উদয় কুমাৰ বৰুৱা
লাহে লাহে গাঢ় হৈ আহিছে এন্ধাৰ
বতাহত গুঞ্জন তুলি কোলাহলবোৰ
কেতিয়াবাই গুচি গৈছে
পাতল কুঁৱলীয়ে ঢকা দূৰৈৰ গাঁওবোৰ
কলমটিয়াই কলমটিয়াই টোপনি গৈছে
হেলনীয়া ঋতুত খাজ কাটি কাটি সৰি থকা হালধীয়া সোঁৱৰণীবোৰ আমাৰেই
দূৰে দূৰে আহোঁ কি নাহোঁকৈ
আহোঁ কি নাহোঁকৈ
মৰহা বকুলৰ সুগন্ধি আহি মোৰ
নাকত লাগিছেহি
(যেন এন্ধাৰতে চলি আছে
এখন গোপন নাট)
আঃ নাহিলেই বা নামি জোনাকৰ মুদ্ৰা
মুখ-এন্ধাৰিত এয়াই প্ৰাপ্তি
অ’মোৰ আলফুলীয়া সপোন
নামি আহচোন ধীৰে ধীৰে
বেদনাবিধুৰ মোৰ বুকুৰে সৰকি
ভালপোৱাৰ অতললে’
ছাঁয়াঘন মোৰ
টোপনিৰ অপাৰ নীলালে…
Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025