Written by 7:38 pm Poems

ভাবি চালোঁ

 ভাস্কৰ জে নাথ

ছালবোৰ নিমজ কৰিম বুলি

আৰু ভাবি চালোঁ চেপি শেষ হৈ যোৱা নেমুটুকুৰাটোৰ দৰে মোক দলিয়াই দিয়াৰ কথা, খুব বেছি চুৱাপাতনিত পৰি থাকিম, শুকাম অথবা গেলিম, শেষ বুলিবলৈ মাটিৰ লগত মিলি থাকিম

ভাবি চালোঁ

ছালবোৰ নিমজ কৰিম তুমি ভাল পাব পৰাকৈ

পিছে গড়ৰ ছাল একোৱেই নিবিন্ধে

বিন্ধিব পৰা বহু কথাই চলি আছে অৱশ্যে !

ভাবি চালোঁ জ্বলি থকা শলিতাৰ আগটোৰ দৰে পোহৰাই ৰাখিম মোৰ কণমান পৃথিৱী

নাই নোৱাৰি অকথাবতাহে নুমুৱাই থৈ যায় আৰু এয়া চোৱাঁ অভ্যাসগত আন্ধাৰ

মোৰ ককাদেউতাৰ দিনটো আছিল অকথাবতাহ

শলিতা নুমুৱা আন্ধাৰ খেপিয়াই খুটিখোৱা চকু

ভাবি চালোঁ মই নতুন দিনৰ এধানিমান পোহৰ হ`ম আৰু নতুন “ক” “ম” শিকিম, বুজিম

এইখিনিতেই দৰ-দাম চলি থাকে আঙুলি এটাৰ ক’ত জ্বলাব পাৰিব আগশলিতা !

ভাবি চালোঁ নোৱাৰিলোঁ

ভাবি চালোঁ নকৰিলোঁ

নকৰিলোঁ নে নকৰালে ভাবি চাবৰ হ’ল

নহ’লে ভাবী সময়ে প্ৰশ্ন কৰিব আৰু উত্তৰ দিব পৰাকৈ আমাৰ জিভা নাথাকিব

ভাবি চাবচোন !

Visited 3 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close