হিল্লোলজ্যোতি সিংহ
মাটিৰ গভীৰ আন্ধাৰৰ পৰা
পিয়াসী শিপাই
খেপিয়াই শুহি লয়
খনিজ-পানী
পাতে হাত মেলি আকাশলৈ
চকুত সানি লয় সূৰ্য
চুলিশিপাৰ পৰা
কুঁহিপাতৰ আগলৈ
পানীনলৰ মাজেৰে
প্ৰবাহিত প্ৰাণ
স্থিৰ অথচ গতিময়তাৰ
দুভাগ শৰীৰ
এক নিৰৱচ্ছিন্ন গান
ঠিকনাঃ
প্ৰাণী বিজ্ঞান বিভাগ
বড়োলেণ্ড বিশ্ববিদ্যালয়
কোকৰাঝাৰ
Phone: 9435120076, 9101165234
singha.hilloljyoti@gmail.com
Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025