Written by 4:04 am Poems

ভয়ংকৰ উপস্থিতি

মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা

অনুবাদ : নীলমণি ফুকন

পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷

বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷

ৰাতিয়ে তাৰ চকু হেৰুওৱাটো বিচাৰো

অৰু মোৰ হৃদয়ে তাৰ স্বৰ্ণ-পুষ্প;

প্ৰকাণ্ড পাতবোৰৰ লগত ষাঁড়টোৱে কথা কোৱাটো বিচাৰো

অৰু বিচাৰো আন্ধাৰত কেঁচুৱাবোৰ মৰাটো;

মই লাওখোলাটোৰ দাঁতবোৰ চিক্‌মিকাই থকাটো বিচাৰো

অৰু হালধীয়া পাট কাপোৰ বুৰাই দিয়াটো৷

দুপৰীয়াৰ সতে আহত ৰাতিয়ে মালযুঁজ কৰা

মই দেখা পাওঁ৷

মই প্ৰতিহত কৰোঁ সেউজীয়া বিষৰ এটা সূৰ্যাস্ত আৰু

সেইবোৰ ভগ্ন বলয়

সময় য’ত যন্ত্ৰণা-কাতৰ৷

(কবিৰত্ন নীলমণি ফুকনৰ পৰিয়ালবৰ্গৰ অনুমতিসাপেক্ষে পুনৰ্মুদ্ৰিত। উৎস :গাৰ্থিয়া লৰকাৰ কবিতা, ১৯৯৩, লয়াৰ্ছ । আখৰ-জোঁটনি মূলৰ দৰে ৰখা হৈছে।)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close