ড° প্ৰাঞ্জল বুঢ়াগোহাঁই
সন্তান এটি তুলি-তালি ডাঙৰ-দীঘল কৰাটো আমাৰ মানুহে এতিয়াও ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কাম বুলিয়েই ভাবি আছে। সন্তান এটিৰ যতন ল’বৰ বাবে যে কিছু কথা শিকি ল’ব লগা থাকিব পাৰে আমাৰ মানুহে ভাবিবলৈকে টান পায়। আন সকলো কাম কৰিবৰ বাবে আমাৰ মানুহে দুই-চাৰি কথা শিকা যেন লাগে। কিন্তু সন্তান এটিৰ যতন-পালনৰ বাবে আমাৰ মানুহক ক’তো কেতিয়াও একো কথা শিকা দেখা নাই বা এই বিষযে যে পঢ়িব লগা আছে বা কাৰোবাৰ লগত কিবা পাতিব লগা আছে আমাৰ মানুহে চাগে কেতিয়াও ভবাই নাই। মই নকওঁ যে তেওঁলোকে সন্তান যতনৰ ক্ষেত্ৰত আটাইবোৰ ভুলকে কৰে। পৰম্পৰাগতভাৱে আমাৰ অভিভাৱক-অভিভাৱিকায়ো দুই-চাৰি কথা নিশ্চয় শিকি আহিছে। বিজ্ঞানসন্মত ভিত্তি নজনাকৈয়ে তেওঁলোকে কিছু শুদ্ধ নীতিও অনুশীলন কৰে। কিন্তু মই ক’ব খুজিছোঁ যে বিজ্ঞানসন্মত কথাখিনি জানি ল’লে আমি সেই কামটোকে অধিক প্রণালীবদ্ধ আৰু ফলদায়ক কৰিবলৈ সক্ষম হ’ম। আজি মই তাৰে দুই-চাৰিটা নীতিৰ কথা পাতিম। মই এই কথা ন দি ক’ব খোজা নাই যে এই নীতিসমূহ মানি চলিলে তেওঁলোকৰ সন্তান খাটাংকৈ ভাল হ’বই বা সফল হ’বই। মই ক’ব খুজিছোঁ যে এই নীতিবোৰ মানি চলিলে অন্ততঃ সন্তান এটি যিমান ভাল হ’ব লগা আছিল তাতকৈ কিছু হ’লেও যে বেছি ভাল বা সফল হ’ব সেয়া কিন্তু খাটাং। সি যি কি নহওক মই ক’ব খোজা সন্তানৰ যতন লোৱাৰ গণতান্ত্ৰিক নীতিটো পাঠকৰ বাবে অতি গুৰুত্বপূৰ্ণ ইংগিত হ’ব। এইখিনিতে মই পাঠকক পাপু আৰু বিতু নামৰ ল’ৰা দুজনৰ কিছু কথা কৈ ল’ম। প্রথমে পাপুৰ কথাই কওঁ।
পাপুৰ কথাৰে: পাপু ডিব্ৰুগড়ৰ এখন জুনিয়ৰ কলেজত পঢ়ি আছে। পাপুহঁতৰ পৰিয়ালৰ লগত মোৰ পুৰণি চিনাকি। মোটামুটি সৰুৰে পৰাই পাপুক মই দেখি আহিছোঁ বুলি ক’ব পাৰি। তেওঁলোকৰ ঘৰলৈ মোৰ আহ-যাহো আছে। পাপুৱে মেট্ৰিকত সৰহ নম্বৰ পাই উত্তীৰ্ণ হৈ এখন জুনিয়ৰ কলেজত নামভৰ্তি কৰিলে। হায়াৰ ছেকেণ্ডাৰি পঢ়িবৰ বাবে তাক মাক-দেউতাকে হ’ষ্টেলত নাম লিখাই দিলে। হ’ষ্টেলত ৰখাৰ কিছু দিনৰ পাছৰ পৰাই পাপুৰ জীৱনৰ আন এক অধ্যায় আৰম্ভ হ’ল। মাক-দেউতাকে কোৱা মতে পাপুৰ কি এক বেপৰোৱা জীৱন আৰম্ভ হ’ল। লিখিবলৈকে মোৰ আঙুলি কঁপিছে। মদ, ভাং, ড্ৰাগ্ছৰ পৰা খোলা যৌনতালৈকে একোৱেই বাকী নাথাকিল তাৰ। উপায়হীন হৈ মাক-দেউতাকে তাক হ’ষ্টেলৰ পৰা ঘৰলৈ লৈ আহিল কিন্তু ঘৰলৈ অহাৰ পাছত তাৰ মূৰ্তি অন্য। তাক বলাই ৰখাটো মাক-দেউতাকৰ বাবে অসম্ভৱ হৈ পৰিল। মুঠৰ ওপৰত পাপুৰ জীৱনটো এক সাংঘাতিকভাৱে নিয়ন্ত্ৰণহীন জীৱন। না আত্মনিয়ন্ত্ৰণ আছে, না তাৰ মাক-দেউতাকে তাক নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু সেই একেটা ল’ৰাৰ ওপৰতে এসময়ত মাক-দেউতাকৰ নিয়ন্ত্ৰণ আছিল প্ৰচণ্ড। দেউতাকেতো বহুবাৰ মোৰ আগত বুকু ফিন্দাই কৈছিল— ‘‘আমাৰ ল’ৰা বেলেগৰ নিচিনা নহয়। উঠ বুলিলে উঠে, বহ বুলিলে বহে!’’ হয়ো। তাৰ প্রতি দেউতাকৰ বচনবোৰ বাঘৰ গৰ্জনৰ দৰে আছিল। দেউতাকৰ কথাৰ এচিকুট ইফাল-সিফাল হোৱাটোও ঘৰখনৰ এক প্রকাৰৰ নোহোৱা-নোপজা কথা। সেইদৰে দেউতাকেও চৌব্বিছ ঘণ্টাই তাৰ ওপৰত কাঢ়া নজৰ ৰাখিছিল। নিজাকৈ কিবা এটা ভবা, কৰা, ক’ৰবালৈ যোৱা, চিন্তা কৰা ধৰণৰ কথাটো ভাবিবলৈও টান আছিল। নিজা পছন্দ বুলি নাছিল। দেউতাকে শিলৰ ৰেখাৰ দৰে নিয়ম বান্ধি দিছিল আৰু সেইবোৰ পালন কৰাই তাৰ জীৱন আছিল। তাৰ জীৱনৰ প্রতি-সামান্য কথাও নিয়ন্ত্রিত হৈছিল দেউতাকৰ আঙুলিৰ ইঙ্গিতত। মাকৰো কথা আছিল— দেউতাকে দিয়া নিয়ম-নীতি যাতে ক’তো এচিকুটো হীন-দেঢ়ি নঘটে তাক নিশ্চিত কৰা। গতিকে লগৰীয়াৰ লগত খেলা, দৌৰা, মাছ মৰা, বাৰ্থডে’ পাৰ্টি কৰা, ফুৰা আদি কথাবোৰ তাৰ জীৱনলৈ নাহিল। আনকি চোলা-পেণ্ট, জোতা আদিতো মাক-দেউতাকৰ পছন্দই চলিছিল। কিন্তু কি দুৰ্ভাগ্য! সেই একেটা ল’ৰাই আজি ইমান নিয়ন্ত্ৰণহীন যে মাক-দেউতাকে উপায়হীন হৈ কলৈ যাওঁ, কি কৰোঁ কৰি হায়ৰাণ হৈছে। পঢ়ুৱৈ বন্ধু, এইখিনিতে মই পাপুৰ কথা কিছু পৰলৈ স্থগিত ৰাখিছোঁ। কিন্তু প্ৰসঙ্গত আমি পাপুৰ কথা আকৌ আলোচনালৈ আনিম। এইবাৰ আহোঁ বিকিৰ কথালৈ৷
বিকিৰ কথা: বিকিৰ ক্ষেত্ৰতো মাক-দেউতাকে যিখিনি কথা ক’বলৈ আহিছিল পাপুৰ সৈতে প্রায় একেই। বিকি এই বছৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব। কিন্তু মাক-দেউতাকে কোৱা মতে— সেই কথা তাৰ গাত তিলমানো লগা নাই। বিদ্যালয়ৰ শৈক্ষিক ৰিপ’ৰ্ট অনুসৰি বিকিৰ অৱস্থা লাওলোৱা। কোনোমতে কাণে কাণ মাৰি উত্তীৰ্ণ হ’ব নে নহ’ব ক’ব নোৱাৰি। শিক্ষকৰ উপৰি আন মানুহেও বিকিৰ মাক-দেউতাকক জনাইছে যে বিকি বহুতো গণ্ডগোলীয়া কামৰ লগত জড়িত। ওচৰ-চুবুৰীয়াৰো বিকিৰ বিষয়ে নানান আপত্তি। আজব কথাটো হ’ল বিকিৰ মাক-দেউতাকে মোক বিকিৰ বিষয়ে বিশেষ একো তথ্য দিব নোৱাৰিলে। মাত্ৰ আনে তাৰ বিষয়ে কি বদনাম উলিয়াইছে সেয়া কৈয়ে ক্ষান্ত থাকিব লগা হ’ল। মই তেতিয়া অনুসন্ধান কৰিলোঁ, সঁচায়ে বিকিৰ মাক-দেউতাকে তাৰ কথা নাজানে, নে মোক ক’ব বিচৰা নাই— মই দেখিলোঁ যে সঁচাকৈয়ে তেওঁলোকে বিকিৰ বিষয়ে একো নাজানে। সি আচলতে ক’লৈ যায়, কি কৰে এইবোৰ কথা তেওঁলোকৰ হিচাপত নাই। মই জানিব পাৰিলোঁ, বিকিৰ দেউতাক এজন ঠিকাদাৰ। মাক কোনোবা ক্লাব আদিৰ লগত জড়িত। কেৱল জড়িত বুলিলে জোখৰ নহ’ব। তেওঁ এগৰাকী সক্ৰিয় কৰ্মী। সৰুৰে পৰা নিজৰ কামৰ ব্যস্ততাৰ বাবেই হওক বা আন কাৰণতেই হওক তেওঁলোকে সন্তানক এক অবাধ স্বাধীনতা দি আহিছে। কেৱল স্বাধীনতাই নহয়, কোনো অনুশাসন তেওঁলোকে সন্তানৰ ওপৰত আৰোপ কৰা নাই। তেওঁলোকে মোক কোৱা মতে— ‘‘যি লাগে বুলিছে তাকে দিছোঁ। গতিকে সিহঁতেও নিজৰ কাম ভালকে কৰিব লাগে’’৷ তেওঁলোকৰ লগত কথা পাতি মই এয়াও বুজিলোঁ যে মোটামুটি নিয়ম-কানুন বুলি তেওঁলোকৰ ঘৰত একো কথা নাই। ঘৰলৈ ওলোৱা-সোমোৱা, খোৱা-বোৱাৰ কোনো নীতি-নিয়ম নাই। ডাঙৰৰ বাবেও নাই, সৰুৰ বাবেও নাই। ল’ৰা কেতিয়া আহে, কেতিয়া যায়, কি খায়, কি নাখায় এইবিলাকৰো হিচাপ মাক-দেউতাকৰ নাই। মাত্ৰ সময়ে সময়ে ল’ৰাৰ হিচাপ অনুসৰি বয়-বস্তুৰ যোগান দিয়ে। এই ক্ষেত্ৰত তেওঁলোকে তেনেকৈ হাত নধৰে। আৰু তাৰ খতিয়ানো বিশেষ নলয়। মাক-দেউতাকৰ পৰা টকা-পইচা লৈ ক’ত কেনেকৈ খৰচ কৰে তেওঁলোকে নাজানে। দুদিন ঘৰত নাথাকিলেও ক’ত কি কৰে তেওঁলোকে নাজানে। মই এই বিষয়ে জানিবলৈ বিচৰাত তেওঁলোকে মাত্ৰ ক’লে যে তেওঁলোকে ল’ৰাক বিশ্বাস কৰিছিল।
পঢ়ুৱৈ বন্ধু, আপোনালোকে দেখিলে যে সম্তানৰ যতন লোৱা, প্রতিপালন কৰাৰ ক্ষেত্রত পাপু আৰু বিকিৰ মাক-দেউতাকৰ নীতিবোৰ বিপৰীতমুখী৷ পাপুৰ মাক-দেউতাকে কঠোৰ নীতি-নিয়ম আৰু অনুশাসনৰ মাজত এক প্রকাৰৰ নিশ্চিদ্ৰ প্ৰহৰাৰে ল’ৰাক আৱৰি ৰাখে। নিয়মৰ ক্ষেত্ৰত তেওঁলোকৰ তিলমানো আপোছ নাই। পাপুৰ জীৱনৰ ক্ষুদ্ৰতম কথাতো তেওঁলোকৰ নিয়ন্ত্ৰণ। সন্তানে ইফাল-সিফাল যাতে কৰিব নোৱাৰে তাৰ বাবে পাপুৰ দেউতাকে এক বাঘ যেন ভাবমূৰ্তি বজাই ৰাখে। আনহাতে বিকিৰ ঘৰত নিয়ম বুলি কোনো কথা নাই। জীৱনৰ ক্ষুদ্ৰতমতো বাদেই, ডাঙৰ ডাঙৰ কথাতো বিকিৰ মাক-দেউতাক জড়িত নহয়। বিকিৰ স্বাধীনতা ঢেৰ। আনক বিকিয়ে এইবুলি কয় যে মাক-দেউতাকে তাক ঢেৰ মৰম কৰে। যি লাগে বোলে তাকে দিয়ে। বিকিৰ মাক-দেউতাকে যে তাক প্রচুৰ স্বাধীনতা দিছে আৰু লাগ বুলিলেই যিকোনো বস্তু দিছে— ইয়াক তেওঁলোকে সন্তানৰ প্রতি মৰম বুলিয়ে বুজি পাইছে। তাৰ মনত কোনো কাৰণত যাতে দুখ নালাগে এই লৈ পিছে মাক-দেউতাক সচেতন। আমি দেখিলোঁ যে পাপুৰ মাক-দেউতাকে সন্তানৰ যতন লোৱাৰ ক্ষেত্ৰত এক দমনীয় নীতি পালন কৰে আনহাতে বিকিৰ মাক-দেউতাকে অত্যধিক মৰমৰ নামত এক নিৰ্লিপ্ততাৰ নীতি পালন কৰে। সদ্যহতে এই দুই ধৰণৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ অভিভাৱকত্বক আমি দুটা নাম দি লওঁ। পাপুৰ মাক-দেউতাক বা অভিভাৱকক আমি নাম দিওঁ ‘দমনীয়া অভিভাৱক’ আৰু বিকিৰ অভিভাৱকক নাম দিওঁ ‘নিৰ্লিপ্ত অভিভাৱক’। আমি দেখিলোঁ যে শাসন কৰা আৰু মৰম কৰাৰ ক্ষেত্ৰত দুয়োজনৰে অভিভাৱক ভাৰসাম্যহীন— যিটো কাৰণত চাগে সম্তানক লৈ তেওঁলোকে ভবাতকৈ বেছি অসুবিধাৰ সন্মুখীন হৈছে। শাসন আৰু মৰমৰ সঠিক তাল-মিলেৰে বা দুয়োটাৰ ভাৰসমতাৰে আমি বেলেগ ধৰণৰ অভিভাৱক কিছুমানো পাওঁ যাক আমি সদ্যহতে নাম দি লওঁ ‘ভাৰসম অভিভাৱক’ বুলি। এই অধ্যায়ত আমি আচলতে অভিভাৱকে কি দৰেনো মৰম আৰু শাসনৰ ভাৰসমতা আনিব বা কিদৰে নিজৰ অভিভাৱকত্বক অধিকৰ পৰা অধিক গণতান্ত্ৰিক কৰি তুলিব সেই বিষয়ে কথা পাতিম।
যদি সন্তানৰ যতন লোৱাৰ নামত আমি কিবা এটা অভিজ্ঞতা তেওঁলোকক প্রদান কৰিছোঁ, ই তেওঁলোকৰ জীৱনটো ভাল কৰাত সহায় কৰিব লাগে। আমি শাসনৰ নামত যিটো কাম কৰিছোঁ সি ইতিবাচকভাৱে ফল দিব লাগে। আমি যদি তেওঁলোকক বাহ্যিকভাৱে নিয়ন্ত্ৰণ কৰিছোঁ তেনেহ’লে ই তেওঁলোকৰ আত্মনিয়ন্ত্ৰিত কৰিব পাৰিব লাগে। যদি তাকে নহয় তেতিয়াহ’লে আমি তেওঁলোকক শাসন কৰাৰ নিয়ন্ত্রিত কৰাৰ লাভেই বা কি? তেওঁলোকক চিৰদিন আমাৰ দৃষ্টিৰ তলত আমি ধৰি ৰাখিব নোৱাৰোঁ। সদায় আমি বাহ্যিকভাৱে নিয়ন্ত্ৰণ কৰি ৰাখিবও নোৱাৰোঁ। এদিন তেওঁলোক আমাৰ দৃষ্টিৰ পৰা আঁতৰিব। এদিন তেওঁলোকৰ জীৱনৰ পৰা মই আঁতৰি যাম। তেতিয়া তেওঁলোকে নিজৰ জীৱনটো চিজিলকৈ চলাব পৰা হ’ব লাগে। তেতিয়া তেওঁলোকৰ আত্মনিয়ন্ত্ৰণক্ষমতা থাকিব লাগিব। তাকে কৰিবলৈ হ’লে অভিভাৱক হিচাপে আমাৰ নীতিবোৰ এনে হ’ব লাগিব, যি তেওঁলোকক তেনেদৰে গঢ়ি দিব। নিশ্চয়কৈ কিছুমান ধৰা-বন্ধাৰ মাজত, নিয়মৰ মাজত আমি তেওঁলোকক সেই কৌশল, দক্ষতা শিকাব লাগিব। একে সময়তে সেই কৌশল, দক্ষতাৰ বিকাশ তথা প্রয়োগৰ বাবে আমি তেওঁলোকক স্বাধীনতা আৰু সুযোগ দিব লাগিব। এই কৌশল, দক্ষতাখিনি তেওঁলোকক দিওঁতে আমি মনত ৰাখিব লাগিব যে এই শিক্ষা পৰিচালিত হ’ব তিনিটা উপাদানেৰে। প্রথম কথা, আমাৰ সম্তানসকল আৱেগিকভাৱে নিৰাপদ হ’ব লাগিব। যাৰ বাবে আমি তেওঁলোকক মৰম কৰিম। তেওঁলোকৰ আৱেগক গুৰুত্ব দিম। তেওঁলোকৰ প্ৰয়োজন পূৰাম। তেওঁলোকৰ ওজৰ-আপত্তি শুনিম। ইতিবাচক আৱেগেৰে জীৱনটো ভৰাবৰ বাবে চেষ্টা কৰিম। দ্বিতীয়তে, তেওঁলোকে নিজৰ দায়িত্ব নিজে ল’ব পৰাকৈ আমি তেওঁলোকক কৌশল আৰু দক্ষতা প্রদান কৰিব লাগিব। তাৰ বাবে জীৱনক নিয়ন্ত্ৰণ কৰাৰ নীতিবোৰ, কৌশলবোৰ আমি তেওঁলোকৰ ওপৰত আৰোপ কৰিম। আমি মনত ৰখা উচিত যে কোনো শিশুৱেই জন্মতে আত্মনিয়ন্ত্ৰণৰ কৌশল লৈ নাহে। বাহ্যিক নিয়ন্ত্ৰণক আত্মস্থ কৰি সেয়া তেওঁলোকে আত্মনিয়ন্ত্ৰণলৈ পৰ্যৱসিত কৰিব লাগিব। অৰ্থাৎ, দৃঢ়তাৰে আমি তেওঁলোকক শাসন কৰিব লাগিব, বাহ্যিকভাৱে নিয়ন্ত্ৰিত কৰিব লাগিব, যাতে তেওঁলোকে আত্মনিয়ন্ত্ৰণ শিকে। তৃতীয়তে, তেওঁলোক আশ্বস্ত হ’ব লাগিব যে তেওঁলোকে নিজে সেয়া কৰিব পাৰিব। নিজৰ দায়িত্ব নিজে ল’ব পৰাকৈ তেওঁলোকক কৌশল দিয়াৰ লগতে আমি আত্মবিশ্বাসো দিব লাগিব। এই আত্মবিশ্বাস গঢ়িবৰ বাবে আমি প্রয়োজনীয় সমৰ্থন আগ বঢ়াব লাগিব। এই তিনিটা উপাদানক সদ্যহতে আমি চমুকৈ তিনিটা নাম দি লওঁ— মৰম, শাসন আৰু সমৰ্থন। এই তিনিটা উপাদানেৰে সন্তানৰ যতন, প্রতিপালন পৰিচালিত হ’লেহে তেওঁলোকে আত্মনিয়ন্ত্ৰণ আয়ত্ত কৰিব। আমি এইখিনিতে আকৌ এবাৰ পাপু আৰু বিকিৰ জীৱনলৈ ঘূৰি চাওঁ। পাপুৱে মাক-দেউতাকৰ পৰা এই তিনিটাৰ ভিতৰৰ পৰা কেৱল ‘শাসন’-টো পালে। সেইবাবে আমি পাপুৰ মাক-দেউতাকক নাম দি ল’লোঁ দমনীয় অভিভাৱক হিচাপে। আনহাতে বিকিয়ে মাক-দেউতাকৰ পৰা ওপৰৰ তিনিটাৰ ভিতৰত কেৱল ‘মৰম’-টো পালে। তেওঁলোকক সেইবাবে আমি নাম দিলোঁ নিৰ্লিপ্ত অভিভাৱক হিচাপে৷ এতিয়া আমি এনে অভিভাৱকৰ কল্পনা কৰোঁ, যি মৰম, শাসন আৰু সমৰ্থন একেলগে, সমিলমিলেৰে আগ বঢ়াব। তেনে অভিভাৱকক আমি নাম দি লওঁ ভাৰসম অভিভাৱক বুলি।
এইখিনিতে আমাৰ মনলৈ বহু প্রশ্ন আহিব। আমি মৰম কিদৰে কৰিম, শাসন কিদৰে কৰিম আৰু সমৰ্থন কিদৰে আগবঢ়াম? আমি যিদৰে মৰম কৰি আছোঁ, সেয়া উচিত হৈছেনে? শাসন যিদৰে কৰিছোঁ, সেয়া প্ৰণালীবদ্ধ, বিজ্ঞানসন্মত হৈছেনে? সমৰ্থন আমি দিছোঁনে? কেনেকৈ, কি কৰিলে আমি তাক সমৰ্থন বুলি ক’ম, ইত্যাদি। এতিয়া আমি এই মৰম, শাসন আৰু সমৰ্থনক বুজিবলৈ যত্ন কৰিম। আমি বুজিবলৈ যত্ন কৰিম, কিদৰে মৰম কৰিলে, সেই মৰমে তেওঁলোকক আৱেগিক নিৰাপত্তা দিব। কেনে ধৰণৰ শাসনে তেওঁলোকক আত্মনিয়ন্ত্ৰণৰ বাবে দক্ষ কৰি তুলিব। আৰু কিদৰে সমৰ্থন কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব। প্রথমে মৰমৰ কথালৈকে আহোঁ।
মৰম কিদৰে কৰিম: এৰিক এৰিক্ছন নামৰ মনোবিজ্ঞানীজনে শিশুৰ মনোসামাজিক বিকাশৰ এটা মজাৰ তত্ত্ব উলিয়াইছিল। তেওঁ দেখুৱাইছিল জন্মৰ পৰা এক বছৰমান বয়সলৈ শিশু এটি পূৰাপূৰি মাক-দেউতাকৰ, বা ডাঙৰৰ ওপৰত নিৰ্ভৰশীল৷ এই নিৰ্ভৰশীলতাৰ বয়সত যদি তেওঁলোকে সঠিকভাৱে যতন পায় বা তেওঁলোকৰ নিৰ্ভৰশীলতাক সন্তুষ্ট কৰা হয়, তেতিয়া তেওঁলোকে এক আৱেগিক নিৰাপত্তা অনুভৱ কৰে। তেওঁলোকৰ মনত সেই বয়সতে বিশ্বাস গঢ় লৈ উঠে। ইয়াৰ অন্যথা হ’লে আনৰ প্রতি, বাহ্যিক জগতৰ প্রতি তেওঁলোকৰ অবিশ্বাস গা কৰি উঠে। সেয়ে এই স্তৰটোক এৰিক্ছনে নাম দিলে বিশ্বাস আৰু অবিশ্বাসৰ সময় বুলি। আমি দেখোঁ, শিশু এটি যেতিয়া টোপনি নাযায়, মাকে তাক প্ৰথমে কোলাত লৈ, কোমলকৈ জোকাৰি, মিঠা সুৰৰ গান গাই আৱেগিকভাবে শান্ত, প্ৰশমিত কৰে। ভাত নাখালে মৰমেৰে নিচুকাই, ফুচুলাই আৱেগিকভাৱে শান্ত আৰু নৰম কৰে। কান্দিলেও একে ধৰণেৰে তেওঁলোকক আৱেগিকভাৱে শান্ত কৰা যায়। এয়া এক প্রয়োজন। জৈৱিক প্রয়োজন। জীৱনজুৰি কঢ়িয়াই লৈ ফুৰা এক প্রয়োজন। এই আৱেগিক প্রযোজন পূৰ নহ’লে মানুহ অবিশ্বাসী, অশান্ত হয়। যিসকল অভিভাৱক মৰমীয়াল আৰু শিশুৰ আৱেগিক প্রয়োজনৰ প্রতি মনোযোগী, তেনে অভিভাৱকৰ সন্তানে পৃথিৱীখনক মৰমীয়াল আৰু নিৰাপদ যেন অনুভৱ কৰে। যিকোনো ভয় লগা কথা-ঘটনা শুনিলে, দেখিলে তেওঁলোকে মাকৰ কোলাত, দেউতাকৰ বুকুত আশ্ৰয় ল’ব পাৰে। এই আৱেগিক নিৰাপত্তাই পৃথিৱীৰ প্রতিকূলতাৰ বিৰুদ্ধে যুঁজিবৰ বাবে প্রচণ্ড শক্তি দিয়ে।
সন্তানক মৰম কৰাক লৈ আমাৰ সমাজত বহু ভুল ধাৰণা আছে। বহু অভিভাৱক-অভিভাৱিকাই ভাবে যে মৰমে ল’ৰা-ছোৱালী নষ্ট কৰে। ল’ৰা-ছোৱালীক শাসন কৰিব নোৱাৰিলে প্রায়েই মাক-দেউতাকবোৰে কাজিয়া কৰে আৰু ইজনে-সিজনক জগৰীয়া কৰে। মাকে কয়— ‘‘দেউতাকে মৰম কৰি কৰি ল’ৰা নষ্ট কৰিলে।” বা দেউতাকে গালি পাৰে— ‘‘মাকে মৰম কৰি কৰি ল’ৰা নষ্ট কৰিলে।’’ তেতিয়াহ’লে কি মৰম কৰাটো বেয়া নেকি? সঁচায়ে মৰমে ল’ৰা-ছোৱালীৰ লোকচান কৰে নেকি? মই এই মুহূৰ্তত আপোনাক একে আষাৰে দিব খোজা উত্তৰটো হ’ল— নহয়। মৰমে কেতিয়াও সন্তানৰ বেয়া নকৰে, অনিষ্ট নকৰে। যিমান মৰম দিলেও একো লোকচান নহয়, যদিহে মৰমৰ লগত যথাযথভাৱে শাসন আৰু সমৰ্থন থাকে। তাৰ লগত আৰু এটা জৰুৰী কথা হ’ল— আমি মৰম কিদৰে দিছোঁ। বহু অভিভাৱক-অভিভাৱিকাই লাগ বুলিলে সামগ্ৰী এটা দিয়াকেই মৰম দিয়া বুলি বুজে। মোৰ কথা হ’ল সামগ্ৰীৰে মৰম দিব নালাগে। মৰম দিয়াৰ প্রকাৰ লাগ বুলিলেই সামগ্ৰী দিয়াটো হ’ব নালাগে। আন কথাত সামগ্ৰীৰে মৰম সালসলনি কৰা অনুচিত। আমি তেওঁলোকক সামগ্ৰীও দিম। কিন্তু সামগ্ৰী দিম প্রয়োজনত আৰু মৰম দিম মৰমত। আকৌ কৈছোঁ সামগ্ৰী আমি তেতিয়াহে দিম, যেতিয়া তেওঁলোকৰ প্রয়োজন হ’ব। এতিয়া কথা হ’ল, যদিহে আমি সামগ্ৰী বা বস্তুৰে মৰম নিদিওঁ, তেতিয়াহ’লে কিদৰে দিম? এইখিনিতে এই কথাও আপোনাক সোঁৱৰাই থওঁ যে আপুনি যে মৰম কৰিছে, সেয়া তেওঁলোকৰ বাবে বুজা বা দেখা ধৰণৰো হ’ব লাগে। বহু মাক-দেউতাকে ল’ৰা-ছোৱালীয়ে বুজি পোৱাকৈ, দেখাকৈ, উপলব্ধি কৰাকৈ মৰম কৰিব নাজানে। এইখিনি কথা মনত ৰাখি আমাৰ মৰম কৰাৰ ধৰণবোৰ তলত দিয়া ধৰণৰ হ’ব পাৰে—
মাতৰ মৰম: পঢ়ুৱৈসকলেই ভাবকচোন, মাততকৈ মিঠা মৰমনো আৰু কি আছে। এষাৰ মৰমৰ মাতেই মানুহক আকুল-বিয়াকুল কৰিব পাৰে। মাতৰ তিতা যিদৰে পৃথিৱীৰ আটাইতকৈ অসহনীয় তিতা, সেইদৰে মাতৰ মিঠাই চাগে পৃথিৱীৰ আটাইতকৈ মিঠা। আমি কথাৰে তেওঁলোকক বুজাই দিব পাৰিব লাগে যে তেওঁলোক আমাৰ বাবে মৰমৰ, গুৰুত্বপূৰ্ণ, মূল্যৱান। ভাল কামবোৰ মাতৰ মিঠাৰে প্রশংসা কৰিব লাগে। এইখিনিতে আকৌ কওঁ— তেওঁলোকে ভাল কাম এটা কৰিলে সেই কামটোৰহে প্রশংসা কৰিব লাগে। তাৰে মানুহটোৰ মূল্যায়ন কৰিব নালাগে। উদাহৰণস্বৰূপে, তেওঁ যদি ভালকৈ আৰু শুদ্ধকৈ অংক এটা কৰে তেতিয়া তেওঁক প্রশংসা কৰিব লাগে এই ধৰণে যে— তুমি অংকটো খুব ভালকৈ কৰিব পাৰিছা। উত্তৰটো শুদ্ধ হৈছে আৰু প্রত্যেকটো ষ্টেপ যেনেকৈ হ’ব লাগে তেনেকৈ হৈছে। অংক আচলতে এনেকৈয়ে কৰিব লাগে।) মাতৰ প্রশংসাটো এনে ধৰণৰ হ’ব নালাগে— ‘‘তুমি বৰ ভাল ল’ৰা। চোকা ল’ৰা। তোমাক ভাল পাওঁ…।” পাঠকে নিশ্চয় মই ক’ব খোজা কথাষাৰ বুজিছে। কোনো কাৰণত কেৱল কাম বা কাৰ্য এটাৰে তেওঁলোকৰ জীৱনৰ মূল্যায়ন কৰা উচিত নহয়। ঠিক সেইদৰে যদি তেওঁৰ পৰীক্ষাৰ ফলাফল বেয়া হৈছে তেতিয়াও সেই পৰীক্ষাৰ ফলাফলেৰে মানুহজনৰ মূল্যায়ন কৰা অনুচিত। ‘‘তুমি গাধা। তুমি পঢ়াত বেয়া। তোমাৰ জীৱন বৰ্বাদ। তুমি নিজৰ লগতে ঘৰৰ বদনাম কৰিছা৷’’ বৰঞ্চ কথাটো এইটোহে যে তেওঁৰ এটা পৰীক্ষাৰ ফলাফলহে বেয়া হৈছে।
তেওঁলোকৰ যিকোনো ভাল কাম, ভাল আচৰণ এটাক মিঠা আৰু প্ৰেৰণাদায়ক মাতেৰে প্রশংসা কৰাৰ সুযোগ অভিভাৱক-অভিভাৱিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে পূৰাদমে ল’ব পাৰে। তেনে এটাও সুযোগ যেন হাৰি নাযায়। মনোবিজ্ঞানীসকলে দেখুৱালে যে, কোনো ভাল কামৰ বাবে যদি আমি কাৰোবাক পুৰস্কৃত কৰোঁ, তেতিয়া ব্যক্তিজনে তেনে কাম পুনৰ কৰিবৰ বাবে প্রৱল প্রেৰণা পায়। মগজুৰ পুৰস্কাৰ বাসনাৰ অংশ সক্ৰিয় হৈ যোৱাৰ বাবে কৈশোৰ কালত এই আকাংক্ষা আৰু বেছি প্রবল হৈ যায়। আকৌ বি. এফ. স্কীনাৰ নামৰ মনোবিজ্ঞানীজনে দেখুৱালে যে কেৱল কামটো কৰাৰ পাছতেই নহয়, কামৰ আগত দিয়া পুৰস্কাৰেও সেই ভাল কামটো নিশ্চিত কৰিব পাৰে।
মাতৰ মিঠা যিদৰে বৰ সোৱাদ আৰু কাৰ্যকৰী, মাতৰ তিতাও সেইদৰে বৰ বিৰক্তিদায়ক আৰু অপকাৰী৷ মাতৰ তিতাই তেওঁলোকক হতাশ কৰে, দুখী কৰে। তাতকৈ ডাঙৰ কথা হৈছে কঠোৰ আৰু লেতেৰা গালিয়ে শিশুৰ মগজুৰ বিকাশত নেতিবাচক প্রভাৱ পেলায়। খুৱ কঠোৰ গালিয়ে শিশুৰ হিপ’কেম্পাছত আঘাত কৰিব পাৰে। মগজুৰ নতুন কোষৰ বৃদ্ধিৰ ক্ষেত্ৰত নেতিবাচক প্রভাৱ পেলায়। শিশু অৱস্থাত সন্মুখীন হোৱা তেনে মাতে তেওঁলোকৰ জীৱন আৰু সমাজৰ প্রতি দৃষ্টিভংগী নেতিবাচক প্রভাৱ পেলায়। আজি কিছু দিনৰ আগলৈকে মনোবিজ্ঞানীসকলে ভাবি আছিল যে পুৰস্কাৰে যিদৰে উচিত কাম এটাৰ পুনৰাবৃত্তি ঘটাব পাৰে সেইদৰে শাস্তিয়ে অনুচিত কাম এটাৰ পৰা তেওঁলোকৰ আঁতৰাই আনিব পাৰে। কিন্তু আধুনিক মনোবিজ্ঞানীসকলৰ গৱেষণাই তেনে কোনো সত্য আৱিষ্কাৰ নকৰিলে। তেওঁলোকে দেখুৱালে যে পুৰস্কাৰে ভাল কাম এটা পুনৰাবৃত্তি ঘটাব পাৰে, কিন্তু শাস্তিয়ে বেয়া কাম এটাৰ পৰা তেওঁলোকক আতঁৰাই অনা কথাটো সত্য নহয়। কৈশোৰ কালত পুৰস্কাৰৰ প্রতি তেওঁলোকৰ মগজুৰ যি প্রতিক্ৰিয়াশীলতা আৰু সক্ৰিয়তা শাস্তিৰ ক্ষেত্ৰত সেয়া নাই। গতিকে আমাৰ আচৰণো সেই অনুসৰি হোৱা উচিত। যদি আমি তেওঁলোকক পৰম্পৰাগতভাৱে শাস্তি প্রদান কৰা কাৰ্যই উপকাৰ সাধন কৰিব নোৱাৰে, তেতিয়াহ’লৈ আমি তেওঁলোকক শাসন কিদৰে কৰিম? এই বিষয়ে আমি অলপ পাছতেই লিখিম।
ভাতৰ মৰম: পাঠক বন্ধু, ভাত বা খাদ্য কেৱল শাৰীৰিক প্রয়োজন নহয়। লগতে ই এক মানসিক আৰু আৱেগিক প্রয়োজন। ভাৰতীয় শাস্ত্ৰত কোৱাৰ দৰে— মন অন্নময়। পৃথিৱীৰ আন ঠাইৰ কথা মই নাজানো, কিন্তু অসমৰ মানুহৰ বাবে খাদ্য হ’ল মৰম-আব্দাৰ প্ৰকাশৰ এক মাধ্যম। ঘৰলৈ কোনো আলহী আহিলে কিবা এমুঠি নুখুওৱাকৈ আমি নপঠিয়াওঁ। কাৰোবাৰ কুশলবাৰ্তা সুধি খবৰ ল’বলৈ প্রথমে খোৱা-বোৱাৰ কথাই সুধোঁ। কাৰোবাৰ ঘৰলৈ আলহী হৈ গ’লেও হাতত খোৱা বস্তুৰ টোপোলা এটাই লৈ যাওঁ। কোনো পৰিয়ালৰ বিপদৰ সময়ত মাত এষাৰ লগাবলৈ যাওঁতেও আমি হাতত খাদ্যৰ টোপোলা এটাই লৈ যাওঁ৷ মুঠৰ ওপৰত খাদ্য কেৱল পেট ভৰিবলৈ খোৱা এবিধ সামগ্ৰী নহয়। ই সভ্যতা কঢ়িয়াই নিয়াৰ এক মাধ্যম। খাদ্যৰ সঠিক আৰু সুন্দৰ আপ্যায়ন যিদৰে এক সংস্কৃতিৱান মনৰ পৰিচায়ক, সেইদৰে ই মৰম-আব্দাৰ প্রকাশৰো মাধ্যম। খাদ্যৰ লগত জড়িত হৈ থকা এই সুবিধাটোক আমি গ্রহণ কৰিব লাগে আমাৰ মৰম প্রকাশ্যভাৱে দেখুৱাবৰ বাবে।
মই পতা ইতিবাচক শিক্ষা শিৱিৰবোৰত খাদ্য সামগ্ৰী আমি নিজে ৰান্ধো। সকলো কামৰ মাজতো ৰান্ধিবৰ বাবে আমি সময় মিলাওঁ৷ নিজ হাতে বাঢ়ি-কুঢ়ি ছাত্র-ছাত্ৰীসকলক খুৱাওঁ। তেওঁলোকৰ কাষ চাপি আৰু কিবা দিম নেকি সুধোঁ। ৰন্ধা-বঢ়া, খোৱা-বোৱাৰ লগত জড়িত যিমানবোৰ কাম আছে তাৰ এটাও আনক চুবলৈ নিদিওঁ। সকলো আমি নিজে কৰোঁ। আৰু আন কামৰ দৰে এই কামতো গোটেই হেপাঁহ-মৰম ঢালি দিওঁ। মই সদায় এই কথা লক্ষ্য কৰোঁ যে খুওৱা কামটোৰ যোগেদিহে মই ছাত্র-ছত্ৰীসকলক আটাইতকৈ বেছি স্পৰ্শ কৰিবলৈ সক্ষম হওঁ। এই কামটোৰ জৰিয়তেহে তেওঁলোকে আমি প্রকাশ কৰিব খোজা মৰম আটাইতকৈ বেছি উপলব্ধি কৰে। এতিয়াও লগ পালে তেওঁলোকে এই কথা মনত পেলাই কয়— ‘‘ইমানবোৰ কাম, দায়িত্ব, ব্যস্ততাৰ মাজতো যে আপুনি আমাৰ আশীটা ল’ৰা-ছোৱালীক ৰান্ধি খোৱাইছিল! আমি সদায় সেই ভাতসাঁজ মনত ৰাখোঁ৷” আমি তেওঁলোকক এৰিবৰ সময়তো এই কথাবোৰ কৈ তেওঁলোকে দুখ কৰে। শিৱিৰত কাৰোবাৰ স্বাস্থ্য-পাতি বেয়া হ’লে নিজে গৈ মৰমেৰে খুৱাওঁ। এই কথাই তেওঁলোকৰ ওপৰত বহু প্রভাৱ পেলোৱা মই দেখিছোঁ। মুঠৰ ওপৰত মই ক’ব খোজা কথাটো হৈছে খাদ্যৰ যোগেদি বহু সফলতাৰে আমি আমাৰ মৰম তেওঁলোকলৈ কঢ়িয়াই নিব পাৰোঁ। আনৰ কথা নাজানো, মই অন্তত এই কাম বৰ মজাকৈ কৰি আছোঁ।
বুকুৰ মৰম: বুকুৰ মৰম মানে মই সঁচাসঁচি বুকুখনৰ কথা কৈছোঁ। কিন্তু এইখিনিতে এটা কথা কৈ লওঁ যে এইষাৰ কথা মই কেৱল মাক-দেউতাকৰ বাবেহে কৈছোঁ। আকৌ ‘বুকুৰ মৰম’ বুলি মই শাৰীৰিকভাৱে কৰা মৰমৰ কথা ক’ব খুজিছোঁ৷ বাৰবাৰা ফ্লেডৰিক্ছন নামৰ ইতিবাচক মনোবিজ্ঞানীগৰাকীয়ে মজাকৈ আঙুলিয়াই দেখুৱাইছে যে আমাৰ সকলো ধৰণৰ ভালপোৱাতে কিছুমান উমৈহতীয়া বৈশিষ্ট্য থাকে— সি ৰোমাণ্টিক ভালপোৱাই হওক, বন্ধুৰ প্রতি ভালপোৱাই হওক, সন্তানৰ প্রতি ভালপোৱাই হওক বা আনেই হওক। এই বৈশিষ্ট্যবোৰৰ ভিতৰত এটা হ’ল সকলো ভালপোৱাতে আমি জৈৱিক-ৰাসায়নিকভাৱে ইজনে-সিজনৰ লগত সংযুক্ত হ‘ব বিচাৰো। শাৰীৰিকভাৱে আমি নিকটৰ পৰা নিকটতৰ হ’ব বিচাৰো। ৰাসায়নিকভাৱে আমি মিশ্ৰিত হ’ব বিচাৰোঁ। ভালপোৱাৰ এই বিলীয়মান মুহূৰ্তত মানুহে আৱেগিক সুখানুভূতি অনুভৱ কৰে, মগজু অধিক সক্ৰিয় আৰু কাৰ্যকৰী হৈ পৰে। এই গৱেষণাই দাবী কৰে যে মৰম শাৰীৰিকভাৱে প্রকাশ কৰাটো উপকাৰী।
আকৌ মনত পেলাইছোঁ, এই কথা মই বিশেষভাৱে মাক-দেউতাকৰ বাবেহে কৈছোঁ। মাক-দেউতাকে বিভিন্ন ধৰণেৰে শাৰীৰিক মৰম প্রকাশ কৰিবলৈ বাট বিচাৰি উলিয়াই ল’ব পাৰে। একেবাৰে শিশু অৱস্থাত আমি তেনে শাৰীৰিক মৰম দেখুৱাইয়েই থাকোঁ। কিন্তু সন্তান ডাঙৰ হোৱাৰ লগে লগে কিবা এক অজান কাৰণত আমি শাৰীৰিকভাৱে মৰম কৰাটো কমাই কৈশোৰ কালৰ ফালে নাইকিয়াই কৰি পেলাওঁ। কিন্তু মই আপোনালোকক ক’ব খোজা কথাটো হ’ল কৈশোৰ কালতো আনকি তাৰ পাছতো এই শাৰীৰিক মৰম আমাৰ এক জৈৱিক প্রয়োজন হৈ থাকে। গতিকে কিশোৰ-কিশোৰীসকলকো তেনেকৈ মৰম কৰিবৰ বাবে মাক-দেউতাকে সুবিধা মিলাব লাগে। স্কুল যোৱাৰ সময়ত খৰতকীয়া চুমা এটা খাব পাৰে, ভাল কামৰ সময়ত পিঠিত চপৰিয়াই মৰম কৰিব পাৰে, কেতিয়াবা সুযোগ উলিয়াই সাবটি ল’ব পাৰে, ঠাণ্ডা বতৰত একেখন কাপোৰৰ তলত শুব পাৰে ইত্যাদি। মুঠৰ ওপৰত শাৰীৰিকভাৱে মৰম কৰাটো আপোনালোকৰ দৈনন্দিন সম্পৰ্ক ৰক্ষা কৰাৰ এক ধৰণ কৰি পেলাব লাগে। এনে মৰম কিশোৰ-কিশোৰীৰ বাবে বুজি পাব পৰা হয়, উপলব্ধি কৰিব পৰা হয়। তদুপৰি শাৰীৰিকভাৱে প্রকাশ কৰা মৰমে শিশু আৰু কিশোৰ-কিশোৰীৰ মগজুৰ বিকাশতো সহায় কৰে বুলি বিজ্ঞানীসকলে দেখুৱাইছে।
ঘৰৰ মৰম: ঘৰ এখন কেৱল থকা ঠাই নহয়, কেৱল জিৰণিৰ ঠাই নহয়। বৰঞ্চ, ঘৰ এনে এখন ঠাই য’ত আমাৰ সৰহভাগ আৱেগিক প্রয়োজন পূৰণ হয়। ঘৰ এখন কেৱল আৱেগিক নিৰাপত্তাৰে ঠাই নহয়, বেছিভাগ ইতিবাচক আৱেগৰ বিকাশৰ ঠায়ো ঘৰখনেই। নেল নদিংছে তেওঁৰ ‘Happiness and Education’ কিতাপখনত দেখুৱাইছে যে ঘৰেই হ’ল আমাৰ সুখৰ মূল উৎস আৰু শিক্ষাই সেইবাবে ছাত্ৰ-ছাত্ৰীক ঘৰ এখন পতাৰ শিক্ষা দিব লাগে। তেওঁ দেখুৱাইছে— আমি স্কুলত অংক, বিজ্ঞান, ব্যাকৰণ আদি পঢ়োঁ। পঢ়ি আমি কোনোৱে বিজ্ঞানী, গণিতজ্ঞ নহ’বগৈ পাৰোঁ। কিন্তু আমাৰ সকলোৰে এটা পৰিয়াল হ’ব। আমি সকলোৱে এখন ঘৰ পাতিম। কিন্তু ঘৰ এখন পতাৰ বিষয়ে এটাও কথা ঘুণাক্ষৰেও শিক্ষাৰ কোনো এটা স্তৰতে আমাক শিকোৱা নহয়। অথচ ঘৰেই হৈছে মানুহৰ আৱেগিকভাৱে নিৰাপদ, সন্তোষিত আৰু সুখী জীৱনৰ প্রাথমিক ঠাই। পাঠক বন্ধু মোৰ দৰে ঘটীৰাম-বাটিৰাম মানুহে শিক্ষা নীতিত এইবোৰ পৰামৰ্শ আগবঢ়াব নোৱাৰোঁ। বা বঢ়ালেও শুনিবনো কোনে? কিন্তু এই মুহূৰ্তত মই ঘৰৰ বিষয়ে আপোনালোকক দুটামান কথা ক’ব পাৰোঁ যাতে আমাৰ সম্তানসকলে সুস্থ আৱেগিক বিকাশৰ বাবে সুবিধা পায়। লগতে ঘৰ এখন যদি আপুনি ভালকৈ সজাই তুলিব জানে, তাৰে পৰা শিকি তেওঁলোকেও ভৱিষ্যতে নিজৰ ঘৰখন সজাব পাৰিব। কাৰণ এই মুহূৰ্তত আপোনাৰ পৰা নিশিকিলে আৰু তেওঁলোকে এই বিষয়ে শিকিবলৈ কোনো ঠায়েই নাই।
ঘৰ এখন পতাৰ বিষয়ে নিশ্চয়কৈ ঢেৰ কথা মোৰ ক’বলগা আছে। কিন্তু এই নাতিদীৰ্ঘ লখোটোত মই সেইখিনি কথা সামৰিব নোৱাৰিম। ইয়াত প্ৰসংগ অনুসৰি মাত্ৰ দুটামান কথা কৈয়েই মই সামৰি দিম। তাৰে প্রথম ক’ব লগা কথাটো হৈছে যে ঘৰখনক আমি আৱেগিকভাৱে নিৰাপদ এখন ঠাই হিচাপে প্রতিষ্ঠা কৰিব লাগে। মই আপোনালোকক এই কথা কোৱাৰ দৰকাৰ নাই যে আজিৰ বাহ্যিক পৃথিৱীখন শিশু, কিশোৰ সকলোৰে বাবে সাংঘাতিক প্রতিযোগিতামূলক আৰু প্রতিকূল। ঘৰৰ পৰা ওলায়েই তেনে ঢেৰ প্রতিকূলতাৰ সৈতে তেওঁলোকে মোকাবিলা কৰিবলগা হয়। প্রতি খোজতে প্রতিযোগিতাত অৱতীৰ্ণ হ’বলগা হয়। এনে প্রতিযোগিতাত তেওঁলোক হাৰে, বিপৰ্যস্ত হয়, হতাশ হয়। লগৰীয়াৰ লগত কাজিয়া হয়। বন্ধুৰ ওচৰত, প্রেমিকাৰ ওচৰত অপমানিত হয়, প্রতাৰিত হয়। আনৰ দ্বাৰা উপেক্ষিত হয়। শিক্ষকৰ ওচৰত লজ্জিত হয়। শিক্ষকৰ দ্বাৰা উপেক্ষিত হয়, অপমানিত হয়। আৰু কত কি! এইবোৰৰ ধামখুমীয়াত তেওঁলোকৰ বাবে এখন ঠাই থাকিব লাগে য’ত এই আটাইবোৰৰ পৰা তেওঁলোকে অলপ সকাহ পায়। আটাইবোৰ প্রতিকূলতাত জুৰুলি-জুপুৰি হোৱাৰ পাছত তেওঁলোকৰ বাবে এডোখৰ ঠাই থাকিব লাগে, য’ত তেওঁলোকৰ বাবে আব্দাৰ আছে, মৰম আছে, নিৰাপত্তা আছে। আটাইবোৰ হেৰুৱাই যোৱাৰ পাছত তেওঁলোকৰ বাবে এডোখৰ ঠাই থাকিব লাগে, য’ত তেওঁলোকৰ বাবে উৎসাহ আছে, আশা আছে, প্ৰেৰণা আছে। কিন্তু আমাৰ কথাবোৰ তেনেকুৱা নহয়। বিদ্যালয়ত যেতিয়া শিশু এটিয়ে ভাল ফলাফল কৰিব নোৱাৰে, তেওঁ ঢেৰ দুঃখিত হয়। লগৰীয়াৰ ওচৰত হীন, ন্যূন হয়। শিক্ষকৰ দ্বাৰা উপেক্ষিত হয়, সমনীয়াৰ দ্বাৰা উপেক্ষিত হয়। কেতিয়াবা শাস্তিৰো মুখামুখি হয়। বেলেগ Section লৈ সলনি হয়। আৰু ঢেৰ কিবাকিবি হয়। তাৰ পাছত ঘৰলৈ যেতিয়া ঘূৰি আহে, মাক-দেউতাকো পদূলিমূৰতে ৰৈ থাকিব। পোনে পোনে নম্বৰ তালিকা বিচাৰিব। তালিকা চাই গালি পাৰিব। মাৰিব। মাক-দেউতাকৰ মান-সন্মান শেষ কৰাৰ বাবে অভিশাপ দিব। পাৰিলে শাৰীৰিক অত্যাচাৰ কৰিব। খোৱাৰ সময়তো সেই কথা ওলাব, শোৱাৰ সময়তো ওলাব৷ পাছদিনা স্কুললৈ যোৱাৰ আগত সাৱধানাবাণী আহিব— ‘‘আজি যদি ভাল নহয় তেতিয়াহ’লে তাৰ বাবে ঘৰখন আৰু ঘৰ হৈ নাথাকিব।’’ বাহিৰৰ পৃথিৱীৰ প্রতিকুলতাৰ মাজত ত্ৰস্ত-বিধ্বস্ত হৈ সিহঁত যেতিয়া ঘৰলৈ সোমাব, তেতিয়া ঘৰত দেখিব মাক-দেউতাকৰ কাজিয়া, হুলস্থূল। খোৱাৰ চিজিল নাই, কামৰ চিজিল নাই। এক আতংক। কাৰোবাৰ ওচৰত প্রতাৰিত হৈ, উপেক্ষিত হৈ যেতিয়া তেওঁলোক যেতিয়া ঘৰলৈ ফিৰি আহিব, তেতিয়া সেই ৰিক্ততা, হতাশাক সকাহ দিবলৈ ঘৰত কোনো নাই। কেৱল এটা প্রকাণ্ড তলা। কঠোৰ পৃথিৱীক আৰু কঠোৰভাৱে দেখুৱাব পৰা টি. ভি. এটা।
মই কোৱা নাই যে আপোনাৰ ঘৰখনো তেনেকুৱা। কিন্তু মই ক’ব খুজিছোঁ যে আমাৰ ঘৰখন আমি যিমান পাৰোঁ সিমান আৱেগিকভাৱে নিৰাপদ ঠাই কৰি তুলিব নোৱাৰোঁ নেকি? সকলো মৰমৰ উৎস কৰি পেলাব নোৱাৰোঁ নেকি? অন্ততঃ পৰীক্ষাত বিফল হোৱাৰ পাছত, গোটেই পৃথিৱীয়ে তাক হীন বুলি ভবাৰ পাছত, গোটেই পৃথিৱীয়ে তাক উপেক্ষা কৰাৰ পাছত, ঘৰততো কোনোবা থাকক— যি তাক সাবটি ল’ব। ক’ব কিতাপৰ পৰীক্ষাই তোমাৰ জীৱনৰ মূল্য নিৰ্ধাৰণ নকৰে। পৰীক্ষা জীৱনৰ এক মামুলি কথা। মই আছোঁ তোমাৰ লগত। এই কাম আমি পাছত আকৌ কৰিম। মই সহায় কৰিম তোমাক। আমি একেলগে এই দেওনা পাৰ হ’ম আদি। ব্যৰ্থতাক তিৰস্কাৰ কৰা, জিকোঁতাক পুৰস্কাৰ দিয়া মানুহতো ঢেৰ আছে। কিন্তু হৰাৰ সময়ত, ব্যৰ্থতাৰ সময়ত ঘৰখনতো অন্ততঃ থাকক লগত। ঘৰখনে অন্ততঃ এৰি নাযাওক।
সন্তানৰ আৱেগক বুজি তাৰ বাবে ব্যৱস্থা লোৱা: শিশু, কিশোৰ বা কিশোৰী এগৰাকীয়ে বিভিন্ন সময়ত, বিভিন্ন পৰিৱেশত, বিভিন্ন কাৰণত বিভিন্ন আৱেগ প্রকাশ কৰে। ডাঙৰ হিচাপে আমি সেই আৱেগ বুজিব লাগে আৰু তেওঁলোকৰ ইতিবাচক বিকাশৰ সুবিধা হোৱাকৈ তেওঁলোকৰ আৱেগৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰিব লাগে। তাৰমানে মই এনে ধৰণৰ কথা কোৱা নাই যে সম্তানটিয়ে যদি কিবা বস্তু এটা বিচাৰি কান্দিছে, ততালিকে বস্তুটো দি তেওঁক ঠাণ্ডা কৰি থ’ব লাগে। সেই আৱেগৰ প্রতি আমি ততোধিক বিজ্ঞভাৱে সঁহাৰি দিব লাগিব। এই সঁহাৰি আকৌ নিৰ্ভৰ কৰিব তেওঁলোকৰ বয়সৰ ওপৰত, বিকাশৰ স্তৰৰ ওপৰত। শৈশৱ কালত এটি শিশু যেতিয়া আৱেগিকভাৱে অস্থিৰ হয় তেতিয়া অভিভাৱকে এক বিশ্বাস আৰু, নিৰাপত্তাৰ পৰিৱেশ প্রতিষ্ঠা কৰিব লাগে। আগতীয়া বাল্যকালত ভাল আচৰণবোৰক পুৰস্কাৰ উৎসাহেৰে তেওঁলোকৰ বিকাশত সহায় কৰিব লাগে। কৈশোৰ কালত তেওঁলোকে যাতে আত্মনিয়ন্ত্ৰণ, আত্মবিশ্বাস আদি ক্ষমতাৰ বিকাশ সাধিব পাৰে, সেই কথা মনত ৰাখি অভিভাৱকে আচৰণ কৰিব পাৰে। শিশু-কিশোৰৰ আৱেগৰ প্রতি আমাৰ প্রতিক্রিয়া কেনে হোৱা উচিত, এই কথা নিৰ্ধাৰণ কৰোঁতে আগতে কোৱা এৰিক এৰিক্ছনৰ মনোসামাজিক বিকাশৰ তত্ত্বটো আমাৰ বাবে সহায়ক হ’ব পাৰে।
তেওঁলোকৰ জীৱনত জড়িত হওক: বহু অভিভাৱক-অভিভাৱকে যুক্তি প্রদৰ্শন কৰে যে তেওঁলোকৰ বৃত্তিগত আৰু সামাজিক ব্যস্ততা ইমান বেছি যে ল’ৰা-ছোৱালী, পৰিবাৰক দিবলৈ তেওঁলোকৰ সময়ে নাথাকেগৈ। বা তাৰে পৰিবাৰক অলপ সময় দি ল’ৰা-ছোৱালীক অলপ দি নিজৰ বাবে সময় নাথাকগৈয়ে। মুঠৰ ওপৰত আজিৰ মানুহৰ আটাইতকৈ ডাঙৰ আপত্তি হ’ল যে তেওঁলোকৰ নিজৰ বাবে সময়ে নাথাকেগৈ। কিন্তু এজন অভিভাৱকে কোৱা এষাৰ কথা মোৰ বৰ মজা লাগিল আৰু মই বৰ উপভোগ কৰিলোঁ। তেওঁ মোক ক’লে— ‘‘মই সম্তানৰ লগত খেলিছোঁ, কথা পাতিছোঁ মানে সেইখিনি সময় মই তেওঁলোকক দিয়া নাই। তেওঁলোক মোৰ সন্তান, মই তেওঁলোকক পৃথিৱীলৈ আনিছোঁ। তেওঁলোকৰ লগত থকা সময়খিনিয়ে তেওঁলোকৰ আৱেগিক জীৱন সুস্থ কৰে, মানসিক প্রয়োজন পূৰ কৰে। সেই সময়খিনি মই উপভোগ কৰোঁ। গতিকে সেইখিনি মোৰ সময়। মই তেওঁলোকক দিয়া নাই। তেওঁলোকৰ সৈতে মোৰ সময়। সেইদৰে পৰিবাৰৰ লগত কটোৱা সময়খিনি মই তেওঁক দিয়া নাই, সেয়া মোৰ সময়। মোৰ ভাল লগা কাম এটা যেতিয়া মই কৰিছোঁ, মই কামটোক সময় দিয়া নাই— সেইখিনি মোৰ সময়।’’
এতিয়া মই আপোনালোকক সুধিব লগা কথাটো হৈছে, আপোনাৰ বাবেও তেনে নিজা সময় আছেনে? মই কেতিয়াবা বহু অভিভাৱকক টানকৈও এষাৰ কথা কৈ পাইছোঁ— যদি আপোনাৰ সঁচাকৈ সময় নাই, আপুনি বৰ ডাঙৰ সমাজকৰ্মী, আপোনাৰ ঢেৰ দায়িত্ব, ঢেৰ কাম, আপোনাৰ সঁচায়ে সময়ে নাটেগৈ, তেতিয়াহলে আপুনি সন্তানৰ পৰিকল্পনা নকৰিলেই হ’ল। কিন্তু যদি এই পৰিকল্পনা কৰা হৈছে, এই কাম গভীৰতাৰে, দায়িত্বসহকাৰে আৰু পৰিপূৰ্ণভাৱে কৰা উচিত। তাকে কৰিবলৈ আমি সময়ৰ পৰিকল্পনা কৰা উচিত। কেৱল কাম কৰা ছোৱালীৰ হাতত সন্তান সঁপি বা ডে’ কেয়াৰ চেণ্টাৰত নাম লগাই দি আপোনাৰ সন্তান পালনৰ দায়িত্ব সামৰিম বুলি ভাবি সন্তানৰ পৰিকল্পনা নকৰিব।
আপুনি তেওঁলোকৰ লগত নিজৰ সময় উলিয়াই লোৱাৰ পাছত কথা আহিব— আপুনি কি কি ধৰণেৰে তেওঁলোকৰ জীৱনৰ লগত জড়িত হ’ব। মই এইখিনিতে দুটামান প্রশ্ন সুধোঁ— সন্তানৰ বিভিন্ন কথাত আপুনি বিদ্যালয়লৈ মাজে মাজে যায়নে? আপোনাৰ সন্তানে বিদ্যালয়ৰ বছৰেকীয়া উৎসৱৰ গান-নাচ চাবলৈ আপুনি যায় নে? সন্তানে কি খাই ভাল পায় আপুনি জানেনে? সি বা তাই যেতিয়া ক’ৰবালৈ ওলাই যায়, ক’লৈনো যায় আপুনি জানেনে? সেই বিষয়ে আপোনাৰ লগত কথা পাতেনে? আপোনাৰ ল’ৰা বা ছোৱালীৰ বন্ধু-বান্ধৱীবোৰক আপুনি চিনি পায়নে? আপোনাৰ ল’ৰাৰ লগতে তেওঁলোকৰ লগতো কথা পাতিছেনে? তেওঁলোকৰ শেহতীয়া পৰিকল্পনাৰ বিষয়ে তেওঁলোকৰ লগত কথা পাতিছেনে? কেতিয়াবা এনেয়ে বহি তেওঁলোকৰ লগত কথা পাতিছেনে? কেতিয়াবা প্রাকৃতিক পৰিৱেশ দেখুৱাবলৈ তেওঁলোকক লৈ গৈছেনে? পাঠক বন্ধু, মই এই প্রশ্নকেইটাৰে কেইটামান ইংগিত দিছোঁ৷ এনে ধৰণৰ প্রশ্নবোৰৰ উত্তৰ যদি আপুনি ‘হয়’ পায় তেতিয়া মই নিশ্চিত হ’ব পাৰোঁ যে আপুনি তেওঁলোকৰ দৈনন্দিন জীৱনৰ লগত জড়িত আছে।
সি যি কি নহওক, চমুকৈ গোটেইকেইটা কথা এবাৰ মনত পেলাই আমি এতিয়া মৰমৰ কথা সামৰিম। মই আপোনালোকক ক’লোঁ, মৰম কৰা বেয়া নহয়। মৰমে সন্তানৰ অনিষ্ট নকৰে। মাত্ৰ আমি জানিব লাগে যে আমি মৰম কিদৰে কৰিব পাৰিম। আমি কৰা মৰমে তেওঁলোকৰ আৱেগিক বিকাশত সহায় কৰিব লাগে— বচ এই কথা মনত ৰাখিলেই হ’ল। আমি মৰম প্রকাশৰ কেইটামান ধৰণ বা উপায়ৰ কথাও পাতিছিলোঁ। আমি উপায়বোৰক আলোচনাৰ সুবিধাৰ বাবে ভাগ কৰিছিলোঁ— মাতৰ মৰম, ভাতৰ মৰম, বুকুৰ মৰম আৰু ঘৰৰ মৰম বুলি। তদুপৰি তেওঁলোকৰ আৱেগবোৰ বুজি সেইমতে সঁহাৰি দিয়াৰ লগতে তেওঁলোকৰ দৈনন্দিন জীৱনত জড়িত হোৱাৰ কথা কৈছিলোঁ। মৰমৰ কথা ইমানতে সামৰি এতিয়া আমি শাসনৰ কথালৈ যাম।
শাসন: আৱেগিক বিকাশ নিশ্চিত কৰাৰ পাছত বা আৱেগিকভাৱে শান্ত-প্ৰশমিত কৰাৰ পাছত আমাৰ দায়িত্ব হ’ল তেওঁলোকক দায়বদ্ধ আৰু পৰিপক্ক আচৰণৰ বাবে কৌশলী কৰি তুলিব লাগে। তেওঁলোকক আত্মনিয়ন্ত্ৰিত কৰি তুলিব লাগে৷ মই আগতেও এই কথা উনুকিয়াই আহিছোঁ যে জন্মতেই কোনেও আত্মনিয়ন্ত্ৰণৰ ক্ষমতা লৈ নাহে। জন্মৰ পাছত আমি ক্ৰমে ক্ৰমে তেওঁলোকৰ প্রতি কি আচৰণ কৰিছোঁ, তাৰ ওপৰতে তেওঁলোক কিমান আত্মনিয়ন্ত্ৰিত হ’ব বা তেওঁলোকৰ আচৰণ কিমান দায়বদ্ধ হ’ব, সেয়া বহুলাংশে নিৰ্ভৰ কৰিব। পোনপটীয়াকৈ ক’বলৈ গ’লে, অভিভাৱক-অভিভাৱিকাই, শিক্ষক-শিক্ষয়িত্ৰীয়ে কিদৰে তেওঁলোকক শাসন কৰিব, সিয়ে নিৰ্ধাৰণ কৰিব, তেওঁলোকৰ আচৰণৰ দক্ষতাৰ পৰিমাণ। সেয়ে সঠিক আৰু কাৰ্যকৰীভাৱে শাসন কৰিবলৈ শিকাটো সন্তানৰ বাবে বৰ উপকাৰী হয়। বহুতে ভাবে— কঠোৰ নিয়ম-শৃংখালাৰে সম্তানক কাবু কৰি ৰখা আৰু সেই নিয়ম-শৃংখলাৰ কিঞ্চিতমান ইফাল-সিফাল হ’লেই কঠোৰ শাস্তিৰে তাৰ ব্যৱস্থা লোৱাটোৱেই শাসন। অন্ততঃ আমাৰ মুলুকত শাসন বুলিলে পোনে পোনে আমি সেয়াই বুজোঁ। পাঠকে এবাৰ আকৌ পাপুৰ মাক-দেউতাকৰ কথাটো মনত পেলাওকচোন। মই কৈছিলোঁ পাপুৰ ঘৰত দেউতাকৰ কথাৰ এচিকুট ইফাল-সিফাল হোৱাটো ঘৰখনৰ এক প্রকাৰৰ নোহোৱা-নোপজা কথা। নিজাকৈ কিবা এটা ভবা, কৰা, ক’ৰবালৈ যোৱা, চিন্তা কৰা ধৰণৰ কথাটো ভাবিবলৈও টান আছিল। পাপুৰ নিজা পছন্দ বুলি নাছিল। দেউতাকে শিলৰ ৰেখাৰ দৰে নিয়ম বান্ধি দিছিল আৰু সেইবোৰ পালন কৰাই তাৰ জীৱন আছিল। তাৰ জীৱনৰ প্রতি-সামান্য কথাও নিয়ন্ত্রিত হৈছিল দেউতাকৰ আঙুলিৰ ইছাৰাত। হায়াৰ ছেকেণ্ডাৰি পঢ়িবলৈ হ’ষ্টেলত থাকিবলৈ যোৱাৰ আগলৈকে এটা দিনৰ বাবেও সি নিজা ইচ্ছাত, নিজা সিদ্ধান্তত কিবা কৰা, ক’ৰবালৈ যোৱা কথাটো সি ভাবিবও পৰা নাছিল। দেউতাকৰ ইচ্ছা আৰু আদেশৰ কিঞ্চিৎ হীন-দেঢ়ি হ’লে তাৰ পৰিণাম আছিল ভীষণ৷ বহু অভিভাৱক-অভিভাৱিকাই আকৌ এইবুলি ভাবে যে নিয়ম-নীতি, কঠোৰ শৃংখলা আদিয়ে তেওঁলোকৰ স্বাধীনতা আৰু পছন্দত বাধা জন্মায়। গতিকে এইবোৰ নকৰা ভাল। নিয়মে সন্তানৰ ওপৰত অপ্রয়োজনীয় হেঁচাৰ সৃষ্টি কৰে বুলি আজিকালিৰ বহু তথাকথিত প্রগতিশীল মানুহে মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু সেই কথাও আখৰে আখৰে মানি চলাৰ আগতে আপুনি এবাৰ বিকিৰ কাহিনীটো মনত পেলাওকচোন।
শাসন মানে মই কি ক’ব খুজিছোঁ সেয়া কোৱাৰ আগতে মই এটা উদাহৰণ দি লওঁ। শিশুৱে দাঁত চাফা (ব্ৰাশ্ব্) কৰা কথাটোকে লওকচোন। তেওঁ দাঁত ব্ৰাশ্ব্ কৰিবলৈ শিকা পৰিঘটনাটো আপুনি একেবাৰে প্রথমৰ পৰা মনত পেলাওক। আপোনাৰ শিশুটিৰ যেতিয়া দুটিমান দাঁত ওলালে, আপুনি বজাৰৰ পৰা এডাল অকণমানি ব্ৰাশ্ব্ আৰু পেষ্ট কিনি আনিলে। পাছদিনা শিশুটিক কোঁচত বহাই লাহে লাহেকৈ দাঁতত ব্ৰাশ্ব্ডাল ঘঁহাই দিলে। কেইদিনমান ধৰি এই কামটো আপুনি কৰাৰ পাছত লাহেকৈ শিশুটিৰ হাতখন ব্ৰাশ্ব্ডালত লগাই দিলে আৰু তেওঁৰ হাতৰ ওপৰত আপোনাৰ হাত ৰাখি দাঁত ব্ৰাশ্ব্ কৰোৱালে। কেইদিনমানৰ পাছত তেওঁৰ মুখত ব্ৰাশ্ব্ডাল ভৰাই আপোনাৰ হাতখন এৰি তেওক নিজে ব্ৰাশ্ব্ কৰিবলৈ দি আপুনি পৰ্যৱেক্ষণ কৰি থাকিল আৰু কৈও থাকিল— ‘‘বেটা এইফালে ঘঁহা, সেইফালে ঘঁহা’’। তাৰো কিছু দিনৰ পাছত কেৱল তেওঁৰ হাতত ব্ৰাশ্ব্ডাল গুঁজি আপুনি আন কামত ব্যস্ত হ’ল আৰু আপুনি মাত্ৰ কৈ থৈ আহিল যে দাঁত ভালকৈ ব্ৰাশ্ব্ কৰা। তাৰ পাছত আপুনি কোনোবা এদিনলৈ মাত্র এইষাৰ কথাই ক’লে যে ব্ৰাশ্ব্ অমুকত আৰু পেষ্ট তমুকত আছে। তাৰো দুদিনমানৰ পাছত মাত্ৰ আপুনি খাবৰ পৰত সোধে— দাঁত ব্ৰাশ্ব্ কৰা হ’লনে। আৰু এদিন আপুনি সেয়াও নোসোধা হ’ল। এতিয়া আপোনাৰ সন্তানে নিজে নিজে দাঁত ব্ৰাশ্ব্ কৰে। তেওঁ ডাঙৰ হোৱাৰ পাছত, জনা হোৱাৰ পাছত এতিয়াও যদি আপুনি নিৰ্দেশনা দি থাকে— বেটা এনেকৈ ব্ৰাশ্ব্ কৰা, তেনেকৈ ব্ৰাশ্ব্ কৰা— সেয়া হাঁহি উঠা কথা নহ’বনে? বা আপোনাৰ সন্তানে আপোনাক খং কৰি নক’বনে— মা, তুমি কি কথাবোৰ কৈ থাকা? আৰু আপুনিও জানে সেয়া কৈ থকাৰ প্রয়োজন নাই। বাহ্যিকভাৱে আপোনাৰ দ্বাৰা শিকোৱা কামটো তেওঁ আত্মস্থ কৰি ল’লে। সেই বাহ্যিক নিয়ন্ত্ৰণক তেওঁ আত্মনিয়ন্ত্ৰণৰ ভিতৰুৱা কৰি ল’লে।
পঢ়ুৱৈ বন্ধু, এই গোটেই ঘটনাটো আপুনি লক্ষ্য কৰকচোন। অভিভাৱকে সন্তানটিৰ বাবে এটা নিয়ম নিৰ্ধাৰণ কৰিছে বা সীমাবদ্ধতা এটা নিৰ্দিষ্ট কৰিছে। সেয়া যাতে সন্তানটিয়ে আয়ত্ত কৰে, তাৰ বাবে দৃঢ়তাৰে সন্তানটিৰ ওপৰত তাক আৰোপ কৰিছে। কিন্তু লাহে লাহে সেই নিয়ম শিথিল কৰি গৈ আছে। শিথিলতাৰ সুবিধা লৈ কেনেবাকৈ সেই নিয়ম ভংগ কৰিছে নেকি, তাৰ বাবে অভিভাৱকে তেওঁক পৰ্যৱেক্ষণৰ মাজত ৰাখিছে। আৰু যেতিয়া অভিভাৱকে নিশ্চিত হ’ল যে সন্তানে নিজেই সেই কাম কৰিব বা তেওঁৰ আত্মনিয়ন্ত্ৰণ ক্ষমতাৰ বিকাশ হ’ল, তেতিয়াই অভিভাৱকে আৰু সেই নিয়ম বা নিয়ন্ত্ৰণ দোহাৰি থকা নাই। সেয়া সম্তানটিৰ আত্মনিয়ন্ত্ৰণলৈ পৰ্যবসিত হ’ল। এই যে নিয়ন্ত্ৰণৰ মাজলৈ বা নিয়মৰ মাজলৈ আনি আমি সম্ভানটিক সময় অনুসৰি, পৰিস্থিতি অনুসৰি ক্ৰমে ক্ৰমে শিথিলতাৰ ফালে লৈ গ’লোঁ এই খেলটোকে এই মুহূৰ্তত মই শাসন বুলি আপোনাক কৈ ল’ম। সঁচাসঁচিকৈ আমি তেওঁলোকৰ জীৱন কিছুমান নিয়ম, সীমাবদ্ধতা আৰু নিয়ন্ত্ৰণৰে বান্ধি ৰাখিম যাতে তেওঁলোকে পৰিপক্ক আৰু দায়বদ্ধভাৱে আচৰণ কৰিবৰ বাবে সক্ষম হৈ উঠে। আৰু সেই সক্ষমতা নিশ্চিত কৰি লাহে লাহে আমি সেই সীমাবদ্ধতা এনেদৰে শিথিল কৰি লৈ যাম যাতে শিথিলতা আৰু স্বাধীনতাৰ যোগেদি তেওঁলোকে আত্মনিয়ন্ত্ৰণ অনুশীলন কৰিবলৈ সুযোগ পায়। এতিয়া মই সেইসকল অভিভাৱকে সন্তানক ভালদৰে শাসন কৰিবলৈ জানে বুলি ক’ম, যিসকলে এই কথা ভালদৰে বুজি পায় যে তেওঁ আৰোপ কৰা নিয়ন্ত্ৰণ আৰু নিয়মৰ ধাৰাবাহিকতা আৰু গভীৰতা কিমান হ’ব। যিজনে বুজি পায় যে তেওঁ কেতিয়া নিয়ম আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শিথিল হ’ব আৰু সেই শিথিলতাৰ গভীৰতা আৰু ধাৰাবাহিকতা কিমান হ’ব। যিজনে বুজি পায়— তেওঁ আৰোপ কৰা নিয়ম আৰু নিয়ন্ত্ৰণৰ ফলাফল কি হ’ব আৰু এয়াও বুজি পায়— তেওঁ জাৰি কৰা নিয়ম আৰু নিয়ন্ত্ৰণৰ শিথিলতাৰ ফলাফল কি হ’ব। যিজনে বুজি পায় তেওঁ এই নিয়ম, নিয়ন্ত্ৰণ কিদৰে আৰোপ কৰিব আৰু ধাৰাবাহিকতা কিদৰে ৰক্ষা কৰিব। তেওঁ এই কথাও বুজি পায়, যদিহে সন্তানে সেই নিয়ম আৰু নিয়ন্ত্ৰণ উলংঘন কৰে কিদৰে আচৰণ কৰিলে সেই আচৰণৰ পৰা সন্তানে শিক্ষা ল’ব আৰু তেনে উলংঘন নকৰিব। পঢ়ুৱৈ বন্ধু, এই নিয়ম-নিয়ন্ত্ৰণ জটিল-শিথিল কৰা খেলখনকে মই শাসন বুলি কৈছোঁ। এই খেলখন মজাকৈ সেইসকলে খেলিব পাৰিব, যি এই খেলখনৰ বাবে আগ্ৰহী, যি এই খেলখনত মনোযোগী, যি এই খেলখনত মগ্ন হ’ব পাৰিব। এই খেলখন ৰোমাঞ্চকৰ। এই খেলখন কেৱল এই বাবেই ৰোমাঞ্চকৰ নহয় যে প্রতি মুহূৰ্ততে আপুনি নতুন নতুন অভিজ্ঞতা, উত্তেজনা আৰু প্রত্যাহ্বান পাই গৈ থাকিব। বৰঞ্চ খেলখন এইবাবে ৰোমাঞ্চকৰ যে আপুনি ভালকৈ খেলি গ’লে সেই খেলে আপোনাৰ সন্তানৰ জীৱনটোক ভালদৰে গঢ়ি আপোনাৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি পেলাব। এতিয়া কথা হ’ল এই ৰোমাঞ্চকৰ খেলখন আমি কিদৰে খেলিম? মই জানো যে আপোনালোক বহুতেই এই কামটো খুব ভালদৰেই কৰি আছে। দাঁত ব্ৰাশ্ব্ কৰা পৰিঘটনাটোত দেখিছিলোঁ যে আপুনি বৰ মজাকৈ শাসনৰ সেই কৌশলবোৰ প্রয়োগ কৰিছে আৰু দাঁত ব্ৰাশ্ব্ কৰাৰ ক্ষেত্ৰত তেওঁক আত্মনিয়ন্ত্ৰিত কৰি তুলিছে। কিন্তু পঢ়ুৱৈ বন্ধু, জীৱনৰ সকলো কথা দাঁত ব্ৰাশ্ব্ কৰাৰ দৰে ইমান পোনপটীয়াও নহয়। বা সকলোতে এই নীতিখিনি প্রয়োগ কৰিবলৈ আমি মিলাবও নোৱাৰোঁ। বা বহু সময়ত এই কথাও আমি চাগে ভাবি চোৱা নাই যে এই নীতিৰে আমি তেওঁলোকক আন বহু কথা শিকাই আত্মনিয়ন্ত্ৰিত কৰি তুলিব পাৰিম। গতিকে শাসনৰ কৌশল সম্পৰ্কত দুই-চাৰি কথা আমি পাতিম।
নিয়ম-নিয়ন্ত্ৰণ: আমি ভাবোঁ যে কেৱল আনুষ্ঠানিক অনুষ্ঠানবোৰৰ ক্ষেত্ৰতহে নীতি-নিয়মৰ কথাবিলাক আহে। সেইবোৰ দৈনন্দিন পাৰিবাৰিক জীৱনৰ অংশ নহয়। কিন্তু মই আপোনাক ক’ব খোজা কথাটো হৈছে যে নিয়ম ঘৰতো থাকিব লাগিব। বহুতে ভাবে যে নিয়মে আমাৰ জীৱন জড়তাগ্ৰস্ত কৰে, আমি চাপ অনুভৱ কৰোঁ। কিন্তু গৱেষণাই দেখুৱালে যে যেতিয়ালৈকে মানুহে আত্মনিয়ন্ত্ৰণৰ গুণ আয়ত্ত কৰিব নোৱাৰে তেতিয়ালৈকে এই কথাষাৰ সঁচা নহয়। শিশু-কিশোৰসকলে নিয়মৰ মাজত এক ধৰণৰ নিৰাপত্তাহে অনুভৱ কৰে, কাৰণ তেওঁলোকে আচৰণ কৰিবৰ বাবে নিৰ্দিষ্ট কাঠাম এটা পায়। এই নিৰাপত্তা তেওঁলোকে বেছিকৈ অনুভৱ কৰে যেতিয়া তেওঁলোকে এই নিয়মৰ অন্তৰালৰ প্রসংগ বুজি পায়। কাৰণ নিয়ম এটা, নিয়ন্ত্ৰণ এটা নিৰ্ধাৰণ কৰা হয় তেওঁলোকৰ জীৱন চিজিল লগাবৰ বাবে আৰু তেওঁলোকক দক্ষ কৰি তুলিবৰ বাবে।
ঘৰ এখনত নিয়ম থাকিবই লাগে আৰু সেই নিয়ম উদ্দেশ্যপ্ৰণোদিত হ’ব লাগে। হকে-বিহকে কোনো উদ্দেশ্য নোহোৱাকৈ এগালমান নিয়মৰ কোনো অৰ্থ নাথাকে। মই এনে অভিভাৱক নেদেখা নহয়, যাৰ ঘৰত সন্তানৰ ওপৰত অদৰকাৰীকৈ এগালমান নিয়ন্ত্ৰণ জাৰি কৰি ৰাখে। এই নিয়ম-নিয়ন্ত্ৰণবোৰ এইবাবেহে জাৰি কৰিব লাগে যাতে অভিভাৱকে, সন্তানে আশা কৰা ধৰণেৰে সন্তানটিয়ে এটা আচৰণ আয়ত্ত কৰিব পাৰে বা এটা লক্ষ্যত উপনীত হ’ব পাৰে। সেয়ে মই কৈছোঁ যে নিয়ম উদ্দেশ্যপ্ৰণোদিত হ’ব লাগিব। মই এনে অভিভাৱকো নেদেখা নহয় যি সন্তানৰ ওপৰত একো নিয়ন্ত্ৰণেই আৰোপ নকৰে। এই ক্ষেত্ৰত আকৌ বিকিৰ কথা এবাৰ মনত পেলাই দিছোঁ। সি যি কি নহওক সম্ভানৰ বাবে নিৰ্দিষ্ট কৰা এই নিয়মবোৰ তেওঁলোকক স্পষ্টকৈ আৰু চাফাকৈ বুজাই দিব লাগে। লগতে নিয়ম এটা নিৰ্ধাৰণ কৰি বুজাই দিওঁতে, সেই নিয়ম বা নিয়ন্ত্ৰণ কিয় নিৰ্ধাৰণ কৰা হৈছে, সেই নিয়মৰ অন্তৰালত তেওঁলোকৰ কি আশা আছে, এই কথাও স্পষ্টকৈ বুজাই দিব লাগে। সেই নিয়ম ঠিক কৰোঁতে গণতান্ত্রিক হোৱাৰো দৰকাৰ আছে। তাৰবাবে সন্তানৰ লগত কথা পতা, তেওঁলোকৰ পৰা মতামত লোৱাৰ দৰকাৰ। কাৰণ, নিয়মটো তেওঁলোকৰ বাবেই নিৰ্ধাৰণ কৰা হৈছে।
নিয়ম এটা যে কেৱল সন্তানৰ বাবেই, শিশুৰ বাবেই থাকিব লাগে তেনে কথা নহয়। কিছুমান নিয়ম পৰিয়ালৰ নিয়ম হ’ব লাগে আৰু সকলোৱে তাক আন্তৰিকতাৰে পালন কৰিব লাগে। সম্তানক সন্ধিয়া পাঁচ বজাৰ ভিতৰত ঘৰ সোমাবলৈ নিয়ম বান্ধি, ঘৰৰ বাকী সকলোৱে যদি ন-দহ বজাৰ আগত ঘৰ সোমোৱাৰ নামেই নলয় তেনেকৈ নহ’ব।
মুঠৰ ওপৰত অভিভাৱকে প্রথমে তেওঁলোকৰ সম্তানৰ পৰা আশা কৰা কথাখিনি স্পষ্ট কৰি, সেইবোৰ পাবলৈ নিৰ্দিষ্ট নিয়ম আৰু সীমাবদ্ধতা আৰোপ কৰিব লাগিব। সেয়া তেওঁলোকক তন্ন তন্নকৈ কৈ দিব লাগিব। সেই নিয়ম-নিয়ন্ত্ৰণৰ অন্তৰালৰ কথা স্পষ্ট কৰি দিব লাগিব। নিয়ম এটা নিৰ্ধাৰণ কৰোঁতে তেওঁলোকৰ মতামত ল’ব লাগিব। আৰু যিবোৰ পৰিয়ালৰ বাবে থকা নিয়ম সেয়া পৰিয়ালৰ সকলোৱে আন্তৰিকতাৰে পালন কৰিব লাগিব।
নিয়মৰ দৃঢ়তা: যিসকল অভিভাৱক নিজে আত্মনিয়ন্ত্ৰণত দুৰ্বল তেওঁলোকে সন্তানৰ আত্মনিয়ন্ত্ৰণৰ ক্ষমতা গঢ় দিব নোৱাৰে। মই এনে অভিভাৱক বহু পাইছোঁ, যিসকলৰ নীতি-নিয়ম নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো স্থিৰতা নাই। আজি যদি কিবা এটা নিয়মৰ কথা ক’লে… কাইলৈ আকৌ আন এটাৰ কথা ক’ব। পৰহিলৈ আকৌ আন এটা। তেনেকৈ হ’লে সন্তানৰ সমুখত অভিভাৱক অচিনাকি যেন হৈ পৰে। সম্ভানে অভিভাৱকৰ আচৰণৰ কোনো পূৰ্বনুমান কৰিব নোৱাৰে। এনে ধৰণৰ অভিভাৱকো মই বহু দেখিছোঁ, যিসকলে নিয়ম ভংগ কৰাৰ পাছতো সন্তানৰ প্রতি এক নৰম স্থিতি গ্ৰহণ কৰে। তেওঁলোকে ভাবে বা মতামত দিয়ে যে— হ’ব এবাৰহে কৰিছে, এবাৰ কৰিলে একো নহয়… ইত্যাদি। এই দুই ধৰণৰ আচৰণ কৰা অভিভাৱক-অভিভাৱিকাক অভিভাৱকত্ব প্রদানত মই আত্মনিয়ন্ত্ৰণহীন বুলি কৈছোঁ। অৰ্থাৎ, সেইসকল অভিভাৱকক আমি দৃঢ় বুলিম— যি নিয়মত দৃঢ়। যাৰ নিয়মৰ লুটি-বাগৰ নাই। দ্বিতীয়তে, যিসকল অভিভাৱকে নিয়ম ভংগৰ প্রতিটো ঘটনাকে সমান গুৰুত্ব দি লয়— সি প্রথমটোৱেই হওক বা তৃতীয়টোৱেই হওক বা দশমটোৱেই হওক। যদিহে প্রথমবাৰৰ বাবেই সন্তানে ভুল কৰিছে তাকো গুৰুত্বসহকাৰে আলোচনালৈ আনিব লাগে আৰু তাৰ বাবে ল’বলগা দিহা ল’ব লাগে। সন্তানৰ দৈনন্দিন জীৱনৰ কিছুমান কাৰ্যসূচী কিছুমান নিয়মেৰে বান্ধি ল’ব লাগে আৰু সেইবোৰ যাতে নিয়মিতভাৱে সম্পন্ন হয়, তাৰ তদাৰক কৰিব লাগে। যেনে পঢ়া টেবুললৈ যোৱাৰ সময়, গধূলি ঘৰ সোমোৱাৰ সময়, একেলগে ভাত খোৱাৰ সময়, বিছনালৈ যোৱাৰ সময় ইত্যাদি। এই কামবোৰ যাতে নিয়মিতভাৱে আৰু নিৰ্ধাৰিত সময়ত হৈ থাকে তাৰ তদাৰক কৰিব লাগে। ঠিক সেইদৰে অভিভাৱকেও সন্তানে পৰ্যবেক্ষণ কৰিব পৰাকৈ নিজক কিছুমান নিয়মৰ মাজত সামৰি ৰাখিব লাগে। কিন্তু পাঠকক মনত পেলাই দিছোঁ, এইবোৰ কেৱল নিয়মৰ বাবে নিয়ম হ’ব নালাগে। নিয়মবোৰ উদ্দেশ্যপ্ৰণোদিত হ’ব লাগে আৰু সময়-পৰিস্থিতি অনুসৰি নিয়মবোৰ সলনি বা শিথিল কৰিব পৰাকৈ অভিভাৱক-অভিভাৱিকা সক্ষম হ’ব লাগে।
দৃঢ় কিন্তু নৰম: মই এইমাত্ৰ কৈ আহিলোঁ যে নিয়ম নিৰ্ধাৰণ আৰু পালন কৰোৱাত অভিভাৱক দৃঢ় হ’ব লাগিব। কিন্তু এই কথাও কৈছোঁ যে সময়, পৰিস্থিতি অনুসৰি নিয়মবোৰ নৰম কৰিব পৰাকৈ সলনি কৰিব পৰাকৈও অভিভাৱক-অভিভাৱিকা সক্ষম হ’ব লাগিব। পাঠকক মই আকৌ সেই দাঁত ব্ৰাশ্ব্ কৰিবলৈ শিকোৱা ঘটনাটোলৈ ঘূৰাই নিছোঁ। আমি দেখিছিলোঁ যে প্রথম অৱস্থাত মাকে নিজ হাতে ব্ৰাশ্ব্ডাল ধৰি থাকি এশ শতাংশ তদাৰকীৰ মাজেৰে সন্তানক ব্ৰাশ্ব্ কৰিবলৈ দিছিল। কিন্তু যেতিয়া সন্তানে নিজে দাঁত ব্ৰাশ্ব্ কৰিব পৰা হৈ গৈ আছে আৰু পৰ্যায়ক্ৰমে মাকে নিয়ন্ত্ৰণ শিথিল কৰি নি আছে আৰু এটা সময়ত সম্পূৰ্ণ বাদ দিছে। এই এৰা ধৰাৰ খেলখন খেলিব জানিব লাগিব। শাসনৰ ক্ষেত্ৰত এই ‘দৃঢ় কিন্তু নৰম’-ৰ নীতিটো অভিভাৱকে মনত ৰাখিবই লাগিব। যদিহে আপুনি প্রথম অৱস্থাত দৃঢ় হ’ব নোৱাৰে তেতিয়া সন্তানক নিয়ন্ত্ৰিত কৰিব নোৱাৰিব আৰু যদিহে আপুনি প্রয়োজন অনুসৰি শিথিল হ’ব নোৱাৰে আৰু তেওঁলোকক স্বাধীন হৈ আত্মনিয়ন্ত্ৰণৰ অনুশীলন কৰিবলৈ দিব নোৱাৰে তেতিয়া সন্তানক আপুনি আত্মনিয়ন্ত্রিত কৰি গঢ়ি তুলিব নোৱাৰিব। বহু অভিভাৱকে এই কামটোকে ভালকৈ কৰিব পাৰে। নিয়মৰ ক্ষেত্ৰত কেনেকৈ দৃঢ় হ’ব সেই বিষয়ে ইতিমধ্যে মই ক’লোঁ৷ এতিয়া মই ক’ম নিয়মৰ ক্ষেত্ৰত আপুনি নৰম বা শিথিল কেনেকৈ হ’ব।
নিয়মৰ ক্ষেত্ৰত নৰম বুলি মই সেইসকল অভিভাৱকক ক’ব খুজিছোঁ, যি বয়স অনুসৰি নিয়ম সংশোধন কৰি ল’ব পাৰে। সন্তানটি পৰিপক্ক হৈ উঠাৰ লগে লগে নিয়ম-নিয়ন্ত্ৰণ সংশোধন কৰিব পৰাকৈ তেওঁলোক নমনীয়। যেতিয়াই দেখা গ’ল যে সম্ভানটিয়ে পৰিপক্কভাৱে কাম কৰিছে, কামত দায়বদ্ধতা আৰু আত্মসংযম দেখুৱাইছে, তেতিয়াই অভিভাৱকে বুজা উচিত যে ইতিমধ্যে আৰোপিত কৰি থোৱা নীতি-নিয়মবোৰ পুনৰ পৰ্যালোচনাৰ দৰকাৰ আহি পৰিছে। মই পাঠকক এই কথা আগতে কৈছোঁ যে আমি ডাঙৰবোৰে চিৰজীৱন তেওঁলোকক আমাৰ পৰ্যৱেক্ষণ আৰু তদাৰকীৰ তলত ৰাখিব নোৱাৰোঁ। তদুপৰি তেওঁলোকতকৈ আগতীয়াকৈ এদিন আমি এই পৃথিৱীৰ পৰা গুচি যাম। গতিকে আমাৰ অনুপস্থিতিতো যাতে তেওঁলোকে সুন্দৰকৈ জীৱনটো চলাই নিব পাৰে, তাৰ বাবে আমি তেওঁলোকক সক্ষম কৰি যাব লাগিব। গতিকে কেৱল নিজৰ আঁচলৰ ভিতৰতে ভৰাই তেওঁলোকক এক প্রকাৰৰ অক্ষম কৰি গ’লে নহ’ব। তেওঁলোকক জটিলতাৰ, সমস্যাৰ মুখামুখি কৰোৱাব লাগিব। সেইবিলাক নিজাকৈ সমাধান কৰাৰ বাবে সুবিধা কৰি দিব লাগিব। মাক-দেউতাক থাকোঁতেই যদি তাক নিজৰ তত্ত্বাৱধানত ৰাখি প্রতিকূলতাৰ বিপৰীতে যুঁজিবলৈ সুবিধা নিদিয়ে, কি ঠিক মাক-দেউতাক নথকা অৱস্থাত পোৱা তেনে প্ৰতিকূলতাৰ বিপক্ষে তেওঁ সফলভাৱে যুঁজিব নোৱাৰিবও পাৰে।
ধৰা হওক আপোনাৰ সম্তান পঢ়াত ভাল। তেওঁ পঢ়াত কেতিয়াও দ্বিতীয় হোৱা নাই বা পৰাজয় হোৱা নাই। বৰ ভাল কথা। কিন্তু মই কৈছোঁ যে তেওঁক পৰাজয় হোৱা হৰাৰো অভিজ্ঞতা ল’বলৈ দিয়ক। পৰাজয়ৰ মুখামুখি হৈ তাৰ লগত মোকাবিলা কৰিবলৈ সুযোগ দিয়ক। সেই পৰাজয় পঢ়াত নহ’ব পাৰে। ধৰা হওক সেয়া খেলতেই হওক। আন কামতেই হওক। মুঠতে তেওঁ সমনীয়াৰ লগত কেৱল জিকা নহয়, মাজে মাজে হাৰক। হাৰি অলপ সময় বিধ্বস্ত হওক আৰু সেই বিধ্বস্ততাৰ পৰা ফিৰি আহিবলৈ আপুনি শিকাওক। তেওঁলোকক কেৱল পোনপটীয়া ৰুটিনৰ কামবোৰ নহয়। নতুন নতুন, জটিল কাম কৰিবলৈ দিয়ক নতুন পৰিৱেশ এটা অকলে অকলে মুখামুখি হ’বলৈ দিয়ক। ইত্যাদি। মাত্ৰ মোৰ কথাটো হ’ল এইবোৰত যেতিয়ালৈকে তেওঁলোক দক্ষ হৈ নুঠে তেতিয়ালৈকে আঁতৰৰ পৰা পৰ্যৱেক্ষণ কৰক, প্রয়োজনত সমৰ্থন কৰক। আৰু যেতিয়া দেখিলে যে পৰাজয় এটাৰ লগত, নতুন পৰিৱেশ এটাৰ লগত নিজে মোকাবিলা কৰিব পাৰিছে, স্বাধীনভাৱে তেনে অভিজ্ঞতা অধিক ল’বৰ বাবে তেওঁলোকক সুবিধা দিয়ক।
শাস্তি: মই আগতে এই কথা কৈছোঁ যে আমাৰ বহুতে শাসন মানে শাস্তিকে বুজে। যদিহে নকৰিবলগীয়া কাম এটাৰ বাবে হৰেক ৰকমৰ শাস্তি দিব পাৰিছে, তেওঁ বুজে যে তেওঁ শাসনো মজাকৈ কৰিছে। কিন্তু কৈশোৰ কালত থকা প্রৱল পুৰস্কাৰপ্ৰৱণতাৰ বাবে তেওঁলোকে পুৰস্কাৰৰ প্রতি অতি বেছি প্রতিক্রিয়াশীল বিপৰীতে শাস্তিৰ প্রতি সেই প্রতিক্ৰিয়াশীলতা নাই। শাৰীৰিক শাস্তি কেৱল অকাৰ্যকাৰীয়ে নহয়, ই মগজুৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে। কেৱল শাৰীৰিক শাস্তি নহয় অভব্য গালি-গালাজেো শাস্তিৰ উপায় হ’ব নালাগে। গালিৰো অকাৰ্যকাৰিতা আৰু অপকাৰৰ কথা মই কৈছোঁ। এই কথাখিনি ক’লে বহু অভিভাৱকে মোক উপৰ্যুপৰি প্রশ্ন কৰে— যদি মাৰিবও নোৱাৰোঁ, গালি পাৰিবও নোৱাৰোঁ তেতিয়াহ’লে আমি সন্তানক শাসন কিদৰে কৰিম? প্রশ্নটো অমূলকো নহয়। কাৰণ আমি প্রত্যেক দিনাই এনে বহু পৰিস্থিতিৰ মুখামুখী হওঁ, য’ত তেওঁলোকে তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰা সীমাবদ্ধতা অতিক্ৰম কৰি যায় বা নিয়ম ভাঙে। তেনে পৰিস্থিতিত আমি কি কৰিম? মই এই কথাও আগতে কৈছোঁ যে নিয়ম ভংগ বা সীমাবদ্ধতা অতিক্ৰমৰ কোনো ঘটনাকে আমি উলাই নকৰিম। তেনে প্রতিটো ঘটনাক আমি গুৰুত্ব সহকাৰে ল’ম আৰু তাৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰিম।
শাস্তি দিয়াৰ পৰিস্থিতিৰ উদ্ভৱ হ’লে মনত ৰাখিবৰ বাবে সদ্যহতে পাঠকক মই পাঁচটা নীতি ক’ম। এই পাঁচটা নীতি মনত ৰাখি অভিভাৱকে শাস্তি প্রদান কৰিব পাৰে— যিটোৱে কামত দিব বুলি গৱেষণাই প্রমাণ কৰিছে। প্রথম কথা, তেওঁলোকে কৰা ভুলটো তেওঁলোকক স্পষ্টকৈ বুজাই দিয়ক। ধৰা হওক আপোনাৰ কিশোৰ সন্তানে লগৰ ল’ৰাৰ জন্মদিনৰ পাৰ্টি খাবলৈ গৈ ৰাতি দহ বজাত ঘৰ সোমাইছে। এই ক্ষেত্ৰত আপুনি আৰোপ কৰা নিয়ন্ত্ৰণ আৰু সীমাবদ্ধতা তেওঁ অতিক্ৰম কৰি গৈছে। তেওঁক বুজাই দিব লাগে যে সন্ধ্যা ছয় বজাত ঘৰখনত সোমোৱাটো ঘৰৰ নিয়ম। এয়া তুমি ভাঙিছা। এয়া তোমাৰ ভুল হৈছে। তদুপৰি ঘৰ সোমোৱা পাঁচ-দহ মিনিট দেৰি হ’লে ফ’ন কৰি ঘৰৰ মানুহক জনোৱাটো ঘৰখনৰ যি নিয়ম, সেয়া তুমি মানি চলা নাই। এয়া তোমাৰ ভুল হৈছে। কিছু অভিভাৱকে ভুলটো তেনেকৈ দেখুৱাই দিবলৈ ধৈৰ্য ধৰি থাকিব নোৱাৰে। সন্তানে তেনে গণ্ডগোল এটা লগাই ঘৰ সোমোৱাৰ লগে লগে মুখে-হাতে এজাউৰি আৰম্ভ কৰিয়ে দিয়ে। বহুতেই হ’ব, এদিনহে বুলি উলাই কৰে। দুয়ো ক্ষেত্ৰতে কিশোৰগৰাকীয়ে নিজৰ ভুলটো বুজি পাবৰ বাবে অৱকাশ নাপালে। বহু ক্ষেত্ৰতে ল’ৰা-ছোৱালী মাৰ-পিট খাই আজৰি হৈ যায়, কিন্তু ভালকৈ গমকে নাপায় ভুলটো আচলতে কি আছিল। তেওঁলোকে স্পষ্টকৈ জনা উচিত নিয়মৰ উলংঘন, সীমাবদ্ধতা অতিক্ৰম কৰাটো ঘৰত ভুল বুলি ধৰা হয়। দ্বিতীয়তে, সেই ভুলৰ বাবে কি কি লোকচান হ’ল বা হ’ব পাৰে সেয়া তেওঁলোকক স্পষ্টকৈ কৈ দিয়া উচিত। তেওঁলোকে সম্পূৰ্ণকৈ জনা উচিত তেওঁ কৰা এটা সীমা উলংঘনৰ বাবে কি কি বিপদ, অসুবিধা আৰু লোকচান হ’ব পাৰে। আকৌ সেই ৰাতি ন বজাত ঘৰ সোমোৱা কিশোৰগৰাকীৰ কথালৈকে আহিছোঁ। মাক বা দেউতাকে তেওঁক ক’ব পাৰে— তুমি জানা, দেউতাৰ প্ৰেছাৰ হাই, ডায়েবেটিছৰ সমস্যা আছে। দেউতাই বেছি উদ্বেগ-উত্তেজনাত থাকিব নালাগে। কিন্তু তুমি ইমান দেৰিলৈ ঘৰ নোসোমোৱাৰ বাবে চিন্তা আৰু উদ্বেগত দেউতাই জিৰণি ল’ব পৰা নাই। ই দেউতাৰ স্বাস্থ্যৰ বাবে সাংঘাতিক ক্ষতিকৰ। তুমি জানো সেইটো বিচাৰা? সময়মতে ভাত খাই দেউতাই ঔষধ খাব লাগে৷ তুমি নাই বাবে দেউতাৰাই ভাত খাব পৰা নাই; ফলত ঔষধো খোৱা হোৱা নাই। ঔষধ নাখালে দেউতাৰ স্বাস্থ্যৰ কিমান অসুবিধা, সেয়া তুমি জানা। আজিকালিৰ দিন কাল কেনে তুমি জানা। ৰাতি আঠ-ন বজাৰ পাছত সেই ৰাস্তাৰে অহা-যোৱা কৰাটো কিমান বিপজ্জনক তুমি জানা৷ তোমাৰ কিবা অসুবিধা হ’লে ঘৰখনত কি হ’ব পাৰে সেয়া জানো তুমি নাজানা? ইত্যাদি। মুঠৰ ওপৰত তেওঁ কৰা ভুল কাৰ্যৰ বাবে কি কি হ’ব পাৰে তেওঁক স্পষ্টকৈ জনোৱা উচিত। তৃতীয়তে, তেওঁ কি কৰিব পাৰিলেহেঁতেন সেই কথাও তেওঁক কৈ দিয়া উচিত। অন্ততঃ দুটা-তিনিটা বিকল্প কাম তেওঁক দেখুৱাই দিয়া উচিত, যিকেইটা তেওঁ সেই পৰিস্থিতিত কৰিব পাৰিলেহেঁতেন। কিশোৰগৰাকীক অভিভাৱকে ক’ব পাৰে— তুমি যদি দেখিছিলা যে তোমাৰ নিতান্তই দেৰি হ’ব, তেতিয়া ফ’ন এটা কৰি পাপাক বা মাক ক’ব পাৰিলাহেঁতেন যে তোমাৰ নিতান্তই দেৰি হ’ব আৰু পাপাক ক’ব পাৰিলাহেঁতেন যাতে তোমাৰ বাবে পাপা অলপ আগ বাঢ়ি যায়। চতুৰ্থতে, তেওক প্রদান কৰা শাস্তিটো ঘোষণা কৰক। ৰাতি দেৰিকৈ সোমোৱা কিশোৰগৰাকীৰ ক্ষেত্ৰত আপুনি এনেকৈও ক’ব পাৰে— যিহেতু তুমি আজি এই ভুল কৰিছা গতিকে অহা এমাহলৈ কাৰো জন্মদিনৰ পাৰ্টিলৈ যাবলৈ তোমাক আমি অনুমতি দিব নোৱাৰিম। পঞ্চমতে, আপুনি সন্তানটিক তেওঁৰ পৰা আপুনি কি আশা কৰে কৈ দিয়ক। কথাখিনি আপুনি এনেকৈও ক’ব পাৰে— তুমিতো আন সকলো কথাতে ভাল। আজি মাত্ৰ এইটো ভুল কৰিলা। আশা কৰোঁ এনেকুৱা ঘটনা আৰু তোমাৰ ক্ষেত্ৰত নঘটে। শাস্তি প্ৰদানৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ নীতি পালন কৰিব পাৰে, তাৰ মই মাত্ৰ এটা উদাহৰণ দিছোঁ৷ আন ধৰণৰ ভুলৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰোঁতেও আপুনি এই পাঁচটা কথা মনত পেলাব পাৰে। পঢ়ুৱৈ বন্ধু, ইমানলৈকে আপোনাক মৰম আৰু শাসনৰ বিষয়ে ক’লোঁ৷ এইবাৰ আহিম সমৰ্থনৰ কথালৈ৷
সমৰ্থন: মৰমেৰে সন্তানক আৱেগিকভাৱ শান্ত-প্রশান্ত, নিৰাপদ কৰাৰ পাছত শাসনেৰে তেওঁলোকক কৌশলী কৰাৰ চেষ্টা কৰা হ’ল। এতিয়া আমি তেওঁলোকক এইদৰে সমৰ্থন আগ বঢ়াব লাগে, যাতে তেওঁলোকে সেই শিকা কৌশল বা দক্ষতাৰ ক্ষেত্রত ক্ৰমে ক্ৰমে অধিক পাৰদৰ্শী হৈ যায়। লগতে সেই কৌশল আৰু দক্ষতা প্রকাশৰ বাবে তেওঁলোকে আত্মবিশ্বাসী হৈ উঠিব পাৰে। এই উদ্দেশ্যত উপনীত হ’বৰ বাবে অভিভাৱকে কৰিবলগা কামখিনিকে সদ্যহতে মই সমৰ্থন বুলি কৈছোঁ। দুটামান উদাহৰণ দি ল’লে, কথাখিনি পাঠকে বুজিবলৈ সুচল পাব। শিশু এটিয়ে নতুনকৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰা সেই সময়ছোৱালৈ মনত পেলাওকচোন। প্রথমে পোনকৈ থিয় হ’বলৈ চেষ্টা কৰি শিশুটি পৰিব খোজে। সেই সময়তে মাক-দেউতাক বা ডাঙৰে ধৰি তাক থিয় হোৱাত সহায় কৰে। কিছু দিন সহায় কৰাৰ পাছত শিশুটি নিজে থিয়দঙা দিব পাৰে। তাৰ পাছত শিশুটি ভৰি আগ বঢ়াই খোজ কাঢ়িব খোজে। তেতিয়া মাক-দেউতাক বা ডাঙৰে হাতত ধৰি এখোজ-দুখোজ দিয়াবলৈ চেষ্টা কৰে। কথা হ’ল শিশুৱে খোজ কঢ়াৰ সেই কৌশল বা দক্ষতা আহৰণ কৰাত মাক-দেউতাক বা ডাঙৰৰ সেই সহায় বা সমৰ্থনৰ গুৰুত্ব আছে। যিমানে কাৰ্যকৰীভাৱে শিশু এটিয়ে সেই সমৰ্থন লাভ কৰিব, সিমানে আয়াসত শিশুটিয়ে খোজ কঢ়াৰ সেই দক্ষতা আৰু কৌশল আয়ত্ত কৰিব। সেইদৰে শব্দ এটা উচ্চাৰণ কৰিবলৈ চেষ্টা কৰোঁতেও আমি মাকক বা আন ডাঙৰক এনেদৰে সহায় কৰা দেখোঁ— মা বুলি কোৱা, মা বুলি কোৱা। দেতা, দেতা, দেতা বুলি কোৱা। আৰু সেই অনুসৰি শিশু এটিয়ে ধ্বনি এটা সৃষ্টি কৰে। এইদৰে ডাঙৰৰ সহায় আৰু সমৰ্থন পোৱা শিশু এটিয়ে তেনে সহায় নোপোৱা শিশুত এটিতকৈ সোনকালে আৰু কাৰ্যকৰীভাৱে ভাষা এটা আয়ত্ত কৰি ল’ব পাৰিব। এতিয়া কথা হ’ল, কেৱল খোজ কঢ়া বা ভাষা শিকাৰ ক্ষেত্ৰতে ওপৰৰ কথাখিনি প্রাসংগিক নেকি? নহয়। জীৱনৰ যিকোনো কৌশল দক্ষতা শিকাৰ ক্ষেত্ৰতে ডাঙৰৰ বা পাৰদৰ্শী ব্যক্তিৰ বা অভিজ্ঞজনৰ সহায় বা সমৰ্থন প্রাসংগিক আৰু গুৰুত্বপূৰ্ণ৷ আমি যদি শিশু বা কিশোৰ এগৰাকীক আত্মনিয়ন্ত্ৰণ গুণৰ বিকাশ কৰিব খুজিছোঁ, তেনেহ’লেও কথাটো একে।
এই সম্পৰ্কত ভায়গট্স্কি নামৰ মনোবিজ্ঞানী এজনে বৰ মজাৰ তত্ত্ব এটা আগ বঢ়াইছিল। তত্ত্বটোৰ নাম ইংৰাজীত জ’ন প্ৰ’ক্সিমেল ডেভেলপমেণ্ট (Zone of Proximal Development)৷ পাঠকে তলত দিয়া চিত্ৰটোলৈ মন কৰকচোন। জখলাৰ দৰে চিত্ৰটোত খণ্ড খণ্ডকৈ তিনিটা অংশ দিয়া আছে। ধৰা হওক শিশু এটিয়ে কোনো এক বিশেষ দক্ষতা আহৰণ কৰিবলৈ চেষ্টা কৰিছে। ‘ক’ অংশটোৰে বুজাব খুজিছোঁ যে যদিহে অভিজ্ঞ বা পাৰদৰ্শী ব্যক্তিৰ পৰা কোনো সহায় বা সমৰ্থন নাপায়, তেতিয়াহ’লে নিজৰ চেষ্টাৰে শিশুটিয়ে এই ‘ক’ অংশৰ সমান উচ্চতালৈকে সেই দক্ষতা আহৰণ কৰিব পাৰিব। সেয়া হ’ল শিশুটিৰ আচল ক্ষমতা। কিন্তু যদিহে শিশুটিয়ে অভিজ্ঞ বা দক্ষ ব্যক্তিৰ পৰা৷ ওপৰঞ্চি সহায়, নিৰ্দেশনা বা সমৰ্থন লাভ কৰে তেতিয়া শিশুটিয়ে নিজে অকলে যিমান উচ্চতালৈ যাব পাৰিলেহেঁতেন তাতকৈ বেছি উচ্চতালৈ যাব পাৰিব। ধৰা হওক, পাৰদৰ্শী ব্যক্তিৰ সহায় পালে শিশুটিয়ে ‘খ’ অংশৰ সমান উচ্চতালৈকে সেই বিশেষ দক্ষতাটো আয়ত্ত কৰিব পাৰিব। এতিয়া এই ‘খ’ অংশটিৰ আমি নাম দিওঁ সম্ভাব্য বিকাশৰ স্তৰ। ধৰা হওক, শিশুটিয়ে দক্ষ ব্যক্তিৰ সমৰ্থন সহায় পালে আৰু ‘খ’ অংশলৈকে সেই বিশেষ ক্ষেত্ৰত দক্ষতা আহৰণ কৰিলে। এতিয়া তাৰ পাছৰ নতুন দক্ষতা আহৰণৰ বাবে ‘ক’ আৰু ‘খ’ দুয়োটা অংশ লগ লাগি তেওঁৰ আচল ক্ষমতাৰ স্তৰ হ’ব আৰু এইবাৰ যদি তেওঁ অধিক দক্ষ আৰু অভিজ্ঞ ব্যক্তিৰ সহায়-নিৰ্দেশনা পায়, শিশুটিৰ সম্ভাব্য বিকাশৰ স্তৰ ‘গ’ অংশলৈকে উন্নীত হ’ব। এইদৰে শিশুৰ আচল ক্ষমতাৰ বিকাশ সাধি সম্ভাব্য ক্ষমতাৰ উচ্চতম পৰ্যায় বা স্তৰলৈ লৈ যাবৰ বাবে অভিজ্ঞ বা দক্ষ ব্যক্তিৰ সমৰ্থন, নিৰ্দেশনাৰ দৰকাৰ আছে। কথা হ’ল শিশু বা কিশোৰৰ এনে দক্ষতা বৃদ্ধিৰ বাবে মাক-দেউতাক বা অভিভাৱকে বেছিভাগ সময়তে সেই দক্ষ ব্যক্তিগৰাকী হৈ উঠিব লাগে। মই কোৱা নাই যে সকলো কথাতে কেৱল মাক-দেউতাক বা অভিভাৱকৰ পৰাই শিশু-কিশোৰে সহায়-সমৰ্থন পাব লাগিব। পঢ়া-শুনা, কেৰিয়াৰ আদিৰ কথাত শিক্ষক-শিক্ষয়িত্ৰীৰ ফালৰ পৰাও তেনে বহু অভিজ্ঞ বা দক্ষ নিৰ্দেশনা লাভ কৰিব। কিন্তু যিবোৰ গুণ-আচৰণে জীৱন এটা ধুনীয়া কৰিব তেনে বহু গুণ-আচৰণৰ বাবে দক্ষ নিৰ্দেশনা মাক-দেউতাক বা অভিভাৱকৰ বিকল্প নাই। সেইবাবে আত্মনিয়ন্ত্ৰণহীন অভিভাৱকে শিশু-কিশোৰৰ আত্মনিয়ন্ত্ৰণক্ষমতাৰ বিকাশ সাধিব নোৱাৰে। যি অভিভাৱকৰ নিজৰে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ নাই, যি নিজে সিদ্ধান্ত গ্ৰহণত দুৰ্বল, তেনে অভিভাৱকে শিশুৰ আৱেগ নিয়ন্ত্ৰণৰ ক্ষমতা, সিদ্ধান্ত গ্ৰহণ ক্ষমতাৰ বিকাশত সহায় কৰিব নোৱাৰে। মই ক’ব খুজিছোঁ যে অভিভাৱকে নিজৰ শিশুসকলৰ মাজত যিবোৰ ক্ষমতাৰ বিকাশ কৰিব খুজিছে, সেইবোৰৰ বাবে দক্ষভাৱে সমৰ্থন, সহায় আৰু নিৰ্দেশনা আগ বঢ়াব পৰাকৈ তেওঁলোক সাজু হৈ উঠিব লাগিব।

পঢ়ুৱৈ বন্ধু, অভিভাৱকত্ব প্ৰদানত মাক-দেউতাকে মানিবলগা নীতিৰ সম্পৰ্কত নিশ্চয়কৈ মোৰ আৰু ভালেমান কথা ক’বলগা আছে। কিন্তু লোভ থাকিলেও আজি ইমানতে সামৰিব লাগিব। কিন্তু মই আশা কৰিছোঁ, এই কথাখিনিয়ে অন্তত অভিভাৱকত্বৰ কিছু সাধাৰণ নীতি আপোনালোকৰ চকুৰ আগত দাঙি ধৰিছে আৰু অভিভাৱকত্ব প্ৰদানৰ এটা সামগ্ৰীক দৰ্শনৰ লগত চিনাকি কৰি দিব পাৰিছে।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা