বিকিয়ান বাইলুং
উঁইৰ বাটটোৰ দৰে
কেতিয়ানো তোমাৰ প্ৰেমৰ হাফলুত সোমালো
ওলাই অহাৰ বাট কোনোদিনে বিচৰা নাই,
কেঁচুৰ দৰে মাটি খাই
মাটিৰ প্ৰতিমা বনাইছো
আন্ধাৰৰ ধ্ৰুপদী সুৰত
গৰ্ভৰ মাটিৰ তৰা গণি গণি
কত ৰাতি পাৰ কৰিছো উজাগৰী
নিৰ্জন নিৰৱতাৰ মাজতো
তুমি যেন জোনাকী ,
মোৰ বুকুৰ মাজত
জিলিকি থকা এক সত্য ।
ৰূপাই মিলন তীৰ্থ জিলা-তিনিচুকীয়া
পিন-৭৮৬১৫৩
ফোন-৭৮৯৬৩৫০০১৫
Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025