Written by 7:49 am Poems

বৰষুণ, তুমি

মূল: কে সচ্চিদানন্দন

অনুবাদ উৎপল দত্ত

সেয়া বৰষুণ আছিল

নে তুমি?

তাত সুগন্ধ আছিল

তীব্ৰ

বৰষুণে ধুই নিয়া পৃথিৱীৰ, ধঁপাতৰ,

আমৰ ঠাৰিৰ চেকচেকীয়া ৰসৰ,

ওলিয়েন্দাৰ ফুলৰ,

নাৰীৰ নিভৃত ওঁঠৰ।

তাত ৰং আছিল,

উৰণীয়া,

শালিকাৰ, গুলপীয়া দেৱদাৰুৰ,

কাজলৰ, বনজুইৰ,

ৰঙা আলুৰ তিতি থকা পাতৰ, ৰে’ড ৱাইনৰ,

সজীৱ ঘাঁহনিৰ।

তাত স্মৃতি আছিল,

সহ্যৰ অতীত,

তৰ্জনী আঙুলিৰ, তিতা ওঁঠৰ,

উত্থিত স্তনবৃন্তৰ,

আঘাতৰ, ঘণ্টাধ্বনিৰ,

সলনি কৰিব নোৱৰা হৃদয়ৰ।

কিমান নাম, কিমান সত্তা,

কিমান ঠাই, কিমান জনম,

স্পৰ্শৰ পৰা বৈ অহা কিমান নদী।

তোমাৰ ওভতনিৰ সপোন দেখা উন্মাদ আনন্দ

যেতিয়া হেৰুৱাইছিলোঁ মই তোমাক

তোমাক হেৰুওৱাৰ বন্য জোকাৰ

যেতিয়া তুমি উভতি আহা।

ইমান নীলা বৰষুণ কেতিয়াও দেখা নাই মই

ইমান প্রৱাহিত আলিংগন, এটা নৃত্য ইমান অদম্য,

ধাৰাষাৰ বৰষুণে নমোৱা মৌচুমী চুম্বন

যেন এটা ফুল গুলমোহৰৰ ৷

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close