা ৷

সম্পৰ্কৰ তীব্ৰতাতকৈ সান্নিধ্যৰ উম বেছি, 

প্ৰামাণিত সূৰ্য্য, অশীতিপৰ আদিম পিতৃ ৷

জিলিকি জিলিকি হাঁহে  

সুনীল সমুদ্ৰৰ মাছ, 

জোনজনী মাক ৰাতিবোৰ মমতা ৷ 

ভুলতে তোমাৰ ঠিকনা নিদিবা 

মাটিৰ গোন্ধ পালে অতল তলিতো সাৰ পাই মাটি-কলিজা, 

মাটিতকৈ আছে কি কবিতা কোৱা ৷ 

ইয়াৰ পৰা আগলৈ যাওঁ বুলিয়ে যাবলৈ 

আছেনে অৰণ্য, 

কথনা ফুলাৰ বিহ্বল আত্মিক নিশা, 

ওখ এটা পৰ্বত অসহজ 

যাৰ বুকুৰ তৰপত জাকাৰাণ্ডাৰ কবিতামালা ? 

ভুলতে তোমাৰ ঠিকনা নিদিবা ৷ 

ঠিকনা: 

যোৰহাট 

ভ্ৰাম্যভাষ : ৯১০১৫৩৬১০৯

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close